চতুৰ্থ দিন, অংশ-১২
ইতিহাসপ্ৰসিদ্ধ পথটোৰে খোজ দিবলৈ পাই নিজকে ধন্য মানিছোঁ৷ এনেবোৰ আমেজ আৰু অভিজ্ঞতা ল’বলৈ হ’লে শাৰীৰিক পৰিশ্ৰম কৰিবই লাগে৷ তদুপৰি খোৱা-বোৱাৰ ৰুটিনখনৰো ধাৰাবাহিকতা ভংগ হ’ব পাৰে৷ এইবোৰ আমাৰ জনা আছে৷ গতিকে কেৰেপ নাই৷ নেদেখাক দেখাৰ, নজনাক জনাৰ দুৰ্বাৰ আগ্ৰহৰ সন্মুখত সেইবোৰ তুচ্ছ, সামান্য, নগণ্য৷ মানসিক আহাৰে চলাই নি আছে দপদপাই৷
পাংচু পাছত ৰাস্তাৰ সোঁহাতে তললৈ হে'লিপেড এটা দেখা পাইছিলোঁ৷ কোনখন দেশৰ হ'ব নাজানো৷ এই গিৰিপথটোৰ পৰাই ম্যানমাৰ আৰম্ভ হৈছে৷ আমি এতিয়া ম্যানমাৰত৷ ম্যানমাৰৰ কাচিন ষ্টেটত৷ এইখন দেশৰ সময় ভাৰতীয় সময়তকৈ এঘণ্টা আগ বঢ়া৷ গতিকে কাচিনৰ স্থানীয় সময়ো অসম বা অৰুণাচলতকৈ এঘণ্টা আগ বঢ়া হ'ব৷ আমাৰ ঘড়ীত এতিয়া ১০.৩০ বাজিছে৷ ম্যানমাৰৰ মতে তাৰ মানে ১১.৩০ হ'ল বুলি ধৰিব লাগিব৷
পাংচু পাছৰ পৰা পথটো তললৈ নামিছে৷ সুদূৰত অকাই-পকাই টাগাপ পাহাৰ পাৰ হৈছে৷ টাগাপ পাহাৰৰ কঠিন গৰাবোৰৰ কাষেৰে কষ্টকৰ বাট কাটি যুদ্ধগতিত আগুৱাই নিয়া হৈছিল পথ নিৰ্মাণৰ কাম৷ পাছে পাছে আহি আছিল দৰৱ আৰু খোৱাবস্তু অনা ট্ৰাক৷ কেম্পত সেইবোৰ নমাই থৈ লিডুলৈ উভতিছিল পথ নিৰ্মাণত মৃত্যু হোৱা শ্ৰমিকৰ মৃতদেহ, যুদ্ধবিধ্বস্ত বাৰ্মাৰ পৰা ভগনীয়া, মেলেৰিয়া-ডায়েৰিয়া-ডিছেণ্টেৰী-নিউমোনিয়া-টাইফয়দত আক্ৰান্ত, অসুখীয়া শ্ৰমিক, কাম কৰোঁতে আঘাতপ্ৰাপ্ত সেনা জোৱানক লৈ৷ মৃতদেহবোৰ নিৰ্দিষ্ট ঠাইত পেলোৱা হৈছিল৷ ৰুগীয়া মানুহবোৰক লিডু-লেখাপানীৰ সামৰিক হাস্পতাল, মাৰ্ঘেৰিটাৰ ২০ নং হাস্পতাললৈ নিয়া হৈছিল৷ ভগনীয়াক কেম্পত ৰখা হৈছিল৷ পাহাৰৰ পৰা নামি অহা পানীৰ বাবে বোকাময় পথেৰে শ্লথ গতিৰে আগুৱাইছিল সেই ট্ৰাকবিলাক৷ ঠায়ে ঠায়ে পৰি ৰোৱা শ্ৰমিকৰ মৃতদেহৰ পৰা নিৰ্গত দুৰ্গন্ধ, গৰাকীহীন মৃতদেহৰ পৰা শগুনে মাংস টানি থকাৰ দৃশ্য আছিল সুলভ৷ কিতাপত পঢ়ি পোৱা অতীতৰ সেই ভয়ংকৰ দৃশ্যপট সমূলি নাই এতিয়া৷ আজিৰ ৰূপটোলৈ চাই তেনে অদৃশ্য ৰূপ কল্পনা কৰাও মস্কিল৷ তথাপি অনুমান কৰিছোঁ, এইবোৰেই আছিল একালৰ মৰণ-থলী, ডে'থ ভেলীয়ে যাক সামৰি লৈছিল৷
