Friday, 9 March 2018

চতুৰ্থ দিনঅংশ-১৪

আগৰ কেঁকুৰিত টিনপাতৰ ঘৰ এটা ওলাল৷ ভাৰতৰ পৰা আহি এইটোৱে আমি পোৱা প্ৰথম ঘৰ৷ বেৰাবোৰ কাঠ আৰু টিনপাতৰ৷ সন্মুখতে ৰাস্তাৰ ওপৰত দুখন গাড়ী ষ্টাৰ্ট বন্ধ নকৰাকৈয়ে ৰখাই থোৱা আছে৷ নম্বৰলৈ চাই বুজাত অসুবিধা নহ'ল যে দুয়োখনেই অসমৰ গাড়ী৷ তিনিচুকীয়া জিলাৰ৷ গাড়ীৰ পৰা মানুহ নামি ঘৰটোৰ ফালে যোৱা দেখিছিলোঁ৷ সিফালে চকী-টেবুল লৈ তিনিজন যুৱক বহি আছে৷ কেমেৰাৰ বাবে পইচা লৈছে৷ মই কেমেৰা আগতেই বে'গৰ ভিতৰত লুকুৱালোঁ৷ মানে বাগি দিলোঁ৷ পইচা দিয়াৰ মতলব নাই৷ অৰুণদাই ৫০০ টকা ভৰিলে৷ তাকে দেখি অনিলদা নাৰাজ৷ 'আমাৰ লগত ৫টা কেমেৰা আছে বুলি তেওঁলোকেতো নাজানে৷ হয়নে নহয়? গতিকে টকা ২০০ মান দিলেও হ'লহেঁতেন কিজানি৷ ক'লে বুলিয়ে আপুনি কিয় ৫০০ দি দিলে?' অনিলদাৰ জেৰা৷ বিপৰীতে অৰুণদাৰ চিধা উত্তৰ৷ 'আনৰ দেশলৈ আহিছোঁ যেতিয়া অলপমান টকাৰ কাৰণে সেইবোৰ ৰিস্ক নোলোৱাই ভাল৷'

বাক্যটো কৈয়ে অৰুণদা গহীন হৈ পৰিল৷ মনৰ মাজত আত্মসমালোচনা চলিব পায় চাগৈ৷ ইফালে টীম-এ'ৰ সৰু ডিজিটেল কেমেৰাকেইটা পকেটে পকেটে আত্মগোপনৰত অৱস্থাতে আছে৷ যাবৰ পৰত ল'ৰাকেইজনৰ ফটো এখন তুলিব বিচৰাত সঞ্জুক তেওঁলোকে বাধা দিলে৷ সঞ্জুৰো সাংবাদিকৰ বুদ্ধিমত্তা৷ যুৱককেইজনৰ ওপৰত সন্দেহ ঘনীভূত হ'ল৷ আচল কথাটো অলপ পাছতে ফাদিল কৰি পেলালে৷ ডেকাকেইটা ম্যানমাৰী নহয়, ভাৰতীয়৷ থাপতে পাই ধন উঠোৱাত লাগিছিল৷ সেনাৰ জোৱান আহি আছে বুলি শুনাৰ পাছতে ফৰিং ছিটিকা দিলে৷ অৰুণদালৈহে বেয়া লাগিল৷ অনাহকত ৫০০ ভৰিলে৷ 'যি হ'ল হ'ল দিয়ক দাদা৷' এইবুলি আমি কথাটো পাতলাই দিলোঁ আৰু লক্ষ্যপথত আগুৱান হ'লোঁ৷

