Monday, 12 March 2018

চতুৰ্থ দিনঅংশ-১৭

ৰাস্তাটো কেঁচা যদিও বাওঁহাতে সুদীৰ্ঘ এছোৱা পৰ্যন্ত কাষে কাষে খুঁটি পুতি বাঁহ বন্ধা আছে৷ বগা ৰঙো দি থৈছে৷ তাৰ কাষেৰে নামি গৈ থাকোঁতে নিজকে কিবা ভি.আই.পি. যেন লাগি গৈছে৷ কোনোবা চাংঘৰৰ ধপলা বাঁহৰ বেৰত জালিকটা খিৰিকীৰে গৃহস্থনীয়ে আমালৈ জুমি চাইছে৷ লগত এটি শিশু৷ আমিও চাইছোঁ সিহঁতলৈ৷ কেমেৰা পোনাইছোঁ৷ তেওঁলোকে হাঁহিছে৷ আমিও হাঁহিছোঁ৷ চৌবাচ্চা এটাৰ পাৰত পাইপত ওলোৱা পানীত মানুহ এজনে গা ধুবৰ আয়োজন চলাইছে৷ কাষতে কেইটামান অকণমানি৷ সিহঁতৰ চাগৈ পানী খেলিবৰ মন৷

এজাক ম্যানমাৰী গাভৰু হাঁহি-মাতি এইফালেই আহিব ধৰিছে৷ আমি দলটোক লগ পালোঁ৷ সিহঁত স্থানীয়, আমি বাহিৰৰ পৰা অহা পৰ্যটক৷ চুবুৰীয়া দেশৰ পি.পি.ডব্লিউ.এফ.ক কেন্দ্ৰ কৰি এইকেইদিন ইয়াত অচিনাকিৰ আগমন ঘটিছে, মানুহৰ সংখ্যা বৃদ্ধি পাইছে৷ এইটো ধৰা-বন্ধা কথা৷ নিজ দেশৰ ৰাজনৈতিক অস্থিৰতাৰ বাবে মাজতে দুবছৰ বন্ধ হ'লেও বছৰি হৈ আহিছে৷ গতিকে এই অভিজ্ঞতা তেওঁলোকৰ বাবে নতুন নহয়৷

চকুৱে চকুৱে পৰাত কোনো ধৰণৰ চিনাকি নথকা সত্ত্বেও হেমলেক, নানাজ, নংকেগ, চামবই, নিনজুইহঁতে আমাক সম্ভাষণ জনালে৷ সিহঁতকেইজনীৰ প্ৰত্যেকৰে ডিঙিতে কাপোৰেৰে তৈয়াৰী একোটাকৈ মোনা৷ পৰিধানত সাধাৰণ পোছাক৷ আটাইৰে মেখেলাৰ বৰণ সেউজীয়া৷ মোনাৰ বৰণো সেউজীয়া৷ গালত বগা বগা কিবা সানিছে৷ এজনীৰ হাতত থকা প্লাষ্টিকৰ বাস্কেটত কিতাপ-বহীও কেইখনমান আছে দেখিছোঁ৷ ক'ৰবাত টিউচনৰ পৰা অহা নাইতো? সঞ্জুৱে নাগামিজত প্ৰশ্ন সুধিছে৷ আগলৈ খোজ দি থাকিয়ে নোট বুক উলিয়াই টপাটপ কিবাকিবি টুকি গৈছে৷ প্ৰাণোচ্ছল হাঁহিৰে আটাইকেইজনীয়ে আমাৰ সৈতে কথা পাতিছে৷ ভাবৰ আদান-প্ৰদান কৰিছে৷ যেন পুৰণা চিনাকিহে! এঢলীয়াত ৰৈ ফটোও উঠিছে৷

ইফালে এই মিলা-মিছা সহ্য নোহোৱা মানুহো আছে৷ গৰাটোৰ ওপৰৰ পৰা সকলো লক্ষ্য কৰি আছিল অচিনাকি লোক এজনে৷ তেওঁ আগ বাঢ়ি আহি সিহঁতকেইজনীক ধমকিয়ালে৷ কাচিন ভাষাতে খুব বকিলে সৰলমনা গাভৰুকেইজনীক৷ সিহঁতৰ বোধ হয় চিনা-জনা আছে৷ কিজানি একে গাঁৱৰে ককায়েক! কৰ্তৃত্ব জাহিৰ কৰিছে৷ চকু-চৰহাৰ অবাঞ্চিত ধমকে দুয়ো পক্ষৰে বাটৰ আনন্দকণ তেনেই ম্লান কৰি পেলালে৷ 'অচিনাকি টুৰিষ্টৰ লগত কিহৰ ইমান হলি-গলি তহঁতৰ? কাম নাই? ঘৰলৈ যা এতিয়াই৷' এনেকৈয়ে ক'লে চাগৈ৷ বেচেৰীহঁত সুৰসুৰাই নিজ গৃহাভিমুখে গ'লগৈ৷ আমিও নিজৰ গতিত, নিজৰ লক্ষ্যত গৈ থাকিলোঁ৷ মানুহজন কৃষি বিভাগৰ কৰ্মচাৰী বুলি গম পালোঁ৷

