Saturday, 24 March 2018

চতুৰ্থ দিনঅংশ-২৭

বুৰঞ্জীয়ে পৰশা হ্ৰদ এইটো৷ সংৰক্ষণ কৰাটো ম্যানমাৰ চৰকাৰৰ এটা নৈতিক দায়িত্ব নহয়জানো? ইয়াক কেন্দ্ৰ কৰি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ গঢ়ি তোলাৰো সুযোগ-সুবিধা আছে৷ ভৱিষ্যৎ প্ৰজন্মৰ আগ্ৰহীসকলে সোণসেৰীয়া অতীতৰ স্মৃতিচিহ্ন আমাৰ দৰে নিজ চকুৰে চাবলৈ, বুজ ল'বলৈ নিশ্চয় আহি থাকিব৷ অথচ আজিৰ তাৰিখতো একো কৰা হোৱা নাই৷ গাতে লাগি থকা দুখন দেশৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক গুৰুত্বসহকাৰে লৈ সুপৰিকল্পিতভাৱে বাট-পথৰ উন্নয়নৰ পৰা আদি কৰি পদপথ, ৰজ্জুপথনৌকা-বিহাৰ, উদ্যান, যাদুঘৰ, যুদ্ধ-স্মাৰক আদি কিছু বস্তু সুদৃশ্যভাৱে গঢ়ি তুলিব পাৰিলে বিশ্বৰ নানা প্ৰান্তৰ পৰা পৰ্যটক, গৱেষণাকাৰীৰ আগমন আৰু আৰ্থিক লাভালাভ অৱশ্যম্ভাৱী৷ পাৰিৱেশিক পৰ্যটন, বহনক্ষম পৰ্যটনৰ ধাৰণাৰে থলুৱা পৰিৱেশটোক পৰ্যটন ক্ষেত্ৰলৈ উত্তৰণ সাধি অঞ্চলটোলৈ এক কল্যাণমুখী বাতাবৰণৰ আগমন ঘটোৱাটো আমাৰো কাম্য৷

এক্সেলাৰেটৰ পকাই দিয়াৰ লগে লগে KENBO KB125খনে চেঁকুৰিবলৈ ল'লে৷ পথৰুৱা মাটি৷ বিস্তীৰ্ণ পথাৰখন এতিয়া আমাৰ সোঁহাতে৷ বাওঁকাষে হাবি-জংঘলবোৰ৷ মৃত্যু উপত্যকাৰে ধাৱমান হৈছোঁ পাটকাই অভিমুখে৷ বাটত সৰু-বৰ খাল-ডোং কিছুমান পাই গৈছোঁ৷ নলাৰ ওপৰত তিনিডাল গোটা বাঁহ পৰা আছে৷ সেয়াই দলং৷ এঠাইত পাইপ এডালো পালােঁ৷ আমাৰ চালক বৰ পটু৷ মুখৰ আগত যি পাইছে চব মহতিয়াই নিৰ্বিবাদে পাৰ কৰাই আনিছে বাহন, লগতে পেছেঞ্জাৰ৷ গোঁ-গোঁ কৰি জঁপিয়াই জঁপিয়াই মটৰবাইক আগ বাঢ়িছে৷ পথাৰখন পাৰ হোৱাত ঘাঁহনি এডৰা৷ ঘাঁহনিৰ মাজৰ লিকেদি যাওঁতেহে অলপমান শান্তি লাগিল৷ গাঁওখনৰ আৰম্ভণিৰ পৰা পোৱা, অথনি আমি অহা ৰাস্তাটো ধৰি ঊৰ্ধ্বমুখী হৈ আগলৈ চলিবলৈ লোৱাৰ লগে লগে হেন্দোলনি আকৗে আৰম্ভ হ'ল৷ জাংখঙে মােক গবা মাৰি ধৰি লৈছে৷ মই চালকক৷ চালকৰ জেকেটৰ পৰা ওলাইছে ভেকেটা-ভেকেট গোন্ধ৷ কিমান দিন ধোৱা নাই চাগৈ! নাকটো আঁতৰাই বতাহ লগাকৈ ৰাখি দুৰ্গন্ধটোৰ পৰা হাত সৰাৰ প্ৰয়াস চলাই গৈছোঁ৷


