Monday, 26 March 2018

চতুৰ্থ দিনঅংশ-৩০


১৯৫১ চনৰ আগষ্ট মাহত নামপঙত ভাৰত চৰকাৰৰ Land Custom Station এটি অনুমোদন কৰা হৈছিল৷ পাংচু পাছত আমি পাই অহা ১৭৩ নং ব'ৰ্ডাৰ স্তম্ভটোৰ পৰা নামপঙলৈ দূৰত্ব ১২ কিল'মিটাৰ৷ ১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নামপং আমাৰ দেশৰ আন অংশৰ সৈতে সংযোজিত হৈ আছে৷ ষ্টীলৱেল ৰ'ডটো ১৫৩ নং ৰাজমাৰ্গলৈ ৰূপান্তৰিত হোৱাৰ পাছৰে পৰা সীমান্ত বাণিজ্যৰ সম্প্ৰসাৰণ ঘটিব ধৰিছে৷ চাংলাং জিলা প্ৰশাসন আৰু পেৰা-মিলিটাৰী ফ'ৰ্চৰ নিৰীক্ষণক্ৰমে প্ৰতি মাহৰ ১০, ২০ আৰু ৩০ তাৰিখে মেলা বা বজাৰৰ ৰূপত অনানুষ্ঠানিকভাৱে ব্যৱসায়-বাণিজ্য চলে৷ এই দিনকেইটাত স্থানীয় জনসাধাৰণৰ বাবে ইণ্ডো-ম্যানমাৰ সীমান্ত খোলা থাকে৷ ব'ৰ্ডাৰ খোলা থকা এই তাৰিখকেইটাক India Day বুলি কোৱা হয়৷

ম্যানমাৰৰ সৈতে ভাৰতৰ লেণ্ড ব'ৰ্ডাৰৰ দূৰত্ব ১,৬৪৩ কিল'মিটাৰ৷ অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰামে ম্যানমাৰ চুই আছে৷ দক্ষিণ মণিপুৰৰ টেংনৌপাল জিলাৰ ম'ৰেত থকা ইণ্ডো-ম্যানমাৰ ফ্ৰেইণ্ডশ্বিপ ব্ৰীজেৰে ম্যানমাৰৰ চাগাইং সংমণ্ডলৰ কালেৱাৰে তামুলৈ যাব পাৰি৷ ২০১২ত অনুষ্ঠিত আচিয়ান-ইণ্ডিয়া কাৰ ৰে'লী এইটো বাটেৰেই ভাৰতৰ পৰা ম্যানমাৰ সোমাইছিলগৈ৷ সেইদৰে মিজোৰামৰ জৰিনপুইৰেও ম্যানমাৰত প্ৰৱেশ কৰিব পাৰি৷ আনহাতে স্বীকৃতিহীন পথৰ সংখ্যা ভালেমান৷ সেইবোৰৰ ভিতৰত নাগালেণ্ডৰ ফে'ক জিলাৰ আভানখু আৰু মন জিলাৰ লংগুৱা, মিজোৰামৰ জখাউথাৰ, মণিপুৰৰ বেহিয়াং, অৰুণাচল প্ৰদেশৰ ডিফু পাছ আৰু পাংচু পাছ উল্লেখযোগ্য৷ আমি পাংচু পাছেৰে সোমাইছোঁ৷

