Saturday, 30 September 2017

৩.. ঝুক'ৰ শীৰ্ষত উঠিলোঁ

আমাক ডিমাপুৰলৈ নিবৰ বাবে দুখন টাটা ছুম সিটো মূৰে যথাস্থানত ৰৈ থাকিব৷ গাড়ী দুখন কহিমা চহৰৰ পৰা মাতি পঠাবৰ বাবে ফোন কৰিবলৈ পুৱাতে মোৰ চে'লফোনটো খুজি লৈ কেভিচৰ সৈতে দীপমইনা দুৱৰা গজং গজংকৈ এইফালেই ওলাই আহিছিল৷ পৰ্বতৰ ওপৰৰ কোনোবা এক অৱস্থানত বি.এছ.এন.এল.ৰ নেটৱৰ্ক পোৱা যায়৷ পৰ্টাৰবোৰে ভালকৈ জানে৷ উভতি গৈ ফোনটো দিওঁতে সোধাত ড্ৰাইভাৰৰ সৈতে যোগাযোগ হোৱা বুলি কলে৷ সময় হিচাপ কৰি তেওঁলোক গাড়ী লৈ পাদদেশত হাজিৰ হবহি৷ গতিকে এই বিষয়ত চিন্তাৰ মুঠেই প্ৰয়োজন নাই৷

১১.৩৫৷ ৰাজীৱৰ পাছে পাছে বগাই বগাই ঝুক টপ পালোঁহি৷ এই এলেকাৰ বতাহ সম্পৰ্কে গাইডে ই-মেইলত আগতেই উল্লেখ কৰিছিল৷ শীৰ্ষত থিয় হৈ এতিয়া অনুভৱ কৰিছোঁ, বতাহৰ সোঁত কিমান প্ৰচণ্ড হব পাৰে৷ যেন হেলিকপ্টাৰহে ঘূৰি আছে মূৰৰ ওপৰত! বৰষুণৰ কণিকাবোৰ উৰুৱাই লৈ আহিছে৷ গালে-মুখে কোবাইছে৷ অবিশ্বাস্য বাতাবৰণ৷ ইফালে-সিফালে চাওঁতে কেইফুটমানৰ পৰা আৰু একো দেখা পোৱা নাই৷ পিঠিত ৰাক্‌চেক্‌টো আছে বাবেহে থিৰেৰে থকাটো মোৰ পক্ষে সম্ভৱ হৈছে৷ অন্যথা টেঁটেৰা দেহাটো চকুৰ পচাৰতে উৰুৱাই নি সৌফালে একলেখীয়া কৰি পেলালেগৈহেঁতেন কিজানি৷ এইটো কাৰণতে ইয়াত ৰৈ ধেমালি কৰি থকা নৰমনিচ এটাও দেখিবলৈ নাই৷ আমাৰ দলৰতো কোনো নায়েই৷ অকলশৰীয়াকৈ এই মুহূৰ্তত কেৱল মই আছোঁ৷ সাংঘাতিক এটা চেলেঞ্জ লৈ অলপ সময় থিয় দি চাইছোঁ, কিনো হয়৷ সাৱধানতা, সজাগতা, সতৰ্কতা প্ৰথম তথা শেষ চৰ্ত৷ তাৰ জোৰতে এনেবোৰ কাণ্ড কৰি কিবা এটা মজা লাগে৷ পাছত আনক ক'ব পাৰি৷ এয়াই এড্‌ভেন্‌চাৰ৷ অন্যথা সৰল কাহিনী মাত্ৰ৷

ছাৰ এডমাণ্ড হিলাৰীয়ে এভাৰেষ্টত ক্ৰছ এডাল পুতি থৈ আহিছিল হেনো৷ ফু দৰ্জীয়ে বুদ্ধৰ মূৰ্তি এটা এৰি থৈ আহিছিল৷ এয়া এভাৰেষ্ট নহয়৷ মোৰ হাততো ইয়াত থৈ যাবলৈ তেনেকুৱা একোটো নাই৷ ট্ৰেকাৰ্ছ কেম্পত কালি দেখা বেনাৰখনত লিখা আছিল... Dont leave anything behind. এনেতে ঝুক'ৰ শীৰ্ষস্থলত পৰি থকা শিল এটাত চকু পৰিল আৰু 'লৈছোঁ দেই' বুলি থিতাতে বুটলি ল'লোঁ৷ আদিপুৰুষ আদমে হেনো স্বৰ্গৰ পৰা চিন হিচাপে শিল এটাই আনিছিল, অনুমতিসাপেক্ষে৷ আৰু ময়ো চাগৈ প্ৰকৃতি-মাতৃক জনাই এইটো ঘৰলৈ লৈ গ'লে ভূস্বৰ্গ বুলি অভিহিত ঝুক'ৰ একো ক্ষতি নহ'ব৷ আনহাতে, আদমৰ দৰে উপাসনাথলীত প্ৰতিষ্ঠা কৰাৰ কোনো অভিপ্ৰায় নাই মোৰ৷ ইয়ালৈ অহাৰ স্মৃতিচিহ্ন হব এইটো৷ এনেকুৱা কেইবাটাও শিল মোৰ গোট খাইছে৷ সিবোৰৰ দৰে এই শিলটোৰ ওপৰতো লিখা থাকিব আজিৰ তাৰিখ আৰু স্থান৷ সামান্য যেন লগা শিলটোৱে ভৱিষ্যতৰ দিনবোৰত সোঁৱৰাই থাকিব, মই যে Heaven on earthলৈ আহিছিলোঁ৷ ৰোমন্থন কৰোৱাই থাকিব, আমি যে আলোড়নকাৰী ঝুক ভেলীৰ সান্নিধ্য পাইছিলোঁ৷ পদচালনা আৰু দুঃসাহসিক যাত্ৰাৰ প্ৰতি উৎসাহ যোগাই যাব অনাগত দিনবোৰত৷ খোপনি আৰু বতাহৰ গতিটোলৈ সংগোপনে লক্ষ্য ৰাখি নাতিবৃহৎ শিলটো ততালিকে ৰাক্‌চেক্‌ৰ নেটখনত আবদ্ধ কৰি পেলালোঁ৷ অধিক সময় ৰোৱাটো বিপদজনক৷

পলে পলে এতিয়া মন্ত্ৰ মতাৰ অনুৰূপ মাথো এটা বাক্যৰে উচ্চাৰণ... How green is my valley! বেছি দূৰলৈ দেখা নাযায়৷ কিন্তু যিখিনিলৈকে মনিব পাৰিছোঁ, সেউজীয়াৰ বাহিৰে অন্য নাই৷ আচৰিত মানিবলগীয়া ধৰণে সেউজীয়াৰ সমাৱেশ! ফৰকাল বতৰত এই সেউজ শিখৰৰ চৌদিশৰ ৰূপসুষমা চাবলৈ যি দেখিছোঁ আকৌ এবাৰ নাহিলেই নহব৷ ইয়াকে লৈ আগলৈ মনটোৱে কুটকুটাই থাকিব৷ ভৰি দুখন দাং খাই থাকিব৷ নিশ্চিতভাৱে৷

