Tuesday, 3 April 2018


চতুৰ্থ দিনঅংশ-৩৬

নংকি বস্তিলৈ সোমাওঁমানে চৌপাশ কাণি-মুনি হল৷ ষ্টীলৱেল পথ এৰি সোঁহাতে আগ বাঢ়িছে আমাৰ বলেৰখন৷ দিনটোৰ বিভিন্ন মুহূৰ্তৰ ছবিবোৰ ঘূৰি ঘূৰি মনলৈ আহি আছিল৷ গাড়ীখনৰ বৰ্ধিত হেন্দোলনিয়ে স্মৃতিচাৰণত ব্যাঘাত জন্মালে৷ জীৱনৰ বাবে মনত ৰাখিবলগীয়া দিন এটা পাৰ হল আজি৷ সঁচাকৈয়ে এইটো এটা বিশেষ দিন যিটো দিনত আমি ইণ্ডিয়ান বাৰ্মুডা ট্ৰায়েংগল, লে'ক্‌ অফ্‌ ন' ৰিটাৰ্ণ দেখিলোঁ৷ পাংচু পাছ, স্বৰ্গদেউ অহা বাটেৰে খোজ কাঢ়িলোঁ৷ আন্তঃৰাষ্ট্ৰীয় সীমান্ত ইপাৰ-সিপাৰ হ'লোঁ বিনা বাধাই৷ দ্বিতীয় মহাযুদ্ধখ্যাত ডে'থ ভেলী, হে'ল পাছ, হে'ল গে'ট চিনিলোঁ৷

চাংঘৰৰ খটখটিত ভৰি দিছোঁ কি নাই, সিফালৰ পৰা নাজঙে মাত দিলে, ম্যানমাৰ কেনেকুৱা লাগিল দাদা? ভাল লাগিল বাইদেউ৷ সমানে সমানেই উত্তৰ দিলোঁ৷ বাৰাণ্ডাৰ একোণত বহি তাই নিশাৰ সাঁজৰ বাবে চাউল জাৰি আছিল৷ আমাৰ প্ৰত্যেককে দাদা বুলি সম্বােধন কৰে তাই৷ আমি তাইক বাইদেউ৷ অদ্ভুত সম্পৰ্ক৷ কথাৰ লগে লগে ব'ৰ্ডাৰ বজাৰৰ পৰা তাইলৈ বুলি অনা বিস্কুটৰ পেকেট দুটা আথে-বেথে হাতত তুলি দিলোঁ৷ একোটা পেকেট নিজৰ লগত ৰাখিলোঁ, ঘৰলৈ নিবৰ বাবে৷ তাৰ বাহিৰে অন্য একোৱেই মই অনা নাই৷

হাত-মুখ ধুই অঁতাওঁমানে চাহ হল৷ পাকঘৰৰ জুহালতে নাজঙে আমাক চাহ দিলে৷ লগত বিস্কুট৷ মই অনা বিস্কুট দুবিধো দিছে৷ ভাল লাগিল খাই৷ 'মান্দালয়ত তৈয়াৰী বিস্কুটবিধ ইমান মজা লাগিছে! আৰু কেইপেকেটমান বেছিকৈ নানিলোঁ কিয়?' মনে মনে আফছোছ৷ চাহপৰ্বৰ মাজতে নাজঙক জনাই থ'লোঁ যে নিশাৰ ভাতকেইটা আজি সোনকালে খাবলৈ পালে ভাল হয়৷ সেই ৰাতিপুৱাতে নাকে-কাণে কেইগৰাহমান গুজি যোৱা৷ দিনটো লঘোণ৷ তাই হ'ব বুলি আশ্বাস দিলে৷

দিনৰ দিনটো পদচালনা কৰা হৈছে৷ এতিয়া অকণমান দীঘল দিয়া যাওক৷ এইবুলি মজিয়াত পাৰি থোৱা শোৱাপাটীত আমি আটায়ে শাৰী পাতি ঠাই ললোঁ৷ হাত-ভৰি মেলি বাগৰি দিয়াত বিৰাট আৰাম লাগি গল৷ তাৰ লগে লগে মনৰ পৰ্দাত উজলি উঠিব ধৰিলে যাত্ৰাকালীন ঘটনাপ্ৰৱাহ৷ লগতে আলোচনা-পৰ্যালোচনা৷ শুই শুই ভাবিব ধৰিলোঁ, আনুমানিক আজি কিমান খোজ কঢ়া হল বাৰু? ৰাজু গগৈয়েও একেটা কথাকে ভাবি আছিল৷ মৌন হৈ নাথাকি তেওঁ প্ৰশ্নটো ৰাজহুৱা কৰি পেলালে৷ নিজে নিজে হিচাপো কৰি উলিয়ালে যে সকলো মিলাই ১৬ কিলমিটাৰমান হব৷

