চতুৰ্থ দিন, অংশ-৩১
অথনি আহোঁতে হেলিপেডৰ পৰা দেখা সেউজীয়া চাইন ব'ৰ্ডখন এতিয়া মোৰ বাওঁহাতে, হাতেৰে চুব পৰা অৱস্থাত৷ কি লিখা আছে নাজানো৷ দুয়োফালেই লিখা আছে৷ পাৰ্থক্য কেৱল তলৰ শব্দটোত৷ ম্যানমাৰী লিপি৷ এটা আখৰো চিনি নাপাওঁ৷ জনা হ'লে ভাল লাগিলহেঁতেন৷ ৰোমান আখৰত কাচিন ভাষাৰ শব্দ, বাক্য কিছুমান কাগজত লিখি লৈ আহিছিলোঁ, কিবা প্ৰসংগত কামত আহিব পাৰে বুলি৷ আখৰ-চিনাকি সমূলি নথকাত এতিয়া বিবুধিত পৰিলোঁ৷
ম্যানমাৰত ১১১টা ভাষা চলে৷ ৩৪.৫০ মিলিয়ন মানুহে অফিচিয়েল লেংগুৱেজ বাৰ্মিজ কয়৷ তিবেত'-বাৰ্মানমূলীয় এই ভাষা৷ এইফালে কাচিন প্ৰভিন্সত চলে পঞ্চসুৰীয়া Chingpaw বা Jinphaw বা নৃগোষ্ঠীয় কাচিন ভাষা৷ চিনো-তিবেতান ভাষাগোষ্ঠীৰ তিবেত'-বাৰ্মান পৰিয়ালৰ সৈতে সম্পৰ্কযুক্ত৷ বাৰ্মিজৰ সৈতে কাচিনৰ মিল আছে যদিও পাৰ্থক্যও নথকা নহয় বুলি জানিব পাৰিছিলোঁ৷
বাৰ্মিজ লিপিৰ উদ্ভাৱন হৈছিল মন ৰাজ্যত প্ৰচলিত লিপিৰ পৰা৷ সেয়া একাদশ শতিকাৰ কথা৷ ১০৫৭ খ্ৰীষ্টাব্দত প্ৰথমজন ব্ৰহ্ম-ৰাজন অনিৰুদ্ধই মন সাম্ৰাজ্যৰ অন্যতম কেন্দ্ৰস্থল থাতন জয় কৰে৷ জ্ঞানী ভিক্ষু, দক্ষ চিত্ৰকৰসকলক তাৰ পৰা মান্দালয়ৰ দক্ষিণ-পশ্চিমে ইৰাৱতী নৈৰ পাৰৰ পাগান (এতিয়া বাগান) নামৰ ঠাইলৈ অনা হৈছিল৷ অষ্টম শতিকাত দক্ষিণ ভাৰতৰ ব্ৰাহ্মী লিপিৰে সম্পৰ্ক থকা লিপি ধাৰ কৰিয়ে মন ভাষা, বাৰ্মিজ ভাষাৰ লিখন পদ্ধতি সৃষ্টি হৈছিল বুলি জনা যায়৷ আনহাতে ৰোমান বৰ্ণক ভিত্তি কৰি কাচিন ভাষাটো লেখাৰ কৌশল উলিওৱা হৈছে ঊনৈশ শতিকাত৷ সিবোৰ যিয়েই নহওক, সদ্যহতে মনলৈ অহা চিন্তাটো হ'ল, ফলকৰ শব্দকেইটাৰ অৰ্থ এতিয়া কোনে উদ্ধাৰ কৰি দিব মোক? কাকোৱেই নাই পোৱা৷ নিৰৱে পাৰ হৈ আহিলোঁ ফলকখন৷ গোপনে ভাবিছোঁ, ঘৰ গৈ পাই কাৰেন প্ৰভিন্স নিবাসী ভাৰ্চুৱেল ফ্ৰেইণ্ডলৈকে মেইল কৰি দিম৷ সুধিম কি লিখিছে৷ সেয়ে দুয়োফালৰে ফটো তুলি ল'লোঁ, যদিওবা কাৰেন, কাচিন, বাৰ্মিজ প্ৰতিটো ভাষাৰেই স্বকীয়তা আছে৷
সঞ্জুৰ হাতত Zhongh Ke Roh নামৰ বাৰ্মিজ ভাষাৰ ভিডিঅ’ চিডি এখন৷ ক'ত কেনেকৈ পালেজানো! কে. ৱানলেই, এছ. খুনলাত, জেমছ তানাউং, যোচেফ, কামলান, লানাউং আৰু টেৰেচা মুশ্বুম নামৰ ম্যানমাৰী শিল্পীকেইগৰাকীমানে গীতসমূহ গাইছে৷ তেওঁলোক National League for Democratic Partyৰ নেত্ৰী, ন'বেল সন্মানিতা আং ছান ছ্যু চ্যিৰ সমৰ্থক৷ তেওঁলোকেও বিচাৰে ভাৰতবৰ্ষৰ দৰে গণতান্ত্ৰিক ব্যৱস্থা৷ বাৰ্মিজ কমিউনিটিৰ একাংশৰ পৃষ্ঠপোষকত্বত বিগত ১৯৬২ চনৰ পৰা চলি অহা জুণ্টা চৰকাৰৰ অৱসান বিচাৰে৷ মিলিটেৰী জুণ্টাৰ ব্যভিচাৰী অপশাসনত মানৱাধিকাৰ পদে পদে লুণ্ঠিত হৈ আহিছে৷ গণতান্ত্ৰিক স্বাধীনতাৰ বাবে পৃথিৱীৰ ভিতৰতে দীঘলীয়া বিপ্লৱত লিপ্ত থকা দেশখনৰ জন-গণ-মনৰ আশা-আকাংক্ষা বাস্তৱায়িত হোৱাটো আমিও সহৃদয়তাৰে কামনা কৰোঁ৷ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হ'লে লুপ্তপ্ৰায় এই ষ্টীলৱেল বাটেদি চীনলৈ আহ-যাহ কৰাটো সম্ভৱ হ'ব নে নহ'ব, সেই বিষয়েহে এতিয়াই একো ক'ব নোৱাৰি৷ লুক্ ইষ্ট পলিচীৰ জৰিয়তে ভাৰত ৰাষ্ট্ৰই এইফালে কেইবাটাও উন্নয়নমুখী পদক্ষেপৰ কথা চিন্তা কৰিছে৷
