Sunday, 8 April 2018

পঞ্চম দিনঅংশ-

নাজঙে আমাৰ বাবে খৰধৰকৈ বিদায়ী ভাতসাঁজৰ যো-জা কৰি পেলাইছে৷ নালাগে বুলিলতো শুনা নাই৷ সময় ৰাহি কৰাৰ উদ্দেশ্যৰে বাটত কৰবাত খাই লবুলি কৈছিলোঁ৷ নাই, নামানিলে৷ ১০ বাজিছেহে৷ ভাত খাব পৰা হৈয়ে গ'ল৷ ৰাতিপুৱা চাউল বাছি থকা অৱস্থাত বাইদেউজনীক দেখি মনটোতে খুব শোক লাগিছিল মোৰ৷ সৰলমতীয়া টাংচা পৰিয়ালটোৰ উমাল সান্নিধ্য আৰু কাৰ্পণ্যহীন আতিথ্যত তিনিটা দিন অতি ভালদৰে কাটিছে৷ আপোন আপোন লাগি গৈছে ইহঁতক৷ ভাব হৈছে, পাটকাইৰ বুকুত এয়া যেন আমাৰ দ্বিতীয় এখন ঘৰ৷ আগফাল-পাছফাল, ভিতৰ-বাহিৰ, সকলোতে অবাধ বিচৰণ৷ যেন পৰিয়ালৰহে সদস্য! যেন জনম জনমৰ সম্বন্ধ! 

আমি আপোনালোকৰ ঘৰত এইকেইদিন থাকিলোঁ, খালোঁ৷ চব কথাই ভাল পালোঁ৷ এতিয়া যাবৰ সময় হল৷ হমষ্টেৰ বাবদ আমি পৰিশোধ কৰিবলগীয়া খৰচৰ হিচাপ-পত্ৰ জনাওক৷ ভাত খোৱাৰ আগে আগে প্ৰসংগটো টানি অনা হল৷ এইটো দৰকাৰী বিষয়৷ ইফালে জাংখংহঁত এইটো দিশত তেনেই অনভিজ্ঞ৷ হিচাপ-কিতাপৰ একো ধাৰণা নাই৷ থাকিব কৰ পৰা? এইবাৰহে প্ৰথম হমষ্টে প্ৰৱৰ্তন কৰা হৈছে৷ ব্যৱসায়িক উৎকৰ্ষ কিম্বা মনোবৃত্তি  বুলিবলৈও শূন্য৷ এনেস্থলত ওলোটাই আমাকহে খাটনি ধৰিলে, আপোনালোকেই হিচাপ-কিতাপ কৰক ছাৰ, আমি এইবোৰ একো নাজানো৷

জুহালৰ কাষতে ঢাৰি পাৰি সকলোটি বহিলোঁ৷ কাগজ-কলম হাতত লৈ ডক্টৰ ৰাজু গগৈয়ে নতুন শিক্ষাটোৰ নেতৃত্ব দিলে৷ আন্তৰিকতাৰে লক্ষ্য ৰখা হৈছে, গৃহস্থৰ যাতে লোকচান নহয়৷ অলপ সময় ধৰি অংক কৰাৰ পাছতে দেনাৰ পৰিমাণটো স্পষ্ট হৈ পৰিল৷ কাৰো একো অভিযোগ নাই৷ উভয় পক্ষ সন্মত৷ তদনুসাৰে আমি ৪ পৰ্যটকে সমানে ভগাই ধনখিনি পৰিশোধ কৰি তৎমুহূৰ্ততে লেঠাটো মাৰি দিলোঁ৷ কালি লেক্‌ অফ্‌ ন ৰিটাৰ্ণলৈ গৈ থাকোঁতে পাংচু পাছ পাৰ হৈ ম্যানমাৰৰ মাটিত ক'ব নোৱাৰাকৈ জেকেটৰ পৰা ওলাই পৰি যোৱা জাংখঙৰ মানীবেগটোত থকা পইচাকেইটাৰ আমি ক্ষতিপূৰণ দিম বুলি কথা দিয়া আছিল৷ প্ৰতিশ্ৰুতি ৰক্ষা কৰি সেয়াও আদায় দিয়া হল৷ গৃহস্থই সন্তুষ্টি প্ৰকাশ কৰিলে৷ পুনৰাগমন কামনাৰে অনুৰোধ জনাই থলে৷ কলে, আপোনালোকৰ বাবে আমাৰ দুৱাৰ সদায় খোলা থাকিব৷ যেতিয়াই আহে খবৰ দিব৷ জয়ৰামপুৰ গে'টত ৰৈ থাকিলেই হ'ল৷ তাৰ পৰা লৈ আনিমগৈ৷


