Saturday, 24 March 2018

চতুৰ্থ দিনঅংশ-২৮

সদ্যহতে পানছালিং বজাৰখন ঘূৰি-পকি চাওঁ বুলি ভাবিলোঁ৷ সন্মুখত পুৰণা টিনপাতেৰে দীঘলীয়াকৈ দুলানি দোকান-ঘৰ৷ তাৰ বাদে অন্য ঘৰকেইটামানো আছে৷ গুমটিও আছে৷ কাঠেৰে সজা স্থায়ী কোঠাবিলাক বৰ বেছি ডাঙৰ নহয়৷ বস্তুৰে কিন্তু ঠাহ খোৱা৷ গ্ৰাহকৰ বাবে একাংশ বাৰাণ্ডালৈকো উলিয়াই দিয়া হৈছে৷ ৰাস্তাৰ সিপাৰে বাঁহৰ ফ্ৰেমৰ ওপৰত মেলা পলিথিনৰ চালিৰ তলত অস্থায়ী পোহাৰ বহিছে৷ মাটিত কাপোৰ পাৰিও উলিয়াইছে বিভিন্ন সা-সামগ্ৰী৷ জেকেট, চুৱেটাৰৰ উপৰি নানা ধৰণৰ কাপোৰ, চেণ্ডেল, চাবোন, বাৰ্মিজ চিগাৰেট, পাউদাৰ, বিস্কুট, কণী, বাচন-বৰ্তন, চাইনিজ ফ্লাস্ক, মাগ ইত্যাদি ইত্যাদি৷ লে'কৰ পৰা বজাৰ সংযোগী ৰাস্তাটোৰে সোমাই আহোঁতেই দেখিছিলোঁ, কাঠখৰিও থৈছে বিক্ৰীৰ বাবে৷ দোকানীসকলৰ বেছিভাগেই মহিলা৷ বয়সস্থও আছে, কম বয়সীয়া ছোৱালীও দেখিছোঁ৷ প্ৰায়খিনিৰে গালত বগাকৈ চন্দনৰ বোল৷ চাবলৈ কিবা এটা ভাল লাগিছে৷

বজাৰখনত ভাৰতীয় গ্ৰাহকে পিয়াপি দি ফুৰিছে৷ অসমৰ মানুহেৰে ব'ৰ্ডাৰ মাৰ্কেট আজি ভৰি পৰিলচোন! নিজকে নিজেই ক'লোঁ৷ বতাহত যেনি-তেনি উৰি থকা আজন্ম চিনাকি ভাষাটোৰ মাত-কথাবোৰৰ পৰাই এইটো ন-দি ক'ব পাৰিছোঁ৷ ইফালে দা আৰু তৰোৱালৰ প্ৰতি আমাৰ বিদেশী খৰিদ্দাৰসকলৰ আগ্ৰহটো তুলনামূলকভাৱে বেছি যেনেই বোধ হ'ল৷ ঠাইবিশেষে টেবুলৰ ওপৰত মিনাৰেল ৱাটাৰৰ বটলৰ পৰা আৰম্ভ কৰি ম্যানমাৰত প্ৰস্তুতকৃত বিয়েৰৰ টেমা, চিল পেক্‌ড বটল আদিও সজাই ৰখা হৈছে৷ ঘৰুৱা মদৰ বটল লৈ বজাৰত বহিছে ৫-৬ বছৰীয়া ছোৱালী৷ এইটোহে কিবা হজম নোহোৱা কথা হ'ল৷

অথনি লেকলৈ যাওঁতে পাহাৰতলীৰ দোকানখনৰ কাষতো দেখা পাইছিলোঁ অনুৰূপ দৃশ্য৷ পাছত লে'কৰ পাৰত আমাৰ অনিলদাক পাই পোনছাটেই ইয়াৰ্কি মাৰিছিলোঁ, 'বস্তুটো কিনিছিলে নেকি দাদা?' প্ৰথমতে তেওঁ ধৰিব পৰা নাই মই কি 'বস্তু'ৰ কথা ক'লোঁ৷ সাঁথৰটো ভাঙি দিলত অনিলদাই খিকখিকাই হাঁহি উত্তৰ দিছিল, 'নাই নাই ভাই, ক'ত কেনেকৈ বনাইছে নাজানো, সেইসোপা পি লৈ নমৰিলেহে হৈছে৷ ইয়াত কিবা এটা হ'ব লাগিলে বিপদ আপোনালোকৰে নহ'বজানো? লে'ক্‌ অফ্‌ ন' ৰিটাৰ্ণলৈ আহিছোঁ৷ এনেয়ে ভয় ভয় লাগি আছে৷' কথা শুনি ওলোটাই তামাম হাঁহিছিলোঁ আমিকেইটাই৷

