পঞ্চম দিন, অংশ-৫
বগুৱা বাবলৈ শিকা শিশু এটিয়ে চাঙৰ ওপৰত মোৰ টুপীটো পাই ধুমধাম খেলাত লাগিছে৷
বাৰাণ্ডাত পাৰি থোৱা বেঞ্চখনত কণমানি দুজনী বহি আছিল৷ অলপ আগতে সিহঁতৰ লগত কিবাকিবি
কথা পাতি ধেমালি-ধুমুলা কৰিছিলোঁ৷ নিষ্পাপ শিশুবোৰৰ লগত খেলা কৰি খুব ভাল লাগে৷ ইহঁতকে ধৰি এইকেইদিন ইয়াত কেইবাটাও শিশুৰ ফটো তুলিলোঁ৷
এইটো ঠিক যে ইহঁতৰ সহজ-সৰল চকু, নাক, মুখবোৰে অনাগত দিনবোৰত মোক বৰকৈ আমনি কৰি
থাকিব৷
বাইকৰ ওপৰত বহি অংলেমে দূৰৰ পৰাই মোৰ ফালে মন কৰি আছিল৷ অষ্টম শ্ৰেণীত পঢ়ি আছে,
পঢ়া-শুনাত সিমান সবল নহয়, বাইকখন চলাব হ’লে কম বয়সতে শিকি পেলালে৷ এইকেইদিন তাৰ মোৰ লগত এক ধৰণৰ দোস্তি হৈ গৈছে৷ কিতাপত ভালকৈ মন দিবলৈ সকীয়ালোঁ তাক৷ ৱাননেমকতো
অলপমান টানিয়েই কৈছিলোঁ৷ তাই দশম মানত৷ ‘ইহঁতকেইটা পঢ়া-শুনাত ভাল নহয়৷ আপোনালোকে বুজাই দিছে, ভাল হৈছে৷’ সজাগতামূলক বাক্যবোৰ মাক-দেউতাকহালে
সমৰ্থন নজনোৱাকৈ নাথাকিল৷ ভাবিলোঁ, বিদায়-বেলাৰ পৰিৱেশটো এনেয়েও গহীন হৈ আছে৷ এইবোৰ কথা ক’লে
ল’ৰা-ছোৱালীহঁতৰ বহুতে আকৌ পেটে পেটে বেয়াই পায় নহয়৷ গতিকে
প্ৰসংগ ইমানতে সামৰা ভাল৷ শিক্ষা-দীক্ষাৰ সন্দৰ্ভত কালি নিশা আমি আলোচনা কৰিছিলোঁৱেই,
জুহালত বহোঁতে৷
টিনপাত দিয়া এল. পেটাৰ্ণৰ ঘৰটোৰ কোঠাবিলাকৰ ফটো তুলিম বুলি ভাবি থোৱা হৈছিল৷
থাকিয়ে গ’লচোন! এতিয়া শেষ মুহূৰ্তত সুযোগ এটা পাই নাজঙৰ পাছে পাছে
খৰধৰকৈ এফালৰ পৰা সোমালোঁ৷ ক্লিক্ কৰি গ’লোঁ৷ প্ৰথমটো ড্ৰয়িং ৰূম৷ ফ্ল’ৰ
মেট, চোফা চেট, টিভিৰে সজ্জিত৷ অথনি ইয়াৰে চেণ্টাৰ টেবুলখন বাৰাণ্ডালৈ উলিয়াই নিছিলোঁ৷
বেৰত ওলমিছে খাপত ভৰোৱা টাংচা দা, ৰাইডাং আদি৷ যীশুখ্ৰীষ্টৰ ফটো এখনো লগোৱা আছে৷
দ্বিতীয় কোঠাত প্ৰৱেশ কৰিলত দেখিলোঁ, মজিয়াতে ধুনীয়াকৈ বিছনা পাৰি থৈছে৷ কাষতে
টেবুল এখন৷ চাপৰ টেবুলখনৰ ওপৰত হাতে ঢুকি পোৱাত সততে দৰকাৰী বস্তু কিছুমান৷ মই তৈয়াৰ
কৰি দিয়া ৰেকৰ্ড বুকখনো থৈছে৷ এইটো নাজং আৰু জাংখঙৰ কোঠা৷ অইন এখন বেৰত কেইবাটাও
