Tuesday, 13 March 2018

চতুৰ্থ দিনঅংশ-১৯

সমতল পাবলৈ দূৰত্ব বৰ বিশেষ নাই৷ থিয়ৈ থিয়ৈ চালেতো তেনেই ওচৰ৷ হ'লেও ৰাস্তাটো যিহেতু অকাই-পকাই নামিছে, গতিকে সময় অকণমান লাগিব৷ কেঁকুৰি এটাত ৰৈ আটায়ে তলৰ দৃশ্যৰাজি উপভোগ কৰাৰ লগতে দূৰত্বৰ অংক কৰাত ধৰিছোঁ৷ নামনিত গলপ'ষ্টসহ খেলপথাৰ এখন দেখা গৈছে৷ ফিল্ডৰ সিপাৰে স্কুলঘৰেই হ'ব কিজানি, দীঘলীয়া টিনপাত দিয়া গৃহ এটা৷ ৰাষ্ট্ৰীয় পতাকা তাৰ সন্মুখতো উৰিছে৷ আনফালে শাৰী পাতি ৰখাই থোৱা অৱস্থাত গাড়ী কিছুমান৷ গণি গণি ১৬খন পালোঁ৷ আমাৰ গায়ে-মূৰে ধূলি ছটিয়াই এইটো বাটেৰেই নামি যোৱা সেইকেইখন স্কৰপিঅ', বলেৰ', ছুম', ৱিংগাৰ, ৱাগন-আৰ৷ সকলো ভাৰতীয় গাড়ী৷ সেই পইণ্টটোৰ পৰা আগলৈ এখনো নচলে বুলি ইয়াৰ পৰাই গম পাইছোঁ৷ শেষত এটাই কথা, খোজৰ গত্যন্তৰ নাই৷ আনহাতে স্কুটীয়ে কিমান দূৰ পোৱাবগৈ এতিয়াও নাজানো৷

বাহনসমূহ তাতে এৰি আৰোহীসকল নিশ্চয় হ্ৰদ চাবলৈ গৈছে৷ পানীৰ কাষলৈ সেইখিনিৰ পৰা দূৰত্ব কিমান হ'ব? প্ৰশ্নটো এৰি দিয়াত জাংখঙে মুখ পাতি ধৰিলে৷ 'ডিচটেন্‌চটু ১ কিল'মিটাৰ নিচিনা আছে দেই৷' আৰু কেইটামান কেঁকুৰি ঘূৰিলেই আমিও সেইখিনি ওলামগৈ৷ ফিল্ডত শিশু কেইটামানে কিবা খেলিব ধৰিছে৷ কেইটামানক দেখিছোঁ চেণ্টাৰ চাৰ্কোলতে বননিত বহি আপোনমনে গপ মাৰি আছে৷ আমাৰ শৈশৱ-কৈশোৰতো এই কাণ্ডটো নিতৌ ঘটিছিল৷ বিয়লি খেল সমাপ্ত কৰি ফিল্ডত গোলকৈ বহি আড্ডা মৰাৰ মজাই বেলেগ আছিল৷ আন্ধাৰ হোৱাৰ পাছত, লাইট জ্বলিলেহে ঘৰাঘৰি! কেতিয়াবা আকৌ জোনাকতে ফুটবল চলি থাকে৷ পাৰ হৈ অহা জীৱনটোৰ এনেকুৱা সুখৰ মুহূৰ্তবোৰ কোনোমতেই পাহৰা নাযায়৷ ইয়াতো মনত পৰি গৈছে, সেইকেইটাক দেখা পাই৷