পাহাৰৰ ঢালত একোখন কাচিন গাঁও দেখা গৈছে৷ অ'ত-ত'ত সিঁচৰতি হৈ আছে আয়তাকাৰ চাংঘৰ কিছুমান৷ কাঠৰ খুঁটা আৰু বাঁহেৰে বোৱা বেৰ৷ ঘৰবিলাকৰ থিয়গৰীয়া চালবোৰ খেৰৰ৷ জেঙু পাতৰ দৰে পাত এবিধো ব্যৱহাৰ কৰিছে৷ জাংখংহঁতৰ দৰেই কাঠৰ খটখটি আছে৷ কাঠ আৰু বাঁহেৰে জেওৰা দিয়া চৌহদ৷ চৌহদৰ ভিতৰত কলগছ, সিজুগছৰ উপৰি নাম নজনা উদ্ভিদ কিছুমান৷ কেঁচা-শুকান খৰি দ'ম লগাই ৰাখিছে৷ কুকুৰা-গাহৰি আদি পুহিছে৷ ঘৰ এটাৰ ভিতৰখন চোৱাৰ বৰ ইচ্ছা আছিল৷ পিছে সম্ভৱ হ'বনে নহ'ব সেইটোহে নাজানো৷ হাতত সময়ো তাকৰ৷ এইকেইজনীৰ সৈতেও সংযোগ বিচ্ছিন্ন হ'ল৷ নহ'লেবা পানী খোজাৰ ছলেৰে সিহঁতৰ মাজৰে কাৰোবাৰ চাঙত উঠিবগৈ পৰা গ'লহেঁতেন৷ আমি লাহে-ধীৰে, ইফালে-সিফালে চাই চাই খোজ দি আছোঁ৷ হলং হলংকৈ সিহঁত কোনোবাখিনি পালেগৈ৷

এইফালে প্ৰচলিত নিয়ম এটাৰ কথা 'বিশ্বকোষ'ত লিখিছিল ৰাজু গগৈয়ে৷ এজন কাচিন লোক আন এজনৰ ঘৰলৈ গ'লে ঘৰৰ সন্মুখ পোৱাৰ মুহূৰ্তত ভৰিৰে হেনো মাটিত ডাঙৰকৈ শব্দ কৰে৷ তেওঁৰ আগমনৰ কথা গৃহস্থই যাতে গম পায়, সেয়ে এনেকুৱা কৰে৷ ঘৰৰ ভিতৰত প্ৰৱেশ নৌকৰোঁতেই লগত নিয়া সকলো বয়-বস্তু কাষতে পুতি থোৱা খুঁটিত ওলোমাই থৈ যোৱাটো বাঞ্ছনীয়৷ ভিতৰত সোমাই পোনছাটেই জুহালত আসন গ্ৰহণ কৰাটো বাধ্যতামূলক৷ গৃহস্থই অতিথিক পোনপ্ৰথমে একোখনকৈ তামোল যাচে৷ আমাৰ সমাজৰ সৈতে এই ক্ষেত্ৰত মিল আছে৷ আনহাতে ঘৰৰ ভিতৰ সোমাই ইফাল-সিফাল কৰি থাকিলে কাচিনসকলে হেনো আহুকাল পায়৷

আমি নামি গৈ আছোঁ৷ এনেতে পাছফালৰ পৰা আহি ওলাল টীম-বিৰ অৰুণদা, অনিলদা, হৰছিং, ছিং ক্ৰ' দাদা আৰু হাৰ্বাৰ্ট৷ তেওঁলোক বাইকত উঠি আহিছে৷ তাৰমানে তেওঁলোক আগধৰি ব'ৰ্ডাৰ বজাৰ পালেগৈ৷ বিপৰীতে আমাৰ টীম-এই বাছি লৈছে পদযাত্ৰা৷ অনেক সময়ৰ মূৰত লগালগি হোৱাত উচ্চ-বাচ্য আৰু কিৰীলি কেইটামান আপোনা-আপুনি ওলাই আহিল৷ ধূলি উৰুৱাই বাইকবোৰৰ অহা-যোৱা চলি আছে৷ আমাৰ দৰে খোজ কাঢ়ি হ্ৰদ চাবলৈ যোৱা মানুহ সংখ্যাত কম যদিও একেবাৰে নথকাও নহয়৷ আমি দপদপাই ক্ৰমান্বয়ে তললৈ গৈ আছোঁ, কাচিনৰ ম্যানমাৰী গাঁও ফুৰি ফুৰি৷

No comments:

Post a Comment