চতুৰ্থ দিন, অংশ-২৬
ছিং ক্ৰ' দাদাই লে'কৰ পাৰৰ বোকামাটি একাঁজলি সংগ্ৰহ কৰি লৈছে৷ মতলবটো কি জনা নগ'ল৷ এনেকুৱা ভেৰভেৰীয়া বোকাত লাগি ধৰিয়ে এসময়ত বহুত মানুহৰ প্ৰাণ গৈছে৷ মই চিন্তা কৰিলোঁ, ইয়াৰ পৰা ঘৰলৈ একো নিনিওঁ৷ ইয়ালৈ অহাৰ কিবা চিন এটাহে থৈ যোৱা যাওক৷ কিন্তু কি কৰোঁ? কৰোঁ কি? খৰকৈ চিন্তা কৰাত লাগিলোঁ৷ পানীৰ বটলটো ইতিমধ্যে আদায়প্ৰায়৷ ঘৰৰ পৰা অনা, থলুৱাভাৱে প্ৰস্তুত কৰা মিনাৰেল ৱাটাৰৰ বটল এইটো৷ KANCH৷ নামটোতেই আমাৰ জিলাখনৰ পৰিচয় লুকাই আছে৷ সদ্ব্যৱহাৰ কৰোঁ বুলি তাকেই হাতত তুলি ল'লোঁ৷
অৱশিষ্ট পানীখিনি মুখত ঢলাৰ পাছত বিচাৰি বিচাৰি বটলটোত শুকান দলি এগালমান ভৰালোঁ৷ খালী বটলটো লাহে লাহে গধুৰ হৈ আহিল৷ তাৰ পাছত পকেটত মজুত থকা ভিজিটিং কাৰ্ড এখন আলফুলে বাহিৰ কৰিলোঁ৷ ডাঠ কাৰ্ডখনৰ পাছফালে আমাৰ দলৰ আটাইৰে নাম আৰু তাৰিখ খোদিত হ'ল৷ আগফালে ঠিকনা প্ৰিণ্ট কৰা আছেই৷ কাগজখন নুৰিয়াই বটলৰ ভিতৰত সুমুৱাই সাঁফৰখন টানকৈ মাৰি দিয়া হ'ল৷ এইবাৰ এক, দুই, তিনি বুলি চিঞৰ মাৰি গাৰ সমস্ত জোৰেৰে পানীলৈ বুলি দিলোঁ দলিয়াই৷ বতাহ ফালি বটল গুচি গ'ল উৰি৷ ধুচ্৷ বাহুবলৰ জোখাৰে যিমান যাব লাগে গৈ পানীৰ মাজত পৰিলগৈ৷ বচ, পাছত কেতিয়াবা কোনােবাই পালে, খুলি চালে জানিব যে এই এই নামৰ যাত্ৰিক এইটো দিনত এইখিনি পৰ্যন্ত আহিছিল৷ কুকুৰা কাটি হাত ধোৱা হৈছিল ইয়াত৷ কামটো কৰি ময়ো হাত ধুলোঁ লে'কৰ পানীত৷ মুখখনো ধুলোঁ৷
'ইয়াতচোন একোৱেই নাই৷ এনেয়ে আহিলোঁ৷' কেইজনমান পৰ্যটকে নিজৰ ভিতৰতে অসমীয়াতে ডাঙৰ ডাঙৰকৈ এনেকৈ কথা পাতিছে৷ বাক্যকেইটা মোৰ কাণত পৰা নাই৷ শুনা পালে অৰুণদাইহে৷ ভ্ৰমণকাৰীৰ প্ৰতিক্ৰিয়াত তেওঁ হতভম্ব৷ পোনেই আমাৰ ওচৰলৈ আহি প্ৰসংগটো বেকত কৰিলে৷ লগতে এষাৰ ক'লে৷ 