Thursday, 5 April 2018

পঞ্চম দিন (২২.০১.২০১৩), অংশ-১

ৰৌদ্ৰোজ্জ্বল ৰাতিপুৱা৷ পাটকাই পৰ্বতমালাৰ পূবফালৰ পাদদেশত বিচৰণ কৰি আছোঁ এইকেইদিন৷ ইফালে আজি পুৱাৰে পৰা নাজঙৰ মনটোচোন মৰা! বুকুৰ ভিতৰত কৰবাত যেন অলপমান ৰিক্ততা! তিনিদিন হমষ্টেৰ পাছত আমাৰ মাৰ্ক পল এড্‌ভেন্‌চাৰ টীমটোৱে আজি নংকি বস্তি এৰি গুচি যাম ঘৰলৈ, সুদূৰ ডিফুলৈ৷ আকৌবা কেতিয়া দেখাদেখি হয়! হয়তো নহবও পাৰে এই জনমত৷ অদৃষ্টৰ কথা কোনে জানে?

যোৱানিশা বহু পৰলৈ জুহালত বৃত্তাকাৰে বহি আড্ডা পিটা হৈছিল৷ এইখন চাঙত বাহৰ পাতিয়ে আমি নৃগোষ্ঠীয় সমাৰোহ পাংচু পাছ ৱিণ্টাৰ ফেষ্টিভেল চালোঁ৷ অৰুণাচলৰ সমৃদ্ধ প্ৰকৃতি আৰু সংস্কৃতিৰে হৃদয় জুৰালোঁ, আত্মাক শান্ত কৰিলোঁ৷ ইতিহাসপ্ৰসিদ্ধ ষ্টীলৱেল পথ অনুসৰণ কৰি পাটকাই পৰেবতত বগালোঁ৷ ভাৰত-ম্যানমাৰ সীমান্তৰ হেল পাছ নামাংকিত পাংচু গিৰিপথেদি ট্ৰেকিং কৰি একালৰ বাৰ্মা, মানদেশ পালোঁগৈ৷ দ্বিতীয় মহাযুদ্ধৰ সময়ত বিমান, সৈনিক, শৰণাৰ্থী ডুব যোৱা লেক্‌ অফ্‌ ন ৰিটাৰ্ণ, ইণ্ডিয়ান বাৰ্মুডা ট্ৰায়েংগল নাম পোৱা নংয়্যাং হ্ৰদৰ ঢৌ লেখিলোঁ, পানী চুলোঁ, যত অতীজত আহোম আৰু নৰা ৰজাই কুকুৰা কাটি শপত লৈছিল আৰু মিত্ৰতাৰ চুক্তিৰে হাত পখালিছিল সীমা নিৰ্দিষ্ট কৰি৷

ভাল লগা সময়বোৰ অতীত হল৷ এইটো বুজা গৈছে যে আমাৰ প্ৰস্থানৰ পাছতে শূন্য হৈ পৰিব এই চাং৷ নাথাকিব এই প্ৰাণচঞ্চলতা৷ চলি থাকিব দৈনন্দিনৰ এখন গতানুগতিক ৰুটিন৷ সেয়ে চাগৈ নাজঙৰ মনটো কিবা বিমৰ্ষ৷ অন্যহাতে, এই পৰিৱেশ, যত একো নাই, অথচ বহুত কিবাকিবি আছে, এই পাহাৰীয়া খোলা অন্তৰবোৰ এৰি থৈ যাব লাগিব বুলি জানি আমাৰ মনবোৰোজানো গধুৰ হৈ নপৰাকৈ আছে? বেমাৰটো আটাইৰে ৰাতিয়েই আৰম্ভ হৈছে, ৰাজু গগৈয়ে জুহালত ঘৰখনৰ সকলোৰে আগত 'কাইলৈ আমি ঘূৰি যাম' বুলি ঘোষণা কৰি দিয়াৰ পাছ মুহূৰ্তৰ পৰাই৷

