Thursday, 29 March 2018

চতুৰ্থ দিনঅংশ-৩৩

মনটো বিষাল৷ গে'টখন পাৰ হৈ নামনিমুৱাকৈ এতিয়া যিছোৱা ৰাস্তাৰে খোজ কাঢ়ি গৈ আছোঁ, ইয়াৰ পৰা ব'ৰ্ডাৰ মাৰ্কেট, লে'ক্‌ অফ্‌ ন' ৰিটাৰ্ণ কোনোটোৱেই দৃশ্যমান নহয়৷ অলপ আগতে গে'টৰ সিপাৰে এৰি থৈ অহা ওখ ঠাইখিনিৰ পৰা কিছুমান মানুহে বজাৰখনৰ ফালে আমন-জিমনকৈ চাই থকাটো মন কৰিছিলোঁ৷ তেওঁলোকে নিশ্চয় বুজি পাইছিল যে ক্ষন্তেক পাছতে এই ঠাই এৰি যাব লাগিব৷ কোনোবাজন আকৌ ৰৈ আছিল সংগীৰ অপেক্ষাত৷ লগৰীয়াসকল ওলোৱাহি নাই৷ ফলত অস্থিৰতা বাঢ়িছে৷ উচপিচনি দেখি অনুমান কৰিছিলোঁ৷

দিনৰ দিনটো ভ্ৰমি পিছফালে এৰি থৈ অহা এলেকাটোলৈ আমিও এপলক চাইছিলোঁ, শেষবাৰৰ বাবে৷ মনটো গধুৰ হৈ উঠাৰ কথাই৷ বজাৰখন পাৰ হৈ ষ্টীলৱেল ৰ'ডটো নেদেখা হৈছে৷ আগলৈ আকৌ অলপমান দেখা গৈছে৷ সোঁহাতলৈ গৈ থাকি কেঁকুৰিৰ আঁৰত একেবাৰে অদৃশ্য৷ সেইফালে যাবৰ খুব মন আছিল৷ ভাগ্যই কেতিয়াকৈ টানিবজানো! 'সুযোগ পালেই গুচি যাম কিন্তু৷' দলৰ আটায়ে শুনাকৈ বাক্যটো বতাহত এৰি দিলোঁ৷ Power of spoken words বুলি কথা এষাৰ আছে৷ কৈ থাকিলে হৈ যায়!

ওভতনি পদযাত্ৰাত আমাক অথনি আহোঁতে ম্যানমাৰী ট'কেন দিয়া ঘৰটো পালোঁ, বাওঁহাতে৷ চকী-টেবুল লৈ বহিয়ে আছে হিচাপ লওঁতা সৈনিকৰ দল৷ মানীবে'গ খুঁচৰি কাগজৰ টুকুৰাটো উলিয়াই হাতত ধৰালোঁ৷ দেখাত সামান্য, পিছে বৰ অৰ্থপূৰ্ণ জিনিছ এইটুকুৰা৷ অফিচাৰলৈ সম্ভ্ৰমেৰে সেয়া আগ কৰাৰ সমানে সমানে লেখৰ মানুহকেইটাও আঙুলিয়াই দিলোঁ৷ সময়মতেই আহিছোঁ আমি৷ গতিকে অভিযোগ নাই৷ ৱান, টু, থ্ৰি, ফ'ৰ... ততালিকে গন্তি কৰিলে আৰু যাব দিলে৷ মনত আছে, অথনি সোমাওঁতে কৈছিল 'যাবি যাবি'৷ এতিয়া ইংগিতেৰেই বুজালে৷ 'থেংক ইউ' বুলি ক'লোঁ মই৷ তেওঁ হাঁহিলে৷ ভাবিছিলোঁ 'ভিজিট এগেইন' বুলি ক'ব৷ নক'লে৷ এনেকুৱা ঠাইত বাৰে বাৰে পদাৰ্পণ কৰাটোযে সম্ভৱ নহয়, তেওঁলোকে ভালকৈ জানে৷

