Friday, 13 April 2018

পঞ্চম দিনঅংশ-১০

৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ ধাবা এখনত ভাত খাই উঠি বাকী থকা অংশটোৰ বাবে আকৌ যাত্ৰাটো আৰম্ভ ৰা হ'ল৷ 'ক'ত আছা?' সঞ্জুৱে মণ্টুক ফোন কৰিলে৷ 'অফিছতে আছোঁ৷' নিৰ্দেশমতে জিলা পৰিৱহণ বিষয়াৰ কাৰ্যালয়লৈকে চলাই নিলে বীৰেন্দৰে৷ গোটাইকেইটা হুৰ-মূৰকৈ সোমাই গলোঁ ব্যস্ততাভৰা কাৰ্যালয় ভৱনটোত৷ নিৰ্দিষ্ট কোঠাটো বিচাৰি উলিয়াওঁতে অকণো দেৰি নালাগিল৷ হাতত বাচি থকা সময়হে সীমিত৷

সৌৱা বাহিৰত গাড়ী, এইটো চাবি, এইজন ড্ৰাইভাৰ৷ চমজি লোৱা৷ আৰু কোৱা, চাৰিদিনত কিমান হল?

খৰতকীয়া, খাৰাংখাচ বাক্যৰে উপস্থাপন শুনি মণ্টুৱে হাঁহিলে মাথো৷ ততালিকে একো উত্তৰ নিদিলে৷ অকণমান ৰৈ লাহেকৈ কলে, বহাচোন বাৰু৷ অফিছৰে কোনোবা এজনক আৰু দুখন চকী যোগাৰ কৰি দিবৰ বাবে চিঞৰ মাৰিলে৷ চকী আহিল৷ টেবুলখনৰ কেউকাষ আগুৰি আমি চাৰিওটা বহিলোঁ৷ সিফালে মণ্টু৷ ড্ৰাইভাৰ বীৰেন্দৰ কোঠাৰ বাহিৰত ৰ'লগৈ৷

কোৱা আকৌ... আমি সোনকালে ষ্টেচন পাবগৈ লাগিব... ডাউন ইণ্টাৰচিটিখন ইয়াত ৰাইট টাইমেই থাকিব নিশ্চয়৷ সঞ্জুৱেও প্ৰেচাৰ দিলে৷ আনহাতে নতুন চিনাকি যদিও ৰাজু গগৈ আৰু পংকজ দাসেও পৰিশোধ কৰিবলগীয়া অংক এটা আশা কৰি মণ্টুৰ ফালে চাই উৎকৰ্ণ হৈ ৰল৷

বহাচোন ভাই বহা, চাহ একাপ অন্ততঃ খাই যোৱা৷ আকৌ কেতিয়া ক'ত লগ পাম তাৰ কি ঠিকনা আছে!’ অৰ্ডাৰ গল৷ চাহ-মিঠাই আহিল৷ খৰখেদাকৈ খালোঁ৷ তাৰ মাজতে ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচু পাছ হৈ লেক অফ্‌ ন ৰিটাৰ্ণলৈ কৰা আমাৰ সফল এড্‌ভেন্‌চাৰ ট্ৰিপটোৰো টুকুৰা বৰ্ণনা, ৰোমন্থন, প্ৰশ্নোত্তৰ ইত্যাদি চলি থাকিল৷ কথাৰ মাজতে মণ্টুৱে জনালে, সবান্ধৱে ময়ো গৈছিলোঁ নহয় কালি, লেক্‌ অফ্‌ ন' ৰিটাৰ্ণ চাই আহোঁ বুলি৷ পিছে কি হব, জয়ৰামপুৰ গেটত গাড়ীৰ যিহে জাম্‌ লাগিল, পাৰেই হ'ব নোৱাৰিলোঁহে'৷ ঘূৰি আহিবলৈ বাধ্য হলোঁ৷ তোমালোককো ফোন মাৰি মাৰি নাপালোঁ৷ সেইবোৰলৈ যাবলৈ, চাবলৈ আচলতে এক ধৰণৰ ভাগ্য লাগে বুইছা, ভাগ্য লাগে৷