প্ৰকাণ্ড শিল এটাৰ ফাঁকেৰে ট্ৰেকটো তললৈ নামি গৈছে৷ ৰৈ থকাখিনিৰ পৰা সমূলি দেখা নাযায় সিফালে কি আছে৷ শিলটোৰ গাত যেনি-তেনি অগণন নামে শোভা কৰিছে৷ বুজিলোঁ, এয়া ঝুক' ভেলী ভ্ৰমণকাৰীৰ গৰ্বিত প্ৰকাশ৷ অৰুণদা আগে-ভাগে গুচি গ'ল৷ নহ'লে সুধিব পাৰিলোঁহেঁতেন, 'আমাৰো নামকেইটা লিখোঁ নেকি দাদা' বুলি৷ অৰুণদাই হাঁহিলেহেঁতেন, নালাগে বুলি ক'লেহেঁতেন৷ শিলটোৰ পৰা দৃষ্টি নমাই আনিলোঁ৷ দাঁতিত সিঁচৰতি হৈ পৰি থকা সৌবোৰ কি? চিপ্‌চৰ পেকেট, মৰ্টনৰ বাকলি, বিস্কুট-চকলেটৰ পেকেট ইত্যাদি ইত্যাদি৷ এয়াহে দেখি অকণো ভাল লগা নাই৷ কোনোবা ভ্ৰমণকাৰীৰে অবিবেচক কাম হ'ব৷ খং উঠিল পেটে পেটে৷

বতাহৰ পৰা থাউনি নাপাই অৰুণদা, জয়ন্তদাহঁত অথনিয়ে নিৰাপদ স্থানলৈ নামি গল৷ নামিবলৈ লৈ খোজৰ হিচাপ মিলাব পৰা নাই ৰাজীৱে৷ এবাৰ বহিছে, এবাৰ উঠিছে৷ চোঁচৰি যাবলগীয়াত পৰিছে৷ কাৰবাৰটো দেখি মোৰ হাঁহি উঠিছে৷ হাতত থকা ছাতিটো জপাই আগুৱাই দিছে দীপমইনাই, 'এইটোতে খামোচ মাৰি লওক' বুলি৷ দুয়োৰে গতি-বিধি নিৰীক্ষণ কৰিব পৰাকৈ সেইখিনিতে ওপৰত ৰৈ আছোঁ৷ শেষবাৰলৈ বিহংগম দৃষ্টি ঘূৰাই ঝুক ভেলীক গধুৰ মনে বিদায় নমস্কাৰ জনালোঁ আৰু ফাঁকটোৰে সাৱধানে অৱৰোহণ আৰম্ভ কৰি দিলোঁ৷ ইমানপৰে বগাই উঠি অহাৰ পাছত এতিয়া নমা কাম৷ ষ্টেপবিলাকত ঠায়ে ঠায়ে পানী জমা হৈ আছে৷ এইডোখৰত বাটটো কিছু অাখজা৷ সেয়েহে ৰাজীৱৰ সময় লাগিল৷ আচলতে এয়াহে অৱৰোহণৰ আৰম্ভণি৷

পাহাৰৰ গাত খাজ কটা, শিখৰ দেখা নোপোৱা পিছল বাট এটাৰে কালি উঠি আহিছিলোঁ, ট্ৰেকিং পইণ্টৰ পৰা ৱাটাৰ পইণ্টলৈ৷ শিলাময় ট্ৰেক এটাৰে কেইবা কিল'মিটাৰ একেৰাহে নামি গৈ থাকিব লাগিব এতিয়া৷ ওলোটাকৈ ভাবি চালোঁ৷ এইটো ট্ৰেকেৰে ঝাখামাৰ ফালৰ পৰা উঠি আহিলে এইখিনি পোৱাৰ লগে লগে দেখা যাব অন্য এখন পৃথিৱী৷ ঠিক যেন গাঁতৰ পৰা ওলোৱাৰ সদৃশ কাৰবাৰ৷ সেয়ে নিজকে এতিয়া গাঁতত সোমাবলৈ উদ্যত হোৱা যেন লাগিছে৷ ইয়াত ৰৈ তললৈ চাই দেখিছোঁ, অটব্য অৰণ্য৷ ৰেইন ফৰেষ্টৰ আৰম্ভণি৷ ৱাটাৰ পইণ্টত এক দৃশ্যপট, ইয়াত এক দৃশ্যপট৷

মোৰ আগত ৰাজীৱ৷ ৰাজীৱৰ আগত দীপমইনা৷ ধীৰে ধীৰে৷ ৰদ সৰকিব নোৱাৰা জংঘলৰ মাজেৰে এটা এটাকৈ খটখটি সাৱধানে নামি অভিযাত্ৰীসকল যাব ধৰিছে৷ বৰষুণ টোপ টোপ৷ শিলত ভৰি কেনেবাকৈ পিছলিলে কঁকাল যাব৷ নাৰ্ছিং হ'ম পায় মানে আধ্যাই পৰিবগৈ! সেয়েহে ভাল গ্ৰীপ থকা জোতাৰ দৰকাৰ৷ আদিম অৰণ্যত পৰুৱাই পালেও কি হব ঠিকনা নাই৷ গতিকে পদে পদে মনঃসংযোগ ৰক্ষা কৰি চলাটো অতি প্ৰয়োজন৷ জয়ন্তদা, অৰুণদা আগত গৈ আছে৷ অৰূপদা, মাধৱদা, চেলেং, প্ৰবীণ, সুবীৰহঁতৰ টিকনিকে দেখিবলৈ নাই৷ আৰু প'ৰ্টাৰহঁত? কিমান আগ বাঢ়িল বাৰু? নামিবলৈ পাই কোনেও কালৈকো বাট চোৱাই নাই৷ ঘপাঘপ যাব ধৰিছে৷ যেন এতিয়াই পাহাৰতলি পাই যাব! নমাত কষ্ট কম৷ গতিকে আৰাম পাইছে নিশ্চয়৷

ঝুক ভেলীলৈ আহিবলৈ হলে আগতে ট্ৰেকাৰ্ছে পোনতে ভিশ্বেমা গাঁৱলৈ আহিছিল৷ উপত্যকাত উপস্থিত হবলৈ দুদিন লাগি গৈছিল৷ ১৭ কিলমিটাৰ দীঘল পাৰ্বত্য পথত ৫-৬ ঘণ্টা খোজ কঢ়াৰ অন্তত বাটত ৰাতিটো কটাই দ্বিতীয় দিনাহে ওলাইছিলগৈ ঝুক ভেলী৷ ঝাখামাৰ পথটো হোৱাৰ ফলত দূৰত্ব ১৫ কিলমিটাৰ হৈ পৰিল৷ ভিশ্বেমা হৈ অহা-যোৱা কৰা পথটো দীঘলীয়া৷ পাহাৰ বগাবলগীয়া এলেকা এইটো পথটোতকৈ তুলনামূলকভাৱে কম হ'লেও সেউজীয়াৰ মাজে মাজে অকাই-পকাই খোজ কঢ়াৰ পৰিমাণ বেছি৷ তাৰ তুলনাত এইটো হেনো শ্বৰ্টকাট৷ আহোঁতে সিটো বাটৰ সোৱাদ ল'লোঁ৷ এতিয়া এইটো বাটৰ পাম৷ অজান অৰণ্য এখনত সোমাবলৈ উদ্যত হওঁতেই কৌতূহল এসোপামানে মনটো আৱৰি পেলালে৷