জাংখং, নাজং, লেমঅং, ৱাননেম আৰু অংলেম৷ ভাত খোৱাৰ পাছতে পৰিয়ালটোৰ আটাইকেইজন সদস্যক চাংঘৰৰ সন্মুখত থিয় কৰাই গ্ৰুপ ফটো তোলাৰ ধুম উঠিছে৷ ওচৰৰে বোৱাৰী এজনী আৰু কেঁচুৱা দুটাও অন্তৰ্ভুক্ত হল৷ সঞ্জুৱে জাংখঙৰ ডিঙিত ফুলাম গামোচা এখন পিন্ধাই দিলে৷ সাউতকৈ ভিতৰ সোমাই জাংখঙে টাংচা পৰম্পৰাগত জেকেটটো সুমুৱাই আহিলগৈ৷ জেকেটৰ ওপৰত গামোচাখন লোৱাত গৃহস্থজনক অধিক সুন্দৰ আৰু আকৰ্ষণীয় দেখা গল৷ নাজং নিজৰ জনজাতীয় পোছাকত৷ ডিঙিত ওলমিছে মুদ্ৰা আৰু মণিৰ মালা৷ দম্পতীহালক পৃথকভাৱেও স্নেপ কৰা হৈছে৷ লগৰীয়াহঁতৰ সৈতে ফেষ্টিভেল গ্ৰাউণ্ডলৈ ওলোৱা ৱাননেম আগৰে পৰাই টাংচা সাজত আছিলেই৷ গোটেইকেইটা কেমেৰা ইটোৰ পাছত সিটোকৈ কামত লাগি যোৱাত সময় কিছু ব্যয় হ'ল৷ ফটোৰ কাৰবাৰ সমাপ্ত হোৱাৰ পাছতে ৱাননেমহঁতে আমাক মাত লগাই খোজ কাঢ়িয়ে ফিল্ড অভিমুখে ৰাওনা হল৷

নাজঙৰ বৃদ্ধা মাকজনী কাষৰে চাং ঘৰ এটাত থাকে৷ বাহিৰলৈ আগ বাঢ়ি থকা চাংখনৰ ওপৰতে বহি ৰাতিপুৱা বুঢ়ীয়ে ৰদ লৈ থকা দেখিছিলোঁ৷ টাংচা গৃহ সজ্জাৰ বিশেষত্ব এনেকৈ আগুৱাই থকা চাংখন৷ ইয়াত বহুতো ঘৰুৱা, সমজুৱা কামেই চলে৷ নাজঙক খাটনি ধৰিলোঁ, মাকৰ ওচৰলৈ মোক লৈ যাবৰ বাবে৷ মুখামুখি হোৱাৰ পাছত নিজৰ দোৱানতে জীয়েকে তেওঁক আমাৰ বিষয়ে বুজালে৷ মোৰ হাতত কাৰবি প এখন আছিল৷ সেইখনকে উপহাৰ স্বৰূপে তেওঁৰ গলধনত দিলোঁ৷ তাৰ পৰা ঘূৰি আহিয়ে জাংখং আৰু নাজঙক চমজালোঁ পুৱা প্ৰস্তুত কৰা ৰেকৰ্ড বুকখন৷ সবিশেষ বুজায়ো দিলোঁ৷ এতিয়া এইখন তেওঁলোকৰ সম্পত্তি৷ কথাবিলাক দুয়ো আগ্ৰহেৰে লক্ষ্য কৰিলে৷

সাজ-পোছাক পিন্ধি ওলোৱাৰ পাছত গাড়ীত তুলিবৰ বাবে আমাৰ বেগবিলাক এটা এটাকৈ চাঙৰ পৰা নমাই মুকলি চোতালত থোৱা হৈছে৷ কোঠাটোত কিবা এৰিলোঁ নেকি চাই-চিতি একেবাৰে শেষত মই বাহিৰ ওলালোঁ৷ দেখিলোঁ, নাজঙে পাহাৰীয়া বৰা চাউলৰ টোপোলা একোটা প্ৰত্যেকৰে বেগৰ ওপৰে ওপৰে থৈ গৈছে, ঘৰত খাই চাবগৈ বুলি৷ আগতে খুজি থোৱামতে শুকুৱাই ৰখা পহুৰ মাংস অকণমান ধোঁৱা-চাঙৰ পৰা নমাই হেঁপাহেৰে টোপোলা এটি বান্ধি সঞ্জুক আথে-বেথে দিছে, পুত্ৰ-পৰিবাৰক খুৱাবগৈ বুলি৷ বিদায় পৰৰ এনেকুৱা কামবোৰে আমাৰ আইতা, জেঠাইহঁতলৈ মনত পেলাই দিলে৷ একে স্বভাৱ৷ ঘৰৰ জহা-বৰা চাউল কেইটামানেই হওক, ওলকচুৰ আচাৰ অকণমানেই হওক, মুঠতে কিবা অকণমান দি পঠাব লাগে৷