'ইতিহাসৰ সামান্যতমো জ্ঞান থকা হ'লে তেওঁলোকে নিশ্চয় এনেকৈ নক'লেহেঁতেন৷' বেচেৰাকেইটালৈ পুতৌ জন্মিল অৰুণদাৰ৷ মোৰ আকৌ অথনি ফেষ্টিভেল গ্ৰাউণ্ডত চুট-টাই মৰা ভদ্ৰলোকজন আৰু তেওঁৰ ভাষ্যলৈহে তৎক্ষণাৎ মনত পৰি গ'ল৷ প্ৰকৃত ভ্ৰমণ-অনুভূতি নথকা মানুহ কিছুমানৰ বাবেই আমাৰ মুলুকত পৰ্যটন উদ্যোগটোৱে আজিও গা কৰিব পৰা নাই৷ আমি কেৰালা, তামিলনাডুৰ নাম লওঁ, গুণ-গান কৰোঁ৷ নিজৰ ইফালে থাকিও নথকা অৱস্থা৷ মহামহিম ৰাজ্যপাল মহোদয়ে ঠিকেই কৈছিল৷ 'নৰ্থ-ইষ্টৰ মানুহে আমেৰিকাৰ কথা জানে, নিজৰ ভিতৰৰ কথা কিন্তু নাজানে৷'
আনৰ কথা ক'ব নোৱাৰোঁ, পেছাগত কাম আৰু ব্যস্ততাক বুঢ়া আঙুলি দেখুৱাই অতীজৰ এই কল্পৰাজ্যলৈ সুদূৰ ডিফুৰ পৰা ঢপলিয়াই আহিছিলোঁ দলবান্ধি, পাংচু পাছ ৱিণ্টাৰ ফেষ্টিভেলৰ সময় আৰু সুযোগটো আহোঁতেই৷ অন্যথা দেখদেখকৈ এবছৰ ৰ'ব লাগিব৷ বুৰঞ্জীয়ে পৰশা জলাশয় এটিৰ অনেক দশকৰ পাছত হ'লেও আজি জীৱন্ত ৰূপ দৰ্শন কৰি শিহৰিত হ'লোঁ৷ হৃদয় জুৰালোঁ, মন ভৰালোঁ৷ নান্দনিক সৌন্দৰ্যৰ দৃষ্টিমধুৰ আকৰ্ষণ পিছফালে থৈ, মনে মনা নাই যদিও সময় চমু চাপি অহাৰ লগে লগে আমি ওভতনি যাত্ৰা আৰম্ভ কৰিবৰে বেলি হ'ল৷ ম্যানমাৰ আৰু ভাৰতৰ সীমা ৰখীয়াই দি পঠোৱা পৰিচয় চিহ্নকেইটা ঠিকে-ঠাকে আছেনে বাৰু? ইমান পৰে একেবাৰে পাহৰি থকা ট'কেনকেইটাৰ উমানটো লৈ ল'লোঁ এবাৰ৷ আছে আছে, ঠিকেই আছে৷ মানীবে'গৰ চুকত সংগোপনে সোমাই আছে ভিছা আৰু পাছপ'ৰ্ট৷ এই দুয়ে বন্ধা সময়ৰ নিৰ্দেশানুক্ৰমে চলিছে আমাৰ আজিৰ সমস্ত পৰিক্ৰমা৷