উভয় দেশৰে সীমামূৰীয়া স্থানীয় জনসাধাৰণ জাতিগত, ভাষাগত, সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় দিশত অতীজৰে পৰাই ওচৰ চপা৷ সেই হেতুকে এই অঞ্চলটোত ব্যৱসায় ঠন ধৰি উঠিছে৷ ভাৰতৰ পৰা ম্যানমাৰলৈ ৰপ্তানি হোৱা তালিকাভুক্ত পণ্যবোৰ হৈছে ঔষধ, চিকিৎসা সঁজুলি, নিত্যপ্ৰয়োজনীয় বস্তু, সূতা, বস্ত্ৰ, যন্ত্ৰপাতিৰ অংশবিশেষ, গৃহ নিৰ্মাণ সামগ্ৰী, গাড়ী, মটৰ চাইকেল, বাইচাইকেল, লেখন আৰু ছপা সামগ্ৰী, কৃষি আৰু উদ্যান-শস্য, ট্ৰেক্টৰ, সাৰ আৰু ৰাসায়নিক দ্ৰব্য আৰু প্ৰশিক্ষণপ্ৰাপ্ত কৰ্মী৷ আনহাতে কলকাতা পোতাশ্ৰয়ৰ জৰিয়তে ম্যানমাৰৰ পৰা ভাৰতলৈ আমদানি হোৱা বস্তুবোৰ হ'ল চেগুন কাঠ, বাঁহ-বেত, টিন, জিংক, সোণ, ৰূপ, কয়লা, বক্সাইট, ডল'মাইট, ৰুবি, চেফায়াৰ আৰু জেদ পাথৰ৷ ষ্টীলৱেল পথটো খোলা থকা হ'লে এই বাটেৰেই পৰিৱহণ চলিলহেঁতেন৷ এতিয়া সেয়া স্তব্ধ৷ এইটো হৈ নুঠাৰ ঘাই কাৰণ হিচাপে স্মাগলিং, ড্ৰাগ্‌ছ আৰু বিদ্ৰোহী সমস্যাৰ কথা কোৱা হয়৷

এই বজাৰত ম্যানমাৰীসকলৰ পৰম্পৰাগত হস্ততাঁত উৎপাদিত বস্ত্ৰ, হস্তশিল্পজাত সামগ্ৰী, হস্তনিৰ্মিত যাঠি আদি কিনিব পাৰি৷ চীন, ভাৰত আৰু ম্যানমাৰত প্ৰস্তুতকৃত বয়-বস্তু ইয়াত পোৱা যায়৷ কাচিনৰ পৰা চীন দেশলৈ জেদ পাথৰ, জাংফাই, ৰূপ আদিৰ ৰপ্তানি তাহানি দিনৰ পৰাই চলি আহিছে৷ আনহাতে সমভূমি অঞ্চলৰ পৰা লা, মৌ-মম, কাঠ, বাঁহ, অপৰিশোধিত কানি আদিৰ বিনিময়ত লোৰ সৰঞ্জাম, অস্ত্ৰ-শস্ত্ৰ, লোণ, বস্ত্ৰ আদি আহৰণ কৰা হয়৷

এই বজাৰখন খাদ্যৰ বাবে বিখ্যাত বুলি শুনিছিলোঁ৷ অনেক খাদ্যবস্তুৰ লগতে ভাতো পোৱা যায়৷ মাছ ভাত, গাহৰি মাংসৰে ভাত বা কুকুৰা মাংসৰে ভাত যিয়েই নাখাওক, মূল্য একে৷ ভাৰতীয় মুদ্ৰাৰ হিচাপত ১০০ টকা৷ এলেকাটো ম্যানমাৰৰ যদিও ভাৰতীয় টকাৰেই ভৰি আছে৷ বাধাহীনভাৱে আদান-প্ৰদান চলে৷ সঞ্জুহঁতে শিঙি মাছৰ সোৱাদ ললে৷ জাংখঙে চিকেন নুডলছ এবাটি খালে৷ কি নো কিনো বুলি ঘূৰি-পকি বিস্কুট কেইপেকেটমান কিনিলোঁ মই৷ মাণ্ডালয়ত প্ৰস্তুত কৰা Thazin বিস্কুটৰ পেকেট নাজঙলৈকো লৈ থলোঁ৷ আৰু এবিধ বিস্কুট কিনিলোঁ৷ পেকেটৰ ভিতৰত থকা কাগজত ম্যাদ শেষ হোৱাৰ তাৰিখ (৩০ নৱেম্বৰ ২০১৩) আৰু ফোন নম্বৰটোৰ বাদে একো পঢ়িব পৰা নাই৷ স্থানীয় ভাষাত লিখা৷ চাইনিজ আখৰ কিছুমানো আছে৷ বজাৰখনত মোৰ চিনাকি আৰু ঘৰত খোৱা Calsomeৰ পেকেট দেখা পালোঁ৷ দামহে সোধা নহ'ল৷ ডিমাপুৰত ২০০-২২০ টকাত কিনো৷