পৰ্বতৰ ঢালত চাৰিচুকীয়া ঘৰবোৰ জিলিকি আছে৷ কোনোবাটোত নতুন টিনপাত, কোনোবাটোত নতুন সৰণ-খেৰ৷ ক'ৰবাত মামৰে ধৰা টিন, ক'ৰবাত পুৰণা জেঙুপাত৷ আৰু অকণমান আগুৱাই আহিলত নামনিৰ গাওঁখনৰ মাজেৰে অথালি-পথালিকৈ থকা কেঁচা ৰাস্তাবোৰ ওপৰৰ পৰা স্পষ্টভাৱে ধৰা পৰিল৷ মাজেদি জুৰি এটাও বৈছেচোন! বাঁহৰ ওপৰত দুখন টিনপাত দীঘলকৈ পাৰি সজা সাঁকোৰ ওপৰেদি পাৰ হ'ব পাৰি৷ পানীৰ পাইপ এডালো সেইখিনিতে এইপাৰৰ পৰা সিপাৰলৈ গৈছে৷ ক'ৰ পানী ক'লৈ গৈছে জনাৰ উপায় নাই৷ কেৱল দেখিছোঁ, মূল ৰাস্তাটো ওপৰলৈ উঠি জংঘলৰ অাঁৰত নেদেখা হৈছেগৈ৷ দূৰত পৰ্বতৰ লানি৷ মোৰ হিচাপত সেইবাটে আগুৱাই গৈ থাকিলে হয়তো নগা পাহাৰ চুবগৈ পৰা যাব৷ ৰাস্তাটোলৈ চাই এনে ধাৰণা হৈছে যে সিফাললৈ গাঁও আছে, জনপদ আছে৷

খেৰ আৰু টিনপাতৰ চালবোৰ হিচাপ কৰি এইখিনিত তুলনামূলকভাৱে বসতি অলপ ঘন যেনেই লাগিল৷ চাঙত কৰ্মৰত অৱস্থাত মহিলা এগৰাকী দেখা পালোঁ৷ কণমানি সন্তানটিক কাষতে খেলিবলৈ এৰি দি তেওঁ একান্তমনে কিবা কামত ব্যস্ত৷ আমি অহালৈ সমূলি ভ্ৰূক্ষেপ নাই৷ কাষৰ পৰাযে ফটো তুলিলোঁ, গুচি গ'লোঁ, ক'বই নোৱাৰে৷

এসময়ত আটায়ে সমতলীয় অঞ্চলটোত উপস্থিত হ'লোঁ৷ মৃত্যু উপত্যকাত খোজৰ চিন ৰাখিবলৈ পাই ধন্য হ'লোঁ বুলি গৰ্ব নোহোৱা নহয়৷ তথাপি কিবা যেন ভয়াৰ্ত চাৱনিৰে আগুৱাইছোঁ! একালত কম মানুহখন মৰিলনে ইয়াত? কেনিবা কিবা স্মাৰক সজা আছে যদিও নাজানো৷ মন কৰিব লাগিব৷

অদূৰত অস্থায়ীভাৱে সজা বাঁহৰ ফ্ৰেমৰ ওপৰত নীলা পলিথিন মেলি দি দোকান এখন৷ দোকানী কেউজনীয়েই মহিলা৷ লে'ক্‌ অফ্‌ ন' ৰিটাৰ্ণ চাবলৈ যোৱা, লে'কৰ পৰা সুকলমে উভতি অহা মানুহবোৰে তাত সোমাই কিবাকিবি কিনিছে, খাইছে, কথা পাতিছে৷ দেখি আচৰিত হ'লোঁ, কাষতে মাটিত পাৰি লোৱা বস্তাৰ ওপৰতে পুৰণা বিয়েৰৰ বটলত ভৰাই স্থানীয়ভাৱে তৈয়াৰী সুৰাও উলিয়াইছে৷ দোকানী আকৌ তেনেই নাবালিকা! আজব কাণ্ড! অলপ সময়ৰ বাবে দোকানী আৰু বটলকেইটা আমাৰ কৌতূহলৰ কেন্দ্ৰবিন্দু হৈ পৰিল৷ কিছুমানত কাগজৰ ঠিলা, কেইটামানত ডেই যোৱা কলপাতৰ সোপা৷ চাউল ধোৱা পানীৰ দৰে বৰণ ভিতৰৰ পানীয়খিনিৰ৷ কাষতে তমালেৰে মেৰিয়াই আদা কিছুমানো থৈছে৷ 'কাৰবি আংলঙৰ আদাৰ দৰে উন্নত জাতৰ নহয় পিছে৷' সঞ্জুৱে ক'লে৷ আমাৰ সিংহাসন পাহাৰৰ আদা বহুগুণে উন্নত৷

