পঞ্চম দিন, অংশ-২
কাম হৈ যোৱাত টেবুল-চকীযোৰ আগৰ জেগাত থ'লোঁ৷ বহীখনো বেগত ভৰালোঁ৷ যাবৰ পৰত বুজাই-মেলি চমজাই দিম৷ এতিয়াই নহয়৷ এতিয়া সঞ্জু আৰু মই একালৰ মিচিমি জীয়ৰী, সম্প্ৰতি টাংচা বোৱাৰী হৈ পৰা মালা বাইদেউৰ তালৈ যাম৷ নাজঙৰ চাঙলৈ নিজে আহি বাইদেউজনীয়ে আমাক চাহ খাবলৈ নিমন্ত্ৰণ জনাই গৈছিল৷ তেনেস্থলত নোযোৱাকৈ পাৰিনে? বাকী দুই সংগীৰ প্ৰাতঃকাৰবাৰ এই পৰলৈকে সমাপ্ত হোৱাই নাই৷ স্বাভাৱিকতে তেওঁলোকৰ নাম কটা গ'ল৷
প্ৰতিটো প্ৰভাততে ডিফুৰ ওখ-চাপৰ ৰাস্তাত খোজ কঢ়াৰ অভ্যাস আছে৷ তাৰ সুবাদতে ইয়াতো অকাই-পকাই পাহাৰ বগাই বগাই ৰাতিপুৱাতে ওলালোঁগৈ মালা বাইদেউৰ বাসগৃহ৷ অংলেমে দেখুৱাই দিলে অলপ দূৰত, ওপৰলৈ অৱস্থিত এল. পেটাৰ্ণৰ ঘৰটো৷ এইটোৱেই সম্ভৱ শেষ৷ ইয়াতকৈ উচ্চতাত মানুহৰ বসতি দেখা নাই৷ এফালে খেতি অলপমানহে দেখিবলৈ পাইছোঁ৷ অন্যথা অৰণ্যানি৷ এইখিনিলৈ গাড়ীও নুঠে৷ লাষ্ট ষ্টপেজ জাংখঙৰ চোতালখন৷ কাষতে ৰমক-জমককৈ বাগানভেলীয়া এজোপা৷ থোপা-থুপি ফুলবোৰৰ গুলপীয়া ৰংটোৱে সেউজীয়া পাহাৰখনক অনন্য মাত্ৰা প্ৰদান কৰিছে৷ এইডোখৰত ৰৈ চৌদিশে যি প্ৰাকৃতিক দৃশ্য দেখিলোঁ সি সঁচাই আকৰ্ষণীয়৷ তাৰে বশৱৰ্তী হৈ দৃষ্টি প্ৰসাৰিত কৰি দিলোঁ দূৰ দিগন্তলৈ৷
বাইদেউৰ স্বামী নংজুং মচাং পাংচু পাছ ৱিণ্টাৰ ফেষ্টিভেল কমিটি ২০১৩ৰ সাংস্কৃতিক সম্পাদক৷ কংগ্ৰেছৰ অন্যতম নেতাও তেওঁ৷ চকামকাকৈহে পালোঁ মানুহজনক৷ পলিটিক্স বাদ দি এইকেইদিন ফেষ্টিভেলৰ কামত ভীষণভাৱে ব্যস্ত৷ পৰম্পৰাগত সাজপাৰেৰে সুশোভিত হৈ থলীলৈ ওলালেই৷ ডিউটি এণ্ড ৰেচপনচিবিলিটি ফাৰ্ষ্ট৷ কালি নিশা ফিল্ডৰ পৰা উভতি আহি অল্ট'খনৰ পৰা নামোঁতে জাংখহঁতৰ চোতালত তেওঁক প্ৰথম লগ পাইছিলোঁ৷ সেউজ ঘাঁহনিৰ ওপৰতে জাংখঙে চিনাকি কৰাই দিছিল৷ অতিথি সৎকাৰৰ দায়িত্ব পৰিবাৰক দি মাত লগাই তেওঁ ফিল্ডলৈ গুচি গ'ল৷ মচাং পৰিয়ালৰ ছোৱালী বেবী৷ বেবীয়ে গান গায়৷ চাহ পৰ্বৰ মাজতে, গুৱাহাটীত ৰেকৰ্ডিং কৰা আৰু আগদিনা উৎসৱথলীত উন্মোচন কৰা টাংচা আধুনিক গীতৰ চিডি এলবাম Peo Wan E উপহাৰ পালোঁ৷

ঘৰুৱা হৈ পৰাৰ পাছত আমি মালা বাইদেউৰ জুহালত সোমালোঁগৈ৷ শুকান কাঠখৰিৰ দগমগীয়া জুইকুৰাই ৰান্ধনীশাল তপতাই ৰাখিছে৷ সোমাওঁতেই উম লাগি গ’ল৷ বাঁহৰ গাধৈৰ উপৰিভাগ চিক্চিকাই আছে৷ বিপৰীতে, ধোঁৱাৰ প্ৰকোপত এলান্ধু-ক’লীয়া বৰণ লৈছে চালখনৰ ভিতৰভাগে৷ কিবা ভৌতিক ভৌতিক লাগি যায় এইবোৰ দেখিলে৷ ইয়াত দেখিছোঁ খৰিৰ একো অভাৱেই নাই৷ ঘৰে ঘৰে দ'ম দ'ম খৰি৷ বাইদেৱে ভাত সিজাই আছিল৷ ফেষ্টিভেল গ্ৰাউণ্ডৰ পৰা খবৰ আহিছে, ভাত লৈ যাব লাগে৷ জুইৰ গুৰিতে বহি ভাত ৰন্ধাৰ পদ্ধতিটো লক্ষ্য কৰিলোঁ৷
