পঞ্চম দিন, অংশ-৬
নংকি বস্তিৰ মাজৰ ঠেক বাটটোৰে আমাৰ গাড়ীখন ধীৰে ধীৰে অগ্ৰসৰ হৈছে৷ অৰুণদাহঁত
থকা ৱিমচাম মৰাঙৰ হ’মষ্টে’লৈ চালোঁ৷ হাৰ্বাৰ্টৰ হুণ্ডে' টাকচনখন বাহিৰতো নাই, চাঙৰ তলতো নাই৷ তাৰ মানে টীম-বি ওলাই
গ’লেই! কোনো কথা নাই, বাটত লগালগি হ’ম৷
যাওঁতে ৱাৰ চে’মিটাৰীত সোমাম বুলি কালিয়েই থিৰাং কৰা আছে৷ আহিবৰ দিনা আন্ধাৰ হোৱা বাবে কাৰো চোৱা নহ’ল৷ মই অৱশ্যে আগতে এবাৰ আহিছোঁ, মুন্নাৰ লগত লিডুৰ পৰা স্কুটী চলাই৷ সেইকণ অভিজ্ঞতাৰ ভেটিতে এতিয়া সংগীসকলক জোৰ দি আছোঁ
যে দ্বিতীয় মহাযুদ্ধৰ সেই কবৰথলীত যাওঁতে পদাৰ্পণ কৰি নগ'লে ষ্টীলৱেল পথেৰে কৰা ভ্ৰমণ আধৰুৱা
হৈ ৰ’ব৷ যুদ্ধ আৰু পথ নিৰ্মাণক কেন্দ্ৰ কৰি হোৱা উক্ত সমাধি-ক্ষেত্ৰ তদানীন্তন
সময়ৰ মানৱতাৰ ধ্বজাবাহী৷ সম্প্ৰতি এক গৱেষণা থলী, পৰ্যটন থলীলৈও পৰ্যৱসিত হৈছে৷ কবৰস্থানখনক
লৈ এনেকুৱা এটা বাক্য ক’ৰবাত এবাৰ পঢ়িবলৈ পাইছিলোঁ… ‘কবৰবোৰেই মাইলষ্ট’ন,
তেজেই মূল্য’৷ সেই কবৰবোৰ ইয়াৰ পৰা মাত্ৰ ২০ মিনিট, বৰ বেছি আধা ঘণ্টাৰ দূৰত্বতে আছে৷ যাওঁতে পায়ো যাম৷ গতিকে সুযোগ হেৰোৱাওঁনো কিয়?
আৰু অলপ গৈছোঁ, তেনেতে ৰাস্তাটোৰ কাষতে ৰৈ থকা আদহীয়া টাংচা মহিলা দুজনীয়ে
হঠাতে হাত দাঙি আমাক ৰ’বলৈ ইংগিত দিলে৷ ওচৰতে খাং দুটা৷ ইহঁত ফেষ্টিভেল গ্ৰাউণ্ডলৈ
যাব৷ ‘খাঙত কি আনিছে?’ ৰাজু গগৈয়ে প্ৰশ্ন কৰিলেই৷ ‘ভাত
আনিছে৷ টোপোলা ভাত৷ লৈ যাবিনা৷’ অথনি মালা বাইদেৱে এইবিধ খাদ্যকে ৰান্ধি আছিল নেকি, উৎসৱথলীলৈ
বুলি? হয়-নহয় নাজানো, এতিয়া এনেকৈয়ে ভাবি পালোঁ৷ ‘লৈ যাব পৰা হ’লে
ভাল আছিল৷ সহায় কৰা হ’লহেঁতেন৷’ স্বগতোক্তিটো আপোনা-আপুনি মোৰ মুখৰ পৰা ওলাই আহিল৷ অলপমান ঠেলা-হেঁচা হ’ল যদিও সৰ্বসন্মতিক্ৰমে দুয়োকে আমাৰ গাড়ীত উঠাই লোৱা হ’ল৷
