Friday, 9 March 2018

চতুৰ্থ দিনঅংশ-১৫

ন' মেন্‌ছ লেণ্ড ইতিমধ্যে সমাপ্ত হৈছে৷ ভাৰতীয় জপনাৰ পৰা ম্যানমাৰী জপনালৈকে প্ৰায় এঘণ্টা খোজ কঢ়া হ'ল৷ তাৰ মানে এইছোৱাৰ দূৰত্ব কিমান? ৪-৫ কিল'মিটাৰ৷ এতিয়া ঘৰ কিছুমান পাইছোঁ৷ ষ্টীলৱেল পথৰ সোঁকাষে আৰ.চি.চি. গৃহ এটাৰ সন্মুখত কৰ্তব্যৰত বাৰ্মিজ সৈনিকে খাপ পাতি আছে চকী-টেবুল লৈ৷ বুজাত অসুবিধা নহ'ল যে ভাৰত-ম্যানমাৰ আন্তৰ্জাতিক সীমান্তত থকা ম্যানমাৰৰ ব'ৰ্ডাৰ চে'ক প'ষ্ট আচলতে এয়াহে৷

ওচৰে-পাজৰে চেঙেলীয়া জোৱান কেইটামানে পিয়াপি দি আছে৷ চেহেৰা দেখি আচৰিতেই হ'লোঁ৷ হাঁহি নুঠাকৈও নাথাকিল৷ ইহঁতৰ বয়স কিমান হ'বনো? ১৮ হোৱাই নাই যেন লাগিছে৷ ওঁঠ চেপিলে গাখীৰ ওলাব৷ মুখত ইফালে বাৰ্মিজ বিড়ি! জধলা বেশভূষা৷ ভাষা বুজি নাপায়৷ হাতে হাতে কিন্তু উচ্চ ক্ষমতাসম্পন্ন মাৰণাস্ত্ৰ! পৰ্যটকমখাৰো কোনো কোনোজন আকৌ কম ধূৰ্ত নহয়৷ মৰসাহসী বোলাই উচিত হ'ব৷ লগত অনা ভাৰতীয় চিগাৰেট যাচি বন্ধুত্ব গঢ়িছে সেই জধলাকেইটাৰ সৈতে৷ অংগী-ভংগীৰে ভাবৰ আদান-প্ৰদান চলিছে৷ বাঘৰ আগতেল খোৱা ডেকাকেইটাৰ মতলবটো অন্য একো নহয়, পোৱালি জোৱানৰ হাতৰ পৰা অত্যাধুনিক অস্ত্ৰটো নিজ হাতে এবাৰ লৈ যেনে-তেনে ফটো এখন উঠা৷ বচ, সিমানেই৷ এইটো কৰিব পাৰিলেই যেন জীৱন ধন্য!

