চতুৰ্থ দিন, অংশ-১০
১০ বাজিবৰ হৈছে৷ ১০ মিনিটমান পদচালনা কৰাৰ পাছতে Pangsau Pass বুলি লিখা সেউজীয়া ফলক এখন ওলাল শিলগুটিময় ৰাস্তাটোৰ সোঁহাতে, কেঁকুৰি এটাত৷ পাংচু পাছ পালোঁ তাৰ মানে! ইমান দিনে শুনিহে আছিলোঁ৷ এয়া পাই গ'লোঁ৷ আহোমৰ আগমনকালৰে পৰাই বুৰঞ্জীত স্থান পাই অহা, এই পথছোৱাত গুৰুত্বপূৰ্ণ ভূমিকা লৈ অহা গিৰিপথটোত এতিয়া আমাৰ খোজৰ চিন বহিছে৷ প্ৰাপ্তিৰ বিমল আনন্দই জাকটোৰ সবাকে মুহূৰ্ততে ঘেৰি ধৰিলে৷ খুব জোৰকৈ চিঞৰি দিম যেন! পুৰণা হিচাপ অনুসৰি লিডুৰ পৰা ইয়ালৈ ৬১ কিল'মিটাৰ৷ সমুদ্ৰ পৃষ্ঠৰ পৰা এলেকাটোৰ সৰ্বোচ্চ উচ্চতা ৪,৫০০ ফুট৷ সম উচ্চতাত ১২৭ কিল'মিটাৰত তাগাপ পাহাৰ৷ অতীতত ভয় লগাকৈ ওখ-চাপৰ আৰু বোকাময় আছিল এইবোৰ ঠাই৷
ম্যানমাৰলৈ ৰে'ল চলোৱাৰ উদ্দেশ্যৰে ব্ৰিটিছৰ ৰে'লপথ নিৰ্মাণকাৰী সংস্থাই ঊনবিংশ শতিকাত পাংচু পাছত জৰীপ চলাইছিল বুলি জনা যায়৷ লক্ষ্য আছিল হুকং ভেলীৰ মাজেদি উত্তৰ বাৰ্মাৰ মিচ্ছিনাক ভাৰতৰ সৈতে লগ লগোৱা৷ প্ৰস্তাৱটো পাছত নাকচ হয়৷ তাৰ পাছত আহে পথ নিৰ্মাণৰ চিন্তা-চৰ্চা৷ জাপানীৰ আগ্ৰাসনত ব্ৰিটিছ পিছ হুহকাত আমেৰিকানে গুৰি ধৰে৷ দুবছৰৰ ভিতৰত গঢ়ি তোলা হয় ষ্টীলৱেল পথ, যি পথেৰে আহি আমি এইখিনি পাবলৈ সমৰ্থ হৈছোঁ৷ ১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথেদি অসমৰ সমতলৰ পৰা অৰুণাচলৰ মাজেৰে ম্যানমাৰলৈ যোৱাৰ বাবে পাংচু পাছ হৈ এইটোৱে সহজতম বাট বুলি কোৱা হয়৷
খোজ কাঢ়ি গৈ আছোঁ৷ মনে মনে ভাবিছোঁ, ৰে'লপথৰ নিৰ্মাণ কাৰ্য সেই সময়ত কিবাকৈ সম্ভৱপৰ হৈ উঠা হ'লে লেখাপানী উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ লাষ্ট ফ্ৰণ্টিয়াৰ হৈ নাথাকিলহেঁতেন৷ লাইনটো তাৰ পৰা জয়ৰামপুৰেদি আগ বাঢ়ি আহিলহেঁতেন৷ শেষত চীনক সংযোগ কৰিলেগৈহেঁতেন৷ কিন্তু প্ৰাকৃতিক বাধা আৰু যুদ্ধই সেইটো হ'বলৈ নিদিলে৷ প্ৰাকৃতিক বাধাতকৈ হঠাতে আহি পৰা জাপানীৰ আগ্ৰাসন, অতৰ্কিত আক্ৰমণ আৰু দ্বিতীয় মহাযুদ্ধইহে বেছি ব্যাঘাত জন্মালে, প্ৰকল্পটো বাস্তৱায়িত হোৱাত৷ ষ্টীলৱেল পথটো কিন্তু হাজাৰ বাধা-বিঘিনি অতিক্ৰম কৰি হ'লেও হৈ উঠিছিল৷ কাৰণ প্ৰয়োজন আছিল৷ যুদ্ধৰ পাছতহে পৰিত্যক্ত হ'ল৷
