Friday, 6 April 2018

পঞ্চম দিনঅংশ-৩

৯ বাজি প্ৰায় ৩০ মিনিট পাৰ হল৷ ওভতনি যাত্ৰাৰ কথা আছে৷ মৰমভৰা আতিথ্যৰে মেটমৰা হৈ পৰ্বতৰ ওপৰত অৱস্থিত মালা বাইদেউৰ ঘৰৰ পৰা উভতিছোঁ সঞ্জু আৰু মই৷ বস্তিটোৰ কোনফালে কি আছে চাই চাই নামি আহি আছোঁ৷ শস্য ভঁৰাল, গাহৰি গঁৰাল, কাপোৰ ধুই থকা মহিলা, খেলি থকা শিশু একোৱেই বাদ পৰা নাই৷ দেখা পোৱা মাত্ৰকে শ্বাটাৰ টিপিছোঁ৷ নংকি বস্তি এৰি আজি আমি যামগৈ৷ গতিকে যি যি আছে সকলোবোৰ মোৰ কেমেৰাত বন্দী হব লাগিব৷ পিছলৈ কিবা কামত আহিব পাৰে৷ নাহিলেও নাই৷ নিজেই মাজে মাজে চাম, ৰোমন্থন কৰিম যে এই এই জেগাবোৰলৈ এদিন গৈছিলোঁ৷

ইয়াত আমি দেখা ভঁৰালবোৰ কাঠৰ৷ ওপৰত টিনপাত দিয়া৷ খুঁটাকেইটা আগতে কাঠৰে আছিল৷ নতুনবিলাকত আৰ.চি.চি. হৈছে৷ সিদিনা প্ৰাতঃভ্ৰমণত অন্য এফালে যাওঁতে দেখাবোৰ বাঁহৰ আছিল৷ সময়ৰ অগ্ৰগতিৰ লগে লগে ৰূপৰ পৰিৱৰ্তন ঘটি আহিছে৷ আনহাতে ভঁৰালৰ তলখন যেনিবা গুদামহে৷ জাপ জাপ কাঠ ঠাহ খাই আছে৷ ম্যানমাৰত দেখি অহা ভঁৰালঘৰবোৰৰ লগত এইবোৰৰ আকৃতিগত সামঞ্জস্য থকা যেন লাগিছে৷ পাৰ্থক্য এটাই যে সেয়া পথাৰত, এয়া পৰ্বতত৷ ভিতৰত সোমাই চোৱাৰ ইচ্ছা আছিল, কিন্তু সুযোগ নাই পোৱা৷ মনতে এনেকুৱা লাগিছে, এইবোৰ কিজানি গৱেষণাৰে বিষয়-বস্তু হ'ব দেই৷

এঠাইত আনাৰসৰ খেতি এডৰা পালোঁ৷ গছবোৰৰ চেহেৰা ভাল৷ হঠাতে মধুৰি আম এজোপা পাই খুব স্ফূৰ্তি লাগিল৷ সন্ধানী শেনদৃষ্টিৰে ইমানকৈ চালোঁহে চালোঁ, মধুৰিহে এটাও দেখা নাপালোঁ৷ জ্ঞানীলোকে ইয়াকেই বোলে গছত কঁঠাল, ওঁঠত তেল …’

বাটতে তাঁৰৰ জালিৰে ঘেৰা চৌবাচ্চা এটা বিৰাজমান৷ পাইপ, টেপ আদি লগোৱা ভাগেই আছে৷ পাম্পো আছে ভিতৰত৷ লোৰ জালিৰে ঘেৰাও কৰি ৰখাত হৰণ-ভগন হোৱা নাই ঠিকেই, পানীও হলে এটোপাও নাই৷ চৌবাচ্চাটোৰ অন্তৰ্ভাগ ছানি ধৰি শেলুৱৈবোৰে উমান দি দিলে যে দীৰ্ঘদিন ধৰি ব্যৱস্থাটো অব্যৱহৃত৷ পানী ক'ৰ পৰা আহে, ক'লৈ যায় জনাৰ উপায় নাই৷

শিশুহঁতে ঘাঁহনিত, চাঙৰ চোতালত আপোনমনে খেল-ধেমালি কৰিছে৷ ডাঙৰ মানুহবোৰৰো কোনোবা খৰি ফলাত, কোনোবা কাপোৰ ধোৱাত ব্যস্ত৷ এটাই ভাল লাগিল যে পংপঙাই ঘূৰি ফুৰিছোঁ যদিও কওঁতা কোনো নাই৷ আমাৰ বিষয়ে গাঁওখনে ইতিমধ্যে গম পায়ে গৈছে, এইকেইটা পি.পি.ডব্লিউ.এফ. চাবলৈ অহা ভৈয়ামৰ আলহী বুলি৷ তদুপৰি আমাৰে এটা দলে আকৌ খুদ গাঁওবুঢ়াজনৰ চাঙতে হমষ্টে কৰিছে৷ সেয়াও এটা সাহস৷