পাতল সেউজীয়া ৰং দিয়া ঘৰটো এৰিয়ে ৰাস্তাটো ওপৰমুৱা হৈছে৷ কেঁচা, ওখোৰা-মোখোৰা বাট৷ পৰিচৰ্যা নাই৷ তাৰ ওপৰেদিয়ে খোজ পেলাই আগ বাঢ়িছোঁ স্বদেশলৈ৷ ম্যানমাৰ শেষ হোৱা নাই অৱশ্যে৷ আগত আৰু এখন গে'ট পাম৷ তাৰ পাছতহে ন' মেন্‌ছ লেণ্ডৰ আৰম্ভণি৷ গৈ গৈ পামগৈ পাংচু পাছ৷ ম্যানমাৰ-ভাৰতৰ ভৌগোলিক সীমা৷ তাৰ পাছত ক্ৰমে ভাৰতীয় গে'ট, স্বদেশ৷ তাৰ পৰা আগলৈ নামপং প'ষ্ট, নামপং, নংকি বস্তি৷ ঘোঁকট যদিও এইদিশে আজি অহাৰ বাবেই এতিয়া অন্ততঃ এইখিনিকে চকু মুদি ক'ব পৰা হ'লোঁ৷ ভ্ৰমণ অভিজ্ঞতাৰে আনকো পৰিষ্কাৰকৈ বুজাব পাৰিম কেনেকৈ আহিব পাৰি লে'ক্‌ অফ্‌ ন' ৰিটাৰ্ণৰ পাৰলৈ৷ কোন আহে, কোন নাহে, নাজানো৷ মাথো জানো যে যিয়েই আহক, ভয় কৰিবলগীয়া একো নাই, ঘূৰি আহিব পাৰিব৷

২ নম্বৰ গে'টখন পালোঁহি৷ কাঠৰ গে'ট আগৰে পৰাই দুফালফাল৷ দায়িত্ববাহী ৰখীয়াজনে পায়চাৰি কৰি আছে৷ কান্ধত বন্দুকটো৷ কোনো প্ৰশ্ন নাই৷ গৈ আছোঁ আমি৷ চকুৱে চকুৱে পৰাত সৈনিকজনক উদ্দেশ্য কৰি সোঁহাতখন দাঙিলোঁ৷ অথনি এইজনৰ সৈতেই ফটো তোলা হৈছিল৷ তেওঁ বা মনত ৰাখিছেনে নাই আমাক? ৰাখিবও পাৰে, নাৰাখিবও পাৰে, সেয়া তেওঁৰ কথা৷ কত শত-সহস্ৰ মানুহ আহিছে-গৈছে আজি৷ কিমানৰ চেহেৰা মনত ৰাখিব? দূৰৰ পৰা চাই মুখমণ্ডলৰ একোণত হাঁহি এটা বিৰিঙা যেন লাগিল অৱশ্যে৷ তেৱোঁ হাত দাঙিলে৷ সম্ভাষণ জনাই আমি পাৰ হৈ গ'লোঁ নিৰ্বিবাদেসমস্যাহীন প্ৰস্থান৷ ট'কেন আৰু মানুহৰ হিচাপ মিলি আছে৷ কোনো থাকি অহা নাই৷ পূৰ্বতে পাই অহা তালাচী চকীতে হিচাপ পৰীক্ষা সমাপ্ত কৰি পঠাইছে৷ গতিকে এইজনৰ বিশেষ কাম নাই৷ কেৱল পৰ্যটকসকলে হাতে হাতে অনা টোপোলা-টাপলিবোৰলৈহে চোকা নজৰ দিয়া দেখিলোঁ এওঁক৷ অঞ্চলটোত নিষিদ্ধ ড্ৰাগছৰ চোৰাং আমদানি-ৰপ্তানি চলে বাবেই চাগৈ৷