মোৰ বটলটোত পানী ভৰাই দিবলৈ কোৱাত মানুহজনী পাকঘৰলৈ দৌৰ মাৰিলে৷ ময়ো পিছে পিছে গৈ পাকঘৰত সোমালোঁ৷ কলোঁ... বাইদেউ, আপোনাক মই এটা বস্তু খুজিম দেই৷ তাই প্ৰথমতে বুজাই নাছিল মইনো কি কৈছোঁ৷ মুখলৈ ভেবা লাগি চাই আছে৷ পুনৰ কলোঁ... মই এটা বস্তু লগত লৈ যাব খুজিছোঁ, চিন স্বৰূপে৷ সুধিলে... আমাৰনো দিবলৈ কি আছে? একোৱেই নাই৷ হলেও কওকচোন বাৰু? পাকঘৰটোৰ ওপৰ-তল, সোঁ-বাওঁ, চাৰিও চুকে চকু ফুৰাই থকা দেখি আকৌ কলে আপোনাক যি লাগে লৈ যাওক৷ আপত্তি নাই৷ ৰেকডালৰ ওপৰত লুটিয়াই থোৱা, ফালাপ খোৱা বাঁহৰ পিয়লা এটা ইতিমধ্যে মই হাতত তুলি লৈছিলোঁৱেই৷ তাকে দেখি তাই হাঁহিলে৷ বুজিলে চাগৈ যে ই সামান্য কাপ এটাহে নিব খুজিছে৷ তাকো বাঁহৰ৷ গতিকে নিদিওঁ বুলিবলৈও একো নাথাকিল৷

মই হাতত লৈ লিৰিকি-বিদাৰি থকা কাপটো তাই থৈ দিবলৈ কলে৷ তেনেকৈ কোৱাত আচৰিতেই হলোঁ৷ কি নিদিব নেকি? নে এইটো লোৱা অনুচিত নেকি? মোৰ ভাবনাক ভুল প্ৰতিপন্ন কৰি তাই কৈ উঠিল, সেইটো নহয়৷ তাৰ পাছত নিজে বাছি-বিচাৰি, ধুই-ধাই, তাতোকৈ ধুনীয়া অন্য এটা কাপ দিলে৷ কলে... এইটো লৈ যাওক৷ এইটো বহুত পুৰণি৷ এইটো মোৰ কাপ দেই৷ নিজৰ কাপটো মই আপোনাক দিছোঁ৷ মনত ৰাখিব দেই আমাক৷ নাপাহৰিব৷

'কেচু আজুং' বুলি কৈ পিয়লাটো হাতৰ মুঠিত লুকুৱাই চাঙৰ পৰা নামি আহিলোঁ৷ এইকেইদিনত মই দুই-এটা টাংচা শব্দ শিকিছোঁ৷ 'কেচু আজুং' মানে ধন্যবাদ৷ 'আহাল' মানে ভাল৷ মোৰ মুখত অবাঞ্চিতভাৱে নিজৰ মাতৃভাষাৰ শব্দ দুটা শুনি নাজং অতি আচৰিত হ'ল৷ মইযে মনে মনে শব্দ সংগ্ৰহ কৰি আছোঁ তাই নাজানে৷

এইফালে দলৰ এজনেও গমেই নাপালে টাংচা হ'মষ্টে'ৰ পৰা মই কি সম্পদ উঠাই আনিছোঁ৷ মনে মনে ভাবিছোঁ, নাজঙৰ এই সামান্য উপহাৰটো বৰ সযতনে ৰাখিব লাগিব৷ বাঁহৰ কাপটোৱে মোক টাংচা মানুহৰ সৰলতা, উদাৰতা, আন্তৰিকতা, আতিথেয়তাৰ কথা অহৰহ স্মৰণ কৰোৱাই থাকিব৷ লেমঅং, ৱাননেম, অংলেম, জাংখং, নাজংহঁতক পাহৰিম কি সতে? পাটকাইৰ বক্ষত নিৰৱতাৰ আৱেষ্টনীত কাঠ-বাঁহ-জেঙুপাতৰ চাংঘৰ সাজি বসতি কৰি থকা ইহঁত মোৰ আপোন মানুহ৷ ঈশ্বৰে মিলালে আকৌ দেখা হম কেতিয়াবা৷ (আগলৈ)


No comments:

Post a Comment