৬ বাজি ১৫ কি ২০ মিনিট গৈছে৷ মোৰ ম'বাইল ফোনটো সশব্দে বাজি উঠিল৷ আচৰিত কথা! ইয়াত নে'টৱৰ্কৰ গম্ভীৰ সমস্যা৷ তাৰ মাজতে কাৰ ফোন আহিল? স্ক্ৰীণত চাওঁ যে আৰিফ ছিদ্দিকীৰ নামটো উজলি উঠিছে! ততালিকে ৰিচিভ কৰিলোঁ৷ তেওঁ আমাক ফেষ্টিভেল গ্ৰাউণ্ডলৈ মাতিছে৷ লগ পাব বিচাৰিছে৷ সিদিনা জয়ৰামপুৰত কাৰ্নিভেলৰ সময়ত হাত মিলালোঁ৷ তাৰ পাছত কালি আগবেলা উৎসৱথলীত উদ্বোধনী অনুষ্ঠানত সামান্য দেখাদেখি৷ এই পৰ্যন্ত ভালকৈ কথা পতাই হোৱা নাই৷ এতিয়া সময় পাই তেওঁ আমাক মাতিছে আৰু ফিল্ডতে অপেক্ষা কৰিব বুলি ক'লে৷ দিনটোৰ ভাগৰত বাকী সংগী দুজনে অনিচ্ছা প্ৰকাশ কৰাত বলেৰখন লৈ সঞ্জু আৰু মই ওলালোঁ৷ অৰুণদাক লৈ যাম৷ তেওঁক লগ পাবলৈ তলত থকা ৱিমচাম মৰাঙৰ চাং পালোঁগৈ৷

প্ৰথমতে অৰুণদাৰ স্বভাৱজাত থেৰোঁ-গেৰো, যাম-নাযাম৷ 'দিনটাে ঘূৰা-ঘূৰি কৰি আহি শেতেলিত বাগৰি দিয়াৰ লগে লগে অৱসাদে কাবু কৰি পেলাইছে৷ এতিয়া আৰু ক'লৈকো যাবলৈ মন যোৱা নাই হে'' জাতীয় বাক্য৷ মৰ-কামোৰ নেৰাত শেষত ওলাবলৈ বাধ্য হ'ল যেনিবা৷ আমি তিনিও গ্ৰাউণ্ড পালোঁগৈ৷ মঞ্চত সন্ধিয়াৰ সাংস্কৃতিক বিচিত্ৰানুষ্ঠান৷ জনজাতীয় নাচ-গানৰ প্ৰদৰ্শন চলি আছে৷ টাংচাসকলৰ ৰংৰাং যুদ্ধ-নৃত্য, লুংচাং নৃত্য, চিংফৌসকলৰ বাঁহেৰে কৰা যুদ্ধ-নৃত্য ইত্যাদি৷ কিছু পৰ চালোঁ থিয়ৈ থিয়ৈ৷ চকু দুটাই অহৰহ বিচাৰি ফুৰিলে আৰিফ ছিদ্দিকীক৷ ফোনটোৱে কাম নকৰা হ'ল৷

তপামূৰীয়া মানুহজনক অলপ পাছত দেখা পাই গলোঁ৷ মুখামুখি হওঁতে পোনেই সুধিলে, কেনেকুৱা হ'ল লেক্‌ অফ্‌ ন ৰিটাৰ্ণৰ এড্‌ভেন্‌চাৰ?' কি উত্তৰ দিওঁ? থাউকতে দিবলগীয়া কোনো উত্তৰেই নাই মুখত৷ কল্পনা বাস্তৱ হৈছে৷ স্বপ্ন দিঠক হৈছে৷ কোনো দিনে নেদেখা জেগা দেখি আহিলোঁ৷ য'ৰ পৰা কোনো উভতি নাহে তাৰ পৰা একো হৰণ-ভগন নোহোৱাকৈ ঘূৰি আহিব পাৰিলোঁ৷ 'সঁচাকৈ, বৰ চিন্তা কৰি আছিলোঁ, যাবলৈ পামনে নাপাম তাকে ভাবি ভাবি৷' 'মই কৈছিলোঁ নহয় আপোনাক, যাব পাৰিবই বুলি৷' সপোন সাকাৰ হোৱাত ধন্যবাদ জনালোঁ তেওঁক৷

হেল্প টুৰিজিমৰ ৰাজ বসুকো পালোঁ একেলগে৷ ছিদ্দিকীয়েই চিনাকি কৰোৱালে তেওঁৰ লগতে থকা দাঢ়িয়া লোকজনৰ সৈতে৷ মঞ্চৰ পৰা আঁতৰি পৰম্পৰাগত চাংঘৰবোৰৰ ফালে আহি আমি বাঁহৰ বেঞ্চ এখনতে আটায়ে একেলগে বহিলোঁ আৰু কথা পাতিবলৈ ল'লোঁ৷ অৰুণদাই কাৰবি আংলং ২০১৩ শীৰ্ষক কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ কেলেণ্ডাৰ আৰু ডায়েৰী উপহাৰ দিলে৷ ধৰমছিং টেৰণে লেখা Karbi Studies কিতাপৰো ক'পী এটা আগ বঢ়ালে৷ তাৰালাংছৰ কাৰবি পিপুল্‌চ হলত ফেব্ৰুৱাৰীৰ ১৪ তাৰিখৰ পৰা অনুষ্ঠিত হবলগীয়া আগন্তুক কাৰবি যুৱ মহোৎসৱৰ সময়তে ডিফুলৈ দুয়োকে নিমন্ত্ৰণো জনালে৷


No comments:

Post a Comment