২.. ওভতনি অৱৰোহণ, ঝাখামালৈ

ওভতনি যাত্ৰাৰ বাবে খৰখেদাকৈ ব্যৱস্থা কৰা ভাত কেইগৰাহমান খাই উঠিছোঁ৷ সৰহকৈ খাব নোৱাৰি৷ খোজ কাঢ়িব লাগিব৷ তাতে অলপ আগেয়ে মেগী নুডল্‌ছ খাইছিলোঁহে৷ বাচন-বৰ্তন, টালি-টোপোলাবোৰ সামৰি বাৰাণ্ডাখনতে একে ঠাই কৰাৰ হুকুম আহিল৷ পৰ্টাৰকেইজনৰ কোনে কি কি লব ওজন চাই হিচাপ মিলাই থকা হৈছে৷ মোৰ ঢোলাকৃতিৰ শ্লীপিং বেগটো বলপূৰ্বকভাৱে টমাছে টান মাৰি লৈ গল৷ অহাতকৈ সিহঁতৰ লড আৰু ভলিউম কিছু কমিছে, খাদ্যবস্তু শেষ হোৱাৰ বাবে৷ বাস্কেটত জেগা থকাত ৰাক্‌চেক্‌টোও খুজিছিল সি৷ নিদিলোঁ৷ ট্ৰেকিঙত পিঠিত ওজন এটা থকাটো মই পছন্দ কৰোঁ৷ ভাৰসাম্যতা ৰক্ষাৰ বাবে বৰ প্ৰয়োজন৷ আনহাতে, এখন কান্ধত ভাৰ থকাটো অনুচিত৷ সদায় সমানে বিভক্ত হব লাগে দুয়ো কান্ধতে৷ অভিজ্ঞতাৰ শিক্ষা, কোনো ট্ৰেইনিং নাই৷

ডাউনৱাৰ্ড ট্ৰেকিঙৰ বাবে আমাৰ ৰাইজ সাজি-কাচি সাজু৷ ৮.৩০ মানৰ পৰাই কুচকাৱাজ চলিছে৷ বিলম্ব হৈছে বৰষুণৰ বাবে৷ ১০ বাজি কেইমিনিটমান গল৷ বৰষুণজাক এৰা নাই৷ সোনকালে নেৰিবও৷ হলেওনো কি? যাবতো লাগিবই৷ মাধৱদাই দীঘলীয়াকৈ হুইছেলটোত ফু দিলে৷ কোনো কোনোৱে ছাতি মেলি লৈছে৷ মই এইবাৰ ট্ৰেক-চুটৰ ওপৰত ৰেইন-ৱেৰ পৰিধান কৰি লৈছোঁ৷ আচল ছামাৰ হিল্‌ ট্ৰেকিং দৰাচলতে এতিয়াহে চলিব৷ দুয়োখন ভৰিতে মোজাৰ ওপৰত পলিথিনৰ ঠোঙা একোটাও ভৰাই লোৱা হৈছে৷ কালিয়ে যোগাৰ কৰি থৈছিলোঁ দীপমইনাই কিবাকিবি খাদ্যবস্তু ভৰাই অনা ঠোঙা দুটা৷ জোতাত বোকাপানী সোমালে মোজাযোৰক ইয়ে ৰক্ষা কৰিব৷ নহলে খোজ কঢ়াত অশান্তি হয়৷ এইবোৰ নিজৰ বুদ্ধি৷ আনকো কৈছোঁ৷ পানীৰ পৰা বচাই ৰাখিবলৈ কেমেৰাটো অন্য এটা ঠোঙাত সুমুৱাই হাতত ললোঁ৷ প্ৰয়োজনত উলিয়াম৷ বাকী কেমেৰাধাৰীসকলে কেমেৰাবোৰ বেগত ভৰাই ফটোগ্ৰাফীৰ পৰ্ব সামৰিলে যেনেই লাগিল৷ খনমাৰ পৰা আমাৰ সৈতে অহা ফটোগ্ৰাফাৰ হৰেন কিমান সফল হল নাজানো৷ কেমেৰাসহিত বে'গবোৰ সময়ত প'ৰ্টাৰৰ পিঠিত উঠিলগৈ৷

কালি ভিশ্বেমাৰে আৰোহণ কৰিছিলোঁ৷ এতিয়া ঝাখামালৈ অৱৰোহণ চলিব৷ কোনো বিঘিনি নঘটাকৈ এৰাতিৰ বাবে আলহী হোৱা অতিথিশালা আৰু অদূৰত অৱস্থিত জিৰণিঘৰলৈ শেষবাৰৰ বাবে দৃষ্টি নিক্ষেপ কৰিছোঁ৷ মনতে কৈছোঁ, বিতোপন এই ঠাইলৈ আকৌ আহিম কেতিয়াবা৷ পুনৰবাৰ আলহী হম৷ ঝুক উপত্যকাৰ আত্মা-আলোড়নকাৰী ৰূপটো ভালদৰে চাবলৈ হলে যি বুজিছোঁ, বছৰৰ প্ৰতিটো মাহতে আহিব লাগিব৷ হাতত সময় লৈ আহিব লাগিব৷ দিনে-ৰাতিয়ে পৰ্যবেক্ষণ আৰু অধ্যয়ন কৰিব লাগিব৷ এইযে আহিলোঁ, চালোঁ, এৰাতি থাকিলোঁ, খালোঁ, গলোঁ, এনেকৈ নহয়৷ এবাৰতে শেষ নহয় নৰ্থ-ইষ্ট ইণ্ডিয়াৰ ফ্লাৱাৰ ভেলী৷

গাইড, পৰ্টাৰ, ট্ৰেকাৰ্ছ মিলাই ১৬ যোৰ ভৰি৷ বোকা-পানী, বতাহ-বৰষুণ কেৰেপ নকৰি শাৰী পাতি গহীন গতিত এখোজ এখোজকৈ আগুৱাইছে৷ পৰ্যটকৰ সঘন আহ-যাহৰ ফলত ট্ৰেকটো বেয়া হৈ পৰিছে৷ ওলায়ে কেইবা ঠাইত বোকা৷ হলং হলংকৈ কাষেৰে ফালৰি কাটি যাব লাগিছোঁ৷ তাকে চাই ওভতনি যাত্ৰাটোত জোতাৰ অৱস্থাযে কাহিল হৈ পৰিব, এতিয়াই বুজি গৈছোঁ৷ নাম নজনা গুলপীয়াৰঙী বনৰীয়া ফুল কিছুমানে বতাহত হালি-জালি আমালৈ বিদায় সম্ভাষণ জনাইছে৷ ট্ৰেকটোৰ বাওঁপাৰে ৰৈ থাকি যেন কৈছে, আকৌ আহিব দেই বুলি৷ অকণমান যেন আৱেগিক হৈ পৰিছোঁ এইটো মুহূৰ্তত৷ ঘৰলৈ নিওঁ বুলি মই এপাহ ফুলো ছিঙা নাই, পুলি এটাও সংগ্ৰহ কৰা নাই৷ When you return, go as you found me আৱেদনটি হৃদয়ংগম কৰাৰ পাছত আত্মসম্বৰণ আৰু কঠোৰতা অৱলম্বন নকৰি উপায় নাই৷ সেয়ে আনকো কৈছোঁ, ঝুক উপত্যকা যেনে আছে তেনেই থাকক৷ তেতিয়াহে আকৌ আহিবলৈ পাম৷ ঝুক'ই আহ্বান নজনালে কোনেও আহিব নোৱাৰে বুলি কথা এষাৰেই আছে৷

