Monday, 19 March 2018

চতুৰ্থ দিনঅংশ-২৫

অৰুণদাই অলপ আগতে ব'ৰ্ডাৰ বজাৰৰ পৰা লে'ক্‌ অফ্‌ ন' ৰিটাৰ্ণলৈ কৰা স্মৰণীয় এডভেন্‌চাৰৰ সৰস বর্ণনা শুনাই গ'ল৷ তেওঁ উঠি অহা মটৰবাইকখনৰ চালকজন আছিল বাৰ্মিজ৷ নামটো পেট্ৰৱা৷ বৰ কষ্ট কৰি মনত পেলাবলগীয়া হ'ল নামষাৰ৷ বাইকখনৰ হেনো এটা বিশেষত্ব আছিল৷ সেয়া হ'ল, মাজে মাজে এনেয়ে বজাই থকা হৰ্ণটো৷ সুমধুৰ আৱাজ আছিল বোলে সেইটোৰ৷ হৰ্ণৰ তেনেকুৱা মাত বোলে দাদাই আমাৰ ডিফুততো বাদেই, জীৱনকালত তেওঁ চফৰ কৰা নগৰ-মহানগৰ, গাঁও-ভূঁই ক'তো আজিলৈ শুনিবলৈ পোৱা নাই৷ পথাৰৰ মাজেৰে ওখোৰা-মোখোৰা অসমান বুকুৰ ওপৰেদি পেট্ৰৱাহঁতে খৰ গতিত বাইককেইখন চলাই আহিছিল আৰু অৰুণদাসহিত টীম-বিৰ পাঁচোজনকে যথাস্থানত নমাই দিছিল৷ পিছৰ চিটত বহি থকাৰ পৰা যাতে শুকান মাটিত সৰি নপৰে তাৰ বাবে হেনো অৰুণদাই বাইকখনৰ য'তে সুবিধা ত'তে সৰ্বশক্তিৰে খামোচ মাৰি ধৰি লৈছিল৷ 'লাহে লাহে যা' বুলি নোকোৱা নহয়, কৈছিল৷ ইংৰাজী, হিন্দী, অসমীয়া আনকি কাৰবিতো কৈ চালে৷ পিছে কি হ'ব? চালক, আৰোহী কোনেও পৰস্পৰৰ ভাষা নুবুজে!

অৰুণদাৰ কথা শুনি আমি খুব হাঁহিলোঁ৷ অনিলদায়ো নিজৰ ভাগৰ ৰোমাঞ্চকৰ অভিজ্ঞতা সংযোজন কৰিলে৷ 'নমাৰ পাছতহে ৰক্ষা! অলপ সময় চলি থাকিল কঁকালৰ কচৰৎ৷' টীম-এ'ৰ আমি পাঁচজন খোজেৰেহে আহিছোঁ৷ গতিকে তেওঁলোকক থেকেচি থেকেচি আনিলেও আমাৰ সেইকণ সোৱাদ অৰ্জন সমূলি নহ'ল৷ এতিয়া পস্তাইছোঁ৷ সুযোগ অৱশ্যে শেষ হৈ যোৱা নাই৷ মনে মনে ভাবিছোঁ, যাওঁতে বাইকত উঠিমেই উঠিম৷ নহ'লে এনে দুঃসাহসিক অভিজ্ঞতা এটা জীৱনত লোৱা আৰু নহ'ব৷ পায়ো হেৰুৱাৰ বেদনাতকৈ চান্সটো লৈ লোৱাই মংগল৷ অন্যথা পাছলৈ জীৱনত খেদ এটা থাকি যাব৷ সেইটো একোপধ্যে হ'বলৈ দিব নোৱাৰি৷

