পঞ্চম দিন, অংশ-৯
ইটাৰে শাৰী শাৰীকৈ সাজি থোৱা কবৰবোৰৰ মাজত সোমাই অৰুণদাই
পেনোৰামিক শ্বট কিছুমান লৈ আছে জয়ৰামপুৰ ৱাৰ চে’মিটাৰীৰ ভিতৰভাগৰ৷ মূৰৰ ঠিক ওপৰেদি পাখি ঘূৰাই গৈ থকা হেলিকপ্টাৰ এখনক ঝুম কৰি ধৰি ৰখাৰ চেষ্টা এটাত লাগি আলোড়িত হৈ আছোঁ মই৷ অৰুণদাৰ অনুৰোধত নিৰ্দিষ্ট ল'কেচন কেইটামানত তেওঁৰ ফটো দুখনমানো তুলি দিবলগীয়া হ’ল৷ তেতিয়াই জনালে, টীম-বিৰ ওভতনি পৰিকল্পনাটোৰ
সম্বন্ধে৷
যি বুজিলোঁ, ইনথঙৰ চিংফৌ ইক’ লজত দলটোৰ দিনৰ সাঁজ খোৱাৰ মতলব৷ সিদিনা আহোঁতে হেঁপাহ নপলাল৷ হলৌ বান্দৰজনীকো পাহৰিব পৰা নাই৷ তাত জিৰাই-শঁতাইহে যাত্ৰা পুনৰ আৰম্ভ কৰা হ'ব৷ হাৰ্বাৰ্টে বোলে কৈছে, একেৰাহে গৈ থাকিব৷ ৰৈ থাকিবলৈ নাই৷ হাৰ্বাৰ্টে ওৰে দিন ওৰে ৰাতি একাকাৰ কৰি গাড়ী চলাব পাৰে৷ পিছে তেনেকৈ গৈ থকাৰ প্ৰস্তাৱ অৰুণদাই মানি লোৱা নাই৷ নিশাটোৰ বাবে কোনোবা হোটেল এখনত আশ্ৰয় লৈ পিছদিনা পোহৰে পোহৰে ডিফু ওলোৱাৰহে পক্ষপাতী তেওঁ৷ শিৱসাগৰ, যোৰহাটত থাকিব পৰা ঠাইৰ বিষয়ে সোধাত হোটেলৰ শুং-সূত্ৰ কিছুমান মই দি দিলোঁ৷ আনহাতে আমাৰ টীম-এ'ৰ পৰিকল্পনামতে কিন্তু বাটতে ক’ৰবাত ভাতকেইটা মোকলাই চিধা তিনিচুকীয়া ওলামগৈ৷ সময় বন্ধা আছে৷

এই যাত্ৰাবোৰেই এনেকুৱা৷ যাওঁতে বান্ধটো খোল খাই গৈ থাকে৷
ঘূৰি আহিলেই লেঠা৷ আকৌ বান্ধোনৰ গণ্ডীত সোমাই পৰিব লাগে৷ ৰুটিনমাফিক জীৱন-যাত্ৰাৰ পৰা পলাই
আমি দুই-চাৰিদিনলৈ নেগুৰ কটা বাঘ হৈ উঠোঁ৷ আমাৰ মনৰ সযত্নপালিত
প্ৰয়াস কিছুমানে তেনে সময়তে প্ৰাণ পাই উঠে৷ সময়ে আকৌ মায়াডোলেৰে বান্ধি পেলায় আমাক৷ ইফালে অৰুণদাই কথাবোৰ গোপনে ৰাখিয়ে ভাল পায়৷ ক’ত যাব, কেতিয়া যাব, কোন কোন যাব এই বিষয়ে কাকো নকয়৷ ঘূৰি আহি লিখিত ৰূপত সৰ্বত্ৰ জনাই দিয়ে, কাকত-আলোচনীৰ ছপা আখৰবোৰৰ জৰিয়তে৷ তেওঁৰ স্বভাৱটো হ'ল এনেকুৱা৷
মোৰ কেইবাটাও যাত্ৰাপথৰ ভ্ৰমণ-সংগী তেওঁ৷ ঘৰ গৈ পাই সুবিধা বুজি আকৌ পৰৱৰ্তী ভ্ৰমণৰ কথা ওলাবই ওলাব৷ এইটো মই ভালকৈ জানো৷ ভ্ৰমণ-পৰ্যটন আমাৰ দুয়োৰে হ'ব্বী৷ কোনো নোযোৱা, কম মানুহ যোৱা ঠাইবোৰ আমাৰ লক্ষ্য৷ নগৰ-মহানগৰৰ সহজ পৰিক্ৰমাত তৃপ্তি অকণো নাই৷
প্ৰায় আধা ঘণ্টা কটোৱা হ’ল কবৰৰ পৰিপাৰ্শ্বত৷ ভাব-অনুভূতিৰে পুনৰবাৰ সোঁৱৰিলোঁ তাহানিৰ মৃতকসকলক৷ তাৰ পাছতে অগা-পিছাকৈ দুয়োখন গাড়ীয়ে পৰৱৰ্তী যাত্ৰা আৰম্ভ কৰি দিলে৷ জয়ৰামপুৰ
গে’ট পাৰ নৌহওঁতেই আমি টীম-বিক
এৰিলোঁ৷ অসম সীমান্তৰ পৰা ম্যানমাৰ সীমান্তলৈ এইছোৱা ১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ৷ আমি জাগুন পালোঁহি৷
ষ্টীলৱেল পথ শেষ হৈ আহিছে৷ বেদনা এটা যেন ধীৰে ধীৰে জাগ্ৰত হৈ আহিছে! ইফালে, ড্ৰাইভিং হুইলত থকা বীৰেন্দৰ মাহাতোৱে এক্সেলাৰেটৰত আন সকলো সময়তকৈ যেন বেছি হেঁচা প্ৰয়োগ কৰিছে! এনে লাগিছে মোৰ৷ ঘৰমুখী চালনা৷ হাজাৰ হওক, তেওঁৰো ঘৰ এখন আছে৷ ঘৰত ল’ৰা-ছোৱালী আছে, পৰিবাৰ আছে৷ মূল মানুহটো একেৰাহে ইমানকেইদিন নাই৷ ড্ৰাইভাৰৰ জীৱনেই এনেকুৱা! মানি নলৈ কি উপায়? তথাপি ৰে'ল ধৰাবৰ উদ্দেশ্যেই চাগৈ তেওঁ যিমান পাৰি গতি তীব্ৰতৰ কৰি পেলাইছে৷ ৰাস্তাটোত যান-বাহন সিমান নাই৷ গতিকে জোৰত আহি মজা এটাও লাগিছে৷