১৫ মিনিটমানৰ ৰাইড এটা৷ শুকান মাটিৰ ৰাস্তাৰে চালকে আমাক অকাই-পকাই উঠাই আনি ব'ৰ্ডাৰ বজাৰৰ সিটো মূৰ উলিয়ালে৷ বাইকৰ পৰা নামিয়ে যথাৱত ভাড়া পৰিশােধ কৰাৰ লগতে চালকক 'থেংক ইউ মিষ্টাৰ' বুলি ক'লোঁ৷ হেণ্ডশ্বেকো মাৰি দিলোঁ এটা৷ তেওঁ হাঁহিলে৷ জীৱনৰ বাবে অভিজ্ঞতা এটা পুঞ্জীভূত হ'ল আমাৰ৷ 
য'ৰ পৰা উঠি আহি এইখিনি পালোঁহি, তললৈ অৱস্থিত লে'কটো ইয়াৰ পৰা দেখিয়ে থাকি৷ সৌৰৰশ্মিৰ প্ৰাৱল্য কমি অহাত চাওঁতে এতিয়া ধোঁৱা-কোঁৱা লাগিছে৷ এনেকুৱা ধুঁৱলি-কুঁৱলি অৱস্থাৰ বাবেই চাগৈ মহাসমৰৰ সময়ত বিমান চালকৰ ভ্ৰম হৈছিল৷ আৰু তেতিয়াতো হ্ৰদটো আজি আমি দেখাতকৈ কেইবাগুণে ডাঙৰো আছিল৷

মূল ৰাস্তা অৰ্থাৎ ষ্টীলৱেল পথটোত লাগি আছে এই বজাৰখন৷ আমি পাছফালেৰে প্ৰৱেশ কৰিছোঁ৷ ঠাই টুকুৰাক পানছালিং বোলা হয়৷ ইফালে-সিফালে কেইবাটাও কার্যালয় অথনিতেই লক্ষ্য কৰিছোঁ৷ আৰক্ষীৰ লোকো দেখা পালোঁ৷ ম্যানমাৰত সামৰিক শাসন চলা হেতুকে আৰক্ষীৰ লোকসকল যথেষ্ট ক্ষমতাশালী বুলি কোৱা হয়৷ সাধাৰণ লোকে তেওঁলোকক নিশ্চয় সমীহ কৰি চলে৷ আমাৰ পিছে ভয়-ভীত কৰিবলগীয়া একো নাই৷

পথটোৰ প্ৰস্থ এইখিনিত ছফুটমান হ'ব৷ ৰাস্তাৰ নাম ষ্টীলৱেল ৰ'ড৷ পুৰণা লিডু পথ৷ চাইন ব'ৰ্ড পিছে কেনিও ক'তো এখনো দেখা নাই পোৱা৷ যিখিনি পৰ্যন্ত আগ বাঢ়ি যাব পৰা যায়, এখোজ-দুখোজকৈ গৈ লক্ষ্মণৰেখাত উপস্থিত হ'লোঁ৷ ইয়াৰ পৰা আগলৈ যোৱাৰ অনুমতি নাই৷ হঠাতে মনলৈ আহিল যে ১৯৪৫ চনৰ জানুৱাৰীৰ অন্তিম ভাগত অসমৰ লিডুৰ পৰা যাত্ৰা আৰম্ভ কৰা মাৰ্কিন মিলিটেৰী কনভয়টো এই পথেৰেইতো পাৰ হৈ গৈছিল৷ ফেব্ৰুৱাৰীৰ আভাগতে উপস্থিত হৈছিলগৈ সুদূৰ চীনৰ য়ুন্নান প্ৰভিন্সৰ কুনমিঙত৷ ২৮ জানুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰী৷ লিডুৰ পৰা কুনমিঙলৈ ১৫ দিন লাগিছিল৷ মনটোৱে এতিয়াও কুটকুটাই থাকে, কেনেবাকৈ সুবিধা এটা পাম নেকি, সুবিখ্যাত এই পথটোৰে ভ্ৰমি একেবাৰে শেষ প্ৰান্তত উপস্থিত হ'বলৈ!