সি যি কি নহওক, সোনকালে শুই উঠাৰ পাছত অভ্যাসৰ বশৱৰ্তী হৈয়ে এপাক ফুৰিলোঁ৷ চৌপাশ শান্ত হৈ আছে৷ ফেষ্টিভেল গ্ৰাউণ্ডৰ দিশে চালোঁ৷ কুঁৱলীৰ প্ৰকোপত ভালকৈ একো মনিবই পৰা নাই৷ ঘূৰি আহি জুইৰ গুৰিতে বহি ৱাননেমে যতনাই দিয়া চাহকাপ খালোঁ৷ একেহাতে গা-পা ধুই আজৰিও হৈ ল'লোঁ৷ মোৰ পাছতে সঞ্জুৱে ধুলে৷

ঘড়ীত ৭ বাজি ৪৫ মিনিট গৈছে৷ হাফ ৱাল দিয়া এল. পেটাৰ্ণৰ ঘৰটোৰ বাৰাণ্ডাৰ একাংশ পুৱাৰ কোমল ৰ'দৰ মিঠা কিৰণে জলমলাই তুলিছে৷ গৃহস্থক সুধি ড্ৰয়িং ৰূমৰ পৰা চেণ্টাৰ টেবুল আৰু প্লাষ্টিকৰ চকী এখন উলিয়াই আনিলোঁ৷ নাজঙৰ তাঁতশালখনৰ দাঁতিতে চকী-টেবুলযোৰ সজাই বহি লৈছোঁ৷ ভৰিৰ তলত মেট এখন৷ পকা মজিয়াখন অতিপাত ঠাণ্ডা৷ মোজা পিন্ধি আছোঁ যদিও থ'ব নোৱাৰি৷

ক্লাছ এইটত পঢ়া অংলেমক দেখিয়েই তাৰ স্কেল আৰু পেন্সিলডাল খুজিলোঁ৷ হঠাতে এই দুবিধ সম্পদ বিচৰাত পেট মছাটোৱে ভয়েই খালে৷ এইকেইদিন উৎসৱৰ নামতে গা সাতখন-আঠখন৷ কিতাপ-ফলিৰ লগত নামমাত্ৰও সম্পৰ্ক নাই৷ আলেঙে আলেঙে মইযে তাৰ, বায়েকৰ, ককায়েকৰ পঢ়া টেবুলকেইখন, কিতাপ-পত্ৰবোৰ ক'ত কি ৰূপত আছে সেইটো চোৱাৰ তালত আছোঁ, বপুৰাই ক'বই নোৱাৰে৷ মাকৰ হস্তক্ষেপত বস্তু দুটা যোগাৰ হ'ল যেনিবা৷

সিদিনা জয়ৰামপুৰৰ পৰা কিনি অনা বহীখন মোৰ বেগৰ পৰা উলিয়াই আনিলোঁগৈ৷ এইখনক ৰেকৰ্ড বুকৰ আকাৰ দিম বুলি ভাবি থৈছিলোঁ৷ খুব হিচাপ কৰি ঘৰ কিছুমান ভাগ কৰি আঁচ পাৰি বহীখন সাজু কৰিলোঁ৷ নিজৰ কথাখিনিকে লিখিলোঁ প্ৰথমে৷ ক্ৰমিক নং, নাম, ঠিকনা, ফোন নং, অহাৰ উদ্দেশ্য কি, কেতিয়া আহিলোঁ, কেতিয়া গ'লোঁ, কি কি চালোঁ, মন্তব্য, পৰামৰ্শ ইত্যাদি ইত্যাদি৷ তাৰ পাছতে এজন এজনকৈ আমাৰ বাকী তিনি পৰ্যটকৰ প্ৰতিজনে নিজাববীয়া তথ্যৰাজি লিপিবদ্ধ কৰিলেহি৷ তৈয়াৰ হৈ গ'ল ৰেকৰ্ড বুক৷ এইখন এতিয়াৰ পৰা মংৰে পৰিয়ালৰ লগত থাকিব৷ তেওঁলোকে সযতনে ৰাখিব৷ যেতিয়াই কোনো পৰ্যটক হ'মষ্টেৰ বাবে এইখন চাঙলৈ আহে, নিজৰ তথ্য অন্তৰ্ভুক্ত কৰি থৈ যাব৷ (আগলৈ)


No comments:

Post a Comment