Monday, 19 March 2018

চতুৰ্থ দিনঅংশ-২৪

মুখৰ আগত এতিয়া পূৰ্ণৰূপত দেখা দি থকা বিশাল জলাশয়টোক কেন্দ্ৰ কৰি কিমানযে কাহিনী! বিশ্বাস-অবিশ্বাসৰ দোমোজাৰে কিমানযে বাতৰি-উৰাবাতৰি! সেইবোৰে বিশ্বৰ ইমূৰৰ পৰা সিমূৰলৈ জনাজাত কৰি পেলাইছিল লে'ক্‌ অফ্‌ ন' ৰিটাৰ্ণক৷ বিজ্ঞানৰ দৃষ্টিভংগীৰে চাবলৈ গ'লে কোনো ধৰণৰ যাদু, জলদেৱতা অথবা ৰহস্যৰ কথাই নাছিল চাগৈ ইয়াত৷ পাহাৰৰ এই খণ্ডটোত ডাৱৰ আৰু কুঁৱলীৰ প্ৰভাৱ আছিল বেছি৷ এইবাবে পাংচু পাছৰ চূড়াটোৰ ওচৰতে দুখনমান বিমানৰ যান্ত্ৰিক বিজুতি ঘটিছিল৷ আকাশী পথটোত উঠা-নমাকৈ উৰোঁতে জাপানীৰ আক্ৰমণত কিছুমান জলপতিতও হৈছিল৷ কিছুমান উৰাজাহাজে চাৰিওফালে সেউজীয়া পাহাৰেৰে আৱৰা এই হ্ৰদটো ওপৰৰ পৰা সমতল বুলি ভাবি তাতে অৱতৰণ কৰিবলৈ গৈ ভুলতে সৰোবৰৰ পানীত বিলীন হৈ গৈছিল৷ পৰৱৰ্তী কালৰ সত্যসন্ধানীৰ ব্যাখ্যাই আমাক এইদৰেই জানিবলৈ দিয়ে৷ গল্প বা কল্প-কাহিনী নিশ্চয় নাছিল সেইবোৰ৷

মহাসমৰৰ সময়ত প্ৰৱল বৰষুণ, ছয়াময়া মেঘৰ আচ্ছাদন, ঘন জংঘলৰ সৈতে গভীৰ সমতলভূমি, জলাশয়, বোকাপানী আদি অন্তৰায় হৈ পৰিছিল মাৰ্কিন যুঁজাৰু বিমানবোৰৰ৷ দুৰ্গম পৰ্বতৰ ওপৰেৰে আহি নংয়্যাং হ্ৰদৰ কাষৰীয়া সমতলত জৰুৰীকালীন চফট্‌ লেণ্ডিং কৰিবলৈ ওলাওঁতেই এয়াৰক্ৰাফটবোৰ পতিত হৈছিল হ্ৰদৰ গভীৰ জলস্তৰত৷ পাটকাই পৰ্বতমালাৰ মাজৰ এই সৰোবৰৰ সমীপৰ কোনো গোপন স্থানত গুপুতে চোপ লৈ থকা প্ৰতিপক্ষৰ নিচানেও ধ্বংস কৰিছিল বহুকেইখন যুঁজাৰু বিমান, যিবোৰ পৰি গৈছিল নংয়্যাঙৰ পানীত৷ যি কাৰণতেই নহওক, সঘনাই দুৰ্ঘটনাগ্ৰস্ত হোৱা মাৰ্কিন সেনাৰ যুদ্ধ বিমানবোৰৰ বাবেই সৈনিকসকলে অঞ্চলটোক সন্দেহৰ চকুৰে চাইছিল৷

