চতুৰ্থ দিন, অংশ-৩৭
PPWF2013ৰ Media Co-ordinator আৰিফ ছিদ্দিকী৷ নৃগোষ্ঠীয় উৎসৱ-অনুষ্ঠানৰ দিশত আগৰণুৱা৷ কথা প্ৰসংগত জানিব পাৰিলোঁ তেওঁৰ মনৰ বতৰা৷ পাংচু পাছ ৱিণ্টাৰ ফেষ্টিভেলক লৈ মানুহজন যথেষ্ট আশাবাদী৷ দৃঢ়তাৰে ক'লে, প্ৰকৃতি আৰু সংস্কৃতিৰ মহামেলাৰ উপৰি এই আয়োজনে আর্থ আৰু
সাংস্কৃতিক পৰ্যটনক ভেটি হিচাপে লৈ সৃষ্টিশীল চিন্তা-ধাৰণাৰে আঞ্চলিক অৰ্থনৈতিক প্ৰগতিলৈ
অভূতপূৰ্ব সফলতা কঢ়িয়াই আনিব বুলি তেওঁ ভাবে৷
ছিদ্দিকীৰ
বাওঁহাতে বহি আছে ৰাজ বসু৷ পোছাকী নামটো সুপ্ৰতীম যদিও পৰ্যটন মহলত মানুহজন এইবুলিহে পৰিচিত৷ ১৯৯১ চনৰ ১৫ আগষ্টত আৰম্ভ কৰা Help Tourismৰ তেওঁ
অন্যতম প্ৰতিষ্ঠাতা৷ গ্ৰাম্য পৰ্যটন আৰু ঐতিহ্য সংৰক্ষণৰ এগৰাকী কুশল কৰ্মী হিচাপে ভাৰতবৰ্ষৰ উত্তৰ বংগ, ছিক্কিম, উত্তৰ-পূৰ্বাঞ্চলৰ উপৰি চুবুৰীয়া বিদেশ ৰাষ্ট্ৰ নেপাল, ভূটান, বাংলাদেশ আৰু ম্যানমাৰ পৰ্যন্ত
বিস্তৃত তেওঁৰ কৰ্মক্ষেত্ৰ৷ গৃহভূমি শিলিগুৰি৷ উচ্চতৰ মাধ্যমিক স্তৰত পঢ়া-শুনা কৰিছিল
অসমৰ বঙাইগাঁও ৰিফাইনেৰী এণ্ড পেট্ৰ’কেমিকেলছ লিমিটেড
(বি.আৰ.পি.এল.) চৌহদত থকা কেন্দ্ৰীয় বিদ্যালয়ত৷
আশীৰ দশকৰ শেষৰ ফালে ছিক্কিমত পৰ্যটন উন্নয়নৰ দিশত আত্মনিয়োগ কৰিছিল ৰাজ বসুৱে৷ সেই সময়তে তিনিজন কলেজীয়া বন্ধু একত্ৰিত হৈ সংস্থাটো গঠন কৰে৷ বাকী দুজনৰ নাম অসিত বিশ্বাস আৰু সঞ্জীৱ সাহা৷ ভাৰতৰ গ্ৰাম্য পৰ্যটন বিপ্লৱৰ এওঁলোকেই বাটকটীয়া৷ প্ৰকৃতি অধ্যয়ন, ভিতৰুৱা স্থানত এড্ভেন্চাৰ কেম্প আয়োজনৰ কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছিল যাত্ৰা৷ প্ৰথম অৱস্থাত মানুহৰ অনেক গঞ্জনা৷ ধীৰে ধীৰে সফলতাৰ মুখ দেখা গ'ল৷ অৱধাৰিতভাৱেই তাৰ পৰৱৰ্তী সময়ত হে’ল্প টুৰিজিম পৰিয়ালত অনেকজন নতুন কৰ্মী-সদস্যৰ পয়োভৰ ঘটিব ধৰিলে৷
আশীৰ দশকৰ শেষৰ ফালে ছিক্কিমত পৰ্যটন উন্নয়নৰ দিশত আত্মনিয়োগ কৰিছিল ৰাজ বসুৱে৷ সেই সময়তে তিনিজন কলেজীয়া বন্ধু একত্ৰিত হৈ সংস্থাটো গঠন কৰে৷ বাকী দুজনৰ নাম অসিত বিশ্বাস আৰু সঞ্জীৱ সাহা৷ ভাৰতৰ গ্ৰাম্য পৰ্যটন বিপ্লৱৰ এওঁলোকেই বাটকটীয়া৷ প্ৰকৃতি অধ্যয়ন, ভিতৰুৱা স্থানত এড্ভেন্চাৰ কেম্প আয়োজনৰ কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছিল যাত্ৰা৷ প্ৰথম অৱস্থাত মানুহৰ অনেক গঞ্জনা৷ ধীৰে ধীৰে সফলতাৰ মুখ দেখা গ'ল৷ অৱধাৰিতভাৱেই তাৰ পৰৱৰ্তী সময়ত হে’ল্প টুৰিজিম পৰিয়ালত অনেকজন নতুন কৰ্মী-সদস্যৰ পয়োভৰ ঘটিব ধৰিলে৷
ইংৰাজী, হিন্দী, বাংলা,
নেপালীৰ লগতে মানুহজনে অসমীয়াও বুজি পায় আৰু অলপ-অচৰপ ক’ব
পাৰে৷ হে’ল্প টুৰিজিম সন্দৰ্ভত প্ৰশ্ন