মটৰবাইককেইখনলৈ চাপি গ'লোঁ৷ বন্দৱস্ত অনুযায়ী সঞ্জু আৰু পংকজ দাস উঠিল খেয়ামৰ লগত৷ নাওনাওৰ পাছফালে ৰাজু গগৈ আৰু অচিনাকি পৰ্যটক এজন বহিল৷ সিজন আগৰে পৰা ৰৈ আছিল, সহযাত্ৰী এজনৰ আশাত৷ জাংখং আৰু মোৰ বাবে বাইক নাই! আগত পাই যাম বুলি কোৱাত সকাহ পালোঁ যেনিবা৷ বোকা খচকি জংঘলী বাটেৰে আমি দুয়ো খোজেৰেই মুকলিলৈ ওলাই আহি থাকিলোঁ৷ চকুৱে দেখি থকা পৰ্যন্ত লে'ক্ অফ্ ন' ৰিটাৰ্ণৰ জলৰাশিলৈ চাই আহিছোঁ৷ ঘূৰি যাব নোৱাৰা হ্ৰদটোৰ পৰা উভতিব পাৰিম যেন লাগিছে৷ এইবাৰ উভতি যাওঁ৷ আকৌ আহিম, সময়-সুবিধা-সুযোগ একত্ৰিত হ'লে৷ নিশ্চয়কৈ আহিম৷ এইবাৰৰ অভিজ্ঞতাই পিছৰবাৰক অধিক মজবুত কৰিব৷ কিতাপৰ শিক্ষাতকৈ অভিজ্ঞতাৰ শিক্ষা বেছি কাৰ্যকৰী৷
এঠাইত ভালেকেইখন বাহন ৰৈ আছে৷ মানুহবোৰে হেতা-ওপৰা লগাইছে৷ আমাৰ ভাগত নপৰিলেই৷ জাংখঙে টাংচা ভাষাতে বুজাই মেলি এখন খাটাং কৰিছিল৷ সেইখনো ষ্টাৰ্ট নোহোৱা হৈ থাকিল! এতিয়া কি হ'ব? বাকী সংগীসকল ইতিমধ্যে কোনোবা ধুবুৰী পালেগৈ৷ অৰুণদাহঁতৰতো আগতেই কথা ঠিক হৈ আছিল পেট্ৰৱাহঁতৰ লগত৷ পাহাৰ বগালেই চাগৈ ইমানপৰে৷ আমাৰ দুটাৰ কি হ'ব?
চালকজনে আপ্ৰাণ চেষ্টা চলাইছে বাহনখন ভাল কৰিবলৈ৷ নহ'লে তেওঁৰো বজাৰ মন্দা হ'বগৈ৷ বেলিৰ অৱস্থানটোলৈ চাই এতিয়াও দুই-চাৰি ট্ৰিপ মৰাৰ সুযোগ আছে৷ উদ্ধাৰকাৰীৰ ৰূপত অন্য এক চালক হাজিৰ হ'লহি৷ জাংখঙে ওচৰতে বহি লৈ আলেখলেখ চাই আছে৷ ইফালে ড্ৰাইভাৰ-কাম-মেকানিকজনৰ লগত ৰেন্স, স্ক্ৰু ড্ৰাইভাৰ বুলিবলৈ মেচিন টুল্ছৰ ম-টোও নাই৷ সঁজুলিৰ নামত হাতৰ আঙুলি আৰু গছৰ সৰু ডাল এটা৷ তাৰেই খুঁচি খুঁচি অবিশ্বাস্যভাৱে অলপ পাছত ইঞ্জিন ষ্টাৰ্ট কৰি পেলালে৷ আদিৰ পৰা অন্তলৈ নাতিদূৰৰ পৰা মই লক্ষ্য কৰি থাকিলোঁ৷ জবৰজং কাৰবাৰ৷ চাইলেন্সাৰেদি ভক্ভক্কৈ ক'লা ধোঁৱা এসোপা বাজ হ'ল৷ চালক বহিল৷ মোকে জাংখঙকে উঠিবলৈ ইংগিত দিলে৷ ৰ'বৰ সময় নাই৷ গাইপতি ডেৰশকৈ তিনিশত বন্দৱস্ত৷ লক্ষ্যস্থান ব'ৰ্ডাৰ মাৰ্কেট৷ আৰম্ভ হৈ গ'ল অবিস্মৰণীয় এক চফৰ৷ (আগলৈ)

No comments:
Post a Comment