দেশখনৰ চৰকাৰী পক্ষ, সেনা আৰু বিদ্ৰোহীয়ে শিশু-সৈনিক মকৰল কৰা আৰু প্ৰতিৰক্ষামূলক কামত খটুৱাক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ষুৰধাৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে৷ ইউনিছেফৰ তৎপৰতাত ৰাষ্ট্ৰসংঘৰ ইণ্টাৰনেছনেল লেবাৰ অৰ্গেনাইজেছনৰ প্ৰতিনিধি দলে যোৱা বছৰৰ ৫ জুলাইত ম্যানমাৰ চৰকাৰক আহ্বান জনাইছিল কম বয়সীয়া যোদ্ধাবোৰক সেনাবাহিনীৰ পৰা অব্যাহতি দিয়াৰ বাবে৷ ৰাধিকা স্বামীৰ নেতৃত্বত অহা দলৰ অনুৰোধত চৰকাৰে ছেপ্টেম্বৰ মাহত ৪২জন নাবালক সৈন্যক বাহিনীৰ পৰা অব্যাহতি দিছিল৷ তাৰ আগতে ৰাষ্ট্ৰসংঘৰ প্ৰচেষ্টাত জুন মাহত মুক্তি পাইছিল ১৭৬জনে৷ কিন্তু এতিয়াও চৰকাৰী সেনাবাহিনী ম্যানমাৰ নেছনেল আৰ্মীৰ উপৰি কাচিন ইণ্ডিপেণ্ডেন্স আৰ্মী, শ্বান ষ্টেট আৰ্মী চাউথ, কাৰেন নেছনেল লিবাৰেচন আৰ্মী, কাৰেননি আৰ্মী, ডেমক্ৰেটিক কাৰেন বুদ্ধিষ্ট আৰ্মী, ইউনাইটেড ৱা ষ্টেট আৰ্মী আদি সীমা-সংখ্যা নোহোৱা বিদ্ৰোহী, পৰস্পৰ বিদ্ৰোহী সংগঠনসমূহত বহুসংখ্যক শিশু-সৈনিক জড়িত হৈ আছে৷ ১২ বছৰ বয়সতে এই ল'ৰা-ছোৱালীবোৰক নিয়োগ কৰা হয়৷ আজিৰ পৰা ১০ বছৰ পূৰ্বে পৰিসংখ্যাটো আছিল ৭০,০০০৷ ম্যানমাৰৰ ১৮ বছৰৰ তলৰ শিশু-সৈনিকৰ সংখ্যাটো এতিয়া পৃথিৱীৰ ভিতৰতে ডাঙৰ৷ গড় বয়স ১৪৷ দেশখনৰ এইটো এটা ডাঙৰ সমস্যা৷ দৰিদ্ৰতা, অৰ্থনৈতিক মন্দাৱস্থা, চৰকাৰী দুৰ্নীতি ইয়াৰ মুখ্য কাৰণ৷ এটা অতি চিন্তনীয় আৰু দুঃখদায়ক কথা৷

নামপঙত আছাম ৰাইফলছে দিয়া টকেনটো নিৰীক্ষণ কৰি এই স্থানতে ম্যানমাৰৰ ব'ৰ্ডাৰ গাৰ্ড পুলিচ ফ'ৰ্চৰ ইউনিফৰ্ম পৰিহিত লোকে তেওঁলোকৰ টকেন এটা মোৰ হাতত দিলে৷ কাগজটুকুৰা অকণমান ডাঠ, মুগা বৰণীয়া৷ ভাৰতীয় ট'কেনটোৰ দৰে বৰ্গক্ষেত্ৰাকাৰ নহয়, দীঘলীয়া৷ এয়াই ভিছা! 'ভিছা পালোঁ যেতিয়া ম্যানমাৰৰ ভিতৰত আমি নিৰ্বিঘ্নে প্ৰৱেশ কৰিব পাৰোঁ এতিয়া৷' হাঁহি মাৰি দলৰ সদস্যবৰ্গক ক'লোঁ৷ ইফালে বি.জি.পি.এফ.ৰ ফালৰ পৰা সময় নিৰ্দিষ্ট কৰা আছে৷ তাৰ ভিতৰত এইখিনি পাবহি লাগিব৷ টকেন ঘূৰাই দি স্বদেশমুৱা হ'ব লাগিব৷ তাৰ বাদে গত্যন্তৰ নাই৷ ব'ৰ্ডাৰ গাৰ্ডে আমাক শাৰী পতাই এবাৰ গন্তি কৰিলে৷ তাৰ পাছতে এজনে 'যাবি যাবি' বুলি আগ বাঢ়িবলৈ ক'লে৷ সেউজ সংকেত পাই আমিও পুনৰ বাট বুলিবলৈ ধৰিলোঁ৷ বিদেশৰ মাটিত আছোঁ বুলি এতিয়াহে ভাব হ'ল৷