কথা-বতৰা পাতি, হালি-জালি, হাঁহি-মাতি গৈ থাকিলোঁ আটায়ে৷
নামনিৰ সমতলভাগ পাওঁতে এৰি অহা দিশটোলৈ ঘূৰি ঘূৰি চালোঁ৷ পৰ্বতৰ বক্ষত সবাতোকৈ
ওপৰত মালা বাইদেউহঁতৰ ঘৰটো৷ ঘৰৰ আগত সৌজোপা গুলপীয়া বাগানভেলীয়া৷ ইয়াৰ পৰা স্পষ্টভাৱেই দৃশ্যমান হৈ আছে৷ জাংখংহঁতৰ ঘৰটো তাতোকৈ তলত, বাওঁহাতে৷ গছৰ আঁৰত লুকাই পৰিছে৷ কাঠৰ দলং, চাহ বাগান, পথাৰ, অলপ
পাছতে নংকি বস্তিৰ চাইনব’ৰ্ডখনো পাৰ হ’লোঁ৷ তাৰ পাছত উঠিলোঁহি ষ্টীলৱেল
পথত৷
আৰু অলপ আগুৱাই যথাস্থানত নমাৰ সময়তে খাঙৰ পৰা উলিয়াই মৰমতে প্ৰত্যেককে একোটাকৈ
ভাতৰ টোপোলা দিলে বাই দুজনীয়ে৷ পইচা হ’লে দিওঁ বোলোঁতেও নল’লে৷
আমিও টোপোলাকেইটা হাত পাতি ল’লোঁ, পিছত সদ্ব্যৱহাৰ কৰিব লাগিব বুলি সযতনে সাঁচি থ’লোঁ৷
আমি এতিয়া ইতিহাসপ্ৰসিদ্ধ, দ্বিতীয় মহাযুদ্ধখ্যাত ষ্টীলৱেল ৰ’ডত৷ ভাৰতভূমি চেৰাই ম্যানমাৰৰ ব’ৰ্ডাৰ
মাৰ্কেট পৰ্যন্ত এই পথটো এতিয়া দলৰ প্ৰতিজনেই চিনি পাওঁ৷ সদ্যহতে মূল তোৰণৰ আগেদি
পাৰ হৈ যাব ধৰিছোঁ৷ হাজাৰ-বিজাৰ লোকৰ সমাগমত তিনিদিনীয়াকৈ আয়োজিত পাংচু পাছ ৱিণ্টাৰ ফেষ্টিভেল ২০১৩ সুকলমে
সম্পন্ন হোৱাৰ পথত৷ আজি ইয়ালৈ অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী মহোদয় আহিব৷ তাকে কেন্দ্ৰ কৰি
উখল-মাখল পৰিৱেশ৷ বিদায়ী মাত একোষাৰ লগাওঁ বুলি গাড়ী ৰখাই আৰিফ ছিদ্দিকী আৰু মানৱাং
ৱাংছাক বিচাৰিলোঁ৷ চৌহদৰ ভিতৰ সোমায়ে ৰাজু গগৈ আৰু পংকজ দাস জনজাতীয় ঘৰবোৰৰ ফালে
ধাৱমান হ’ল৷ মতলব কি? পিছত ফটো দেখুৱালতহে গম পালোঁ, দুয়ো আপাতানি চাঙত উঠিলেগৈ,
আপাতানি দম্পতী এটাৰ সৈতে ফটোও তুলিলে কম সময়ৰ ভিতৰতে৷ ঠাই এৰিবৰ মনেই নাই৷ তহল দি
আছে আপোনমনে৷
শীতকালীন সমাৰোহখনক লৈ বহুতৰে বহু ধৰণৰ আশা-আকাংক্ষা,
ভৱিষ্যদৰ্শী জল্পনা-কল্পনা৷ কোনোবাই কয়, ‘এই অনুষ্ঠানটোৱে অঞ্চলটোলৈ
