চতুৰ্থ দিন, অংশ-২৯
গুমটিসদৃশ দোকান এখন৷ কাষতে, বাহিৰত টুল এখন৷ টুলখনৰ ওপৰতে পাতি থোৱা আছে পুৰণা টেলিফোন এটা! দেখা পায়ে মনটো নাচি উঠিল৷ মই ৰৈ দিলোঁ৷ সংগীবৃন্দও এইখিনিতে এৰা পৰিল৷ আপোনমনে খোজ পেলাই কোন কেনি নাপাত্তা হ'ল নাজানো৷ ভাবিলোঁ, নিৰ্দিষ্ট সময়ত একত্ৰিত হ'লেই হ'ল৷ ট'কেন আছে মোৰ জিম্মাত৷ গতিকে দায়বদ্ধতা বাৰু মোৰ অকণমান বেছি৷
গুমটিখনত ভিৰ৷ আলেখ-লেখ চাই থাকিলোঁ অলপ পৰলৈ৷ ফোনটো কোনেও ব্যৱহাৰ কৰা দেখা নাই৷ তথাপি বুজাত অসুবিধা নহ'ল যে বজাৰখনত দেখা এইটোৱে একমাত্ৰ পি.চি.অ'.৷ হাতত ফোন নম্বৰ এটা আছিল৷ দক্ষিণ ম্যানমাৰৰ কাৰেন প্ৰভিন্সত বসতি কৰা ভাৰ্চুৱেল ফ্ৰেইণ্ডৰ৷ সংযোগ পুৰণা হ'ল অথচ যোগাযোগ এতিয়াও সীমাবদ্ধ৷ চেহেৰা আজিৰ তাৰিখলৈকে দেখা নাই৷ মুখামুখি কিম্বা পাৰস্পৰিক সাক্ষাৎ দূৰৰে কথা, কণ্ঠও শুনা নাই৷ আচৰিত যে ফে'চবুকে ছানি ধৰা বিশ্বমুখী আধুনিক যুগতো এজন আনজনৰ ফে'চবুকত নাই! তেনেস্থলত কেৱল ই-মেইলৰ জৰিয়তেহে বৰ্তি আছে দীৰ্ঘদিনীয়া এই ভাৰ্চুৱেল সংযোগ৷ এনেয়ে মোৰ ফে'চবুক ফ্ৰেইণ্ড বুলিবলৈ একমাত্ৰ 'অকব' (অসমীয়াত কথা-বতৰা) নামৰ গ্ৰুপ এটাহে আছে৷ কেইবাহাজাৰো বন্ধু-বান্ধৱী আছে গোটটোত৷ একপক্ষীয় ভাষা-ধেমালি চলি থাকে৷
দোকানী মধ্যবয়সীয়া মহিলা৷ মূৰত কাপোৰ মাৰি, দুগালত চন্দনৰ প্ৰলেপ এলেপাকৈ সানি বিক্ৰী-বাৰ্তাত ব্যস্ত৷ বেঁকা ভাষাৰেই সুধিলোঁ, ‘ফোনকল পাৰে না চিষ্টাৰ?’ কি কৈছোঁ গম পালে চাগৈ৷ ইয়াৰ লোকসকলে থলুৱা কাচিন ভাষাটোৰ বাহিৰে অন্য কোনো ভাষা নাজানে যদিও ব্যৱসায়ীসকলৰ একাংশই আকৌ অপভ্ৰংশ অসমীয়া অলপ-অচৰপ হ'লেও বুজি পায়, কাম চলাই দিব পৰাকৈ ভগা ভগা ধৰণে ক'বও পাৰে৷ তাতে মই উদ্দেশ্যপ্ৰণোদিতভাৱেই ফোনকল শব্দটো ক'লোঁ, যাতে বুজাত সহজ হয়৷ টমাচ আলভা এডিচনে দি যোৱা টেলিফোনিক সম্বোধন হেল্ল'ৰ সমানে সমানে এই শব্দটোও এতিয়া সমস্ত পৃথিৱীয়ে জানে৷ চিষ্টাৰেও জানে৷ তেওঁ মূৰ দুপিয়াই ‘অঁ’ বোলাত পকেট নোটবুকত কোন কেতিয়াবাতে টুকি থোৱা নম্বৰটো বিচাৰি উলিয়াই ল'লোঁ আৰু উৎসাহেৰে ডায়েল কৰাত লাগি গ’লোঁ৷ অন্তৰ্দেশীয় কল৷ একেবাৰতে ৰিং হ’ল৷ ফ্ৰেইণ্ডেই ধৰিলে সিমূৰে৷ তেওঁ ঘৰুৱা কামত ব্যস্ত৷ মাক গৈছে কণমানি পুত্ৰক স্কুলৰ পৰা আনিবলৈ৷
আমি দুয়ো প্ৰায় ১৫ মিনিটমান কথা পাতিলোঁ৷ প্ৰথমবাৰৰ বাবে কাণত বাজিছে বাৰ্মিজ মানুহৰ কণ্ঠস্বৰ৷ বৰ সৰু মাত৷ আমাৰ দৰে ভৌ-ভৌ কৰা বিধৰ নহয়৷ কিবা মিউ-মিউ টাইপৰহে৷ পি.পি.ডব্লিউ.এফ., পাংচু পাছ, ব’ৰ্ডাৰ মাৰ্কেট, লে’ক্ অফ্ ন’ ৰিটাৰ্ণ সম্বন্ধে সংক্ষেপে জনালোঁ৷ সবিশেষ ঘৰ গৈ পোৱাৰ পাছত দীঘলীয়াকৈ লিখি ফটোসহ মেইল কৰি দিম৷ তেওঁৰ দেশৰ উত্তৰৰ ভূখণ্ডত, গুৰুত্বপূৰ্ণ তথা সাংঘাতিকভাৱে ভয়ানক অঞ্চল এটাত টিঘিলঘিলাই ফুৰাৰ বিষয়ে জানিব পাৰি আশ্চৰ্যচকিত হ'ল৷ আনহাতে অকস্মাতে ফোনত মোৰ (হুঁটা) মাতষাৰ জীৱনত প্ৰথমবাৰৰ বাবে শুনা পাই অভিভূতও নোহোৱাকৈ নাথাকিল চাগৈ৷
