চতুৰ্থ দিন, অংশ-২২
১ বাজিবৰ হ'ল৷ উপত্যকাটোৰ বিস্তীৰ্ণ পথাৰখনৰ লিকে লিকে আমি যাব ধৰিছোঁ৷ জুণ্টা চৰকাৰে এইটো দিশত উন্নয়নমূলক কোনো কামেইযে কৰা নাই খোজ কাঢ়ি থাকোঁতেই পদে পদে প্ৰমাণ পাই গৈছোঁ৷ নিজৰ দুভৰি আৰু মনৰ জোৰত যিমানে আগুৱাইছোঁ লে'ক্ অফ্ ন' ৰিটাৰ্ণ সিমানেই চমু চাপি আহি আছে৷ মুকলি পথাৰত দেখা পাইছোঁ, কেনিবা ধোঁৱা উৰিছে, নৰা জ্বলাইছে৷ দূৰত চৰি আছে গৰুৰ পাল৷ অসমৰ দৰেই এখন চিত্ৰপট৷ ব্যতিক্ৰম মাথো অ'ত ত'ত দণ্ডায়মান চাংভঁৰালসমূহ৷
ল'ৰা এটাই পিঠিত খাং লৈ আহি আছে৷ খাঙৰ ভিতৰত খৰি৷ নৰাৰ ওপৰেৰেই খৰ গতিৰে সি পাৰ হৈ গ'ল৷ আমাৰ ফালে চোৱা নাই৷ মইহে লক্ষ্য কৰিলোঁ তাক৷ চিন্তাক্লিষ্ট মুখমণ্ডল৷ কম বয়সতে বেচেৰাই গধুৰ বোজা কঢ়িয়াবলগীয়া হৈছে৷ অথচ অঞ্চলটোৰ জনগণৰ অৰ্থনৈতিক অৱস্থাৰ পট পৰিৱৰ্তন কৰিব পৰা সাধন, নংজা এইডোখৰতে মজুত আছে৷ ৰাস্তাই অাজিলৈ হোৱা নাই যেতিয়া বুজি পাইছোঁ কি ঘটিছে এইফালে৷ খৰি বুটলিবলগীয়া প্ৰাচীন অৱস্থাতে আছে মানুহৰ জীৱন-যাত্ৰা৷
কাচিনতে আছে ম্যানমাৰৰ সবাতোকৈ ওখ পৰ্বতটো৷ Hkakabo Razi নাম৷ সাগৰ পিঠিৰ পৰা উচ্চতা ৫,৮৮৯ মিটাৰ৷ দেশখনৰ ভিতৰতে ডাঙৰ হ্ৰদটোও কাচিন প্ৰভিন্সতে আছে৷ নাম Indawgyi Lake৷ আয়তন হিচাপত সেই জলাধাৰটো পূবা-পশ্চিমাকৈ ৮ মাইল আৰু উত্তৰা-দক্ষিণাকৈ ১৫ মাইল৷ কম বৃহৎনে? সেই দুটা প্ৰাকৃতিক সম্পদ কেৱল ম্যানমাৰেই নহয়, দক্ষিণ-পূব এচিয়াৰ ভিতৰতে বিশিষ্ট আৰু শীৰ্ষস্থানীয়ও৷ তথাপিও কিন্তু বিশ্বজুৰি জনাজাত আমি বিচাৰি অহা Lake of No Return, Indian Bermuda Triangleহে৷ কাৰণ অতিকৈ সহজবোধ্য৷ ইতিহাসৰ পাতত ইমান গুৰুত্ব থকাৰ পাছতো পৰিৱেশৰ উন্নীতকৰণ নাই হোৱা৷ অন্ততঃ এতিয়ালৈকে তেনেকুৱা একো দেখা পোৱা নাই৷ পাৰ পালেগৈ বাকী গম পাম৷
এইবাৰ বিপৰীত ফালৰ পৰা আগমন ৬টা কিশোৰৰ৷ মুখামুখি হোৱাৰ সময়তে হাঁহিমুখীয়া কিশোৰকেইটাৰ ফটো এখন তুলি থ'বৰ বৰ ইচ্ছা হ'ল৷ এটা কথা মন কৰিলোঁ যে ইহঁতৰ প্ৰায় প্ৰত্যেকৰে কান্ধত মোনা একোখন থাকেই৷ লগত মোনা এখন থকাটো জনজাতীয় বৈশিষ্ট্যৰ ভিতৰত পৰে৷ ইয়াত এইটো দেখিবলৈ পাইছোঁ৷ এই অঞ্চলসমূহ পূৰ্বতে টাংচা বসতিপ্ৰধান আছিল৷ প্ৰশ্ন এটাই তৎমুহূৰ্ততে আমনি কৰিলেহি৷ ইহঁতৰ মোনাবোৰৰ ভিতৰত আছে কি? চাওঁ কেনেকৈ? ভাষাই নুবুজে!