কৰাত সংস্থাটোৰ সক্ৰিয় কৰ্মীজনে ক'ব ধৰিলে…Help Tourism was established in
1991 with the mission to link the east Himalayan landscape, along with the protected
areas with the livelihood of local communities, using tourism as a tool. Also to empower the local people to conserve their rich heritage, a
step towards sustainability. In these remote areas of east and north-east India
and the continuing areas of Nepal, Bhutan, Bangladesh, Myanmar and China
including Tibet, approaching the destinations is itself an adventure on its
own, and hence the entire tourism program is influenced by adventure
activities. The activities start from the estuarine landscape of
Sunderbans and crosses across the Gangetic plains to the alpine landscape of
Arunachal Pradesh. হে’ল্প টুৰিজিমৰ ঠিকনা হৈছে Hotel Golden
Moments, 1st Floor, 143 Hill Cart Road, P. O. Siliguri, Dist. Darjeeling৷ হে’ল্প টুৰিজিমে প্ৰাধান্য আৰোপ কৰা দিশবোৰ হ'ল Trekking & Trekking Expeditions, White Water Rafting & Himalayan River Angling, Wildlife Tours & Wildlife Expeditions, Outdoor Labs for Corporates, Nature Study & Adventure Camps for students৷
জীৱবিদ্যা
বিষয়ত স্নাতক ডিগ্ৰীধাৰী এই লোকজন হে’ল্প টুৰিজিম প্ৰাইভেট
লিমিটেডৰ ইক’টুৰিজিম কনচালটেণ্ট৷ বক্তব্যত নিজকে টুৰ অপাৰেটৰ বুলি ক’লে৷ টুৰিজিমৰ বিশাল অভিজ্ঞতা
আৰু অপৰিমেয় জ্ঞানৰ ভাণ্ডাৰ৷ ২০১১ চনৰ ১৪ অক্টোবৰত প্ৰকাশিত এক সাক্ষাৎকাৰত তেওঁক সোধা
হৈছিল… What are your dreams for Help Tourism in particular
and tourism in north-east India in general? ৰাজ বসুৰ উত্তৰ আছিল… This part of the
Indian sub-continent was once the richest economically, culturally and
naturally. The political division has isolated India’s north-east,
finished the region economically, inspite of being the richest naturally and
culturally in the whole of the country. 98% of its border is still shared
internationally and only 2% with the country. We need to open all land borders for tourism and
make this a tourism entry to the country India (most of which is more of a
water-locked peninsula) from the rest of Asia, make north-east India through Myanmar the meeting ground for tourism with the Malayan Peninsula.
