Friday, 2 March 2018

চতুৰ্থ দিনঅংশ-১১


বাৰ্মা ৰড সংযোগী লিডু ৰড, ইমূৰৰ পৰা সিমূৰলৈ সমুদায় 'ষ্টীলৱেল ৰড' নামে পৰিচিত ৰাস্তাটো নিৰ্মাণৰ সময়ৰে পৰাই পাংচু পাছৰ গুৰুত্ব বাঢ়িবলৈ লয়৷ জাপানী-ইটালীয়ান-জাৰ্মানৰ মিত্ৰশক্তি, চীন-বাৰ্মা-ইণ্ডিয়া, আমেৰিকা-ব্ৰিটেইন আদিৰ সন্মিলিত বাহিনীৰ কাৰ্যকলাপৰ জৰিয়তে দ্বিতীয় মহাযুদ্ধৰ সময়ত অধিক গুৰুত্বপূৰ্ণ হৈ উঠিছিল এই গিৰিপথছোৱা৷ চীনৰ য়ুন্নান প্ৰদেশৰ কুনমিঙৰ সৈতে পূৰ্বভাৰতীৰ লিডু ঘাটিৰ যোগাযোগ নিতান্তই প্ৰয়োজনীয় হৈ দেখা দিছিল৷ কাৰণ, আকাশী পথ খৰচী৷ পাটকাইৰ হাম্পৰ ওপৰেদি চলোৱা উৰণো আছিল বিপজ্জনক৷ অন্তত জেনেৰেল যোচেফ ৱাৰেন ষ্টীলৱেলে অসমৰ লেখাপানীত আৰম্ভ কৰি ব্ৰহ্মদেশ চুই চীন দেশলৈ ৰাস্তা সজাৰ দুঃসাহস কৰিলে হেল গেট, পাংচু পাছ, ইণ্ডিয়ান বাৰ্মুডা ট্ৰায়েংগলৰ সমীপেৰে৷

চীন, ৰাছিয়া, চাইবেৰিয়াৰ পৰা পাংচু পাছ এলেকালৈ অনেক পৰিভ্ৰমী পক্ষীৰ হেনো আগমন ঘটে৷ এই যাদুকৰী পাৰ্বত্য অঞ্চল আৰু সমগ্ৰ মৃত্যু উপত্যকাটোতে বিভিন্ন জাতৰ জীৱ-জন্তু আছে বুলিও কোৱা হয়৷ পিছে এইফালে উঠি অহা লুংলুঙীয়া ৰাস্তাটোৰ শেষ প্ৰান্ততনো কি আছে? চাওঁগৈচোন৷ এইবুলি আগুৱাই গ'লোঁ৷ ইয়াত পৰ্বতীয়া বাঁহগছৰ আধিক্য মন কৰিছোঁ৷ কেইখোজমান আগত স্তম্ভ এটা আছে৷ গৰাৰ দাঁতিত থিয় হৈ ওপৰৰ পৰা তললৈ চাব পাৰি৷ দূৰত পৰ্বতৰ লানি৷ মূল ৰাস্তাটো, অলপ আগতে আমি যিফালেৰে উঠি আহিছিলোঁ, সেয়া এতিয়া দেখা পাই আছোঁ৷ অহা-যোৱা কৰি থকা মানুহবোৰ, গাড়ী, সিটো পাৰে ৰখাই থোৱা ম্যানমাৰৰ বাইক ইত্যাদি ইত্যাদি চকুৰ আগত স্পষ্ট৷ তালাচী চকীটোও আংশিক ৰূপত দেখা পাইছোঁ৷ সেইদিশে ভালকৈ চাওঁতেহে গম পালোঁ যে আমি এৰি অহা চালি দুখনৰ কাষতে সেউজীয়া চাইনবৰ্ড এখন দণ্ডায়মান অৱস্থাত আছিল৷ স্ফূৰ্তিৰ কোবত তেতিয়া চকুতেই নপৰিল৷ সেইখনত দূৰত্ব উল্লেখ কৰি থোৱা আছিল৷ কেমেৰা ঝুম কৰি পঢ়াত ধৰিলোঁ৷ লাষ্ট ব'ৰ্ডাৰ প'ষ্টৰ পৰা লেখাপানী ৫৬, জয়ৰামপুৰ ৩২, নামপং ১২ কিলমিটাৰ৷