পিছফালৰ পৰা আহি থকা ৩টা ল'ৰা আৰু ৬জনী ছোৱালীৰ দল এটা এইবাৰ আমাৰ লগ লাগিল৷ চেহেৰা-পাতি ভাল৷ সিহঁতৰ আকৰ্ষণ মোৰ ডিঙিত দুলি থকা কেমেৰাটো৷ ইংৰাজীতে সুধিলোঁ কিবা-কিবি৷ বুজি নোপোৱা দেখি স্বাভাৱিকতে অংগী-ভংগী আহি গ'ল৷ স্কুল স্কুল বুলি সোধাত পাহাৰৰফালে আঙুলিয়ালে৷ ক্লাছ? শব্দটো দুবাৰমান কোৱাত এটাই হাতৰ আঙুলি পাঁচটা দেখুৱালে৷ বুজিলোঁ, তাৰমানে পঞ্চম শ্ৰেণীত পঢ়ে সি৷ কোনোবাটো ষষ্ঠ মানত৷ ছটা আঙুলি দেখুৱালত সেইবুলি বোধগম্য হ'ল মোৰ৷ আকাৰ-ইংগিতৰ জৰিয়তেই জাকটোক থিয় কৰাই গ্ৰুপ ফটো এখন ল'লোঁ৷ বয়স তেনেই কম যদিও লিংগ ব্যতিৰেকে আটাইকেইটাই সেউজীয়া ৰঙৰ লুঙি পৰিধান কৰিছে৷ এইফালৰ সৰু-বৰ সকলো মানুহেই কঁকালত গাঁঠি মাৰি এই ধৰণৰ লুঙি পিন্ধে৷ সহজ হোৱাৰ পাছত গাৰ কাষে কাষে থাকি পথাৰে পথাৰে সিহঁতেও সমানে সমানে আগুৱাই যাব ধৰিলে নিজৰ মাজতে কথা পাতি পাতি৷
পথাৰৰ আৰম্ভণিতে পোৱা গে'টখনৰ পৰা ইমান পৰে আধা ঘণ্টামান খোজ দিয়া হ'ল৷ স্কুটী, বাইকবোৰ য'লৈকে আহে সেই জেগা পালোঁহি৷ শৃংখলাহীনভাৱে যেনি-তেনি ৰখাই থৈছে দুচকীয়া বাহনবোৰ৷ চাৰিচকীয়া অদৃশ্য৷ চালক ডেকাহঁত ৰৈ আছে৷ আগতীয়া বন্দৱস্তমতে ব'ৰ্ডাৰ বজাৰৰ পৰা অনা যাত্ৰীক নিবলৈকে অপেক্ষা কৰি আছে চাগৈ৷ নতুবা লে'ক্ চাই অহা নতুন যাত্ৰীৰ আশাতো হ'ব পাৰে৷ ম্যানমাৰী স্কুটীচালক আৰু বাহনবোৰৰো স্নেপ লৈ থ'লোঁ৷ এনেকুৱা স্কুটী এখন চলাবৰ মন আছিল৷ দুচকীয়াৰ ভিতৰত একমাত্ৰ স্কুটীখনেই চলাব পাৰোঁ মই৷ চাৰিচকীয়াৰ লগত সম্পৰ্ক নাই৷
পথাৰ শেষ৷ গছ-গছনি কিছুমানৰ মাজেৰে যোৱা ঠেক ৰাস্তা এটা ওলাল৷ সেইফালেদিয়ে যাব লাগিব আমি৷ ঠায়ে ঠায়ে বোকাও আছে৷ সেমেকা ঠাই এইখিনি৷ আগ বাঢ়ি যাওঁতে ঘৰ এটা পালোঁ৷ একমাত্ৰ ঘৰ৷ ঘৰটো সম্পূৰ্ণ কাঠৰে নিৰ্মিত৷ ওপৰত টিনপাত৷ দৰজা-খিৰিকী বন্ধ আছে৷ সন্মুখত ফুলেই নেকি জানো, কিবা লতাজাতীয় উদ্ভিদে ছানি ধৰিছে৷ বাঁহৰ বেৰা দিয়া সীমাৰ ভিতৰত কিবা খেতি-বাতি অলপ-অচৰপ আছে৷ ঘৰটোৰ পাছফালে বাঁহনি অলপমান৷ বাহিৰলৈ বাঁহৰ ডাং এডালত চাৰ্ট, পেণ্ট, জেকেট আদি মেলা আছে৷ তাৰ মানে মানুহ আছে ইয়াত৷ সামান্য অাগলৈ নাও এখন৷ কাঠৰ নৌকাখন পুৰণা হৈছে৷ এইখন এইডোখৰ পালেহি কেনেকৈ? কৌতূহলী হৈ পৰিলোঁ৷ তাৰ মানে বাৰিষা পানী ইমানখিনি পায়হি নেকি? হ'বও পাৰে৷ মাটিৰ চেহেৰাই তাকেই কয়৷ (আগলৈ)

No comments:
Post a Comment