এইখিনিত ৰাস্তাটো ওপৰমুৱা হৈছে৷ ফোঁপাই-জোপাই উঠি গৈ আছোঁ আমি৷ ওপৰত জিলিকি আছে Union of Myanmar বুলি লিখা ফলক এখন৷ কাষলৈ আহিবৰ বাবে আগেদি বাট এটা আছে৷ কিছুমান মানুহ তেনেকৈ ঘূৰি ব'ৰ্ডখনৰ ওচৰলৈ আহিছে৷ ওপৰৰ পৰা তললৈ চাইছে, ফটো উঠিছে৷ আমি আটাইকেইটাই কিন্তু থিয় পাহাৰ বগায়ে উঠি গ'লোঁ৷
ভাৰত-ম্যানমাৰ সীমান্ত নিৰ্দেশনামূলক কাঠৰ ব'ৰ্ড এইখ্ন৷ ইটাৰ গাঁথনিৰ ওপৰত পুতি থোৱা প'ষ্টত গজাল মাৰি ৰাখিছে৷ খুঁটাটো অলপতে সলাইছে৷ পুৰণাটো পৰি আছে কাষতে৷ ২ ইঞ্চি ডাঠ তক্তাচটাত ফুলকটা ব'ৰ্ডাৰৰ মাজত ইংৰাজী আৰু বাৰ্মিজত দুশৰীয়াকৈ কাটি উলিওৱা হৈছে শব্দকেইটা৷ বাৰ্মিজ আখৰৰ পাকবোৰ চালোঁ মনপুতি৷ চুয়ো চালোঁ৷ কাষ্ঠকৰ্মটো মোৰ ভাল লাগিল৷ অৰুণদা, হৰছিংহঁতে ইতিমধ্যে ফটো চেচন আৰম্ভ কৰিয়ে দিছে৷
সামান্য আঁতৰত আৰ.চি.চি. ফলক এখন৷ লিখা আছে Pangsau Pass, MSL 3727 FEET, INDIA MYANMAR৷ তলৰ শাৰীটোত ভাৰত আৰু ম্যানমাৰ নিৰ্দেশ কৰা আছে দুফালে দুডাল জোঙা কাঁড়েৰে৷ সহজবোধ্য যে সোঁৱে ম্যানমাৰ, বাঁৱে ভাৰত৷ দেখুৱাই থোৱা দিশমতেই আমাৰ যাত্ৰা ভাৰতৰ পৰা ম্যানমাৰলৈ৷
ফলকখনৰ ঠিক পাছফালে কংক্ৰিটৰ এটা স্তম্ভ৷ ব'ৰ্ডাৰ প'ষ্টত সংযুক্ত তামৰ প্লে'টত পঢ়িবলৈ পালোঁ এইদৰে... B.P. 173৷ Foundation laid by Brigadier J. A. F. Dalal, Officiating Surveyor General of India and Colonel Situ Hla Aun, Director General of Survey, Burma, on the 19th February 1971৷ স্তম্ভ আৰু ফলকক কেন্দ্ৰ কৰি ফটো পৰ্ব চলিল কিছুপৰ৷ আন আন পৰ্যটকৰ কেমেৰাবোৰেও অনৰ্গল ক্লিক্ কৰি হেঁপাহ পলুৱাইহে সন্মুখলৈ অগ্ৰসৰ হৈছে৷

পাংচু, পাংচাও,
পাংচৌ ইত্যাদি কেইবা ধৰণৰো উচ্চাৰণ আমি নামপঙলৈ আহিবৰে পৰা শুনা পাই আছোঁ৷
ঘৰত ইণ্টাৰনেটত চাওঁতে Pangsau Pass or Pan Saung Pass বুলি পাইছিলোঁ৷ সিফালে নাগালেণ্ড
সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত পাংচাও নামে চাৰ্কোল এটাও আছে৷ পাংচু পাছৰ নিকটৱৰ্তী,
২ কিল’মিটাৰ
পূবত অৱস্থিত একে নামৰ বাৰ্মিজ গাঁও এখন৷ তাৰ পৰাই গিৰিপথটোৰ নামটো হৈছে বুলি