পৰ্বতৰ শৰীৰত থকা ওপৰমুৱা ট্ৰেক এটালৈ গেষ্ট হাউচৰ পাছফালৰ পৰা আঙুলি টোঁৱাই কালি বিয়লি কোনোবা এজনে কৈছিল ঝাখামালৈ সৌফালেৰেই পোনতে থিয়কৈ বগাই গৈ তাৰ পাছত এগালমান ষ্টেপ নামিব লাগে৷ আমাৰ আগে আগে দল এটা গৈ আছে৷ তেওঁলোক আমি কালি অহা ভিশ্বেমাৰ বাটেৰে নামিব৷ আমি ঝাখামাৰ বাট ল'ম৷ এই পৰ্যন্ত এঘণ্টাৰ ওচৰা-ওচৰি সময় খোজ কঢ়া হল যেন লাগিছে৷ পিছল বোকাময় লিক্‌৷ গতি মন্থৰ৷ কালি কিবাকৈ অতিক্ৰম কৰি যোৱা বিপদজনক শিলটোৰ কাষেৰে অলপ আগেয়ে পাৰ হ'বলৈ লৈ অৰুণদাৰ আজিও ভৰি কঁপিল৷ পিছলিব লাগিলে ক'ৰবাত ৰ'বগৈ৷ সেইটোৱেই সংশয়৷ তেনেস্থলত প্ৰতিটো খোজতেই আত্মবিশ্বাসৰ দৰকাৰ৷

পৰ্বতৰ দেহত কাটি থোৱা খাজবোৰ এতিয়া আমাৰ চকুৰ সন্মুখত৷ আকৌ এটা নতুন শিহৰণ আৰম্ভ হ'ল! বাওঁহাতে ঘূৰি কেইটামান খলপ উঠাৰ পাছতে ভিশ্বেমামুখী দলটোক নেদেখা হলোঁ৷ কেনি গ'ল সিহঁত? বাঁহ অৰণ্যৰ মাজৰ পাকবোৰৰ কোনোবাটোত হেৰাই থাকিল নগা ট্ৰেকাৰ্ছকেইজন৷ আমি ক্ৰমান্বয়ে ওপৰলৈ বগাব ধৰিলোঁ৷ সিমূৰত কি আছে, কিমান উঠিব লাগিব নাজানো৷ ডাৱৰবোৰে ঢাকি ধৰিলেহি চৌদিশ৷ বেছি দূৰলৈকে দেখাই নাযায়৷ সন্মুখৰ ট্ৰেকাৰজনো হৈ পৰিল ডাৱৰৰ আঁৰৰ ধূসৰিত ছাঁয়াছবি৷

কেঁচামাটিৰ চিৰি এগালমান৷ বৰষুণ পাই পিছল৷ ওপৰৰ পৰা পানী বৈ আহি আছে৷ সাৱধান নহলে, দৃঢ়তাৰে খোজ নবহুৱালে বিপদ৷ মূৰৰ ওপৰত চিপ্‌ চিপ্‌ বৰষুণৰ টোপালবোৰ৷ তথাপিও পৰিৱেশ পছন্দৰ হ'লেই কেমেৰাটো ঠোঙাৰ পৰা উলিয়াই স্নেপ এটা লৈহে এৰিছোঁ৷ এইবোৰ পাছত সজীৱ আৰু যুগমীয়া স্মৃতি হব৷ বুঢ়াকালত আনে নহ'লেও নিজে চাই থাকিব পাৰিম৷ আত্মসন্তুষ্টি লভিম৷ কাল্পনিক কথোপকথন নহয়, সত্য কাহিনী ক'ব পাৰিম নতুন প্ৰজন্মৰ আগত৷ ভৱিষ্যৎ দিনৰ আত্মপ্ৰসাদৰ সুযোগকণ এৰি থৈ যাওঁনো কিয়? লেন্সত জলীয় বাষ্প৷ প্ৰতিবাৰেই পকেটৰ পৰা ৰুমাল উলিয়াই মচিছোঁ৷ অন্‌ কৰোঁ, ক্লিক্‌ কৰোঁ, ঠোঙাত ভৰাওঁ৷ দৃশ্যবোৰ এৰি যাবও নোৱাৰোঁ৷ মনে নামানে৷ এইখন কৰোঁতে কৰোঁতে সবাতোকৈ শেষত পৰি গলোঁ৷ মোৰ আগত দেখা পাই থকাত কেৱল ৰাজীৱ ভট্টাচাৰ্যহে থাকিল৷ বাকীসকল কেতিয়াবাই দৃষ্টিৰ বাহিৰ৷ ঠিক কৰিলোঁ যে ৰাজীৱক অভাৰটেক নকৰোঁ৷ তেওঁৰ খোজতে খোজ মিলাম৷ তেওঁ ৰ'লে ৰ'ম, গ'লে যাম৷

লহপহকৈ বাঢ়ি আছে আঁঠুমূৰীয়া বাঁহ আৰু অন্যান্য উদ্ভিদবোৰ৷ অতিপাত সেউজীয়া৷ ইমান সেউজীয়া একেলগে, অনেক সময়ৰ বাবে একে লেথাৰিয়ে দেখাটোও সৌভাগ্য৷ ক'ৰবাত ক'ৰবাত মৰা গছো পাইছোঁ৷ এইবোৰৰ মাজে মাজে অনৰ্গল উঠিয়েই আছোঁ, উঠিয়েই আছোঁ৷ ৫ কি ৬ খোজ৷ ৰাজীৱ বাৰে বাৰে ৰৈ যায়৷ বহি পৰে৷ ময়ো ৰওঁ৷ দীঘল দীঘলকৈ উশাহ টানো৷ প্ৰকৃতিস্থ হওঁ৷ ৰাজীৱক কওঁ, আৰামছে৷ কোনো দৌৰা-দৌৰিৰ প্ৰয়োজন নাই৷ ১৫৬৬৬ নং নামনিমুৱা ডিমাপুৰ-কামাখ্যা বি.জি. এক্সপ্ৰেছ এৰিব ৰাতি ৯.৪৫ত৷ গতিকে চিন্তা কিহৰ? পামগৈ৷

বৰষুণ আৰু ঠাণ্ডা সত্ত্বেও দেহা ঘামিছে৷ ৰেইন কোটে বৰষুণৰ পৰা বচাইছে যদিও ভিতৰি অস্বস্তিকৰ গৰম এটা উঠাইছে৷ খুলি পেলাবৰ মন গৈছে যদিও খুলিবও নোৱাৰোঁ৷ উপায় নাই৷ সহ্য কৰিছোঁ৷ তাৰ মাজতে এবাৰ মই ৰাজীৱৰ, ৰাজীৱে মোৰ ফটো তুলিলে৷ কথা পাতিলে শক্তি ক্ষয় হয় বুলি জানো যদিও মাজে মাজে কিবাকিবি পাতিছোঁ, কিবাহক লৈ হাঁহিছোঁও দুয়ো৷ একেলগে ট্ৰেকিং কৰা মধ্য অৰুণাচলৰ কথাও ওলাইছে তাৰ মাজত৷


