চতুৰ্থ দিন, অংশ-১৮
পাংচু পাছৰ পাছতে 'Bermuda Triangle of East' অৰ্থাৎ 'Lake of No Return' হৈছে এই অঞ্চলটোৰ প্ৰধান Tourist-puller ৷ স্থানীয়ভাৱে 'নংজা' বুলি কোৱা হয়৷ তাকে লৈ বাইকচালক ডেকাসকল পাংচু পাছ ৱিণ্টাৰ ফেষ্টিভেলৰ কেইদিন বৰ ব্যস্ত হৈ পৰে৷ অথনি বাটত পোৱা পুৰণা নিচান গাড়ীখনে সীমান্তৰ পৰা কঢ়িয়াই অনা পৰ্যটকসকলক ব'ৰ্ডাৰ বজাৰত নমাই দিয়াৰ পাছত বা অন্য কিবা প্ৰকাৰে মানুহবোৰ সেইখিনি আহি ওলোৱাৰ পাছত বাইকৰ গৰাকীসকলে গাইপতি ডেৰশ-দুশকৈ ভাৰতীয় টকা লৈ দুজন-তিনিজনকৈ যাত্ৰী কঢ়িয়াই লে'কৰ পাৰত থৈ আহে৷ আগতীয়া বন্দৱস্ত অনুসৰি যথাসময়ত তাৰ পৰা লৈও আহে৷ ৰাস্তা নাই বাবে আন কোনো বাহনেই লে'কৰ পাৰলৈকে যাব নোৱাৰে৷ পথৰুৱা বাটেৰে কেৱল বাইকবোৰহে আগ বাঢ়ে ঘটং-মটংকৈ৷ মৰণত শৰণ দি পিলিয়ন ৰাইডাৰো গৈ থাকে ম্যানমাৰী চালকক গবা মাৰি ধৰি৷
আমাৰ মুখৰ আগেদি অহা-যোৱা কৰি থকা এনেকুৱা দৃশ্য এই পৰ্যন্ত কেইবাটাও দেখিলোঁ৷ সাৱধানী দৃষ্টিৰে আগতীয়াকৈ বাট এৰি দি কাষত থিয় হৈছোঁ৷ বাইকৰ শ্ৰী-চেহেৰা দেখি হতভম্ব হৈছোঁ৷ শিক্ষয়িত্ৰী পৰিবাৰৰ কাৰণে স্কুটী এখন কিনিম কিনিম বুলি ভাবি থকা সঞ্জুৰ প্ৰতিক্ৰিয়াটো আকৌ অলপ বেলেগ ধৰণৰ৷ 'এনেকুৱা এখন ঘৰলৈ লৈ যাব পৰা হ'লে!' কথা শুনি আমি হাঁহিছোঁ খুবমতে৷
আমি আগতেই সিদ্ধান্ত লৈছোঁ যে বাইকত উঠাত নাই, খোজ কাঢ়িহে লে'কলৈ যাম৷ কাচিন গাঁৱৰ মাজে মাজে গৈ থাকি জনজীৱনক চোৱাৰ পূৰ্ণ সুযোগ ল'ম৷ মানুহৰ সুখ-দুখৰ বুজ ল'ম৷ কথা পতাৰ চেষ্টা কৰিম৷ ম্যানমাৰ হৈছে বিশ্বৰ ভিতৰতে অন্যতম দুখীয়া দেশ৷ ৯০ শতাংশ লোকৰে জীৱিকাৰ একমাত্ৰ পথ হৈছে কৃষি৷ সীমান্তৰ পাংচু, থাহোৱান, জুৱা আদি গাঁওসমূহৰ নিবাসীসকলৰ অৱস্থা অতি দুঃখজনক৷ উগ্ৰপন্থীৰো অবাধ হস্তক্ষেপ চলে এইফালে৷ দল বান্ধি আহি ভাত খায়, পোহনীয়া জীৱ-জন্তু মাৰে, চাউল-পাচলি