ইয়াত বতৰটো ভাল৷ ৰ'দ পৰি জলৰাশিৰ পৰা অপূৰ্ব চিক্‌মিকনি ওলাইছে৷ ভেৰণিৰ পৰা ভাহি আহিছে বোকাৰ গোন্ধ৷ একালত ইয়াতে কুকুৰা কাটি শপত খাওঁতে হাত পখালা হৈছিল৷ সিপাৰে ডৈকাউৰাং৷ অংগীকাৰ মানি লোৱাৰ পাছৰে পৰাই নামটো হৈছিল 'ডয় পাটকাই চেংকান'৷ 'ডয়' মানে পৰ্বত, 'পাট' মানে কুকুৰা, 'কাই' মানে কাটি, 'চেং' মানে শপত, 'কান' মানে খালে৷ অৰ্থাৎ, 'এই পৰ্বতত কুকুৰা কাটি শপত খালে'৷ খালী চকুৰে চাওঁতে সিপাৰৰ পৰ্বতমালাৰ অলপমান ওপৰলৈকে টিনপাত আৰু খেৰী ঘৰ কিছুমান দেখা পাইছোঁ৷ একেবাৰে ওপৰত কোনো বসতি নাই৷ সিফালে যাবলৈ ৰাস্তাটো কেনি? মোৰ অনুমান, অথনি আমি ওপৰৰ পৰা নামি সমতল পাওঁতে এৰি থৈ অহাটোৱেই হ'ব লাগে৷

নং-ক্ৰাং নামে এখন সৰু নদী ওলাই গৈছে এই লে'কটোৰ পৰা৷ 'নং' শব্দৰ অৰ্থ হৈছে হ্ৰদতকৈ সৰু জলাশয়, 'ক্ৰাং' মানে থকা৷ ৰাজু গগৈয়ে অকলেই পাৰে পাৰে কিছু আগুৱাই গ'ল আৰু চালেগৈ৷ গৱেষক মানুহ৷ য'তে-ত'তে কিহবাৰ গোন্ধ পায়৷ কিছুমান মটৰবাইক নং-ক্ৰাঙৰ নিকট পৰ্যন্ত আহিছে৷ চালকসকল ইফালে-সিফালে ৰৈ আছে৷ অপভ্ৰংশ ইংৰাজীৰেই কথা-বতৰা আৰম্ভ হ'ল বাইকচালক খেয়াম, কেৱ, নাওনাওহঁতৰ সৈতে৷ সঞ্জুৱে বাক্যালাপত আগ-ভাগ লৈছে৷ নোটবুক-কলম লৈ দৰকাৰী কথাখিনি টুকিও গৈছে৷ যেন-তেন-প্ৰকাৰেণ ভাবৰ আদান-প্ৰদান চলি আছে এনেকৈয়ে৷ তাৰে নাওনাও বোলা ডেকাজনে নিজকে চাইনিজ বুলি ক'লে৷ পি.পি.ডব্লিউ.এফ.ৰ তিনিটা দিন কষ্ট কৰি কিছু ভাৰতীয় মুদ্ৰা আহৰণ কৰাই ইহঁতৰ উদ্দেশ্য৷ এইকেইদিনহে এইফালে বাইকৰ শব্দ শুনা গৈছে৷ বাকী সময়ত পৰিস্থিতি শান্ত৷ চৌপাশ নিৰৱ৷

ওচৰত ৰখাই থোৱা মটৰবাইককেইখন একে গঢ়ৰ৷ KENBO KB125৷ চকাকেইটা আকাৰত আমাৰ স্কুটীতকৈ ডাঙৰ৷ Chinese underbone motorcycle cub bike বুলি কোৱা হয় এইবোৰক৷ Yunnan Yinxiang Motorcycle Manufacturing Co. Ltd.ৰ দ্বাৰা নিৰ্মিত৷ কাৰখানা আছে চীনৰ য়ুন্নান প্ৰভিন্সৰ Dehongzhouruili নামে ঠাইত৷ চীনত এনেকুৱা বাইক নিৰ্মাণকৰ্তা কোম্পানী ভালেকেইটা আছে৷ আমি ইজনৰ পাছত সিজনকৈ পাল সলাই সলাই বাইক এখনত বহি ফটো উঠিলোঁ৷ ২০১০ চনত থাইলেণ্ডৰ সুন্দৰ ঠাই ফুগেট ভ্ৰমণ কৰোঁতে আন্দামান সাগৰৰ পাৰে পাৰে এনেকুৱা মটৰবাইক চলাইছিলোঁ৷ চিটত বহাৰ লগে লগে মুহূৰ্তবোৰ মনত পৰি গ'ল৷ তাত সাগৰত জলকেলি কৰিবলৈ মটৰব'ট আছিল৷ আৰু ঢেৰ কিবাকিবি আছিল৷ ইয়াত গছৰ খোলাৰে সজা টুলুঙা নাও!