দুভাগকৈ ৰখা বটলকেইটাৰ ওচৰতে ৰাজু গগৈ বহি ল'লে৷ তাৰে এটা হাতত লৈ শুঙি চালে৷ কি পৰীক্ষা কৰিছে নাজানো৷ খোৱাৰ অভ্যাস নাই বুলি হ'লে জানো৷ সঞ্জুৱে ক'লে, 'অনিলদালৈ উপহাৰ হিচাপে এটা লৈ যোৱা যাওক নেকি? খুব ভাল পাব৷' 'এঃ এতিয়াও নিনিয়াকৈ আছেনে চাগৈ? এইফালেদিয়েইতো পাৰ হৈ গৈছে৷' মই ঘূৰাই প্ৰশ্ন কৰিলোঁ৷ গিৰ্জনি মৰা হাঁহিয়ে পৰিৱেশটো জমাই তুলিলে৷ বাইকত উঠি যোৱা অনিলদা, অৰুণদাহঁত কেতিয়াবাই পালেগৈ চাগৈ লে'ক্‌ অফ্‌ ন' ৰিটাৰ্ণ৷ আমিহে বাটে বাটে নলগা জেঙত লাগি সময় নষ্ট কৰি আছোঁ৷ কেতিয়া পামগৈ নাজানো৷

তেনেতে গগৈ ছাৰৰ গাল দুখন মোৰ দৃষ্টিগোচৰ হ'ল৷ দুয়ো গালতে বগা বগা বোল! ষ্টীলৱেল পথত কেইঘণ্টামানৰ আগতে লগ পোৱা ম্যানমাৰী গাভৰুহঁত, অলপ আগতে নামি আহোঁতে পোৱা যুৱতীকেইজনী, ক্ষন্তেক আগেয়ে পোৱা শিশুহঁতৰ গালবোৰৰ দৰে একেই৷ 'হাৰে, আপুনি এইবিধ প্ৰসাধন ক'ত পালে?' সন্তুষ্টি আৰু বাহাদুৰিৰ হাঁহি মাৰি উত্তৰ দিলে তেওঁ, 'কিয়, অথনি ঘাঁহনিতযে বহি আছিল পোৱালিবোৰ, বস্তুটো সিহঁতৰ লগতে আছিল৷ টকা ১০টা দিলোঁ৷ লগাই দিলে৷ চন্দনৰ গুড়ি৷ ছালৰ কাৰণে ভাল৷' দেখি-শুনি মোৰ হিংসাই লাগিল তেওঁলৈ৷ তেতিয়া মনেই নকৰিলোঁ নহয়৷ নহ'লেতো ময়ো লেপি ল'লোঁহেঁতেন৷

ভাৰতীয় সময়মতে ১২ বাজি ৩০ মিনিট গ'ল৷ ম্যানমাৰৰ ঘড়ীত ১.৩০৷ আমাৰ ৪জনীয়া পদযাত্ৰীৰ দলটো এইবাৰ সমতলেৰে ধাৱমান হৈছোঁ৷ এঘৰৰ জপনামুখত শিশু কেইটামান ৰৈ আছে৷ হিচাপ কৰি পালোঁ, ৮টা৷ কিবা ভাবি আমালৈকে চাই আছে৷ এইকেইদিন মানুহৰ আহ-যাহ, উৎসৱমুখৰ পৰিৱেশটো সিহঁতৰো পছন্দ৷ ওচৰ পাই কেমেৰা টোঁৱালোঁ৷ ফটো উঠিবলৈ পোৱাৰ আনন্দত গোটেইকেইটাই বৰ সন্তোষ পালে৷ গালে-মুখে হাঁহি বিৰিঙি উঠিল৷ ভৱিষ্যৎ ইহঁতবোৰৰ কাৰ কেনেকুৱা হ'বগৈ নাজানো, সীমান্তৰ এই শিশুবোৰ কিন্তু বৰ মৰমলগা৷ অলপ আগত ঘাঁহনিত বাগৰি থকা সৰু ল'ৰা কেইটামানেও কেমেৰা দেখা মাত্ৰক মোৰ পিছ নেৰা হ'ল৷ (আগলৈ)



No comments:

Post a Comment