ষ্টীলৱেল ৰ'ড বুলিলেই প্ৰায়ে এখন ফটোগ্ৰাফ আৰু য'তে-ত'তে সেইখনৰ প্ৰয়োগ দেখা পাওঁ৷ পৰ্বতৰ ওপৰেৰে সজা সৰ্পিল ৰাস্তা এছোৱাৰ ছবি সেয়া৷ ফটোখনে মনটোক সততে উত্তেজিত কৰি তোলে৷ গুচি যাবৰ ইচ্ছা যায়, আচল ছবিখন চাবলৈ৷ পিছে এতিয়া এনেকৈ নোৱাৰি৷ ট'কেনে নিৰ্ধাৰণ কৰা সময় অনুসৰি অলপ পাছত সিমুৱাহে হ'ব লাগিব৷ অৰ্থাৎ স্বদেশলৈ৷ অন্যথা ম্যানমাৰী পুলিচে বিচাৰি উলিয়াবই উলিয়াব৷ ধৰা পৰাৰ পাছত কি হ'ব সঠিকভাৱে নাজানো৷ ভাবোঁ যে সোধ-পোছ কৰিব৷ জেলত ভৰাব৷ কি ঠিক, ফাঁচিও হৈ যাব পাৰে৷ ভাৰত-প্ৰহৰীৰ হিচাপতো গণ্ডগোল ওলাব৷ 'এক বান্দা গায়েব!' লাগি যাব হৈ-চৈ৷ লগৰীয়াকেইটাৰ কি দুৰ্গতি হ'ব সেয়াটো ক'বই নালাগে৷ লে'ক্‌ অফ্‌ ন' ৰিটাৰ্ণৰ পৰা সুকলমে ফিৰি আহিব পাৰিলোঁ যেতিয়া এতিয়া যিমান মন থাকিলেও অন্য ভেজাল চপাই নোলোৱাই শ্ৰেয়ঃ বুলি স্বগতোক্তি এষাৰ মুখৰ পৰা আপোনা-আপুনি ওলাই আহিল৷

ভাৰত চৰকাৰৰ লুক্‌ ইষ্ট পলিচী অনুসৰি ১৯৯১ চনৰ পৰাই ম্যানমাৰ, থাইলেণ্ড, লাওচ, কম্বোদিয়া, ভিয়েটনাম, মালয়েছিয়া, ছিংগাপুৰ, ফিলিপাইনচ আদি দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ লগত ভাৰতৰ পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰচেষ্টা চলাই অহা হৈছে৷ পূবলৈ চোৱা নীতিৰ অংশ হিচাপে ভাৰত-চীন সংযোগী বিখ্যাত ষ্টীলৱেল পথটো পুনৰ মুকলিকৰণৰ গুণাগঁথা ইতিমধ্যে আৰম্ভ হৈছে বুলি সংবাদ মাধ্যমযোগে শুনা পাই আহিছোঁ৷ বুদ্ধিজীৱীসকলৰো কোনো কোনোৱে বিশ্লেষণাত্মক লেখাৰে ৰাস্তা খোলাৰ কথাটো সমৰ্থন কৰিছে৷ আনহাতে, জনাই জানে, ভাৰতৰ পৰা চীন দেশ চুব পৰা চমু বাট কিন্তু এইটো নহয়৷ পোনপটীয়া আৰু সমস্যাহীন সেই ৰাস্তা ১৯৬২ৰ ৰণথলী, অৰুণাচল প্ৰদেশৰ ৱালং, কিবিথুৱেদি৷ অৰুণাচলৰ নামচাইৰ পৰা চীন-ভাৰত সীমান্তলৈ ৩১০-৩১৫ কিল'মিটাৰ মাত্ৰ! সেই সামান্য দূৰত্বতে আছে ঐতিহাসিক, সামৰিক, সামাজিক, ধৰ্মীয়, অৰ্থনৈতিক, ভৌগোলিক, অভিযান্ত্ৰিক, আন্তঃৰাষ্ট্ৰীয় গুৰুত্বৰে অতিশয় সমৃদ্ধ তথা বিশেষত্বপূৰ্ণ ১৫টাকৈ দৰ্শনথলী৷ আমাৰ দেশৰ অইন কোনফালে একেটা বাটতে ইমান বিচিত্ৰতা এনে ধৰণে থূপ খাই আছে? মই নাজানো৷ আমাৰ পৰৱৰ্তী যাত্ৰাটো যিমানদূৰ সম্ভৱ সেইফালেই হ'ব৷ নিজ দেশৰ ভূমিৰ পৰাই ৰঙাচীন চাবলৈ পাম বুলি আশাপালি আছোঁ৷ 
(আগলৈ)


No comments:

Post a Comment