টাংচা মোনা ওলমাই ৰাখিছে৷ এচুকত কাপোৰ-কানিৰে ঠাহ খোৱা আলনা এডাল৷ চুইচ ব’ৰ্ডত ওলমাই ডাঙৰ টৰ্চ লাইট এটা চাৰ্জ দিয়া অৱস্থাত৷ টৰ্চ, লাঠী, দা পৰ্বতীয়া মানুহৰ দৈনন্দিনৰ
লগৰী৷ যেনেকৈ ছাতি-লাঠী-তিয়নি৷
পৰৱৰ্তী ৰূমটোত ঘৰটোৰ একমাত্ৰ কাঠৰ বিছনাখন দেখিলোঁ৷ ডাঠ কম্বল এখন এমূৰে
জাপি থৈছে৷ বিছনাৰ ওপৰতে গীটাৰ এখন৷ লেমঙে বজায়৷ আগতেই গম পোৱা হ'লে তাৰ চৰ্চাৰ উমান ল'ব পৰা গ'লহেঁতেন৷ ফুটবলো খেলে সি৷ বিছনাখনৰ ওপৰতে খোলা অৱস্থাত এটা বিউটি বক্স পালোঁ৷ নিশ্চিতভাৱে এইটো ৱাননেমৰে হ’ব৷ সাজি-কাচি ফিল্ডলৈ ওলোৱা আৰু ফটো উঠাৰ খৰধৰত এৰিলে এনেকৈয়ে৷ এফালে থকা আলনাডালতো কাপোৰ-কানিবোৰ ছেদেলি-ভেদেলি৷ এতিয়া চাগৈ মাকজনীয়ে এফালৰ পৰা চব সামৰিব৷ এইবোৰ 'ঘৰ ঘৰ কী কাহানী'!
আলনাডালৰ কাপোৰ-কানিবোৰলৈ চাই এইটো ল’ৰা-ছোৱালীহঁতৰ কোঠা হ’ব যেন লাগিছে৷ ধাৰণা কৰিছিলোঁহে এনেকৈ, নাজঙে সঁচাটো কৈয়ে দিলে৷ প্লাষ্টিকৰ ঢাৰিৰে মেৰিয়াই ৰখা অৱস্থাত এই কোঠাটোৰ মজিয়াতো বিছনা এখন আছে৷ মজিয়াতে কিতাপ কেইখনমানো দেখা গ’ল৷ অধ্যয়নথলী, পঢ়া টেবুল-চকী হ’লে ঘৰটোৰ ক’তো নেদেখিলোঁ৷ অংলেমৰ স্কুলৰ কিতাপবোৰ চাং ঘৰৰ খটখটিডাল উঠিয়ে পোৱা বাৰাণ্ডাৰ চুকটোত কাঠৰ সৰু মেজ এখনত থয়৷ এই কথাটোৱে মোক নিৰাশ নকৰাকৈ নাথাকিল৷ ল’ৰা-ছোৱালীকেইটাৰ শৈক্ষিক উন্নয়নৰ দিশত কৰণীয় ভালেখিনিয়ে আছেচোন৷ অভিভাৱক আৰু শিক্ষকে দায়িত্বখিনি কান্ধ পাতি ল’ব লাগিব৷ অন্যথা ইহঁতবোৰ এনেকৈয়ে থাকি যাব৷ কথাটো ভাবি দুখ লাগিল৷ এইফালৰ অৱস্থাসম্পন্ন পিতৃ-মাতৃয়ে সন্তানবোৰক জয়ৰামপুৰত ৰাখি পঢ়ুৱায় বুলি কালি জাংখঙে কৈছিল৷ সৰুটোক তাতে দিয়াৰ কথাও ভাবি থকা হৈছে৷
আলনাডালৰ কাপোৰ-কানিবোৰলৈ চাই এইটো ল’ৰা-ছোৱালীহঁতৰ কোঠা হ’ব যেন লাগিছে৷ ধাৰণা কৰিছিলোঁহে এনেকৈ, নাজঙে সঁচাটো কৈয়ে দিলে৷ প্লাষ্টিকৰ ঢাৰিৰে মেৰিয়াই ৰখা অৱস্থাত এই কোঠাটোৰ মজিয়াতো বিছনা এখন আছে৷ মজিয়াতে কিতাপ কেইখনমানো দেখা গ’ল৷ অধ্যয়নথলী, পঢ়া টেবুল-চকী হ’লে ঘৰটোৰ ক’তো নেদেখিলোঁ৷ অংলেমৰ স্কুলৰ কিতাপবোৰ চাং ঘৰৰ খটখটিডাল উঠিয়ে পোৱা বাৰাণ্ডাৰ চুকটোত কাঠৰ সৰু মেজ এখনত থয়৷ এই কথাটোৱে মোক নিৰাশ নকৰাকৈ নাথাকিল৷ ল’ৰা-ছোৱালীকেইটাৰ শৈক্ষিক উন্নয়নৰ দিশত কৰণীয় ভালেখিনিয়ে আছেচোন৷ অভিভাৱক আৰু শিক্ষকে দায়িত্বখিনি কান্ধ পাতি ল’ব লাগিব৷ অন্যথা ইহঁতবোৰ এনেকৈয়ে থাকি যাব৷ কথাটো ভাবি দুখ লাগিল৷ এইফালৰ অৱস্থাসম্পন্ন পিতৃ-মাতৃয়ে সন্তানবোৰক জয়ৰামপুৰত ৰাখি পঢ়ুৱায় বুলি কালি জাংখঙে কৈছিল৷ সৰুটোক তাতে দিয়াৰ কথাও ভাবি থকা হৈছে৷
বীৰেন্দৰে আমাৰ টালি-টোপোলাবোৰ গাড়ীত শৃংখলাবদ্ধভাৱে জাপিলে৷ উপস্থিত সকলোকে বিদায় মাত একোষাৰ লগোৱা
হ’ল৷ জাংখঙক সাবটি ধৰিলোঁ৷ ‘আকৌ আহিব দেই৷’ সেমেকা
চকুৰে গৃহস্থজনে শেষ বাক্যটো ক’লে৷ 'ককাই আপুনিও ডিফুলৈ এবাৰ আহক৷ পাৰিলে বাইদেউকো লগত আনিব৷ তিনিচুকীয়াত ট্ৰেইনত উঠিব, ডিফুত নামিব৷
একো চিন্তা নাই৷ আমি আছোঁ৷ ফোন নম্বৰবোৰ লিখি দিছোঁৱেই৷’ আমাৰ জেগালৈ মংৰে দম্পতীক পুনৰবাৰ আমন্ত্ৰণ জনালে ৰাজু গগৈয়ে৷ তেনেতে ইঞ্জিন ষ্টাৰ্ট হ'ল৷
‘কেচু আজুং’ বুলি খিৰিকীৰে সোঁহাতখন উলিয়াই
নাজঙৰ ফালে আগ বঢ়াই দিছোঁ৷ হেণ্ডশ্বেক দিবলৈ উৎসাহেৰে তায়ো তাইৰ সোঁহাতখন আগ বঢ়ালে৷ ৫০০টকীয়া নোট এখন মোৰ হাতৰ
মুঠিত আগৰে পৰাই নুৰিয়াই লৈ আছিলোঁ৷ ‘গৈ
থাকোঁ দেই৷ ভালকৈ থাকিব৷’ কথাৰ লাচতে কৰমৰ্দনৰ চেলুৰে কাগজটুকুৰা নাজঙৰ হাতত গুজি দিলোঁ৷
ঘটনাৰ আকস্মিকতাত থত্মত্ খালে তাই৷ নোটখন তাইৰ হাতলৈ গুচি গ'ল৷ পোনে পোনে দিলে নলয় বুলি মই জানো৷ আতিথ্যৰ এনেকুৱা ওপৰঞ্চি দাম ইহঁতে গ্ৰহণ নকৰে৷ ময়ো সেইবুলি নহয়, যাবৰ বেলিকা কিনো দিম বুলিহে দিছোঁ৷ এইকেইদিন খুব ভালকৈ থাকিলোঁ ইয়াত৷
১১ বাজিবলৈ
১০ মিনিট বাকী৷ বীৰেন্দৰে এক্সেলাৰেটৰত লাহেকৈ হেঁচা দিলে৷ হ’মষ্টে’ৰ চোতালৰ পৰা নঙলা পাৰ হৈ গাড়ীখন লাহে লাহে ওলাই আহিল৷ খিৰিকীৰে মূৰ উলিয়াই ঘূৰি চালোঁ৷ বাইদেউজনীয়ে এবাৰ নোটখনলৈ এবাৰ গাড়ীখনলৈ চাইছে৷ পাটকাইৰ বুকুৰ পৰা আমি ক্ৰমান্বয়ে নামিব ধৰিলোঁ৷ (আগলৈ)
No comments:
Post a Comment