সামান্য নামি গৈ আগত দ্বিতীয় গে'ট এখনে চকুৰ আগত ভুমুকি মাৰিলে৷ ৰাস্তাৰ ওপৰতে কাঠৰ দুপতীয়া গে'টখন৷ মেল খাই আছে৷ দুকাষলৈও একে ধৰণতে বেৰা দি বন্ধ কৰি ৰাখিছে৷ ৰং মাৰি ধুনীয়া কৰিও থৈছে৷ পদতলত শিলগুটি দিয়া পথ৷ আলকতৰাৰ চামনি কেতিয়াবাতে উৰিল৷ সোঁহাতৰ ঠাইখিনি ষ্টীলৱেল ৰ'ডটোৰ পৰা অলপমান ওখ৷ উঠি গৈ দেখিলোঁ, তাত হে'লিপেড এটা আছে৷ ভিউ পইণ্ট বুলিব পাৰি৷ মানুহবোৰে তাতে ৰৈ পোনে পোনে দূৰত তললৈ দৃশ্যমান হোৱা লে'ক অফ্‌ ন' ৰিটাৰ্ণৰ 'ফাৰ্ষ্ট ভিজুৱেল' স্বচক্ষে উপভোগ কৰাত লাগিছে৷ কিছুমানে ঘাঁহনিত বহি জিৰাইছে৷ লগত অনা কিবাকিবি খাইছে৷ ৰং-তামাচা কৰিছে নেদেখাক দেখাৰ সফলতাত৷

ষ্টীলৱেল পথটো আগলৈ গুচি গৈছে৷ ভালকৈ দেখা পাই আছোঁ, সামান্য আগলৈ সেয়া পানছালিং, য'ত আছে ব'ৰ্ডাৰ মাৰ্কেট৷ বজাৰখন নাপাওঁতেই কেঁচামাটিৰ দুটা ৰাস্তা দুফালে ফাটি গৈছে৷ বাওঁহাতৰটো ক্ৰমান্বয়ে পাহাৰৰ ওপৰলৈ উঠিছে৷ সোঁহাতে নামনি অভিমুখীটোৱে হৈছে হ্ৰদলৈ যোৱা বাট৷ জাংখঙে চিনি পায়৷ তেৱেঁই এতিয়া আমাৰ গাইড৷ চাৰিআলিটোৰ পৰা লে'কলৈ ৩ কিলমিটাৰমান হ'ব৷ পৰ্যটকেৰে গিজগিজাই আছে অঞ্চলটো৷ আমি সদ্যহতে ব'ৰ্ডাৰ বজাৰলৈ নাযাওঁ৷ পোনে পোনে হ্ৰদৰ পাৰলৈহে যাম৷ ঐতিহাসিক নংয়্যাং হ্ৰদটো আমাৰ বাবে অধিক আকৰ্ষণীয় আৰু এই যাত্ৰাৰ মূল লক্ষ্য৷

সৌৱা তলত জিলিকি আছে লে'ক্‌ অফ্‌ ন' ৰিটাৰ্ণ৷ এটা জলাশয়, য'ৰ পৰা কস্মিন কালেও কোনো উভতি অহা নাই বুলি কোৱা হৈছিল৷ আমাৰ মনতো কিছু কিছু দ্বিধাবোধ নথকা নহয়৷ তালৈ গ'লে ঘূৰি আহিব নোৱাৰিম নেকি আকৌ? এঃ সেইবোৰ মিছা কথা৷ সি যি কি নহওক, সাৱধানীৰ মৰণ নাই৷ গতিকে প্ৰতি মুহূৰ্ততে সাৱধান হৈ থাকিব লাগিব৷ উতনুৱা হৈ স্থান-কাল পাহৰি বোকাত সোমাবগৈ নালাগিব৷ এনেয়েও পানীৰ পৰা মই সকলো সময়তে সাৱধানে থাকোঁৱেই৷ সাঁতুৰিব নাজানোযে! (আগলৈ)


No comments:

Post a Comment