Friday, 29 September 2017

দিন তিনি  ৷৷ ১৭.৭.২০১৬
১.. বৰ্ষাবিঘ্নিত ৰাতিপুৱাটো

জীৱনত কাহানিও নোপোৱা সোৱাদ এটা এইবাৰ পালোঁ৷ বিশাল-সুন্দৰ ধৰিত্ৰীৰ একোণে আত্মা-আলোড়নকাৰী বুলি পৰিগণিত ঝুক নামৰ স্থানত টা ৰাতি কটালোঁ৷ মানুহৰ পৰা আঁতৰত৷ সেউজীয়াৰ মাজত৷ তাকো আকৌ একেবাৰে ভি.আই.পি. হৈ! তাৰেই সুবাদত ঘৰ পাহৰিলোঁ, কাম পাহৰিলোঁ, তাৰিখ পাহৰিলোঁ৷ দিন-বাৰো চব পাহৰিলোঁ৷ 'আজি কি বাৰ অ?' সোধোঁ বুলি কাষতে শুই থকা সুবীৰৰ ফালে ঘূৰি চাইছোঁ৷

হাৰে, তাৰ শ্লীপিং বেগটো ধুনীয়া দেখোন! বৰণটোও উপত্যকাৰ লগত সাঙোৰ খাই পৰিছে৷ কালিচোন শ্লীপিং বেগ নাই অনা বুলিছিল৷ তেনেহলে এইটো পালে কত? 'দীপমইনাই দিছে' বুলি মাত এষাৰ দিলে, চকু দুটা মুদি থাকিয়ে৷ সুৰটোত গৌৰৱৰ গোন্ধ৷ ই উঠক, মই এবাৰ সেইটোত সোমাই চাব লাগিব৷ মনতে ভাবি থলোঁ৷ মোৰটো বৰ ডাঙৰ৷ গোটেইটো এটা ঢোলহে যেনিবা৷ গধুৰো৷ কঢ়িয়াবলৈ অসুবিধা৷ বুদ্ধি খটুৱাই কভাৰ এটা নিজেই তৈয়াৰ কৰি লৈছোঁ৷ হাত সলাই সলাই ঝুকৰ বুকু পোৱালোঁহি৷ পানী নপৰক বুলি প্লাষ্টিকৰ ডাঙৰ কেৰীবেগ এটাত সুমুৱাই আনিছিলোঁ৷ নাই, নাবাচিল৷ অকণমান ভিজিলেই৷ ঠোঙাৰো অৱস্থা কাহিল৷ নিশাটো চলি গল যেনিবা৷

তক্তাপোচখনৰ পৰা সুবীৰ নামিবলৈহে পালে, মই পুটুককৈ সোমাই পৰিলোঁ Coleman BIKERত৷ লগত দিয়া কাগজডোখৰ পঢ়ি চালোঁ৷ -20 C to +140 C৷ ওজন কিমান? 0.99 Kg৷ আহ! বৰ মজা লাগিছে অ'৷ উম লৈ থাকিয়েই ঠিক কৰিলোঁ যে এনেকুৱা এটা মই কিনিম৷ কিনিম মানে কিনিবই লাগিব৷ পাছৰ যাত্ৰাটো খাটাং হৈয়ে আছে, নৱেম্বৰৰ শেষৰটো সপ্তাহত৷ শ্লীপিং বে'গটোৰ ওজন আৰু জোখটো ভাল৷ কঢ়িয়াবলৈ সুবিধা হব৷ ৰাক্‌চেকতে সোমাই থাকিব৷ পৰ্বত বগোৱা অভিযানত গধুৰ বস্তু সদায়েই হাৰমাল৷ 'It is not the load that breaks you down, it is the way you carry it' বুলি জানো যদিও ইণ্ডিয়ান আৰ্মীৰ জোৱানে লৈ ফুৰাসম আকৃতিৰ ঢোলটো আৰু ভাৰ বব নোৱাৰি দেই৷

লেথাৰি নিছিগাকৈ পৰি থকা বৰষুণজাকৰ শব্দই পুৱাতে কাণ দুখন ঘোলা কৰি দিছে৷ ফেৰফেৰীয়া বতাহেও ঠাণ্ডা নমাইছে৷ শ্লীপিং বেগৰ পৰা ওলোৱাই মস্কিল৷ তাতে আছোঁ Colemanৰ উমাল বুকুত৷ মনটোৱে মাজে মাজে বিদ্ৰোহ কৰিছে৷ বাহিৰখন চাবগৈ লাগে৷ এইদৰে পৰি থাকিলে নহয়৷ ৬.০০ বাজিবৰে হ'ল৷ ইফালে অৰূপদায়ো খদমদম লগাই দিছে৷ ওলাই আহিলোঁ৷ উ... ঝুক ভেলীৰ অস্তিত্বই নাইচোন! হাফলুৰ বিশাল ৰাজ্যখন অন্তৰ্ধান৷ কেৱল ডাৱৰ আৰু ডাৱৰ৷ সেউজীয়াৰ নাম-নিচান নাই৷ কেউফালে শুভ্ৰ চামনি৷ কালিৰ দৃশ্যপট আৰু আজিৰ দৃশ্যপট সম্পূৰ্ণ বেলেগ৷ কল্পনাই কৰিব নোৱাৰি৷ যি হওক, আমি বিমুখ নহ'লোঁ৷ ইয়াৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপটো কালি দেখিলোঁ৷ মেঘ আৰু বৰষুণৰ ফাঁকেৰে ঝুক ভেলীৰ নীল আকাশ আৰু সেউজ অৰণ্যানি চাবলৈ সৌভাগ্য লাগে বুলি কোৱা হয়৷ মিছা নহয় কথাষাৰ৷ বতৰৰ গতি-গোত্ৰ চাই উপত্যকাই আজি সহজে দেখা নিদিব যেনহে লাগিছে৷

বৰ্ষাবিঘ্নিত পুৱা এটা৷ মেগী নুডল্‌ছ খুৱালে টমাছহঁতে৷ হৰেন, দীপমইনাসহিত ৰাতিটো ট্ৰেকাৰ্ছ কেম্পত কটাইছিল সিহঁত ৭জনে৷ ভি.আই.পি. (!) ৯জন ইয়াত৷ ৰঙা চাহত শোহা মাৰি থাকিয়ে বাৰাণ্ডাত থিয়ৈ থিয়ৈ আলোচনা৷ কেইজনমান চৌকাৰ কিনাৰত৷ ৰুমাল, তিতা মোজা আদিত জুইৰ উত্তাপেৰে সেক দি আছে৷ তীব্ৰ অসন্তুষ্টিয়ে ভৰাই পেলাইছে দলৰ সদস্যসকলৰ মনবোৰ৷ বৰষুণজাকৰ প্ৰতি সবাৰে ককৰ্থনা৷ উপায় নাই, ধৰাবন্ধা কথা যে এইকেইটা দিনত ইয়াত বৃষ্টিপাতৰ আতিশয্য থাকিবই৷ সেয়াই মজা৷

পুৱাতে ৭ বজাতে ওলাই যোৱা ডিমাপুৰ আৰু কেৰালাৰ যুৱক তিনিজনে তিতি-বুৰি ঘূৰি-পকি আহি সিমূৰে থকা পানীৰ পাইপডালত এজন এজনকৈ নিজকে পখালিছে৷ আমি বস্তু-বাহানি সামৰাত হাত দিছোঁ৷ ম'বাইলত বজাইছোঁ মোৰ প্ৰিয় গীত৷ মুখচন্দ্ৰমা চাম চাম বুলি আশা পালি থকা কাষৰ ৰূমৰ মায়াৱিনী আইগৰাকী জাগ্ৰত হোৱাই নাই৷ কলকলনি, খিলখিলনি বন্ধ৷ নিশা আমাৰ টোপনি কাঢ়ি বেটীয়ে এতিয়া ফষ্টি মাৰি শুই আছে!