ইচ্ছামতে লৈ যায়৷ সীমান্ত এলেকাৰ উন্নয়নত চৰকাৰে মনোনিৱেশ কৰিবলৈ কিয় জানো এৰি দিয়ে! নগৰ-মহানগৰত বাস কৰাসকলৰ আবদাৰ আৰু প্ৰয়োজন পূৰায়ে দেখোন অন্ত নহয়গৈ! Last Shangrila in the country অৰুণাচল প্ৰদেশৰ ক্ষেত্ৰতো একেটাই দেখি আহিছোঁ৷ সীমান্তলৈ ভাল পথ নিৰ্মাণ আজিকোপতিও হৈ উঠা নাই৷ দেশে স্বাধীনতা পোৱা ৬৬ বছৰ হ'ল৷
এটা ঘৰৰ সন্মুখত এজাক শিশু৷ গালে-নাকে বগা বোল৷ তাৰ মাজৰে তিনিটা ল'ৰা-ছোৱালীৰ হাতত ছাতি৷ জপোৱা ছাতি এটাক লৈ কাষতে দুটামানে টনাটনি কৰি আছে৷ ঘাঁহনিত প্লাষ্টিক এডোখৰ পাৰি ৫টাকৈ দুভাগ কল লৈ অন্য তিনিটা বহি আছে৷ কি জাতৰ কল চিনি নাপাওঁ৷ ৫ লিটাৰ ধাৰণ ক্ষমতাৰ প্লাষ্টিকৰ পাত্ৰৰ সৈতে চাইনিজ মগ এটাও বননিৰ ওপৰতে ৰখা আছে৷ ভিতৰত পানীয়ে আছেনে অইন কিবা আছে গম নাপাওঁ৷ শিশুজাকৰ আকৰ্ষণ মোৰ ডিঙিত ওলমি থকা কেমেৰাটো৷ কেমেৰা দেখিয়ে সিহঁতমখাই থূপ বান্ধিছে৷ হিচাপ কৰি চালোঁ৷ ২৬ টা৷ মই চিধাই গৈ জাকটোৰ মাজত বহি ল'লোঁ৷ সঞ্জুক ক'লোঁ, 'তোলকচোন৷' শিশুহঁতৰ সৈতে ফটো উঠাৰ চখ পূৰালোঁ আৰু স্ফূৰ্তিও কৰিলোঁ৷ কথা কিন্তু কোনেও কাৰো বুজা নাই৷ পাছত গ্ৰুপ ফটোৰ বাবে প'জ দি প্ৰায় প্ৰত্যেকেই সোঁহাতৰ তৰ্জনী আৰু মধ্যমা আঙুলি 'ভি' আকাৰে ৰাখি ভিক্টৰী চিম্বল দেখুৱালে৷
মেৰুণৰঙী বাৰ্মিজ লুঙী আৰু হাফ চাৰ্ট পিন্ধা ম্যানমাৰী লোক এজনে ওচৰতে ৰৈ আমাক লক্ষ্য কৰি আছে৷ ল'ৰা-ছোৱালীমখাৰ কলকলনি, উৎসাহ, আমাৰ ফটো তোলাৰ কোব আৰু ৰং-তামাচা দেখি তেওঁ মিচিক-মাচাক হাঁহিছে৷ এইজন অথনিৰজনৰ দৰে খঙাল প্ৰকৃতিৰ নহয় যেন লাগিল৷ এবাৰ তেওঁকো মাতি আনিলোঁ জুমটোৰ কাষলৈ৷ হাঁহি হাঁহিয়ে ফটো উঠিলে শিশুজাকৰ লগত৷ আমাৰ লগত থকা আটাইকেইটা কেমেৰাই বিভিন্ন এংগোলৰ পৰা ক্লিক্ কৰি গৈছে৷ কেমেৰাই বন্ধুত্ব গঢ়াত অনুঘটকৰ ভূমিকা লৈছে ম্যানমাৰ-ভাৰত সীমান্তৱৰ্তী গাঁও ভ্ৰমণত৷