মণ্টুৰ স্বীকাৰোক্তি শুনি থকা অৱস্থাতে কোঠাত ওলমাই ৰখা ডাঙৰ ৱাল ক্লকটোৰ কাঁটাকেইডাললৈ চকু গ'লত চিৰিয়াচ হৈ উঠিলোঁ৷ সময় ক্ৰমান্বয়ে টুটি আহিছে৷ কাপটো টেবুলত থৈয়ে মণ্টুলৈ লক্ষ্য কৰি কৃতজ্ঞতাৰ সুৰত ক'লোঁ, তোমাৰ সৈতে সংযোগ আৰু তোমাৰ সহায় আমাৰ সদায় মনত থাকিব৷ বহুত বছৰৰ মূৰত, কিজানি ২০-২২ বছৰৰ পাছত লগালগি হ'লোঁ৷ খুব ভাল লাগিল দেই৷ আকৌ লগ পাম৷ কুশলে থাকিবা৷ এতিয়া হিচাপ কোৱা ভাই, বিল ক্লিয়েৰ কৰি যাওঁ৷ লেন-দেন পৰিষ্কাৰ কৰি ৰখা উচিত৷ তেহে ৰাস্তাটো খোলা থাকিব৷ ন' হেজিটেচন প্লিজ...

নালাগে নালাগে৷ সজোৰে শব্দ দুটা ওলাই আহিল বন্ধুৰ মুখৰ পৰা৷ নালাগে দিয়াচোন, মই মেনেজ কৰিম৷, উপৰ্যুপৰি দুবাৰ ক'লে সি৷ তেনেকৈ কোৱাত মই সঞ্জুৰ চকুলৈ চালোঁ৷ 'কি কয় মণ্টুৱে!' সঞ্জুৱে মোলৈ চালে৷ এইটো কেনেকৈ হব ভাবত৷

নাই নাই তেনেকৈ নহব৷ গাড়ী আমি নিছোঁ৷ ইচ্ছামতে ঘূৰাইছোঁ৷ গতিকে যি হয় ভাড়া আমি দিম৷ তুমি কিয় ভৰিব লাগিছে? সঞ্জুৱে যুক্তি দৰ্শালে৷ মণ্টুৱেও নেৰে৷ শেষ-বিজয় অৱশ্যে তাৰে হলগৈ৷ আজি কিমান বছৰৰ মূৰত তোমালোকক লগ পাইছোঁ৷ তোমালোক মোৰ আলহী৷ গতিকে নালাগে৷ মই মেনেজ কৰিম দিয়া৷ সময়-সুবিধা পালে আকৌ আহিবা৷ প্লেন বনাবা৷ একেলগে যাম অহাবাৰ৷

তাৰ পাছতে বাহিৰত ৰৈ থকা ড্ৰাইভাৰ বীৰেন্দৰ মাহাতোক কোঠালৈ মতাই অনালে৷ কলে, নিউ তিনিচুকীয়া ৰেল ষ্টেচনত আমাক ড্ৰপ কৰি দিবলৈ৷ তাৰ পৰা বাহিৰে বাহিৰে বলেৰখন মালিকৰ ঘৰত জমা দিবগৈ লাগিব৷ তাৰ পিছত বীৰেন্দৰ ফ্ৰী৷

সময় বুজি আটায়ে কোঠাটোৰ পৰা বাহিৰ ওলাই আহিলোঁ৷ পুৰণি বন্ধুৰ সৈতে একোবাৰকৈ হাত মিলাই, আলিংগন কৰি গাড়ীত বহিলোঁ৷ খিৰিকীৰ আইনাখন নমাই শেষ বাক্যটো এৰি দিলোঁ, কেচু আজুং৷ মণ্টুৱে একো নুবুজিলে৷ চিৰিয়াচ হৈ পৰিল৷ অৰ্থ ভাঙি দিলত হাঁহি এমোকোৰা ওলাই গল৷ বিদায়ৰ হাঁহি৷ মইযে অন্ততঃ দুটা হ'লেও টাংচা শব্দ বুকুত লৈ আহিছোঁ, জানি সুখী হ'ল৷

অলিয়ে-গলিয়ে অকাই-পকাই আনি বীৰেন্দৰে আমাক ষ্টেচনত নমালে৷ মানুহটোক এৰিবলৈ বেয়াই লাগিল৷ এইকেইদিন একেলগে থকা-খোৱা কৰাৰ ফলত আমাৰ লগত সুন্দৰভাৱে মিলি গৈছে৷ প্ৰত্যেকেই টকা এশ-দুশকৈ যি ইচ্ছা পকেটৰ পৰা উলিয়াই বীৰেন্দৰৰ হাতত দিলোঁ আৰু ক'লোঁ, ঘৰলৈ যাওঁতে লৰা-ছোৱালীলৈ কিবা খোৱা-বস্তু কিনি লৈ যাবা৷ আকৌ কেতিয়াবা লগ পাম তোমাক৷ তেতিয়া আকৌ তুমিয়েই চলাব লাগিব৷ তোমাৰ ড্ৰাইভিং ভাল পালোঁ৷ তাৰ পিছত কান্ধত বেগ লৈ দৌৰা-দৌৰিকৈ প্লেটফৰ্মত উঠিলোঁহি৷ বীৰেন্দৰে ৰ-লাগি চাই থাকিল৷