এইডোখৰৰ পৰা ৰাস্তাটো এঢলীয়াকৈ নামি গৈছে৷ তলত এটা কেঁকুৰি৷ পথৰ কাষত হাবি-জংঘল কাটি চাফা কৰি ৰখা দেখা পালোঁ৷ ডাঙৰ ডাঙৰ গছ কিছুমান বগৰাই পেলােৱা হৈছে৷ ঘন ঘনকৈ খুঁটা পুতি কাঠৰ বাটাম গজাল মাৰি ঠাই কিছুমান বেৰিও ৰাখিছে৷ 
জুম খেতিৰ বাবে মোকলোৱা যেনেই লাগিল৷ আমাৰ কাৰবি আংলঙৰ পাহাৰতো অনুৰূপ ধৰণে বনাঞ্চলৰ ধ্বংসযজ্ঞ চলে৷ উদ্দেশ্যটোও একে৷ জুম খেতি কৰাটো আচলতে পাৰ্বত্য অধিবাসীৰ একক বৈশিষ্ট্য বুলিয়ে গণ্য কৰা হয়৷ ৰাজু গগৈয়ে 'বিশ্বকোষ'ত লিখিছিল... উপক্ৰান্তীয় জলবায়ুৰ অন্তৰ্গত এই অঞ্চলক মৌচুমী বৃষ্টিপাতে বাৰুকৈ সিক্ত কৰি ৰাখে৷ কটা আৰু জ্বলোৱা পদ্ধতিৰে পাহাৰৰ ঢালবিলাক পৰিষ্কাৰ কৰি কাচিনসকলে জুম খেতি কৰে৷ এই পদ্ধতিটোক টংগা বুলি কোৱা হয়৷ পাহাৰীয়া ধানেই হৈছে তেওঁলোকৰ প্ৰধান খাদ্যশস্য৷ কাচিনত আন এবিধ উল্লেখযোগ্য শস্যও হয়৷ সেয়া হ'ল আফু৷ মাদক দ্ৰব্য হিচাপে আফুৰ উপৰি ধঁপাত আৰু চাউলৰ পৰা তৈয়াৰী সুৰা কাচিনসকলে ব্যৱহাৰ কৰে৷ কৃষিজীৱী কাচিনসকলৰ খাদ্য-তালিকাত মাংসৰ স্থান নগণ্য৷ বিশেষ উপলক্ষ্যত বা আৱশ্যক অনুসৰিহে তেওঁলোকে মাছ ভক্ষণ কৰে৷ পূজা-পাৰ্বণত আহুতি দিবৰ নিমিত্তে গৰু, ম'হ, গাহৰি, কুকুৰা, হাঁহ, পাৰ আদি পোহে৷ বৃদ্ধাৱস্থাত পিতৃ-মাতৃৰ যত্ন ল'ব বুলি আশা কৰি কাচিন সমাজত ঘৰখনৰ লগতে কৃষিকৰ্মৰ সকলো অধিকাৰ কনিষ্ঠ পুত্ৰজনক অৰ্পণ কৰা হয়৷

এইবাৰ সন্মুখত অন্য এক আশ্চৰ্য৷ কাঠৰ গে'ট এখন৷ দুপতীয়াকৈ মেলি থোৱা আছে৷ যেন গাঁৱৰ কোনোবা সম্ভ্ৰান্ত ঘৰৰ পদূলিমূৰৰ গে'টহে৷ দুকাষত একে ধৰণৰ বেৰা৷ এইখন ম্যানমাৰৰ গে'ট৷ ভাৰতৰখন আছিল গছৰ ডাল আৰু বাঁহৰ৷ তাতোকৈ এইখনৰ অৱস্থা ভালহে দেখিছোঁ৷ গে'টৰ গুৰিৰ মাটিখিনি নকৈ কাটি সমান কৰিছে যদিও ওখোৰা-মোখোৰা হৈয়ে আছে৷ তেনেকৈয়ে গাড়ী আৰু বাইক সোমাইছে-ওলাইছে৷ ঠাইখিনি সেমেকা৷ গে'টখন পাৰ হৈয়ে সোঁহাতে কাঠেৰে নিৰ্মিত বুথ এটা৷ দাঁতিতে পাথৰ তিনিটা আৰু গছৰ শুকান ডাল পৰি আছে৷ ঠাণ্ডাৰ পৰা নিস্তাৰ পাবলৈ ইয়াত জুই ধৰা হয়৷ ষ্টীলৱেল ৰ'ডটো বাঁওহাতলৈ ঘূৰিছে৷ এই স্থানৰ পৰা আগলৈ একো নেদেখি৷

ৰাস্তাটোৰ সোঁ কাষেৰে নিৰ্দিষ্ট দূৰত্বৰ মূৰে মূৰে পোতা টেলিফোনৰ খুঁটাৰ দৰে খুঁটা কিছুমান আৰু তাৰ সহায়তে ওপৰেদি টানি অনা শকত তাঁৰ এডাল বহু আগৰে পৰাই পাই আহিছোঁ৷ বিদ্যুৎ পৰিবাহী নে টেলিফোনৰ যোগাযোগ? ফোনৰ কেবলেই হ'ব৷ বাঁওহাতে মাটিৰ ওপৰেৰে নীলা ৰঙৰ পাইপ এডাল৷ এইডাল নিশ্চয়কৈ পানীৰ পাইপ৷ উৎসটো কেনি আছে সেইটোহে গম নাপাওঁ৷