বিপৰীত ফালৰ পৰা দুগৰাকী ম্যানমাৰী মহিলা ভাৰতৰ দিশে আহিব ধৰিছে৷ এগৰাকীৰ মূৰত বগা ৰঙৰ বহল টুপী৷ দেখিলেই অনুমান হয় যে তেওঁলোক শিক্ষিতা৷ ওচৰ পালত সঞ্জুৱে আগ ধৰি সম্ভাষণ জনালে৷ এগৰাকী শিক্ষয়িত্ৰী৷ তেওঁৰ নামটো চামবন৷ আচৰিত হ'লোঁ, শিক্ষয়িত্ৰী যদিও ইংৰাজী বুজি নাপায়৷ হিন্দীতো নাপায়েই৷ বাৰ্মাত ব্ৰিটিছৰ অাধিপত্য চলিছিল৷ গতিকে ইংৰাজী জানিবহে লাগে৷ থাইলেণ্ডৰ কথা বেলেগ৷ ইংৰাজ তাত সোমোৱা নাছিল৷ গতিকে ইংৰাজীত কেঁচা৷ ২০১০ত সেই দেশ ভ্ৰমি মই নিজকাণে প্ৰমাণ পাই থৈছোঁ৷ কিন্তু বাৰ্মিজ চামবনহঁত এনেদৰে মৌন হ'ব নালাগিছিল৷ নিজৰ ধাৰণাটোৰ ওপৰতে সন্দেহ উপজিল৷ অসমীয়াত সোধা প্ৰশ্নৰ উত্তৰ কিন্তু ভগা অসমীয়াতে পালোঁ৷ তাৰমানে এওঁলোকে নাগামিজ পাৰে৷ ভাবৰ আদান-প্ৰদান সম্ভৱ হোৱাত এবাৰ মই, এবাৰ সঞ্জু, দুয়োগৰাকী অচিনাকি ভগ্নীৰ সৈতে ফটো উঠিলোঁ৷ নামপঙত অনুষ্ঠিত পাংচু পাছ শীতকালীন উৎসৱলৈ তেওঁলোকৰ গাঁৱৰ সাংস্কৃতিক দল গৈছে৷ সেয়ে দুয়ো যাত্ৰা কৰিছে ফেষ্টিভেল গ্ৰাউণ্ডলৈ৷ এনিশা থাকি, নাচ-গান চাই, বজাৰ-সমাৰ কৰি উভতিব৷ নিজৰ সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা আৰু কষ্ট কৰাৰ মানসিকতা দেখি মনে মনে চেলুট জনালোঁ দুয়োকে৷ খোজ কঢ়াটো তেওঁলোকৰ বাবে যেন ভাতৰ লগত পানী খোৱাৰ দৰে কথাহে! ইমান দূৰ বাট এনেকৈয়ে গৈ থাকিব লাগিব এতিয়া৷
দুই ভদ্ৰ মহিলাক এৰি আগ বঢ়া ১০ মিনিটমানেই হ'ল৷ আমি পাল পাতি ফটোৰ পাছত লাগি থাকোঁতে সংগীসকল আগৰ কেঁকুৰিটো ঘূৰি নেদেখা হ'লগৈ৷ পাছফালৰ পৰা গাড়ী এখন অহাৰ শব্দ ভাহি উঠিছে৷ ৰাস্তাটো এইখিনিত এঢলীয়া৷ ধূলি উৰুৱাই নামি আহিছে পিক্-আপজাতীয় বাহন এখন৷ ষ্টীলৱেলৰ দিনৰে গাড়ী যেন লাগিছে! অথনি গে'টত ৰৈ থকা অৱস্থাত দেখিছিলোঁ৷ পিছফালে মানুহ কিছুমান থেপা-থেপিকৈ থিয় দি আহিছে৷ দুয়োফালৰ দৰজাৰ ফুটৰে'ষ্টো আনকি বাদ পৰা নাই৷ এফালে এজন পুৰুষ আৰু ড্ৰাইভাৰৰ ফালে এগৰাকী গাঁঠলু মহিলা উঠি লৈছে৷ মানুহমখাৰ কাণ্ড আৰু বাহনখনৰ অদ্ভুত আকৃতি দেখি হাঁহিয়ে উঠিল আমাৰ৷ পিছফালে সেইখন নাম্বাৰ প্লে'টেই হ'ব যেন পাওঁ, Lot No. 66 MDY 2010/11 বুলি লিখা ফলকডোখৰ বেঁকা হৈ এই সৰি পৰোঁ, এই সৰি পৰোঁকৈ দুলি আছে৷ সন্মুখত বান্ধি থোৱা হৈছে লোৰ ৰছী এদ'ম৷ তাৰ মাজতে প্লাষ্টিকৰ বাল্টি এটা৷ কেমেৰা টোঁওৱা মাত্ৰক পিছফালে থিয় হৈ যোৱা মানুহবোৰে চলমান অৱস্থাৰ পৰাই ডিঙি ঘূৰাই ঘূৰাই আমাৰ ফালে চোৱা আৰম্ভ কৰিলে৷ কেইজনমানে মিচিকিয়ালেও৷ কেঁচা মাটিৰ ৰাস্তাটোৰে চলি গাড়ীখন কেঁকুৰিত অদৃশ্য হৈ পৰিল৷ আমিও নিজৰ গতি অব্যাহত ৰাখিলোঁ৷ টাংচা দম্পতী এটাই আমাক পিছ পেলাই থৈ গ'ল৷ বেছ খোজ দিব পাৰে ইহঁতে৷ যাবলৈ ধৰিলে ঘূৰি চাবলৈ নাই৷