বজাৰৰ মধ্যস্থলতে ৰখাই থোৱা আছে আগবেলা আমি ষ্টীলৱেল পথেৰে পদযাত্ৰা কৰি আহি থাকোঁতে পাছফালৰ পৰা আমাক অতিক্ৰম কৰা পুৰণা নিচান গাড়ীখন৷ আচহুৱা গঢ়ৰ বাহনখন ভাৰতীয় মানুহ মাত্ৰেই এবাৰ হ'লেও লক্ষ্য নকৰাকৈ থকা নাই৷ কাষতে ৰৈ থকা জুম এটাই কিবা আলোচনা চলাই আছে৷ বোধ হয় সিপাৰলৈ যাব৷ তাৰে দাম-দৰত লাগিছে৷ আমি পিছে খোজ কাঢ়িয়ে ভাৰতবৰ্ষ সোমামগৈ বুলি আগতেই পণ লৈ থৈছোঁ৷ পদব্ৰজে ভ্ৰমিলে তন্নতন্নকৈ চাব পাৰি, অভিজ্ঞতাও সৰহ হয়৷ অথনি এৰি থৈ অহাবোৰ যাওঁতে উদ্‌ঘাটন কৰিব পাৰিম, ট্ৰেকিঙৰ আনন্দ ল'ম৷

আগুৱাই আহি থাকি এমূৰে ১৫ ফুটমান দীঘল আৰু প্ৰায় ৫ ফুট বহল কাঠেৰে নিৰ্মিত ব'ৰ্ড এখন পালোঁ৷ ৰ'দ-বৰষুণৰ পৰা সাত সাৰিবৰ বাবে ওপৰত টিনপাতো লগাই ৰখা হৈছে৷ বাৰ্মিজ ভাষাত প্ৰকাশিত খবৰ কাগজৰ পৃষ্ঠা কিছুমান ব'ৰ্ডখনত আঠা লগাই থোৱা হৈছে৷ দেৱাল পত্ৰিকা নেকি এইখন? তেনে যেনেই লাগিল৷ এফালৰ পৰা হিচাপ কৰি পালোঁ, ২২টা পৃষ্ঠা আছে৷ কৌতূহল বুকুত বান্ধি একেবাৰে ওচৰ চাপি গৈ চালোঁ৷ পিছে কি হ'ব? ভাষাৰ সমস্যা৷ একো বুজিব পৰা নাই৷ ফটোবোৰকে চাব ধৰিলোঁ একান্তমনে৷ ইয়াৰ আগতে কোনো বজাৰতে এনেকুৱা ৱাল মেগাজিনৰ ব্যৱস্থা মোৰ হ'লে জীৱনকালত দেখা মনত নপৰে৷ এয়াই প্ৰথম বুলিব লাগিব৷ কথাটো কিবা আচহুৱা যেনেই লাগিল৷ আনহাতে পঢ়ি থকা লোক এই মুহূৰ্তত এজনকো লগ নাই পোৱা৷ নহ'লে বিষয়-বস্তু সম্বন্ধে প্ৰশ্ন কৰিব পৰা গ'লহেঁতেন৷ মুখেৰে ক'লে বিশ্বাস নকৰিব বুলি আনক দেখুৱাবলৈ ফটোকে তুলি ল'লোঁ৷


ম্যানমাৰ-ভাৰত সীমান্তৰ এই নাতিবৃহৎ বজাৰখনত তহলদি কম-বেছি পৰিমাণে সকলো মানুহেই কিবা নহয় কিবা কিনিছে৷ আন নহ'লেও অন্ততঃ বিদেশৰ স্মাৰক হিচাপে লৈছে৷ বহুতকে তৰোৱাল কিনা দেখা পালোঁ৷ সঞ্জু আৰু পংকজ দাসে ঘৰলৈ নিবলৈ ম্যানমাৰী ১,০০০ কিয়াটৰ নোট একোখনকৈ সংগ্ৰহ কৰি পেটে পেটে গৰ্বিত হৈ আছে৷ (আগলৈ)


No comments:

Post a Comment