দিনটোৰ কোনোবা এটা সময়ত ওপৰৰ পৰা হ্ৰদটোৰ পানীখিনি সেউজীয়া ঘাঁহনি এডৰাৰ দৰে দেখা গৈছিল বুলিও উল্লেখ পোৱা যায়৷ পাহাৰৰ মাজৰ হ্ৰদ বাবেই চাগৈ প্ৰাকৃতিক কাৰণতে তেনেকুৱা হৈছিল, ফলশ্ৰুতিত অবাঞ্চিত ঘটনাবোৰ ঘটিছিল৷ দূৰৰ পৰা জলাধাৰটি ৰূপৰ দৰে জিলিকি থাকিলেও ওচৰৰ পৰা তাৰ পানীত প্ৰতিফলিত হৈছিল সেউজীয়া পাহাৰবোৰ৷ চক্‌চকীয়া পানীত হোৱা প্ৰতিবিম্বৰ বাবে কোনখিনি পাহাৰ, কোনখিনি পানী ধৰাত খেলিমেলি লাগিছিল৷ এই কাৰণেই উৰাজাহাজবোৰে দিক্‌বিদিক হেৰুৱাইছিল হ্ৰদৰ মাজলৈ আহি৷ ৰহস্যজনক এই কথা-বতৰাবোৰৰ কাৰণেই ই নাম পালে ইণ্ডিয়ান বাৰ্মুডা ট্ৰায়েংগল৷ উত্তৰ আটলাণ্টিক মহাসাগৰৰ বুকুত কিউবা, বাৰ্মুডা, পুৱেৰ্টো ৰিক'ৰ সংযোগস্থলৰ সেই কাল্পনিক ত্ৰিভুজ, যাক চয়তানৰ ত্ৰিভুজ বা বাৰ্মুডা ট্ৰায়েংগল বুলি জনা যায়, যি এলেকাত আজিলৈ অনেক উৰাজাহাজ আৰু পানীজাহাজ ৰহস্যজনকভাৱে অন্তৰ্ধান হৈছে, আজিলৈ যাৰ কোনো গ্ৰহণযোগ্য কাৰণেই নিৰ্ণয় কৰিব পৰা হোৱা নাই, তাৰ অনুৰূপ সংঘটনেই যেন ইয়াতো! তাকে লৈ ইণ্ডিয়ান বাৰ্মুডা ট্ৰায়েংগল নামকৰণ৷

যুদ্ধৰ সময়ত বাৰ্মাৰ পৰা ভাগি অহা মানুহখিনিয়ে পৰ্বত-পাহাৰ অতিক্ৰমি অচিন বাটেৰে বাট বুলি এই লে'কটোৰ কাষ পাইছিলহি৷ দুৰ্বল মানুহবোৰৰে কিছুমান ভেৰণিত সোমাই বাকীবোৰৰ চকুৰ আগতে নোহোৱা হৈ গৈছিল৷ হ্ৰদটোৰ পৰা আৰ্তচিৎকাৰ বিকট শব্দ ওলাইছিল৷ ওচৰত থকা মানুহবোৰ ভয়তে আঁতৰি গৈছিল৷ ভগনীয়া শিৱিৰত আশ্ৰয় লোৱা মানুহবোৰে এনে কথাবিলাকত স্বাভাৱিকতে ভয় খাইছিল৷ হ্ৰদটোৰ প্ৰতি তেনেকৈয়ে আটাইৰে মনত ভয় সোমাইছিল৷ এই কথা তেওঁলোকে ওচৰৰ গাঁৱৰ মানুহক কোৱাত গাঁওবাসীয়েও আগৰে পৰাই ঘটি অহা ঘটনাৰাজিৰ বিষয়ে জনালে৷ এনেকৈয়ে সেইবোৰ অধিক হাৰত প্ৰচাৰ হবলৈ ধৰিলে৷ অলৌকিক কথা বুলিয়ে ভাবি ল'লে সকলোৱে৷