বহুমাত্ৰিক পৰিৱৰ্তন আনিব৷ বিশেষকৈ ইয়াৰ অধিবাসী টাংচাসকলক বিশ্বই চিনি পোৱাত সহায়ক
হ’ব৷’ আন
কোনোৱে কয়, ‘ই
আমাৰ পূৰ্বপুৰুষ আৰু বংশলতা মনত পেলোৱাব আৰু গৌৰৱ কৰিব পৰাকৈ আমি কোন তাক জনাব৷’ অন্য
এচামৰ অভিমত, ‘যুৱ সম্প্ৰদায়ক নিজৰ সাংস্কৃতিক
ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাশীল কৰি তুলিব৷ নৃগোষ্ঠীয় পৰিচয়েৰে বুকু ফিন্দাই ৰোৱাত নতুন
চামটোক অনুপ্ৰাণিত কৰিব৷’
ইত্যাদি ইত্যাদি ঢেৰ কথা৷
মূল মণ্ডপৰ কাষতে ছিদ্দিকীক পালোঁ৷ বিদায়ী কৰমৰ্দন চলিল৷ আকৌ কেতিয়া ক'ত লগ হ'ম নাজানাে৷ ই-মেইলযোগে যোগাযোগকণ থাকিব৷ তেওঁক মাত লগাই ওলাই আহোঁতেই কিনো ভাগ্য ভাল, মানৱাঙকো পাই গ’লোঁ৷ মূল পথৰ দাঁতিতে ৰৈ কথা-বতৰা চলিছে৷ নামপঙলৈ আকৌ
আহিবলৈ বাৰে বাৰে ক’লে৷
‘গে’টৰ
পৰা মোক ফোন কৰি দিলেই হ’ল৷
বাকী দায়িত্ব মোৰ৷’
মিনিষ্টাৰ আহিব বাবে ছটফটীয়া ল’ৰাটো
ভীষণ ব্যস্ত৷ গতিকে বেছি পৰ আটক কৰি নাৰাখিলোঁ৷ আমাৰো যাত্ৰা দূৰণিবটীয়া৷ ট্ৰেইন ধৰাৰ চিন্তা এটাও আছে৷
১২ বাজি ৩০ মিনিট পাৰ হ’ল৷ অৰুণদাহঁতৰচোন দেখাদেখি নাই! ক’লা গাড়ীখনো চকুত পৰা নাই৷ গ’ল কেনি? এনেতে সশব্দে ফোনটো বাজি উঠিল৷ কথাৰ পৰা গম
পালোঁ, তেওঁলোক আগ বাঢ়িলেই৷ ৱাৰ চে’মিটাৰীত
ৰ’ব৷ অহাৰ দৰেই যাওঁতেও দুয়ো দলৰে কাৰ্যসূচী বেলেগ বেলেগ
হ’ব৷ তেওঁলোক গাড়ীৰেই জিৰাই-শঁতাই আহি থাকিব৷ আমি তিনিচুকীয়াত বলেৰ’ এৰিম, ইণ্টাৰচিটিত উঠিম৷
ভ্ৰমণ, মানুহ, প্ৰকৃতি, নদী,
খাদ্য, ইতিহাস, কিংবদন্তি ইত্যাদিৰ কিছুমান বিৰল অভিজ্ঞতা হৃদয়ে-মুখে লৈ নামপঙৰ পৰা
আমি ঘৰমুৱা হ'লোঁ৷ ধূলিৰ ধুমুহা ফালি একা-বেঁকা পথেৰে ওভতনি যাত্ৰা চলি থাকিল জয়ৰামপুৰ
ৱাৰ চে’মিটাৰীক লক্ষ্য
কৰি৷ (আগলৈ)
No comments:
Post a Comment