গে'টত কৰ্তব্যৰত দুজন বন্দুকধাৰী পালোঁ৷ সোলোক-ঢোলোক ইউনিফৰ্ম৷ ম্যানমাৰ ব'ৰ্ডাৰ পুলিচৰ ৰূপ দেখি হাঁহিয়ে উঠিল৷ গতিয়াই দিলেই পৰি যাব৷ মুখাবয়ৱ নগা লোকৰ দৰে৷ পিছে নগাৰ দৰে শাৰীৰিকভাৱে শক্তিশালী নহৈ তেনেই লেহুকা যেনহে লাগিল৷ এজনৰ মূৰত বান্দৰ টুপী৷ গাত চামৰাৰ জেকেট৷ ভৰিত হাণ্টিং জোতা৷ কান্ধত বন্দুক লৈ আছে৷ ভাৰতৰ পৰা অাহি এইখিনি পোৱা পুৰুষ-মহিলা কেইজনমানে তেওঁৰ লগত কিবা কথা পাতি আছে৷ কি পাতিছে নাজানো৷ আমি কেইখোজমান আগ বাঢ়ি আহি আনজনৰ ওচৰত ৰ'লোঁ৷ এওঁৰ কান্ধতো বন্দুক৷ এহাতত চিগাৰেট৷ দেখাত ড্ৰাগছ বা অন্য নিচাসক্ত যেন লাগিছে৷ সঞ্জু কাষ চাপি গ'ল৷ নাগামিজেৰেই ইণ্টাৰভিউ আৰম্ভ কৰি দিলে৷ নামটো উলিয়ালে৷ সীমা ৰখীয়াৰ নাম টামথান৷ সীমান্তৰ গে'টখনৰ সৈতে ৰখীয়াজনৰ ফটো এখন ল'ব পাৰিলেহে যাত্ৰাটোৰ সাৰ্থকতা থাকিব৷ তাকে ভাবি কেমেৰা উলিয়ালত 'ন' ফটো ন' ফটো' বুলি চিৎকাৰ কৰিব ধৰিলে জোৱানজনে৷ সঞ্জু তেওঁৰ অধিক কাষ চাপিল৷ ড্ৰাগছ আসক্ত লোকক মুগ্ধ কৰাৰ মন্ত্ৰ জনা আছে৷ ভাষাৰ দূৰত্ব আঁতৰ হ'লত একেলগে থিয় হ'বৰ বাবে সৈমান হৈ হ'ল৷ কেমেৰা দেখি চিঞৰি উঠা জোৱানজনে জ্বলন্ত চিগাৰেট আৰু বন্দুকটো ধৰি আছে৷ অন্যমনষ্কতা আৰু কথাৰ লাচতে মোৰ কেমেৰায়ো ক্লিক্‌ কৰিলে৷

বাৰ্মিজ আৰ্মী হেনো খুউব দুৰ্ধৰ্ষ আৰু পাকৈত৷ পাহাৰীয়া অটব্য অৰণ্যতো তেওঁলোকৰ তৎপৰতা দেখিলে আচৰিত হব লাগে৷ সাধাৰণতে কাচিনৰ নগৰবিলাকত বাৰ্মিজ আৰ্মীয়ে ছাউনী পাতে৷ ইফালে কে.আই.এ.ও সহজে এৰি দিয়া ভকত নহয়৷ বাৰ্মিজ আৰ্মীক অলপমান অসতৰ্ক মুহূৰ্তত পালেই এম্‌বুশ্ব কৰে৷ গে'টত পোৱা এই দুজন বাৰ্মিজ ৰখীয়াতকৈ লাষ্ট ইণ্ডিয়ান প'ষ্টত পাই অহা ভাৰতীয় সৈনিককেইজন কেইবাগুণে শক্তিশালী বুলি একে আষাৰেই ক'ব পাৰি৷

গে'ট পাৰ হৈ আগুৱাই আহি আছোঁ৷ তেনেতে জাংখঙৰ সম্বিৎ হ'ল যে জেকেটৰ পকেটত মানীবে'গটো নাই! জেকেটটো অথনিতে খুলি হাতত লৈছিল৷ চেইন খোলা৷ তাৰ মানে মানীবে'গটো বাটতে ক'ৰবাত সৰি পৰি আহিল৷ ক'ত পৰিল খবৰ নাই৷ এতিয়া উভতি যাবও নোৱাৰি৷ কেইমিটাৰমান পিছ হুহকি চালেগৈ যদিও নাই নাপালে৷ আমাৰ মনবোৰ বেয়া লাগিল৷ কি কৰা যায়? ৰাজু গগৈয়ে সমাধান এটা উলিয়ালে৷ জাংখঙক সুধিলে, 'ককাই, মানীবে'গত কিমান টকা আছিল?' 'আছিলেহ' ফ'ৰ হাণ্ড্ৰেড ফিফটি নিচিনা৷' 'হ'ব, আমি চবেই মিলি আপোনাক দি দিম৷ বাকী কথা এতিয়া পাহৰি যাওক৷' বাটত ৰৈ এইখন কৰি থাকোঁতে থাকোঁতে অৰুণদাহঁত আগ বাঢ়ি গুচি গ'ল৷ কোনোবা ধুবুৰী পালেগৈ৷ (আগলৈ)


No comments:

Post a Comment