১৯৯৭
চনৰ ১৭ ফেব্ৰুৱাৰীত অন্তিমখন ৰে’ল পাৰ হোৱাৰ পিছতে বন্ধ হৈ
যোৱা, ঐতিহাসিক দ্বিতীয় মহাযুদ্ধৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা অসমৰ তিনিচুকীয়া
জিলাৰ লেখাপানী ষ্টেচনৰ ফলকখনে সগৌৰৱে আজিও সোঁৱৰাই আছে, Eastern-most Railway Station of India, Railway's Last Frontier, End of the Rail Head আদি বাক্য কিছুমান৷ আমি লেখাপানী পালোঁ৷ ষ্টীলৱেল ৰ'ড সমাপ্ত হ’ল৷ বিদায় ষ্টীলৱেল ৰ'ড৷ আকৌ আহিম৷ মনটো স্বাভাৱিকতে অকণমান বেছিকৈয়ে গধুৰ গধুৰ লাগিল৷ ম্যানমাৰৰ মাজেদি ভাৰতৰ পৰা চীনলৈ এই ৰাস্তাটো কেতিয়া খোল খাব, খোল খাবনে নাখাব নাজানো৷ ব'ৰ্ডাৰ খোলা থকাৰ সুযোগটো হ'লে আমি ল'লোঁ৷ আমাৰ দৰে ভ্ৰমণপিয়াসী আৰু বহুতেই ল'লে অৱশ্যে৷ পৰৱৰ্তী সুযোগৰ বাবে অপেক্ষা কৰিব লাগিব সম্পূৰ্ণ এটা বছৰ৷ তাতো আকৌ অনিশ্চয়তা নথকা নহয়৷
লিডু পালোঁহি৷ ওচৰতে মাৰ্ঘেৰিটা৷ মাৰ্ঘেৰিটা পাওঁ পাওঁ হওঁতে এবাৰ পিছলৈ চালোঁ, ক’লা টাক্চনখন দেখোঁ নেকি বুলি৷ আমাতকৈ বহুত পাছত আছে৷ তেওঁলোক সোঁহাতে সোমাব চিংফৌ ইক’ লজলৈ৷ বলেৰ'খনে চিধা ৰাস্তা ধৰিলে৷ ফোন এটা কৰি অৰুণদাহঁতক কথাষাৰ জনোৱা হ'ল৷ 'কাইলৈ ডিফুত দেখাদেখি হ'ব৷ বাকীখিনি তেতিয়া পাতিম৷ মে'মৰী কাৰ্ডৰ পৰা ফটোখিনি মোৰ লেপটপত লৈ আপোনাৰ কেমেৰাটোও হাতে হাতে ঘূৰাই দিম৷'
ভোক আমাৰো নলগা নহয়৷ বীৰেন্দৰক কৈ থোৱা হ'ল, বাটত ভাল চাই কোনোবা ধাবাত ৰখাবলৈ৷ মূৰ জোকাৰি তেওঁ সঁহাৰি জনালে৷ এইফালৰ ডাঙৰ-সৰু সকলো বাট-পথেই তেওঁৰ নখ দৰ্পণত৷ 'মাকুমৰ ওচৰ পালে খানা মিলি যাব' বুলি বীৰেন্দৰে আশ্বাস দিলে৷ (আগলৈ)

No comments:
Post a Comment