হাত-ভৰিৰ বোকা আঁতৰাই থাকোঁতেই তিনি ডেকাৰ মাজৰে এজনে স্বগতোক্তি কৰা শুনিলোঁ 'Flower is less this time'৷ তেওঁৰ মতে এইবাৰ ঝুক ভেলীত ফুলৰ সংখ্যা কম দেখা গৈছে৷ অতীতৰ অভিজ্ঞতা আৰু বৰ্তমানৰ পৰ্যবেক্ষণৰ পৰাই কথাষাৰ কৈছে ল'ৰাটোৱে৷ চিন্তা কৰিলোঁ, অত-তত ঘটা প্ৰাকৃতিক পৰিৱৰ্তনৰ নিচিনাকৈ ইয়াতো হীন-ডেঢ়ি আহিল তেনেহলে! ঝুক লিলি ফুলাৰ সময়টোতো পাৰ হৈ গলেই৷ Floristic study সংক্ৰান্তীয় গৱেষণা-পত্ৰ এখনত পঢ়িবলৈ পোৱা মতে Aconitum nagarum নামৰ নীলা-বেঙুনীয়া ৰঙৰ ফুলবিধে ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহৰ পৰা কলি পেলাবলৈ আৰম্ভ কৰিব৷ অক্টোবৰৰ প্ৰথম সপ্তাহৰ ভিতৰত ফুলিব৷ গতিকে সেইবিধৰ এতিয়া সময় হোৱা নাই৷ কালি যেনি-তেনি হালধীয়া, বগা, গুলপীয়া আদি ৰঙৰ ফুল কিছুমান দৃষ্টিগোচৰ হৈছিল৷ নামবোৰ গম নাপাওঁ৷ তথাপি পুষ্প উপত্যকাত ফুল কমিছে বোলা কথাষাৰে মনৰ কোনোবাখিনিত প্ৰচণ্ড আঘাত এটা দি গল৷

অৰূপদাহঁত থকা ঘৰটোৰ ভিতৰফালে থকা এটা ৰূমত সিহঁতকেইটা আছেহি৷ প্ৰথম সোমাই আহোঁতে কেউটাকে হেনো পথাৰত হাল বাই অহা যেন লাগিছিল, দেখাত৷ কথাটো অৰূপদাই মোক সিহঁত অাঁতৰি যোৱাত ক'লে৷ বৰষুণজাকে মুখ ফুলাই ৰখাৰ মাজতো তাকে লৈ হাঁহিলোঁ অলপমান৷ তাৰ মানে তললৈ নামি নগৈ আমি ভালেই কৰিলোঁ৷ পুৱাতে যাম বুলি কালিয়ে ভাবি থৈছিলোঁ৷ যি হয় ভালেই হয়৷ পৰ্বতৰ সৌন্দৰ্য চাব লাগে উপত্যকাৰ পৰা, উপত্যকাৰ সৌন্দৰ্য চাব লাগে পৰ্বতৰ পৰা৷ সঁচা কথা৷ কিন্তু এতিয়া উপত্যকায়ো মুখ লুকুৱাইছে বতৰৰ ছত্ৰছাঁয়াত৷ ঝুক ভেলীত বাৰিষাৰ পয়োভৰ৷ বৰ্ষাকালীন ট্ৰেকিং-কেম্পিঙত বতাহ, বৰষুণ, ক'লীয়া মেঘ, শীতলতা আদিহে প্ৰাপ্যবস্তু৷ তাৰে এটাও নোপােৱাকৈ থকা নাই আমি৷

আকাশখন গোমা৷ এনে বাতাবৰণ দেখিয়েই হয়তো গাঁও সংস্থাপনাৰ্থে উপযোগী ঠাইৰ সন্ধানকৰ্তা, আংগামী কল্প-কাহিনীৰ সেই পূৰ্বপুৰুষৰূপী যুৱকজনে কৈছিল ঠাইখন গোমা, বিমৰিষ বুলি৷ কিন্তু তাৰ অভ্যন্তৰতেইযে লুকাই আছিল মনোমোহা, স্বপ্নময় এক অবৰ্ণনীয় সৌন্দৰ্য! এই মুহূৰ্তত উপস্থিত হ'লেও একেটাই ক'লেহেঁতেন নিশ্চয়৷ ভালেই হল, তেতিয়া নেদেখিলে, আৰু অহা বাটে উভতি গুচি গ'ল৷ নহলে ইয়াত কোন কাহানিবাতে মানুহ বহিলহেঁতেন, জনবসতি বাঢ়িলহেঁতেন৷ বহল ৰাস্তা হ'লহেঁতেন৷ গাড়ী-মটৰ আহিলহেঁতেন৷ সমাগমেৰে ভৰি পৰিলহেঁতেন ঝুক' ভেলী৷ তেনেকুৱা হ'লে আমিও কেতিয়াও নাহিলোঁহেঁতেন৷

এতিয়া অন্ততঃ মনুষ্যৰ বসতি নিষেধ, সুচল বাট-পথ নাই, যান-বাহনো নাই৷ আহিবৰ বাবে জংঘলী লুংলুঙীয়া লিক্‌বোৰ আছে৷ নিজৰ ভৰি দুখন আছে৷ এই দুখনেই একমাত্ৰ নিৰ্ভৰযোগ্য বাহন ইয়াত৷ খোজ কাঢ়িব নোৱাৰা, গাড়ী এৰি মাটিত ভৰি দিব নোখোজা মানুহ দূৰতে বিদূৰ৷ আনহাতে এইটো ঠিক যে যতেই মনুষ্য কুল ততেই প্ৰকৃতিৰ নিদাৰুণ ধ্বংসযজ্ঞ৷ গছ-বিৰিখ খাস্তাং, শূন্য জন্তু-জানোৱাৰ৷ ইয়াত ডাঙৰ গছ-বিৰিখ কম দেখিছোঁ, জীৱ-জন্তু আছে বুলি কয় যদিও চকুৰ আগলৈ অহা নাই৷ হ'লেও বিৰাট ভাল লাগিছে৷ আশ্চৰ্য আৰু মনৰ সন্তুষ্টি আছে৷

(ফটোগ্ৰাফ যুগান্তজ্যোতি চেলেঙৰ)


Sunday, 24 September 2017

২৭. ঝুকৰ বুকুৰ মায়াময় নিশাটি

বাহিৰত চিপ্‌ চিপ্‌ বৰষুণৰ আৰম্ভণি৷ ইয়াত বৰষুণ মানেই উষ্ণতা হ্ৰাস, শীতলতা বৃদ্ধি৷ নিশাটোৰ বাবে শুবলৈ লৈয়ো অৰুণদা আৰু মই শুব পৰা নাই৷ তাৰ কাৰণ অৱশ্যে উষ্ণতা কিম্বা শীতলতা এটাও নহয়৷ সুবীৰৰ নাকৰ শব্দহে৷ কালি ৰাতিৰ দৰে আজিও ঘেঁ-ঘেঁকৈ বাজনা আৰম্ভ হৈ গৈছে তাৰ৷ বৰ অশান্তিকৰ, অশ্ৰাব্য আৰু যন্ত্ৰণাদায়ক৷