এসময়ত লাইনটো কাটিলোঁ৷ আকৌ কেতিয়া কথা পাতিম তাৰ কোনো নিশ্চয়তা নাই৷ প্ৰতিশ্ৰুতিও নাই৷ জীৱনত হয়তো দেখাও নাপাওঁ, কথাও নাপাতিম আৰু৷ নে'টৱৰ্ক ঠিকে থাকিলে নেদেখা এনাজৰীৰে ই-মেইলৰ প্ৰেৰণ-গ্ৰহণ হয়তো চলি থাকিব৷ পৰস্পৰে পৰস্পৰৰ মুখমণ্ডল বা শ্ৰীচেহেৰা নেদেখিলেও, মাত-কথা নুশুনিলেও একাে সমস্যা নাই৷ আচল কথা ভাব-চিন্তা, বিশ্বাস-সন্মান আৰু সৰ্বোপৰি শুদ্ধ আৰু সঠিক ইনফৰ্মেচনৰ আদান-প্ৰদানহে৷ ভাৰ্চুৱেল দুনীয়াৰ বন্ধুভাবাপন্ন মানুহ আমি৷ ইয়ালৈ আহি ভাগ্যক্ৰমে দুয়ো দুয়োৰে গলাৰ আৱাজ পালোঁ আজি৷
‘চিষ্টাৰ কিমান হৈছে, হাউ মাচ্ছ?’ ‘ৱান ফিফ্টি৷’ ভাষা বৰকৈ নুবুজিলেও ধনৰ অংক দোকানী মাত্ৰেই ঠিক ঠিক জানে৷ বেংককৰ ফুটপাথত পোৱা সুন্দৰ উচ্চতা আৰু সুঠামগঢ়ী পোহাৰীজনীৰ মুখখনলৈ তৎক্ষণাৎ মোৰ মনত পৰিল৷ মনত পৰিল নপ, য়েপ, ছেম-ছেম, হেভ, ন'-হেভ, অ'কে, ন'-অ'কে ইত্যাদি হাঁহিৰ খোৰাক যোগোৱা পোহাৰী ইংলিচবোৰ৷ পছন্দ হোৱা ট্ৰেক চুটৰ জেকেটটো দেখুৱাই তাইক সুধিছিলোঁ, 'হাউ মাচ্ছ?' তাই মুখেৰে নকয়৷ চিধা কেলকুলেটৰটো ল'লে৷ লিহিৰি আঙুলিৰে ঘপাঘপ বাটনকেইটা টিপি যন্ত্ৰটো মোৰ চকুৰ আগত দাঙি ধৰিলে৷ থ্ৰি হাণ্ড্ৰেড বাট্৷ মানেটো হৈছে চাওক, বাট্কেইটা দিয়ক, বস্তু লৈ যাওক৷ তাকে নকৰি যদিহে কোনোৱে দৰ-দাম মাৰিবলৈ আৰম্ভ কৰিছে, 'কে-নট...' বুলি যি যি দেখুৱাইছিল সোপাকে আঁতৰলৈ দাঙি নি জাপিবলৈ আৰম্ভ কৰি দিব৷ মৰি গ'লেও দুনাই নাচায় আৰু মাতো নামাতে! বৰ একাচেকা দেখিলোঁ৷ চুপতি মাৰি ভালো লাগিছিল অৱশ্যে৷ ঘৰলৈ উভতাৰ আগে আগে পাছত এদিন তাইক আচৰিত কৰি তাইৰ পৰাই ছটা জেকেট কিনিলোঁ৷ সেয়া বেলেগ কাহিনী৷
ইয়াত ব'ৰ্ডাৰ বজাৰত অৱশ্যে মুখেৰেই ক'লে৷ কিয়াটত নহয়, ইণ্ডিয়ান কাৰেন্সিতে কৈছে হিচাপটো৷ এশটকীয়া এখন আৰু পঞ্চাশটকীয়া এখন একেলগে জাপি গৰাকীক পৰিশোধ কৰা হ'ল৷ ধন্যবাদ জনাই আগলৈ খোজ দিব ধৰিলোঁ, দোকানবিলাক চাই চাই৷ ফোনত বাৰ্তালাপ চলি থকা সময়কণতে মন কৰিছিলোঁ, মিঠা পাণ খাবলৈ গুমটিখনত গ্ৰাহকৰ অত্যন্ত ভিৰ লাগিছে৷ জাত জাত মিঠা উপকৰণেৰে উপচাই তাই ফটাফট পাণ বনাইছে, দি গৈছে৷ এইকেইদিনত বজাৰৰ বেপাৰী-পোহাৰীবোৰে ভাৰতীয় মুদ্ৰা ভালেই আহৰণ কৰিছে যেন অনুমান হ'ল মোৰ৷ সীমান্ত বাণিজ্যই সীমান্তৱৰ্তী মানুহৰ অৰ্থনৈতিক উন্নয়ন সাধিব পৰাটোৱেইটো মূল কথা৷ বজাৰখনৰ অতীত জানিবলৈ মন গ'ল যদিও সুধিবলৈহে কাকো নাই পোৱা৷ (আগলৈ)

No comments:
Post a Comment