লেখাপানীত পথৰ দাঁতিতে থকা ষ্টীলৱেল পাৰ্কত সিদিনা দেখা প্ৰকাণ্ড হৰ্ডিংখন চকামকাকৈ মোৰ মনলৈ আহিল৷ জিৰ' পইণ্টৰ পৰা আৰম্ভ কৰি কিলমিটাৰ হিচাপত দূৰত্ববোৰ তাত স্পষ্টকৈ লিখা আছিল৷ ভাৰতৰ ভিতৰৰ জয়ৰামপুৰ ২৪, নামপং ৪৭৷ ম্যানমাৰৰ শ্বিংবুয়্যাং ১৭৬, ৱাৰাজুপ ৩০৪, মিচ্ছিনা ৪০৩, ভামু ৫০৬৷ চীনৰ ৱানটিং ৮১৬, লুংলিং ৯০১, পাওশ্বান ১০৪৯, য়ংপিং ১২১৫, য়ুন্নানয়ি ১৪০৯, চুয়ুং ১৫৪৩, কুনমিং ১৭৩৬ কিলমিটাৰ৷ ঘৰত ইণ্টাৰনে'ট খুঁচৰোঁতে ওলোৱা পুৰণা ছবি এখনত অংককেইটাত পিছে অলপমান হেৰ-ফেৰ পাইছিলোঁ৷ জয়ৰামপুৰ ২৫, নামপং ৪৩, পাংচু পাছ ৫৬, শ্বিংবুয়্যাং ১৬৫, ৱাৰাজুপ ৩০২, মিচ্ছিনা ৪২৯, ভামু ৫৯৫৷ চীনৰ ৱানটিং ৮১১, লুংলিং ৮৯৬, পাওশ্বান ১০৪৩, য়ংপিং ১২০৮, য়ুন্নানয়ি ১৪০২, চুয়ুং ১৫৩৪, কুনমিং ১৭২৬ কিলমিটাৰ৷ এই মুহূৰ্তত উদয় হোৱা প্ৰশ্নটো হ'ল, হ'ৰ্ডিং দুখনৰ প্ৰকৃততে শুদ্ধ কোনখন? ষ্টীলৱেল পাৰ্কত Stilwell Road, A Sage of Grit and Determination শীৰ্ষক যিখন ফলক আছিল তাতো ৰাস্তাটোৰ দূৰত্ব ১,৭৩৬ কিলমিটাৰ বুলি উল্লেখ আছে৷ ব'ৰ্ডখনত এনেকৈ লিখা আছিল... Beginning from here the historic Stilwell Road traverses through Myanmar to Kunming, the capital city of the Yunnan Province of China. It is a 1,736 Km journey running through lofty mountain passes, swift rivers, gently undulating verdant valleys and cultures.

এইটো ঠিক যে ন' মেন্‌চ লেণ্ডেদি ম্যানমাৰৰ মূল স্থলভাগৰ আৰম্ভণি সীমাৰেখা পৰ্যন্ত আমি এতিয়া খোজ কাঢ়ি থাকিব লাগিব৷ এইডোখৰত ষ্টীলৱেল পথটোৱে শিলাময়, থিয়, একা-বেঁকা ৰূপ লৈছে৷ তথাপি একো বিশেষ চিন্তনীয় নহয়, কাৰণ পাহাৰীয়া ৰাস্তাত খোজ কঢ়াত আমাৰ দলৰ আটাইকেইজনেই অভ্যস্ত৷ কাজেই নিৰ্বিবাদে, ক'তো নোৰোৱাকৈ গৈ আছোঁ৷ উঃ-আঃ, ভোক-পিয়াহক লৈ হা-হুমুনিয়াহ কাৰো নাই৷ আছে মাত্ৰ অনুসন্ধিৎসা৷ এই অনুসন্ধিৎসা, কৌতূহলেই ঘূৰাই লৈ ফুৰাই অ'ৰ পৰা ত'লৈ৷ সহজ বাট ভাল নালাগে৷ তেনেকুৱা বাটত যদু-মধু সকলোৱেই যাব-আহিব পাৰে৷ আমাক লাগে এনে বাট যি বাটে সৰহ মানুহ আজিও যোৱা নাই৷