মুখৰ আগত এয়া জনবসতিশূন্য এলেকা৷ ন' মেন্‌ছ লেণ্ড৷ এলেকাটোত এতিয়া কেৱল আমিয়েই নাই৷ জাক জাক মানুহৰ গমনাগমন৷ আমাৰ আগে-পিছে পদচালনা কৰি থকা ল'ৰা-ছোৱালী, ডেকা-ডেকেৰী, পুৰুষ-মহিলা সকলোজন ম্যানমাৰৰ পৰা নিজ দেশলৈ উভতিছে৷ মটৰ চাইকেল, গাড়ীবোৰো ওলাই আহিছে৷ বিপৰীতে ইণ্ডিয়াৰ পৰাও কিছুমান ম্যানমাৰী আহিছে৷ পিঠিত কেঁচুৱা বান্ধি খোজ কাঢ়ি অহা মাইকী মানুহো দেখা পাইছোঁ৷ এনেয়ে হ'লে গে'টখন বন্ধ থাকে৷ আজি খোলা৷ কিয়নো পি.পি.ডব্লিউ.এফ. চলিছে নামপঙত৷ পাংচু পাছ শীতকালীন মহোৎসৱৰ নিৰ্দিষ্ট দিনকেইটাত অৰ্থাৎ জানুৱাৰীৰ ২০, ২১, ২২ত চৰকাৰীভাৱেই খোলা ৰখা হয়৷ অৱশ্যে সীমান্তৰ পৰিস্থিতি যদিহে ঠিকে থাকে৷ তাৰ পাছতে আকৌ নিশ্চুপ৷ গে'ট বন্ধ৷ ন' এণ্ট্ৰি৷

এৰা-পৰলীয়া আৰু সততে নিষ্প্ৰাণ ষ্টীলৱেল পথৰ আচহুৱা দৃশ্য দেখাৰ সৌভাগ্য হ'ল আমাৰ৷ বছৰি এবাৰ দেখা যায় এইখন ছবি৷ আন্তঃৰাষ্ট্ৰীয় সীমান্তত মানুহৰ মুক্ত বিচৰণৰ বিৰল দৃশ্য৷ পাছপ'ৰ্ট-ভিছাৰ প্ৰয়োজন নাই৷ গে'ট খোলাৰ সুযোগটো লৈয়েই আমিও ম্যানমাৰত পদচিহ্ন ৰাখি আহিলোঁ, চাই আহিলোঁ বিখ্যাত লে'ক্‌ অফ্‌ ন' ৰিটাৰ্ণ৷ ঘূৰি ঘূৰি লক্ষ্য কৰি থকাৰ পাছত এসময়ত একেবাৰে নেদেখা হৈ পৰিল স্বপ্নৰ হ্ৰদটোৰ অস্তিত্ব৷ পাটকাই পৰ্বতমালাৰ ঘন জংঘলৰ মাজত ভ্ৰমণকাৰী মানুহবোৰ সোমাই পৰিলোঁ৷ অকাই-পকাই গৈ থাকিলোঁ ক্ৰমান্বয়ে আগলৈ, আৰু আগলৈ৷

কত ঐতিহাসিক ঘটনাক্ৰম পাৰ হৈ গল এই অঞ্চলটোৰ ওপৰেদি৷ গিৰিকন্যা পাটকাইৰ বুকুৰ এই অঞ্চল, এই জংঘল আজিও ৰহস্যৰে আবৃত এক ভূখণ্ড হৈয়ে আছে৷ ভাৰত চৰকাৰে লুক ইষ্ট পলিচীৰ জৰিয়তে ম্যানমাৰৰ মাজেৰে পূব এছিয়াৰ দেশসমূহৰ সৈতে বন্ধুত্বৰ এনাজৰী কটকটীয়া কৰাত আগ্ৰহী হৈছে৷ যোগাযোগ সুচল কৰিবলৈ পুনৰায় গঢ়ি তুলিব খুজিছে লুপ্তপ্ৰায় ষ্টীলৱেল ৰড৷ ভাবি ভাল লাগিছে যে এইটোৱে সেই ঐতিহাসিক ষ্টীলৱেল ৰ'ড, যিটো বাটেৰে খোজ দি সদলবলে আমি স্বদেশলৈ উভতিছোঁ, যি বাটে সৰহ মানুহ আজিও অহা নাই৷ (আগলৈ)


No comments:

Post a Comment