Friday, 30 March 2018

চতুৰ্থ দিনঅংশ-৩৫

ঘূৰি-পকি নামপং প'ষ্ট পালোঁহি৷ পুৱা আমাক দিয়া ট'কেনটো ইয়াত জমা দি যাব লাগে৷ এই উদ্দেশ্যে আগৰ গাড়ীৰ পৰা পৰ্যটক নামিছে৷ পাংচু পাছৰ তালাচী চকীত হিচাপ কৰিয়ে পঠোৱা হৈছে৷ গতিকে ইয়াত সিমান সময়ৰ কাম নাই৷ বীৰেন্দৰে যথাস্থানত ব্ৰে'ক মাৰিলে৷ ট'কেন নং ২৪৭ৰ বান্দা হাজিৰ৷ জমা দিয়ে পুনৰ গাড়ীত বহিলোঁহি৷ 

যাওঁতে এইখিনিৰ পৰা পাংচু পাছ পাবলৈ ১ ঘণ্টা ১৫ মিনিট লাগিছিল৷ ৪৫ মিনিট যাত্ৰা কৰাৰ পাছত গাড়ী এৰিবলগীয়া হৈছিল৷ তাৰ পাছৰে পৰা আৰম্ভ হৈছিল পদযাত্ৰা৷ এতিয়া সোনকালে পালোঁ৷ পাহাৰত নামি আহোঁতে সময় তাকৰ লাগেই৷ মনত পৰিল, যাওঁতে বাটত আমি অতিক্ৰম কৰা গেলগেলীয়া বোকাখিনি আহোঁতে নাপালোঁ৷ তাৰ মানে মই তেতিয়া কৰা ধাৰণাটো ঠিকেই আছিল৷

Friends of the hill people, Nampost Post লিখা আছাম ৰাইফলছৰ গে'টখনলৈ ১০-১২ ফুট থাকোঁতে, অফিছ ঘৰটোৰ ঠিক মুখে মুখে সোঁহাতে জোৱান কেইজনমানে পথৰ দাঁতিতে চাহ-পকৰি বিক্ৰী কৰি আছে৷ টেবুল-চকী সজোৱা আছে৷ ৰাস্তাটো এইখিনিত পকা৷ দুটামান কেঁকুৰি ঘূৰাৰ পাছতে অৱস্থা দুখ লগা হৈ পৰে৷ গৰম পকৰি এক প্লেটত ১০ টকাকৈ৷ লগত ধোঁৱা ওলাই থকা চাহ৷ পৰ্বতে-কন্দৰে দিনটো ব্যস্ততাৰে পাৰ কৰি অহাৰ পাছত কিছুমান পৰ্যটকে আতিথ্যকণ লবলৈ ইচ্ছা কৰিছে৷ এইখিনিতে পুৰুষ-মহিলা উভয়ৰ বাবে প্ৰসাধন-গৃহৰ ব্যৱস্থাও দেখা পালোঁ৷

বেলিটো পৰ্বতৰ অাঁৰত কেতিয়াবাই লুকাল৷ ঠাণ্ডা অনুভূত হৈছে৷ মই আকৌ জেকেটটোও ইচ্ছাকৃতভাৱে নানিলোঁ৷ এতিয়া মজা পাই গৈছোঁ৷ সাতে-পাঁচে ভাবি আমি ৰৈ নাথাকিলোঁ৷ সোনকালে ঘৰ পোৱাৰ সপক্ষে সহমত গঢ়ি উঠিল৷ গৰম পানীৰে হাত-মুখ ভালকৈ ধুবগৈ লাগে৷ ভোকো লাগিছে৷ অৰুণদাহঁত থাকিল৷ পকৰি-চাহ খাইহে নামপং প'ষ্ট এৰাৰ মতলব৷ প্ৰাপ্তিৰ আনন্দত বাটতে চেলিব্ৰেচন অকণমান!