জাংখঙৰ ঘৰ দুটা ওপৰৰ পৰা দেখা পাই ক্ষন্তেক ৰলোঁ৷ তাৰ পাছত মন্থৰ গতিৰে নামি ওচৰ পালোঁহি৷ নাজঙে খটখটিতে বহি ৰদ পুৱাই আছে৷ মনটোহে কিবাচোন আমন-জিমন৷ বীৰেন্দৰে গাড়ীখন ধুই-ধাই সাজু কৰিছে৷ গৃহাভিমুখী যাত্ৰাত আজি তিনিচুকীয়া ৰে'ল ষ্টেচন পৰ্যন্ত চলাব লাগিব৷ য'ৰ পৰা আমাক এদিন উঠাইছিল ত'ত এৰিব লাগিব৷ জনজাতীয় চাঙত থাকি বিহাৰী চালকজনেও এইকেইদিন আমাৰ লগতে খাইছে, শুইছে, জীৱন-যাত্ৰাৰ সৈতে একাকাৰ হৈ পৰিছে৷ কোনো অভিযোগ নাই৷ মানুহজন ভাল৷

ৱাননেম আৰু তাইৰ লগৰী ছজনীৰ সৈতে চোতালত পংকজ দাস, ৰাজু গগৈ ছাৰৰ ফটো চেছন! আমাক দেখা পাই আটাইৰে অলপমান যেন লাজ লাজ ভাব, অকণমান যেন ইতস্ততঃবোধ! দূৰৰ পৰাই সমস্যাটো টং কৰিব পাৰি, ব্যাঘাত নজন্মাও বুলি সেইফালে নগলোঁৱেই৷ এখোজ-দুখোজকৈ সঞ্জুহে চাপি গ'ল৷ চৌহদত থকা পায়খানা ঘৰ, পেচাব ঘৰ, গা ধোৱা ঘৰৰ ফটো তোলাত ব্যস্ত হ'লোঁ মই৷ তাকে দেখি সিহঁতে এইফালে চাই ফিচিঙা-ফিচিঙিযে কৰিব ধৰিছে, মোৰ চকুৰ পৰা সেইটো অৱশ্যে সাৰি নগ'ল৷ সিটো ঘৰৰ কোঠাবোৰৰ ভিতৰ অংশৰো ফটো ল'বৰ ইচ্ছা আছে৷ চাং ঘৰটোৰ কত কি আছে তাৰ কিছু স্নেপ আগতে লোৱা হৈছে৷ সুযোগ পাওঁতেই সংগ্ৰহ কৰিছোঁ৷ কামত লাগে-নালাগে পাছৰ কথা৷ ঘৰ গৈ পাই বাতৰি কাকত, আলোচনীলৈ ভ্ৰমণ কাহিনী লিখি পঠাওঁতে প্ৰাসংগিকতা অনুসৰি অৰুণদা বা সঞ্জুক লাগ বুলিলেই অন্ততঃ ফটোকেইখনমানকে যোগান ধৰিবওতো পাৰিম৷ তাকে ভাবি লেন্স পোনাইছোঁ তললৈ থকা পায়খানা ঘৰটোৰ ফালে৷

শৌচাগাৰৰ লগত দেশ বা প্ৰদেশ একোখনৰ পৰ্যটনৰ বিকাশৰ বিষয়টো ওতপ্ৰোতভাৱে জড়িত হৈ থাকে৷ প্ৰতিজন পৰ্যটকে পৰ্যটনস্থলীতো নিজৰ ঘৰৰ দৰে মহা আড়ম্বৰেৰে নহলেও সুবিধাজনকভাৱে কামফেৰা কৰিব বিচাৰে৷ প্ৰাচীন মানুহৰ কথা বেলেগ আছিল৷ মুকলি আকাশৰ তলত সুন্দৰকৈ চলি গৈছিল৷ চিন্তাৰ অংকুৰণে মানুহৰ মনত লজ্জাবোধৰ জন্ম দিলে৷ তাৰ লগে লগে কথা-কাণ্ড একেবাৰে বিপৰীত হৈ পৰিল৷ স্ব-প্ৰতিবন্ধকতা আহি পৰিল৷ সভ্য মানুহক আঁৰ-বেৰৰ প্ৰয়োজন হল৷ শৌচাগাৰৰ উপলব্ধতাক একোজন পৰ্যটকৰ মৌলিক অধিকাৰ বুলি গণ্য কৰা হয়৷ শৌচালয় সজাটো পৰ্যটনৰ বিকাশৰ দিশত প্ৰধান আৰু মৌলিক দায়িত্ব৷ হমষ্টেলৈ অহা পৰ্যটকে ন্যূনতম সুবিধাখিনি পাব পৰাকৈ ইয়াতো মানুহৰ আটাইতকৈ প্ৰয়োজনীয় কামটিৰ বাবে সুবিধাকণ কৰি দিয়া হৈছে৷ শৌচাগাৰৰ উপৰি স্নানাগাৰ, প্ৰস্ৰাৱগাৰৰ ক্ষেত্ৰতো ইয়াত ব্যৱস্থা ৰাখিছে দেখি ভাল লাগিছে৷ (আগলৈ)

No comments:

Post a Comment