কাষৰ কোঠাটোত তিনিজনীয়া দল এটা৷ দুই যুৱক, যুৱতী এজনী৷ আমি ৰূম বন্ধ কৰাৰ আগে আগে তলা খুলি সোমাইছে৷ চেহেৰা এটাৰো দেখা নাপালোঁ৷ ভাত-পানী খালেনে নাই, ক'ৰ পৰানো আগমন ঘটিল, গম নাপাওঁ৷ পদাৰ্পণৰ পাছৰে পৰাই সিহঁতৰ কোঠাটোৰ পৰা উফৰি অহা কথা-বতৰা আৰু হাঁহিৰ খলকনিয়ে নিদ্ৰা আয়োজনত বেয়াকৈ ব্যাঘাত জন্মালে৷ ছোৱালীজনীৰ উচ্ছৃংখল হাঁহি আৰু কোনো বিৰতি নোলোৱাকৈ ডাঙৰ ডাঙৰকৈ কোৱা কথাবোৰ 
আমাৰ বাবে হৈ পৰিল যন্ত্ৰণা নম্বৰ দুই৷ নাক বজাই শুই থকা চাউণ্ডমাষ্টাৰ তথা ৰূমমেট সুবীৰকো চেৰ পেলালে তাইৰ কণ্ঠস্বৰে৷ এবাৰ ঘপকৈ সি সাৰ পাই গ'ল৷

আজি নিশাৰ নতুন বিড়ম্বনা! কাণ্ড-কাৰখানাৰ পৰা অলপ পাছতে প্ৰশ্ন এটা উদয় নোহোৱাকৈ নাথাকিল যে সেইজনী আচলতে মানৱী নে ভূতুনী? নাকৰ ঘোৰ্ঘােৰণি, হাঁহিৰ খিলখিলনি, বৰষুণৰ মায়াময় শব্দ, বাহিৰত থকা সৌৰৰশ্মিচালিত লাইটটোৰ পৰা নিৰ্গত অনুজ্জ্বল পোহৰৰ লুকাভাকু, সকলো মিলাই কিবা পুৰণা হৰ'ৰ চিনেমাৰ দৰেহে লাগিছে দেখোন! ছাত্ৰাৱস্থাত বিস্ময়ত্ৰিশূলৰহস্য ইত্যাদিত পঢ়িবলৈ পোৱা ছায়কিক্‌ গল্পবোৰলৈ মন উৰি গ'ল৷ ৰে'ষ্ট হাউচ, গে'ষ্ট হাউচৰ পটভূমিত ৰচিত প্ৰতিটো ৰহস্যঘন গল্পতে এনেকুৱা অকলশৰীয়া, নিৰ্জন অৱস্থানৰ ঘৰবোৰত অশৰীৰি আত্মা থাকেই! নিশাটোৰ বাবে আশ্ৰয় লোৱা গল্পৰ নায়কক 
প্ৰেতাত্মাই আমনি কৰে৷ দৰজা-খিৰিকীত খটখটায়, খোলে-জপায়৷ মজিয়াত টক্‌ টক্‌ পদধ্বনি৷ চিলিঙৰ ভিতৰত ইফালৰ পৰা সিফাললৈ যোৱাৰ শব্দ! পঢ়ি থাকোঁতেই গাৰ নোম থিয় দিয়ে, সেই বয়সত৷ আমি আশ্ৰয় লোৱা এমূৰীয়া এই অতিথিশালাটোত তেনেকুৱাখন নঘটেতো? এইটো অভিশপ্ত ঘৰ হয় যদিও নাজানো, সিটো ৰূমত সেয়া ভূতৰ কাৰ্যকলাপহে যদিও জনাৰ উপায় নাই৷ এইটোৱেই জানো যে এয়া গল্প নহয়, সত্য৷ পুৱা পোহৰ হোৱালৈ কি হয়গৈ সেয়া ৰহস্য৷

এগৰাকী সুন্দৰী নাৰীৰ আত্মাই ঝুক' ভেলীত হেনো অবাধে বিচৰণ কৰি ফুৰে৷ নগাসকলে এইদৰে কয়৷ সেই সুন্দৰী নাৰীগৰাকীয়ে বোলে প্ৰতি বছৰে এজনকৈ পুৰুষৰ প্ৰাণ লয়৷ গতিকে উপত্যকাটোত উপস্থিত হোৱাৰ পাছত হঠাতে অসুস্থ অনুভৱ কৰা পুৰুষক শীঘ্ৰে এই স্থান ত্যাগ কৰিবলৈ কোৱা হয়৷ ভাল কথা যে আমাৰ দলৰ সকলোটি সুস্থ হৈ আছে৷ কোনেও অসুস্থ অনুভৱ কৰা বুলি এতিয়ালৈ এষাৰো কাণত পৰাহি নাই৷ সংগোপনে ভগৱানক খাটিছোঁ, ৰাতিপুৱালৈকে ঠিক থাকিলেই হয়৷ নিশাটি ভালে-কুশলে পাৰ হওক৷

কিছু সময় উঃ আঃ কৰি থাকি সুবীৰ পুনৰ নিঃসাৰ হৈ পৰিল৷ সিকাটি হৈ অৰুণদাও নিতাল মাৰিলে৷ সন্দেহ নাই যে দিনৰ দিনটো পাহাৰ বগাই দুয়োৰে বেয়াকৈ ভাগৰ লাগিছে৷ সেয়েহে চাগৈ পৰিস্থিতিক লৈ তেওঁলোকে ইমান গভীৰভাৱে ভাবিব পৰা নাই৷ ক্লান্তিয়ে ভূত-প্ৰেত একো নামানে৷ আৰু আচৰিত কি, অৰুণদাৰো নাক বাজিছে দেখোন আজি! নাসিকাৰ দ্বৈত গৰ্জনত পৰিৱেশটো আগতকৈ কিবা যেন অধিক ৰহস্যময়, অধিক মায়াময় হৈ পৰিছে!

মোৰ টোপনি ধৰা নাই৷ কিনো ঘটে তাকে তং কৰি আছোঁ৷ চকু দুটা জপাব লাগে জপাইছোঁ যদিও উপত্যকাৰ সেউজীয়া খলাবমাবোৰহেচোন মানসপটত চিনেমাৰ ৰীলৰ দৰে ভাহি আহি-গৈ আছে! কেতিয়ানো সৃষ্টি হ'ল বাৰু হাফলুসদৃশ সেইবোৰ? সঁচাই কিবা আচৰিত আৰু ৰহস্যাবৃত৷ জীৱনত ক'তো আগতে নেদেখা ধৰণৰ৷ ঝুক' ভেলীৰ বিষয়ে জানিবৰো বেছি বছৰ হোৱা নাই মোৰ৷ মনচক্ষুৱে এতিয়া চফৰ আৰম্ভ কৰিছে ট্ৰেক আৰু ট্ৰেকিং কালত দেখা পোৱা দৃশ্যবোৰৰ মাজে মাজে৷ প্ৰশ্নও জাগিছে৷ ভূতৰ ওপৰত দানহ পৰাদি বিভীষিকাৰ মাজতো মনত খেলি থকা এই সুন্দৰতাক বিচ্ছিন্ন তথা দমন কৰাত লাগিছে বাওঁহাতে দুজনৰ নাক, সোঁহাতে এজনীৰ গলাই৷