হাবি-জংঘল কমি আহিছে৷ অলপমান আগুৱাই যাওঁতে পথৰ পৰাই সোঁহাতে গছ-গছনিৰ ফাঁকেৰে দূৰত, নামনিলৈ এক মোহনীয় জলমণ্ডলে চকু দুটা টানি নিলে৷ মোৰ দৃষ্টিতে পোনপ্ৰথমে ধৰা পৰিল৷ সৌৰৰশ্মিৰে সুদূৰত চিক্মিকাই আছে৷ আন্দাজ কৰিলোঁ, সেয়াই হ'ব লাগে আমি বিচাৰি অহা নংয়্যাং হ্ৰদ, লেক্ অফ্ ন' ৰিটাৰ্ণ, ল'কেল বাৰ্মুডা ট্ৰায়েংগলৰ অৱস্থান৷ এঠাইত স্থিৰ হৈ পাতৰ মাজেদি সিফালে আঙুলিয়াই দিয়াৰ লগে লগে সকলোৰে প্ৰতিক্ৰিয়াত আশ্চৰ্যপ্ৰকাশক গুঞ্জৰণ এটা সৃষ্টি হ'ল৷ প্ৰতিটো কেমেৰাই সেইমুৱা হৈ পৰিল ৰহস্যময় জলাধাৰটো দৃষ্টিগোচৰ হোৱাৰ লগে লগে৷ ডাল-পাতবোৰৰ ফাঁকেদি ঝুম কৰিও চালোঁ৷ সেই লক্ষ্যকে বুকুত বান্ধি আমি দুটা দলে ডিফুৰ পৰা কৰি আহিছোঁ অগস্তি-যাত্ৰা৷ আজি চতুৰ্থ দিন৷
স্বপ্নৰ হ্ৰদ সৌটো৷ গছ-পাতৰ ফাঁকেৰে চাই বিভোৰ হ’লোঁ৷ পঢ়িবলৈ পাইছিলোঁ… ‘নামপং পাৰ হৈ পাটকাই উঠিলেই কিছু দূৰৰ পাছত পোৱা যায় পাংচু পাছ৷ এই গিৰিপথৰ অকণমান আগলৈ গ’লে দৃশ্যমান হয় অদূৰত নংয়াং হ্ৰদটি৷ দূৰৈৰ নীল আকাশৰ সৈতে মিলি থকা, নীলা পাহাৰৰ আৱেষ্টনীৰ সমতলত দূৰৈৰ পৰা স্বচ্ছ হ্ৰদটি দেখিলে এনে লাগে যেন চকচকীয়া হ্ৰদটি জিলিকি আছে দূৰৈৰ পৰ্বতৰ মাজত আকাশৰ উচ্চতাত৷ ওখ ওখ পৰ্বতমালা, থিয় গা, মাজে মাজে সুগভীৰ সমতলেৰে ভৰা পাটকাই পৰ্বতৰ মাজৰ এই নংয়াং হ্ৰদৰ স্বৰ্গীয় শোভা অতুলনীয়৷’ কথাটো সঁচা৷
জীৱনত এই প্ৰথমবাৰৰ বাবে দৰ্শন হ’ল ঐতিহাসিক নংয়্যাং হ্ৰদৰ, যাৰ পাৰত কুকুৰা কাটি শপত লৈছিল আহোম আৰু নৰা ৰজাই, য'ত ভূপতিত হৈছিল মহাযুদ্ধৰ যুদ্ধবিমান৷ শৈশৱৰ উকিবোৰ আপোনা-আপুনি ওলাই আহিল প্ৰকৃতিৰ বুকুৰ এনে নিৰ্ভেজাল, প্ৰদূষণহীন দৃশ্যপট চকুৰ আগলৈ অহামাত্ৰেই৷ অৱধাৰিতভাৱে প্ৰশ্ন কিছুমানো মনলৈ আহিল৷ হ্ৰদটোৰ পাৰলৈ যাব পৰা যাবনে? পানী চুবগৈ পৰা যাবনে? বোকা খচকিব পৰা যাবনে? য’ৰ পৰা কোনো কেতিয়াও উলটি নাহে, সেই জলৰাশিলৈ দূৰত্ব কিমান হ’ব? ৰাস্তা আছেনে নাই? একেলগে দেধাৰ প্ৰশ্ন৷ (আগলৈ)

No comments:
Post a Comment