আখলৰ ওপৰত প্ৰথমে ডাঙৰ জোখৰ ডেক্চি এটা৷ কাষতে সৰু ছছপেন আৰু কেটলি৷ ডেক্চিটোত পানী আছে বুলি ক’লে৷ সেইটোৰ ওপৰত পিতলৰ পাত্ৰ এটা বহুৱাই থৈছে৷ তাত চাউল দিয়া আছে৷ তলৰ ডেক্চিটোৰ পানী উতলি উৎপন্ন হোৱা ভাপ দুয়োটা পাত্ৰৰ ফাঁকেৰে ওলাই যাতে নাযায় তাৰ বাবে ঘূৰণীয়াকৈ কাপোৰ মেৰিয়াই বাধা দি ৰাখিছে৷ চাউল থকা পাত্ৰটোৰ ওপৰত ষ্টিলৰ চৰিয়া এটা৷ উবুৰিয়াই ৰখা চৰিয়াটোৰ ওপৰত প্ৰকাণ্ড শিল এটা৷ শিলটোৱে গোটেইকেইটা পাত্ৰকে হেঁচা দি আছে৷ শিলটোযে প্ৰাচীন তাৰ শ্ৰী-চেহেৰায়ে কয়৷
জুহালত বহি আশে-পাশে কি-ক’ত আছে মন কৰিব ধৰিলোঁ৷ ধোঁৱা চাং, পানী ৰখা পাত্ৰ, বাচন-বৰ্তন, ফিল্টাৰ, ফ্লাস্ক, খাং, ডাঙৰ ডাঙৰ ছছপেন, কেৰাহী, মাগ, চালনী, ছাকনী, হেতা, চৰিয়া, ট্ৰে, চামুচ, কাপ, গিলাচ ইত্যাদি৷ কাঠেৰে সজা দীঘলীয়া আৰু ডাঙৰ বাকচ এটা আৰু তাৰ ওপৰত তুলি থোৱা অৱস্থাত সমান ডাঙৰ ট্ৰাংক এটাও আছে৷ ক'লা ট্ৰাকটোৰ দেহত লিখা নংজুং মচাঙৰ নাম, নম্বৰ আৰু চি. কোম্পানীৰ উল্লেখলৈ চাই গৃহস্থজনযে প্ৰাক্তন সৈনিক সেইটো স্পষ্ট হ'ল৷ এচুকত ৰেক্ সাজি, গজাল মাৰি সা-সৰঞ্জামবোৰ শৃংখলাবদ্ধতাৰে ৰাখিছে৷ চালত খুঁচি থৈছে সঁচলৈ ৰখা বেঙেনা, জলকীয়া, বিলাহী৷ ক’লা হৈ পৰা ধোঁৱা চাংখনৰ একেবাৰে ওপৰত ঢাৰি, খাং আৰু তমাল উঠাই থোৱা দেখিলোঁ৷ তলৰ খাপটোত মস্ত পহুৰ শিং এটা৷ শিংটোৱে সঞ্জু আৰু মোৰ ততালিকে দৃষ্টি আকৰ্ষণ কৰিলে৷ বাইদেৱে শিংটো নমাই লৈ আহিল৷ হাতত লৈ চালোঁ৷ পুৰণা হৈছে যদিও চিকাৰ প্ৰবৃত্তি এইফালে আজিও জীয়াই আছে৷ পহুৰ শিংটো দুহাতে ধৰাই দৰজামুখত থিয় কৰাই ফটো তুলিলোঁ মালা বাইদেউৰ৷
মালা বাইদেউ ৰ'য়িঙৰ ফালৰ ইদু মিচিমি৷ পি.পি.ডব্লিউ.এফ.ৰ উদ্বোধনী অনুষ্ঠানত ইদু মিচিমিৰ নাচ-গান দেখা পাইছিলোঁ৷ নৃত্যৰতা যুৱতীয়ে পৰিধান কৰা পৰম্পৰাগত সাজ-পাৰকেইযোৰো অতি ধুনীয়া, অতি আকৰ্ষণীয় আছিল৷ সেই সময়ত চাউণ্ড বক্সত বাজি থকা গানটোও মোৰ ভাল লাগিছিল৷ 'মাৰ ঘৰখনলৈ যায়নে?' অনেক কথাৰ মাজতে এবাৰ সুধিলোঁ তেওঁক৷ 'যাওঁ মাজে মাজে৷ পিছে বৰ কষ্ট৷ বিশেষকৈ নদী পাৰ হোৱাৰ কথা ভাবিলেই চিন্তা লাগি যায়৷' 'তথাপিও মিচিমি পাহাৰৰ পৰা পাটকাই পালেহি দিয়ক আপুনি!' অৰ্থপূৰ্ণ বাক্যটো শেষ কৰিবলৈ নাপালোঁৱেই, হাঁহিৰ ৰোল উঠিল৷ সময়ে ৰঙা চকু দেখুৱাই থকাত আলাপ সামৰি অলপ পাছতে নাজঙৰ চাঙলৈ নামিব ধৰিলোঁ৷ (আগলৈ)
No comments:
Post a Comment