প্ৰকাণ্ড হ্ৰদটোৰ চাৰিওফালে আছিল ভেৰ বা লেপ্‌লেপীয়া বোকা৷ দেখাত টান মাটিৰ দৰে৷ কিন্তু নহয়৷ আঁতৰৰ পৰা ধৰিব নোৱাৰি৷ ভৰি দিলেই ভেৰ্‌ভেৰ্‌কৈ শব্দ কৰি তললৈ সোমাই যায়৷ সোমাই গলে ওলাই অহাটো সহজ নহয়৷ এই কথা নাজানি মানুহবোৰ নামি গৈছিল আৰু ভেৰণিত আটক হৈ পৰিছিল৷ বোকাত লাগি থকা নাওবোৰো মোকলাবলৈ টান হৈছিল৷ সৰ্বদিশ সামৰি পথ নিৰ্মাণকাৰী আৰু যুদ্ধকালীন সৈন্য বাহিনীৰ ব্ৰিটিছ-আমেৰিকানসকলে হ্ৰদটোৰ নাম দিলে লেক্‌ অফ্‌ ন ৰিটাৰ্ণ৷ মানুহৰ মুখত নংয়্যাং সৰোবৰৰ সলনি এই নামটোহে বেছিকৈ চলতি হ'ব ধৰিলে৷ আজিও লে'ক্‌ অফ্‌ ন' ৰিটাৰ্ণ বুলিলেই যিকোনো মানুহৰে মনত কৌতূহল জন্ম হোৱাটো অৱধাৰিত৷


সদ্যহতে আমি চকুৰ সন্মুখত কি দেখিছোঁ? এইটোহে ডাঙৰ কথা৷ আমি দেখা পাইছোঁ দীঘল গছৰ শাহ উলিয়াই দি খোলটোৰে সজা সৰু-বৰ নাও কিছুমান৷ তাতে উঠি কম বয়সীয়া লৰা কিছুমানে পৰ্যটকলৈ বাট চাই আছে৷ ১৪টা ল'ৰা পালোঁ, এফালৰ পৰা গন্তি কৰি৷ বয়স ১২-১৪ বছৰৰ বেছি নহ'ব৷ সিহঁতৰ টুলুঙা নাওবোৰেৰে জলকেলি কৰিব পৰা, নাও বাব পৰাৰ সুবিধা আগ বঢ়াইছে৷ চৰকাৰী ব্যৱস্থাপনা বুলিবলৈ শূন্য৷ শিশু নাৱৰীয়াকেইটাই মানুহ মাতি আছে নিজা শব্দ-বাক্য প্ৰয়োগেৰে৷ সাৱধানী ব্যৱস্থা বুলিবলৈ একোৱেই নাই৷ ইফালে অতীত জনা পৰ্যটকৰ মনত সমীহ ভাবটো ক্ৰিয়াশীল হৈ আছেই! জানি-শুনি কোন বাৰু উঠিবগৈ তেনেকুৱা নাৱত? কোন ফচিবগৈ ভেৰভেৰীয়া বোকাত? জলাশয়ৰ নাম লে'ক্‌ অফ্‌ ন' ৰিটাৰ্ণ৷ উভতিব নোৱাৰা জলাশয়৷ কাজেই অন্যান্য পুখুৰী, বিল, হ্ৰদত দেখাৰ দৰে পানী খেলাত কাৰো কোনো হেতা-ওপৰা নাই দেখা ইয়াত৷ পাৰৰ বোকাময় ৰূপটো হ'লে দেখিছোঁ৷

নংয়্যাঙৰ বুকুৰে চৌদিশে দৃষ্টি সম্প্ৰসাৰিত কৰি দিলোঁ৷ নৌকাবিহাৰ কৰি ফুৰা দুঃসাহসী মানুহ এজনো চকুত নপৰিল৷ কথাটোৱে আমাক হতাশ নকৰাকৈ নাথাকিল অৱশ্যে৷ সৰু ল'ৰাকেইটায়েই নিজৰ ভিতৰতে ভাগ ভাগকৈ নৌকা বাই বাই কেইনলমান আগলৈ গৈ ঘূৰি-ফুৰি থাকিল৷ বেছি আগুৱাবলৈ সিহঁতৰো কলিজা নাই৷ অজান আশংকাই যেন সকলোকে কোঙা কৰি ৰাখিছে, মুক্তমনে জলকেলি কৰাৰ পৰা৷ হাৰ্বাৰ্ট আৰু অৰুণদাক নাও এখনত উঠা দেখিলোঁ৷ যি নহওক, আমাৰ মাজৰে দুজন সাহসী মানুহ সিপাৰলৈ বুলি ওলাইছে৷ প্ৰথমে এনেকৈয়ে ভাবিছিলোঁ৷ পিছে ভুল ভাগিবলৈ সৰহ পৰ নালাগিল৷ সেয়া মাত্ৰ ফটো তুলিবৰ বাবেহে আছিল৷ মৰণ ফান্দৰ মাজলৈ ব'ঠা চালনা আৰম্ভ কৰাৰ আগতেই বিপদমুক্ত স্থানত ভৰি থ'লেহি দুয়ো, আৰু দীৰ্ঘ নিশ্বাস টানি ৰ'ল৷