জুমটোৰ ঠিক পাছফালে জেঙুপাত দিয়া চাংঘৰ এটা৷ বাৰাণ্ডাৰ ৰছীত শৃংখলাহীনভাৱে কাপোৰ-কানি কিছুমান ওলমিছে৷ গাধৈৰ ওপৰতে ভৰি ওলমাই বহি আছে দুগৰাকী মহিলা৷ এগৰাকীৰ কোলাত পানী-কেঁচুৱা৷ তেওঁলোকেও আমালৈ চাইছে, হাঁহিছে৷ এনেতে পিঠিত খাং লৈ এজন পুৰুষৰ আগমন ঘটিল৷ খাঙত শুকান খৰি৷ এইফালে খৰিয়েই ইন্ধন৷ সেউজীয়া চাৰ্ট আৰু লংপেণ্ট পৰিহিত মানুহজনৰ কান্ধৰ পৰা বেতৰ খাপৰ সৈতে চুটি দা এখন ওলমি আছে৷ জাংখংহঁতৰ দৰে ইহঁতৰো সকলো সময়তে দাখনেই সহচৰ আৰু সাহসৰ সম্বল৷ দুখীয়া যদিও হাঁহিমুখীয়া মানুহবোৰ আমাৰ ভাল লাগিল৷ ভাষা নুবুজিব পাৰে, কিন্তু মনে মিলা ধৰণৰ পাই তেওঁলোকেও আমাৰ সৈতে মুকলি মনেৰে সহযোগ কৰিলে৷
এনেকৈ ওমলি থাকোঁতেই ভুটুংকৈ দুজন যুৱকৰ আবিৰ্ভাৱ হ'ল৷ এজন কম বয়সীয়া৷ পিন্ধনত আঁচ পৰা ডাঠ সেউজীয়া লুঙী৷ ডিঙিত মোনা এটা৷ আনজনৰ গাত মলিয়ন টি-চাৰ্ট আৰু জিনছ৷ মূৰত কাউবয় টুপী৷ ভৰিত হাণ্টিং জোতা৷ বিশেষ কায়দাৰে জেকেটটো আধা খুলি লৈছে৷ সঞ্জুৰ সৈতে তেওঁ ভগা ভগা অসমীয়াত কথা কোৱা আৰম্ভ কৰিলে৷ ডেকাজনৰ নামটো চ'খেই৷ কিছুদিন ভাৰতত আছিল হেনো৷ সেয়ে কাম চলাব পৰা অসমীয়া ক'ব পাৰে৷ আমি পাল পাতি তেওঁলোকৰ সৈতে ফটো উঠিলোঁ৷ সঞ্জুৰ লগত চ'খেইৰ বন্দৱস্ত হ'ল যে লে'কৰ পৰা উভতি অহাৰ পাছত তেওঁ সঞ্জুক কানি খাই থকা মানুহ দেখুৱাব৷ বিনিময়ত সঞ্জুৱে তেওঁক ভাৰতীয় টকা ১০০ দিব৷

বিদ্ৰোহাত্মক কাৰ্যকলাপৰ উপৰি ড্ৰাগছৰ বাবেও ম্যানমাৰক সকলোৱে জানে৷ আফগানিস্তানৰ পাছতে ম্যানমাৰ হৈছে বিশ্বৰ দ্বিতীয় বৃহৎ অবৈধ কানি উৎপাদনকাৰী দেশ৷ থাইলেণ্ড আৰু লাওচৰ সৈতে ম্যানমাৰৰ সীমাই সৃষ্টি কৰিছে কুখ্যাত গ'ল্ডেন ট্ৰায়েংগল৷ পৃথিৱীৰ সৰ্বোচ্চ হিৰ'ইন দক্ষিণ-পূব এছিয়াৰ এই সোণালী ত্ৰিভুজ অঞ্চলটোৰ পৰাই আহে৷ চোৰাং ড্ৰাগছ কেলিফৰ্ণিয়া, হাৱাই আদিলৈকো সৰৱৰাহ হয়৷
No comments:
Post a Comment