এইফালে ঘৰৰ পৰা আঁতৰত, অভিভাৱকৰ অনুপস্থিতিৰ সুযোগ লৈ মুক্ত বিচৰণকৃত ডেকাকেইজনমানে হেঁপাহ পলুৱাই সুৰাত চুমুক দিছে৷ মদ নাখালে ইয়ালৈ, মানে বিদেশলৈ অহাটোৱে যেন অৰ্থহীন হ'ব তেওঁলোকৰ বাবে! তাৰ মাজৰে এজন ডেকাই বটল এটা শেষ কৰি পথৰ ওপৰতে সেইটো ভাঙিলে৷ বীৰত্ব আৰু পুৰুষত্বৰ বহিঃপ্ৰকাশ! ম্যানমাৰী যুৱতী এজনীয়ে ঘটনাটো চাই আছিল৷ মুখেৰে একো নকৈ তাই আগুৱাই আহিল আৰু ভগা চিচাৰ টুকুৰাবোৰ বুটলিব ধৰিলে, যাতে পথচাৰীৰ ভৰি নাকাটে৷ সেই কাৰ্যৰে যুৱতীজনীয়ে উচ্ছৃংখল ভাৰতীয় পৰ্যটক(!)ৰ গালত যেন পূৰ্ণহতীয়া চৰ কেইপাটমানহে শোধালে!  যুৱকজন হেনো ডিব্ৰুগড়ৰ! আমাৰ দলৰ উদ্যমী সাংবাদিকজনে ততালিকে তলা-নলা সংগ্ৰহ কৰি আমাক জানিবলৈ দিলেহি৷

অসমৰ বিশেষকৈ ডিব্ৰুগড়, তিনিচুকীয়া, ডিগবৈ, দুলীয়াজানৰ পৰা অহা ভ্ৰমণকাৰীৰে ভৰি পৰিছে বৰ্ডাৰ বজাৰ৷ আহোঁতে বাটত দেখা গাড়ীৰ নম্বৰবোৰেই প্ৰমাণ৷ গুৱাহাটীৰ পৰা অহা ভদ্ৰমহিলা এগৰাকীক বস্তুৰ দাম-দৰ কৰি থকাৰ মুহূৰ্ততে মুখৰ আগত পালোঁ আৰু উপযাচি পৰিচয় হলোঁ৷ আগমন যৰ পৰাই নঘটক, অসমৰ পৰা অহাসকলৰ মাজত আপোন আপোন ভাব এটা অজানিতে বিৰাজ কৰাটো মই মন কৰিছোঁ৷ দেশৰ মাটিত চিনা-জনা সমূলি নাথাকিলেও প্ৰৱাসত একে মাতৃভূমি, একে মাতৃভাষাৰ মানুহৰ আপোন ভাবৰ আঠাটো অকণমান বেছি জেপেটীয়া হয়েই৷ স্বাভাৱিক কথা৷ সেয়া ম্যানমাৰ হওক, আমেৰিকা হওক, য'তেই নহওক কিয়৷ ইয়াকে বোলে আপোন মাটি আৰু ভাষাৰ টান৷ আমিও তাৰ পৰা সাৰি যোৱা নাই৷

বজাৰতে আকস্মিকভাৱে চখেই আৰু সঞ্জু মুখামুখি হল৷ সঞ্জুক লগ পাই সি লগ নেৰাই হৈ থাকিল৷ গাৰ ফালে টানি লৈ যায়৷ সঞ্জুৱে এৰা দিব খোজে৷ কিন্তু পৰা নাই৷ জোক লগাদি লাগি আছে৷ অথনি লেকলৈ নামি যাওঁতে বাটতে চুক্তি এখন কৰি থোৱা আছিল দুয়োৰে মাজত৷ এতিয়া ৰূপায়ণৰ সময়টো আহি গল৷

ড্ৰাগছৰ বিভীষিকা, এইচ.আই.ভি., উগ্ৰপন্থী গোটৰ কেডাৰ আৰু চৰকাৰী পক্ষৰ মাজত সঘনে হৈ থকা গুলীয়াগুলী তথা যুদ্ধই বিপন্ন কৰা এই অঞ্চল৷ নাম যাৰ কাচিন ষ্টেট৷ বহুতৰে আকৌ কাচিনৰ নাম শুনিলেই গাৰ নোম শিয়ৰি উঠে৷ নিষিদ্ধ বজাৰৰ কথা কিছুমান জনালে যদিও চখেয়ে কানি খোৱা মানুহ দেখুৱাব পাৰিলেনে নাই, কথামতে সঞ্জুৱে টকা ১০০ দিলেনে নাই সেইটোহে গম নাপালোঁ৷ কাৰণ তেনেকুৱাতে মোৰ দৃষ্টি নিবদ্ধ হ'ল অন্য এপদ বস্তুত৷ (আগলৈ)


No comments:

Post a Comment