পাছত লগ পাওঁতে দাদাই ক'লে, 'নামপং প'ষ্টত চাহ খাই থাকোঁতে জনজাতীয় চেহেৰাৰ জোৱান এজন আগ বাঢ়ি আহি তেওঁৰ সৈতে উপযাচি আলাপ কৰিব ধৰিলে৷ ক'ৰ পৰা আহিছে সুধিলে৷ ডিফুৰ পৰা বুলি কোৱাৰ লগে লগে সৈনিকজনৰ মুখখন অদ্ভুতভাৱে উজ্জ্বল হৈ পৰিল! ডিফুৰ পৰা! ইমান দূৰৰ পৰা এই ঘোঁকটত সোমোৱাৰ উৎসাহটো দেখি এক প্ৰকাৰ আচৰিতেই হ'ল তেওঁ৷ জনালে যে ডিফু-মান্‌জা ৰ'ডত প্ৰতিষ্ঠাপিত এ.আৰ.টি.চি. অৰ্থাৎ আছাম ৰাইফল্‌ছ ট্ৰেইনিং চেণ্টাৰত তেওঁ প্ৰশিক্ষণ লৈছিল৷ টীম-বিৰ সদস্যকেইজনক অভাৱনীয়ভাৱে লগ পাই বৰ সুখী হ'ল৷ জোৱানজনে আফছোছৰ সুৰত ক'লে যে এই তিনিটা দিনহে কেৱল তেওঁলোকে চিভিলিয়ান মানুহ এনেকৈ মুকলিভাৱে দেখিবলৈ পাইছে৷ অন্যথা অাৰণ্যক নিৰ্জনতা আৰু নিঃসংগতাক লৈয়ে দিনৰ পাছত দিন কটাব লাগে৷'

কথাটো হয়৷ এতিয়াও কাইলৈ পি.পি.ডব্লিউ.এফ.২০১৩ অন্ত পৰাৰ পাছত সীমান্তৰ প্ৰহৰীসকলৰ বাবে এই বাটত শূন্যতাৰ বাদে আন একোৱেই নাথাকিব৷ দেশৰ নিৰাপত্তাজনিত কৰ্তব্যৰ খাতিৰত পাণ্ডৱবৰ্জিত পৰিৱেশত মন নগ'লেও থাকিবলৈ তেওঁলোকযে বাধ্য! কম বয়সীয়া জোৱানজনৰ কথাই এখন্তেকৰ বাবে অৰুণদাৰ মনটো জোকাৰি পেলাইছিল৷

জোৱানজনেই জনাইছিল যে মাহৰ তিনিটা তাৰিখ ক্ৰমে ১০, ২০ আৰু ৩০ৰ বাদে প্ৰতি শুক্ৰবাৰে ম্যানমাৰীসকলৰ কাৰণে সীমান্তৰ গে'ট খোলা থাকে৷ তেওঁলোকে সেই দিনটোত নামপং বা জয়ৰামপুৰলৈ বজাৰ কৰিবলৈ নামি আহে৷ নিশা ৩ বজাতে মানুহবোৰ তালাচী চকীত উপস্থিত হয়হি৷ কাৰণ বিয়লি ৪ বজাৰ আগতে স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিব লাগিব৷ পিঠিত থাকিব নিমখ আৰু প্ৰয়োজনীয় বজাৰ-সমাৰৰ বোজা৷ ঠাণ্ডাৰ পৰা মুক্তি পোৱাৰ বাবে জোৱানসকলে ম্যানমাৰৰ পৰা অহা লোকসকলৰ বাবে জুই জ্বলাই ৰাখে৷ এইফালৰ মানুহবোৰৰ জীৱন-যাত্ৰা পূৰামাত্ৰাই দুৰ্বিষহ৷ খোজৰ গত্যন্তৰ নাই৷ আমিও আজি কমখন খোজ কঢ়া নাই৷ (আগলৈ)


No comments:

Post a Comment