এনেতে ৰাস্তাৰ সিটো পাৰে ঠেলা গাড়ী এখন দৃষ্টিগোচৰ হ'ল৷ আমাৰফালৰ ঠেলাবোৰত দুটা চকাহে থাকে৷ এইখনতচোন চকা আছে তিনিটা! আগত এটা, পাছত দুটা৷ আটাইকেইটা মটৰবাইকৰ৷ ঠেলি নিবৰ বাবে আমাৰ তাৰ ঠেলাবোৰৰ দৰে কাঠৰ হেণ্ডেল লগাইছে৷ সিংহভাগ কাঠৰ যদিও লো আৰু ৰবৰো ব্যৱহাৰ হৈছে৷ সঞ্জু আৰু মই কাষলৈ গৈ ভালকৈ চালোঁ৷ আকৃতিগত পাৰ্থক্যখিনি মন কৰিলোঁ৷ ফটোও লৈ থ'লোঁ৷ জোখত আমাৰবোৰতকৈ এইখন সৰু হ'ব৷
ষ্টীলৱেল ৰ'ডৰ পৰা লে'ক্ অভিমুখে বাঁৱে ফাটি নামি যোৱা কেঁচা ৰাস্তাটোৰ গুৰি পালোঁহি৷ জাংখঙৰ নিৰ্দেশত শ্বৰ্টকাট মাৰি অথনি আমি এইটো পথতে, কিছু আগত ওলাইছিলোঁ৷ দূৰত দেখা গৈ থকা লে'ক্ অফ্ ন' ৰিটাৰ্ণে এতিয়া ধূসৰিত ৰূপ পৰিগ্ৰহ কৰিছে৷ অস্তগামী সূ্ৰ্যটো ক্ৰমে পৰ্বতৰ আঁৰলৈ গুচি গৈছে৷ আমি দেখি অহা জিলমিলনি ম্লান পৰিল৷ অলপ পাছত যেতিয়া আন্ধাৰে চৌপাশ ছানি ধৰিব, এলেকাটো নিৰ্ঘাত জয়াল আৰু জনশূন্য হৈ পৰিব৷ তথাপিও কল্পনা এটা কৰিলোঁ, অন্ততঃ এক ৰাতি হ্ৰদৰ পাৰত তম্বু তৰি কটাবলৈ পোৱাহেঁতেন! আজীৱন স্মৰণীয় হৈ ৰ'লহেঁতেন৷ এতিয়াও অৱশ্যে এই দৰ্শন-ভ্ৰমণ নিঃসন্দেহে মনত থাকি যাব, জীৱনৰ এক বিশেষ যাত্ৰা হিচাপে৷ কাৰণ য'ৰ পৰা কস্মিনকালেও কোনো ঘূৰি অহা নাই বুলি প্ৰচাৰ হৈছিল, তাৰ পৰা আমি ঘূৰি আহিলোঁ৷ দুনাই ওলটি নহা, দ্বিতীয় মহাযুদ্ধকালৰ মৃত্যুপথৰ অজানা যাত্ৰিকসকলক উচ্চতাৰ পৰা পুনৰবাৰ সোঁৱৰণ কৰি মনে মনে প্ৰণাম জনালোঁ, অগস্ত্য মুনি গুচি যোৱাত বিন্ধ্য পৰ্বতে মূৰ দোঁৱাই প্ৰণাম জনোৱাৰ দৰে৷

বাওঁহাতে ওখকৈ টিলাটোৰ ঘাঁহনিত অৰুণদা অকলে অকলে বহি আছে৷ কবি মনৰ সংবেদনশীল মানুহ৷ নিৰৱে উপভোগ কৰি আছে চৌদিশৰ মন জুৰোৱা দৃশ্যাৱলী৷ চকুৰ আগত বহুপ্ৰত্যাশিত লে'ক্ অফ্ ন' ৰিটাৰ্ণ, যাক চাবলৈ তেওঁৰ ইমান হেঁপাহ আছিল, যাৰ পাৰৰ পৰা সুকলমে প্ৰত্যাৱৰ্তন কৰা হ'ল৷ হাতৰ মুঠিত য়াংগনস্থিত Myanmar Brewery and Distilleryত তৈয়াৰী পানীয় Myanmar Lager Beerৰ টেমা এটা৷ বুজিলোঁ, তেওঁ এতিয়া সম্পূৰ্ণভাৱে নিজৰ জগতত৷ শৈশৱ কালৰে এটা আশাই ভাবিব নোৱাৰা ধৰণে আজি পূৰ্ণতা পালে৷ আনন্দত মতলীয়া হ'বই৷ ভাবুক হৈও পৰিছে৷ আমনি নিদিয়াই ভাল বুলি ফালৰি কাটিব খোজোঁতেই কেমেৰাটো মোৰ ফালে আগ বঢ়াই দিলে৷ ক'লে, 'ফটো এখন তোলকচোন মোৰ৷ বে'ক গ্ৰাউণ্ডত লে'কটো ল'ব কিন্তু দেই৷' (আগলৈ)
No comments:
Post a Comment