এখন বাইকলৈ গভীৰভাৱে চালোঁ, পিছফালে দুডাল গোটা বাঁহ বান্ধি কেৰিয়াৰৰ দৰে কৰি লৈছে৷ তেনেকৈ বাঁহ বন্ধা অইন এখন বাইকত প্লাষ্টিকৰ গেলন এটাও জপটিয়াই ৰাখিছে৷ ৰছীৰ পাক দেখি হাঁহিয়ে উঠি গ'ল৷ পাত্ৰটোৰ ভিতৰত তেল নে পানী? কি আছে নাজানো৷ চীনত নিৰ্মাণ কৰা মটৰবাইকবোৰ গেছ'লিনত চলে বুলিহে জানিছিলোঁ৷ এইবোৰত চাগৈ পে'ট্ৰলহে ব্যৱহাৰ কৰা হয়৷ প্ৰায় প্ৰতিখনৰে আগফালে ফ্ৰেমত কাঠ এটুকুৰা ৰছীৰে বান্ধি ৰাখিছে৷ চাইকেলত ধানৰ বস্তা কঢ়িয়াওঁতে আমাৰ ককাদেউতাহঁতে যেনেকৈ দুই মূৰ জোঙা বাঁহৰ টুকুৰা এটা ফ্ৰেমটোত কাপ খুৱাই লৈছিল, তাৰ ওপৰত বস্তাটো থৈছিল, কাৰবাৰটো ঠিক তেনেকুৱাই৷ আটাইকেইখন মটৰবাইকেই বোকাৰ প্ৰকোপত চাব নোৱাৰা হৈ আছে৷ বোকাৰ সুবাসেৰে আমোলমোলাই আছে চৌপাশ৷

ভৌগোলিক পৰিসৰ কমি আহিছে অনেক বুৰঞ্জীমূলক তথ্যৰে ভৰপূৰ নংয়্যাং হ্ৰদৰ৷ পাৰতে এডোখৰ শুকান ঠাই চাই বহি পৰিলোঁ আমি৷ লে'ক্‌ অফ্‌ ন' ৰিটাৰ্ণত ঘূৰণীয়া মেজমেল! নামপঙত পুৱাতে কিনা বিস্কুটৰ টোপোলাটো জাংখঙে বেগৰ পৰা উলিয়ালে৷ বিস্কুট আৰু পানী৷ যোগাৰ ইমানেই৷ তাৰেই পিক্‌নিক্‌(!) আৰম্ভ হৈ গ'ল৷ মূৰৰ ওপৰত মুকলি আকাশ৷ চৌপাশে সেউজীময় পৃথিৱী৷ কাষতে এটা ঐতিহাসিক জলাশয়৷ শুকান বিস্কুটৰ মৰ্‌মৰণি৷ সন্তুষ্টিৰ সোঁৱৰণি ৰৈ গ'ল বুকুৱে বুকুৱে৷

(বি.দ্ৰ. ঃ অংশ ২৪ উপস্থাপনৰ ক্ষন্তেক পাছতে উপপথ নিৰ্মাণৰত শ্ৰমিকৰ কোৰৰ চাবত ছিন্ন-ভিন্ন হৈ পৰা টেলিফোনৰ কেব্‌ল আজিহে, এই অলপ আগেয়ে জোৰা লাগিল৷ যোৱা দুদিনে ধাৰাবাহিকতা ভংগ হোৱাৰ কাৰণ সেইটোৱেই৷ তাৰ বাবে সহৃদয় পাঠকবৃন্দৰ ওচৰত 'অগস্তি-যাত্ৰা'ৰ এই যাত্ৰিক ক্ষমাপ্ৰাৰ্থী৷)


No comments:

Post a Comment