ঘোষণা হৈছে, অলপ পাছতে ইণ্টাৰচিটিখন আহিব৷ আমাৰ হাতত জেনেৰেল টিকট৷ ৰিজাৰ্ভেচন নাই৷ টি.টি.ই.ক সুধি শ্লীপাৰ ক্লাছতে উঠাৰ অনুমতি লৈ থলোঁ৷ সুখ-স্মৃতি এসোপামান হৃদয়ত সাঁচি-সামৰি লৈ আমি চাৰি এড্‌ভেন্‌চাৰিষ্ট এতিয়া ঘৰমুৱা শেষ যাত্ৰাটোৰ বাবে সাজু৷ অনেক প্ৰসংগৰ লগতে বীৰেন্দৰৰ নিপুণ গাড়ীচালনা আৰু শেহতীয়াভাৱে, মণ্টুৰ আঁকোৰ-গোঁজালিৰ কথাটোৱে মাজে মাজে ৰিঙিয়াই থাকিল৷ তাকে লৈ বুকুখন ফুলিও থাকিল এই ভাবত যে এনেকুৱা বন্ধু মোৰ, আমাৰ আছে৷

তিনিচুকীয়া ৰে'ল ষ্টেচনত ১৫৬০৪ নং নামনিমুৱা লিডু-গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছত থ্ৰি টায়াৰত বহিছোঁ৷ ইঞ্জিনে টান দিছে৷ নংকি বস্তিৰ পৰা কোনে কি উপহাৰ আনিছে? আস্তেকৈ প্ৰসংগটো উলিয়ালোঁ৷ কোনেও একো নাই অনা৷ মই বেগৰ পৰা নাজঙে দিয়া বস্তুটো উলিয়াই আনিলোঁ আৰু দেখুৱালোঁ৷ প্ৰত্যেকৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিল হস্তশিল্পৰ চানেকীস্বৰূপ সৰু, মৰমলগা, বাঁহৰ পিয়লাটো৷ পিটিকি পিটিকি চালে সকলোৱে৷ কোনেও ভাবিব নোৱাৰা কাম এটা কৰি নিজৰো কিবা এটা মজা লাগিল৷ 'এইটো ভালকৈ ৰাখিব দেই৷' ৰাজু গগৈয়ে ক'লে৷

খৰধৰকৈ গাড়ীত উঠাত একো খোৱাই নহল৷ মনত পৰিল যে অথনি আমাৰ গাড়ীত উঠি অহা নংকি বস্তিৰ মহিলা দুজনীয়ে টোপোলাকেইটামান দিছিলে নহয়৷ এতিয়া উলিওৱা যাওক৷ কিন্তু খাম কিহেৰে? লগততো একো নাই৷ কেৱল ভাত৷ তেনেকৈয়ে খালোঁ৷ খুব মিঠা লাগিল ভাতকেইটা৷ থাইলেণ্ডত খোৱা stretching riceলৈ ফটকৰে মনত পৰি গ'ল৷ ১০ থাই বাট্‌ দামত ফুটপাথতে পোৱা ভাত এপেকেট, দুটা জাহাজী কল আৰু ডিপাৰ্টমেণ্টেল ষ্ট'ৰ '7-Eleven'ত কিনা ২৫০ মিলিলিটাৰৰ pasteurised milk এক পেকেট৷ তাত সেয়াই আছিল মোৰ প্ৰধান খাদ্য৷ এইফালে চলন্ত ৰে'লত এতিয়া টোপোলা ভাত চোবাওঁতে এটা বেলেগ ধৰণৰ তৃপ্তিয়ে মুহূৰ্ততে জিভাখন আৱৰিলে৷ এই তৃপ্তিবোৰ আজীৱন কেৱল জিভাতে নহয়, মনে-প্ৰাণে, হৃদয়ৰ কোঁহে কোঁহে লাগি থাকিব৷

বাটতে খবৰ পালোঁ যে হাৰ্বাৰ্টৰ Hyundai Tucson জাঁজীৰ 'নন্দনবন'ত থমকিল৷ আমি ভালে ভালে ৰে'ল-যাত্ৰা সামৰি মধ্যনিশা ঘৰ সোমালোঁ৷ (সমাপ্ত)


No comments:

Post a Comment