এই উদ্দেশ্যৰে বশৱৰ্তী হৈ তেওঁ Cross-Border Tourism Circuitসমূহত যৎপৰোনাস্তি গুৰুত্ব দি আহিছে৷ পাংচু পাছ ৱিণ্টাৰ ফেষ্টিভেলৰ উপৰি নামদাফা ইক’ফেষ্ট, ইদু মিচিমিসকলৰ
ৰেহ উৎসৱ আদি অৰুণাচল প্ৰদেশত প্ৰকৃতি আৰু মানুহক লৈ অনুষ্ঠিত নৃগোষ্ঠীয় সমাৰোহসমূহত হে’ল্প টুৰিজিমে উন্নয়নমুখী
পদক্ষেপেৰে যথাসম্ভৱ সহায়-সহযোগিতা আগ বঢ়াই আহিছে৷ পি.পি.ডব্লিউ.এফ.ত প্ৰথমবাৰলৈ
সংযোজন কৰা হ’মষ্টে’ কাৰ্যকৰীকৰণৰ দিশত হে’ল্প টুৰিজিমে হাতে-কামে
লাগিছে৷ নামপঙৰ স্থানীয় বাসিন্দাসকল স্বতঃস্ফূৰ্তভাৱে অংশীদাৰ হৈ পৰিছে হে’ল্প টুৰিজিম বিপ্লৱৰ৷ নিশ্চিতভাৱে ইয়াৰ জৰিয়তে অৰ্থনৈতিকভাৱে কিছু হ'লেও লাভৱান হ’ব এনেহেন পিছ পৰা
ঠাইৰ জাংখং, নাজং, ৱিমচামহঁতৰ দৰে আমি দেখা, লগ পোৱা সহজ-সৰল বাসিন্দাসকল৷ এই কথাটো আমাৰো ভাল লাগিছে৷
কোৱা হয়, টুৰিজিম
হেনো ৰাজ বসুৰ প্ৰথমা পত্নী৷ তাৰ পাছতহে অভয়া৷ পৰ্যটন বিষয়টোৰ সৈতে তেওঁৰ ইমানেই ঐকান্তিকতা আৰু ভাল পোৱা যে সেয়া ভাবিব নোৱাৰি৷ তেওঁৰ দৰে দক্ষ আৰু ব্যস্ত ব্যক্তি এজন অৰুণাচল প্ৰদেশৰ এইহেন ভিতৰুৱা স্থানত পৰ্যটনক আগুৱাই নিয়াৰ স্বাৰ্থতে সোঁশৰীৰে বিৰাজমান হোৱা দেখি, লগ পাই, আমিও হতবাক৷ ডাঢ়ি-চুলিৰে ভোবোকাৰ লোকজনক বিভিন্নজনে
নাম দিছে Tourism Gandhi বুলি৷
বিভিন্ন প্ৰসংগৰ পাছত আকৌ নামপঙৰ কথা ওলাল৷ নামপঙত হোটেল নাই৷ পৰিদৰ্শন
বঙলা, আৱৰ্ত ভৱন আছে৷ ইয়াৰ বাবে উপ-প্ৰতিসমাহৰ্তাৰ সৈতে যোগাযোগ কৰিব লাগে৷ আলোচনা মৰ্মে জানিলোঁ যে ১৬টা
কোঠাৰ পৰ্যটক নিবাস এটা ইয়াত গঢ়ি তুলিবলৈ পৰিকল্পনা কৰা হৈছে৷ এই ঠাইলৈ আহিবলৈ অসমৰ গুৱাহাটী, তেজপুৰ,
ডিব্ৰুগড়, উত্তৰ লখিমপুৰ, যোৰহাট বা মেঘালয়ৰ শ্বিলং নাইবা কলকতা, দিল্লীত থকা
বিভাগীয় কাৰ্যালয়ত ইনাৰ লাইন পাৰ্মিট সংগ্ৰহ কৰিব লাগে৷ পি.পি.ডব্লিউ.এফ.ৰ দিনকেইটাত পিছে জয়ৰামপুৰ গে’টতে আই.পি.এল. উপলব্ধ কৰা হৈছে৷ ফলত পৰ্যটকসকলৰ সুবিধা
হৈছে৷ গাড়ীয়ে গাড়ীয়ে মানুহ সোমাইছে অৰুণাচলত৷ আমিও তেনেকৈয়ে আহিছোঁ৷ আহি ইচ্ছামতে টিঘিলঘিলাই ফুৰিছোঁ৷ ক'তো একো বাধা-বিঘিনি নাই৷
কথা পাতি বৰ ভাল লাগিল দুয়োগৰাকী চমজদাৰ ব্যক্তিৰ সৈতে৷ সময়খিনি খুব যোগাত্মক আৰু অৰ্থপূৰ্ণভাৱে পাৰ হ'ল৷ সমধৰ্মী ভাবোন্মাদনাৰে পাঁচোজনেই মুকলি আকাশৰ তলত নিয়ৰত বহি আছোঁ! অথচ খবৰেই নাই৷ এসময়ত