কোৱা হয়৷ ভাৰত-ম্যানমাৰ সীমাৰ পাটকাই পৰ্বতত ৩,৭২৭ ফুটত এই গিৰিপথটোৰ অৱস্থান৷ এটা শান্তিপূৰ্ণ
আৰু ইক'-ফ্ৰেইণ্ডলী অৰ্থাৎ পৰিৱেশ-অনুকূল অৱস্থান৷
অৰুণাচল প্ৰদেশৰ খামতিসকলে Pang Sau মানে camping place বুলি বিশ্বাস কৰে৷ টাই-খামতিসকলে চিন্দুইন ভেলীৰ পৰা যেতিয়া প্ৰব্ৰজন কৰিছিল তেতিয়া তেওঁলোকে ইয়াতে জিৰণি লৈছিলহি হেনো৷ Pangৰ অৰ্থ সমতল মাটি, Chowৰ অৰ্থ জিৰণি লোৱা বুলিও কোৱা হয়৷ পূৰ্বপুৰুষলৈ শ্ৰদ্ধা নিৱেদন কৰিবলৈ সেই লোকসকলৰ বংশধৰসকলে আজিও পাংচু গিৰিপথলৈ আহে৷ চিংফৌ আৰু টাংচা জনগোষ্ঠীৰ লোকসকলেও এই গিৰিপথটোক পৱিত্ৰ জ্ঞান কৰে৷ এই পথেৰেই স্বৰ্গদেউ চ্যুকাফাই সমন্বয়ৰ বাণী কঢ়িয়াই লৈ আহি সম্প্ৰীতিৰ বৰ-অসম গঢ়িছিল৷
পাংচু গিৰিপথৰ মুখৰ পৰাই যেন আৰম্ভ হৈছিল ভয়ংকৰ নৰক যাত্ৰা৷ সাংঘাতিক গৰা, বোকাৰে পোত গৈ থকাৰ ফলত অহা-যোৱা অতিমাত্ৰা কষ্টকৰ হোৱা হেতুকে দ্বিতীয় মহাযুদ্ধৰ সময়ত ইয়াক ‘হে’ল পাছ’ উপনাম দিয়া হৈছিল৷ নামপঙৰ পৰাই নৰক যাত্ৰাৰ আৰম্ভণি হৈছিল হেতুকে নামপঙক বোলা হৈছিল ‘হে’ল গে’ট’ অৰ্থাৎ নৰকৰ দ্বাৰ৷ ব্ৰিটিছ-আমেৰিকান সৈন্যবোৰেই আছিল এই নামটোৰ দাতা৷ উপত্যকাটোক কোৱা হৈছিল ডে’থ্ ভেলী, মৃত্যু উপত্যকা, য'লৈ আমি গৈ আছোঁ৷

আচলতে মাচুম বস্তি, আজিৰ নামপঙক হে’ল গে’ট
এই কাৰণেই কোৱা হৈছিল যে যুদ্ধবিধ্বস্ত বাৰ্মাৰ পৰা খোজ কাঢ়ি অহা ভগনীয়াবোৰে সেই
সময়ত চেষ্টা কৰিছিল যেনেতেনে মাচুম বস্তি পাবলৈ৷ মাচুম বস্তিৰ দ্বাৰ পোৱাৰ পাছত ইয়াত
পাতি ৰখা অভ্যৰ্থনাথলীত তেওঁলোকে আতিথ্য লাভৰ সুবিধা পাইছিল৷ খাবলৈ দিয়া হৈছিল, নিৰাপদ
ঠাইলৈ প্ৰেৰণ কৰা হৈছিল৷ অৱশ্যে অনেকৰে তাত থকা স্বাস্থ্য শিৱিৰবোৰতে মৃত্যু ঘটিছিল৷
এনেকৈ বহুদূৰ আহি লক্ষ্যস্থান মাচুম বস্তি পোৱাৰ পাছত আৰু বহু মানুহ ইয়াত থাকি মৃত্যুমুখত
পৰাৰ কাৰণে মাচুম বস্তিক বোলা হৈছিল হে’ল
গে’ট৷ মৃত্যু সহজলভ্য হৈ পৰিছিল জীয়াই থাকিম বুলি
হাবি-বন ফালি পৰম আশাৰে অহা মানুহবোৰৰ৷ সঁচাকৈয়ে নৰককুণ্ড,
মৃত্যুৰ দুৱাৰডলি, নৰকৰ দুৱাৰ, হে’ল গে’ট শব্দবোৰ পৰিস্থিতিৰ সৈতে খাপ খাই পৰিছিল সেই সময়ত৷
No comments:
Post a Comment