পদে পদে চৰ্চা চলিছে বিদেশ ভ্ৰমণৰ৷ আইনসংগত পাছপ'ৰ্ট লৈ বিদেশলৈ যোৱাৰ মোৰ অভিজ্ঞতা আছে৷ পাছপ'ৰ্ট অবিহনে যোৱাৰো অভিজ্ঞতা আছে৷ 'আমাৰ দৰে সাধাৰণ মনুষ্যৰ বাবে বিদেশ ৰাষ্ট্ৰ এখনত ওলোৱা-সোমোৱাৰ এনেকুৱা সৰল সুবিধা আৰুনো ক'ত?' পংকজ দাসৰ স্বগতোক্তি৷ ততালিকে মোৰ নেপাল যাত্ৰাৰ মুহূৰ্ত এটা মনলৈ আহিল৷ ২৮ ছেপ্টেম্বৰ, ২০১১৷ ভাৰত-নেপাল আন্তঃৰাষ্ট্ৰীয় সীমাৰ পানী টেংকিৰে নিৰ্বিবাদে কান্ধত বে'গটো লৈ গুচি গৈছিলোঁ নেপালৰ অভ্যন্তৰলৈ৷ কোনো ধৰ-পাকৰ নাই৷ খুচিমতে প্ৰৱেশ৷ কাঠমাণ্ডু, মনোকামনা, পোখৰা আদি ভ্ৰমি এদিন আপোনমনে প্ৰস্থান৷ এইফালে ভাৰত-ম্যানমাৰ সীমাত পালোঁ ট'কেনৰ প্ৰয়োগ৷ ভাল লাগিছে৷ নিৰাপদ আৰু সহজসাধ্য হৈছে হেল গেট, পাংচু পাছ, ইণ্ডিয়ান বাৰ্মুডা ট্ৰায়েংগল দৰ্শনাৰ্থীৰ বাবে৷ নামপঙৰ ৱিণ্টাৰ ফেষ্টিভেলক ভিত্তি কৰি আন্তৰ্জাতিক পৰ্যটন গঢ় লৈ উঠিছে৷

পূবৰ এই পৰিত্যক্ত পথটোত আমাৰ লগতে বহুজন পৰিব্ৰাজকৰে পদধ্বনি উঠিছে আজি৷ নিৰ্জনতাৰ মাজেদি অচিন মুখৰ অনেক মানুহৰ অহা-যোৱা৷ কোনোবাই পিঠিত ৰাক্‌চেক্‌ লৈ আহিছে, কোনো কোনোক দেখিছোঁ কোলাত কেঁচুৱা লৈও আহিছে, ইতিহাসৰ সত্যতা বুজিবলৈ৷ আটাইবোৰেই শক্তিশালী সত্যসন্ধানী৷ কষ্ট কৰি খোজ কাঢ়ি আহিছে৷ তেওঁলোকে জানে, নিজ চকুৰে নেদেখালৈকে বিশ্বাস, দেখিলেহে সত্য৷ নিজান ৰাস্তাটোত দেখা-দেখি হোৱা এনে মানুহখিনিয়ে আমাৰো উৎসাহ-উদ্দীপনা আৰু সাহস দুগুণে বঢ়াইছে৷

দ্বিতীয় মহাযুদ্ধৰ অন্ত পৰাত সন্মিলিত শক্তিক কিম্বা চীন দেশক পিছ দুৱাৰেদি অস্ত্ৰ, খাদ্য আদি যোগান ধৰাৰ আৰু দৰকাৰ নোহোৱা হৈ পৰিল৷ ষ্টীলৱেল ৰাস্তাটোও কালক্ৰমত বন্ধ হৈ থাকিল৷ এড্‌ভেন্‌চাৰ যাত্ৰীসকলৰ বাদে পুৰণি বাৰ্মা পথটোকো মানুহে পাহৰি গল৷ ১৯৯১ চনৰ ৩ ছেপ্টেম্বৰত এই পথটোৰ ছবিৰে, 'America Remembers The World At War 1941-1945' শীৰ্ষকেৰে আমেৰিকাই এটা ডাক টিকট মুকলি কৰিছিল৷ তাৰ বহু আগতে ১৯৬৫ চনৰ ১ ডিচেম্বৰত University of Oklahoma Pressএ প্ৰকাশ কৰিছিল Leslie Andersৰ 'The Ledo Road' নামৰ কিতাপখন৷ লাশ্বিয়-কুনমিং বাৰ্মা ৰডৰ বিকল্প হিচাপে লিডলামৰ পুনৰ্নিৰ্মাণত গুৰুত্ব আৰোপ কৰিছিল ম্যানমাৰ চৰকাৰে৷ চীন চৰকাৰে ২০০৭ চনত মিচ্ছিনা-কামবাইটি খণ্ডৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ পাছত মিচ্ছিনা আৰু টানহাইৰ মাজৰছোৱাৰ কামত ধৰিছিল৷ আনফালে ভাৰত চৰকাৰৰ শংকা৷ শংকাটো হ'ল পথটো নিৰ্মাণ কৰি দিলে ম্যানমাৰত আত্মগোপন কৰি থকা উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহীসকলৰহে চলাচলত সুবিধা হব৷


No comments:

Post a Comment