মোৰ আকৌ পানী খেল খেলাটো আগৰে পৰাই নিষিদ্ধ৷ সাঁতুৰিব নাজানো৷ সি যি কি নহওক, ইয়ালৈ আহি এইটো বুজিলোঁ যে লে'ক্‌ অফ্‌ ন' ৰিটাৰ্ণক পৰ্যটন কেন্দ্ৰত পৰিণত কৰিবলৈ এতিয়াও চৰকাৰী পক্ষই হওক বা বেচৰকাৰী পক্ষই হওক, কোনেও একো পদক্ষেপ অদ্যাপি লোৱা নাই৷ সেইটো কৰিবলৈ যাওঁতে প্ৰথমেই কিন্তু ইয়ালৈ অহা মানুহখিনিৰ মানসিক পৰিৱৰ্তন ঘটোৱাৰ প্ৰয়োজন আছে৷ জীৱনৰ নিৰাপত্তাদায়ী আন্তঃগাঁথনিৰ উন্নয়নতো অৱশ্যম্ভাৱী হয়েই৷ বেছি নালাগে, হঠাৎ যদি বৰষুণ এজাক দিয়ে, সোমাবলৈ চালি এখনো নাই ইয়াত৷ হ্ৰদৰ পাৰত কেনিও নামফলক বা সাৱধান-বাণী লিখা ব'ৰ্ডো চকুত পৰা নাই৷ বিপৰীতে, প্ৰকৃতিয়ে যেনে ৰাখিছে আজিও তেনে ধৰণতে আছে নংয়্যাং হ্ৰদ৷ কৃত্ৰিমতাৰ পৰশ নাই পৰা৷

ডক্টৰ গগৈ ছাৰে লগত অনা য্ন্ত্ৰ উলিয়াই পাৰত বহি একান্তমনে কিবাকিবি পৰীক্ষা কৰিব ধৰিছে৷ অক্ষাংশ-দ্ৰাঘিমাংশ উলিয়ালে৷ এই দুটাৰ মান পালে ক্ৰমে ২৭ ডিগ্ৰী, ১৩ মিনিট, ১৫ ছেকেণ্ড আৰু ৯৬ ডিগ্ৰী, ০৯ মিনিট, ০৭ ছেকেণ্ড৷ পাংচু পাছতো অথনি এই কাৰবাৰটো কৰিছিল তেওঁ৷ তেনেতে কাষতে ৰৈ থকা অৰুণদাই উৎফুল্লিত হৃদয়েৰে, উদাত্ত কণ্ঠে ঘোষণা এটা কৰিলে৷ কৈশোৰৰ পৰাই থকা মোৰ দুৰ্বাৰ আকৰ্ষণ আজি সাকাৰ হল দেই৷ ভাবি আছিলোঁ, আজি দেখিলোঁ৷ তাৰ বাবে ছাজিদক ধন্যবাদ৷ দাদাই মোক অকপটে ধন্যবাদ এটা জনালে৷ কাৰণটো হ'ল, ডিফুৰ পৰা ডকমকালৈ দেউতাকৰ কিতাপৰ কামত গৈ থাকোঁতে লেক্‌ অফ্‌ ন ৰিটাৰ্ণৰ কথা ময়ে উলিয়াইছিলোঁ তেওঁৰ আগত৷ দিনটো আছিল ২৫.১১.২০১২৷ আৰু আজি ২১.১.২০১৩৷ এয়া, স্বপ্নৰ লে'ক্‌টোৰ পাৰত আমাৰ অৱস্থান৷ ইয়াতকৈ সুখৰ কথা আৰু কি আছে?


No comments:

Post a Comment