বিদায় ল’বৰ হ’ল৷ তাৰ আগতে আমি লৈ যোৱা প্ৰতিটো কেমেৰাৰেই স্নেপ লৈ থ’লোঁ৷ ডিফু পালেগৈ দুয়োজনলৈকে ই-মেইল
কৰি দিম৷ প্ৰতিশ্ৰুতি থাকিল৷
ফিল্ডৰ পৰা ঘূৰি আহি পাওঁমানে নিশা ৮ বাজিল৷ পুৱা গা ধুই কাপোৰকেইটা বাহিৰত মেলি থৈ গৈছিলোঁ৷ কথাটো এতিয়াহে মনত পৰিল৷ চিন্তা লাগিল৷ সেইকেইটা ক’ত? সোধ-পোছৰ বাবে চিধাই নাজঙৰ গুৰি পালোঁগৈ৷ গামোচা
আৰু বগা হাফ গেঞ্জীটো তাই সিটো ঘৰত থৈছিল৷ জপা ভাগেই আনি দিলে৷ চাওঁ যে জাপটোত আণ্ডাৰৱেৰটো নাই! ক’ত গ’ল সেইটো? কি কৰোঁ এতিয়া? মনতে ভাবিলোঁ এবাৰ, সোধো নে নোসোধো? এহ্ একো নহয় দে৷ কওঁ-নকওঁকৈ কথাটো উলিয়ালোঁ৷ ভাতৰ যা-যোগাৰত সহায় কৰিবলৈ ৱাননেমৰ লগতে তাইৰ লগৰীয়া দুজনীও আছেহি৷ অভাৱনীয় প্ৰশ্ন এটা হঠাতে কাণত পৰাত গোটেইমখা
হাঁহিত ফাটি পৰিল৷ তেনেতে আইডিয়া এটাই মোৰ মনত খুন্দিয়ালে৷ য’ত মেলিছিলোঁ তাতে ভালকৈ চাব লাগিব৷ টৰ্চটো লৈ চিধাই বাহিৰলৈ ৰাওনা হ'লোঁ৷ এইফালে ইহঁতবোৰে হাঁহি সামৰিবই পৰা নাই৷ বস্তা এটা তাঁৰডালৰ ঠিক তলতে, মাটিত পৰি আছে৷ সেইটো লুটিয়াই দিলত
জোলোঙাৰ মেকুৰী ওলাই পৰিল৷ চিমেণ্টৰ বস্তাৰ তলৰ পৰা উদ্ধাৰ কৰি অনা জৰুৰী সম্পদবিধ জাৰি-জোকাৰি দেখুৱালত পুনৰবাৰ প্ৰৱলভাৱে গিৰ্জনি উঠিল৷ চাঙৰ পৰা ওলাই শব্দবোৰ ঠেকা খালেগৈ পাটকাইৰ বুকুত৷
হাঁহি-খিকিন্দালিৰ মাজতে নাজঙে ভাত বাঢ়িলে৷ বিবিধ ব্যঞ্জন৷ ভোকৰ ভাতকেইটা তৃপ্তিৰে খাই উঠাৰ পাছত জুইকুৰাক ঘেৰি আড্ডা বহিল৷ বহু দেৰিলৈকে কথাৰ মহলা
মাৰিলোঁ৷ তাৰ মাজতে বাঁহৰ কাপত ফালাপ দিলে৷ বিভিন্ন আলোচনা-বিলোচনা, দিহা-পৰামৰ্শৰে জুহালখন গধুৰ হৈ পৰিছে৷ পিছে কাইলৈযে আমি যামগৈ কথাষাৰ এতিয়ালৈকে কোৱাই হোৱা নাই৷ কওঁনো কেনেকৈ? বিদায় বুলিলেই শোগে বিহ্বল কৰাটো অৱধাৰিত৷ তথাপি ক'বতো লাগিবই৷ বিষয়টো উপস্থাপন কৰাৰ লগে লগে ইমানপৰে হাস্যমধুৰ হৈ থকা পৰিৱেশটোৱে কিবা গহীন ৰূপ লৈ ল'লে! গধুৰ হৃদয়েৰেই অলপ পাছতে চবেই নিজৰ নিজৰ বিছনাত পৰিলোঁগৈ, অন্তিম নিশাটোৰ বাবে৷ দিনটোৰ ভাগৰ পুঞ্জীভূত হৈ আছিলেই৷ সোনকালেই চকুৰ পতা জাপ খালে৷ (আগলৈ)
|
No comments:
Post a Comment