সেইজনীয়ে অনৰ্গল কৈ থকা ভাষাটো মণিপুৰীয়ে হব বুলি মোৰ মনে ধৰিছে৷ পিছে দুই-তিনিটা, বৰ বেছি চাৰিটা শব্দৰ বাদে ভাষাজ্ঞান তেনেই পুতৌজনক হেতুকে সিহঁতৰ কথাও বুজা নাই, হাস্যৰসৰ কাৰণ উদ্ঘাটন কৰাতো বিফল হৈছোঁ৷ লৰা দুটাই বৰ বিশেষ মাত মতা নাই অৱশ্যে৷ যুৱতী কণ্ঠইহে ৰজনজনাই আছে৷ কিবা জমনি কাহিনী হব যেন বোধ হৈছে৷ এটা বাক্য কয়, হাঁহে৷ আকৌ এটা বাক্য কয়, আকৌ হাঁহে৷ এই ৰাতিখন, কি হ'ল অ' এইৰ? খালে নেকি কিবা? সংগীৰ সৈতে ঝুক ভেলীলৈ আহি, মুক্তিৰ উল্লাসতে সময়চেতনা নাইকিয়াই হ'ল যেন পাওঁ! মাকক ফাঁকি দি নে সঁচাই কিবা গৱেষণা? কাইলৈ লগ পালেই তাই বেটীক জেৰা কৰিব লাগিব৷ ঝুক' ভেলী প্ৰেমিক-প্ৰেমিকাৰো ভূস্বৰ্গ৷ ৰমন্যাসিক ভাববিলাসীৰ উপস্থিতিত নিশা আকাশৰ চন্দ্ৰমাই হেনো দিনৰ সূৰ্যালোকৰ দৰে জিলিকাই তোলে চৌদিশ৷ আহিবলৈহে কষ্ট৷

উঠি গৈ জুইৰ গুৰিত বহিলে কেনে হয়? আস্তেকৈ দুৱাৰখন খুলি বাহিৰ ওলাই আহিলোঁ৷ দৰজা মেলোঁতে কে-ৰে-ককৈ যিটোহে শব্দ হল! খৰিকেইডালমান জাপি ফু দি অঙঠাৰ মাজৰ পৰা জুইকুৰা জীয়াই তুলিবৰ আপ্ৰাণ চেষ্টা চলাই আছোঁ৷ অৰুণদাও আহিল বাহিৰ ওলাই৷ আকৌ এবাৰ কে-ৰে-ক৷ সৰহ সময় নাথাকিল তেওঁ৷ টোপনিয়ে হেঁচি আনিছে৷ বাহিৰ ফুৰি চিধাই চাঙত উঠিলগৈ৷ দৰজাখনে পুনৰবাৰ কে-ৰে-ক কৰাৰ সন্ধিক্ষণতে অৰূপদা ওলালহি সিটো ঘৰৰ পৰা৷ পাতলীয়াকৈ বৰষুণ পৰি আছে৷ তাৰ মাজতে ছায়ামূৰ্তিৰ দৰে হঠাতে তেওঁৰ আবিৰ্ভাৱ৷ দেখি চক্‌ খাই গলোঁ মই৷ তেওঁৰো হেনো টোপনি ধৰা নাই৷ ঘৰত ইমান সোনকালে শুৱাৰ কাৰনো অভ্যাস আছে বাৰু? বাধ্যত পৰি ইয়াত বেমাৰীৰ দৰে বিছনা লৈ থাকিবলগীয়া হৈছে৷ অৰূপদাই জনালে, ছোৱালীজনীৰ অট্টহাস্যই তেওঁৰ কৰ্ণপটহো চুই গৈছে৷ ইকাটি-সিকাটি কৰি থকাৰ পাছত কৌতূহল দমাব নোৱাৰি উঠি আহিছে গম লবলৈ, কোন হাঁহিমতী এইজনী? এই নিশাখন হঠাতে ক'ৰ পৰা ওলালহি? মানৱী নে কোনোবা অশৰীৰি?

আমি দুয়ো কাইলৈৰ কাৰ্যসূচী সম্বন্ধে আলোচনা কৰি আছোঁ৷ পিঠি দি থকা ৰূমটোৰ ভিতৰত সেইজনীৰ কথা আৰু হাঁহি৷ যেন শেষ নহবই আজি! সঁচাকৈয়ে দাৰু-চাৰু পিলে নেকি বাৰু তাই? নে মণিপুৰী ভাং? ক'ব নোৱাৰি৷ হাঁহুৰীজনীক লৈ ৰগৰ আমিও কৰিলোঁ অলপমান৷ এসময়ত অৰূপদা গলগৈ৷ মই ৰূমত সোমালোঁ৷ হাঁহিচম্পাৰ একক উপস্থাপন বন্ধ হোৱাই নাই৷ শাম কাটোঁতে ৰাতি ১.০০ মানেই বাজিল কিজানি৷ তাৰ মাজতে সিহঁতকেইটা ওলাই আহি জুইৰ গুৰিত বহি কিবা সিজাই খালে৷ মধ্যৰাতি তেতিয়া৷ এসময়ত কোঠাটোত সাৰি-শব্দ নাইকিয়া হল৷ অথনিৰে পৰা পৰিৱেশ এইহে প্ৰথমবাৰলৈ সুস্থিৰ হৈছে৷ কাইলৈ পুৱা এইৰ মুখশ্ৰী দৰ্শন কৰিব লাগিব ৰহ, বুলি পাঙি ময়ো শ্লীপিং বে'গটোত সোমাই পৰিলোঁ৷ দিনটো খোজ কাঢ়ি জমা হোৱা ভাগৰখিনি আছিলেই৷ শান্ত-শীতল অৱস্থা এটা পাই নিদ্ৰা দেৱীয়ে কেতিয়ানো টানি নিলে গমেই নাপালোঁ৷


Saturday, 23 September 2017

২৬. ঝুক লিলিৰ বিননি

I AM BEAUTIFUL THE WAY I AM

When you come here, wear warm clothes as my breath is freezing cold
When you see my frozen waters, do not walk over me as I may break apart
When you come across animals and birds, please dont harm them ­-they are my protectors
When you return, go as you found me -dont leave anything behind.

I, your Dzükou, am NATURE! Pledge to preserve and protect me
DO NOT BURN ME, DO NOT LITTER.

অথনি প্ৰথমবাৰৰ বাবে ট্ৰেকাৰ্ছ শিৱিৰলৈ উঠি যাওঁতে বাৰাণ্ডাত লগাই থোৱা বেনাৰ এখনে মোৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ Nagaland State Disaster Management Authorityৰ বেনাৰ৷ Southern Angami Youth Organisationএ লগাইছে৷ তাত এইদৰে লিখা আছিল৷ ট্ৰেকাৰ্ছৰ প্ৰতি মনৰ কথা যেন প্ৰকাশ কৰিছে ঝুক ভেলীয়ে! আহ্বান জনাইছে, ইয়ালৈ অহা সকলোকে উদ্দেশ্য কৰি৷

নাগালেণ্ড-মণিপুৰৰ উমৈহতীয়া সম্পদ ঝুক ভেলীৰ প্ৰধান বিশেষত্ব কি বুলি সুধিলে উত্তৰটো হব, বায়-ডাইভাৰ্চিটি অৰ্থাৎ জৈৱ-বৈচিত্ৰ্য৷ উদ্ভিদ বিজ্ঞানীৰ ব্যাখ্যা অনুযায়ী উপত্যকাটোক আগুৰি ৰখা সেউজীয়া অঞ্চলটোত থকা গছ-গছনিবোৰ হৈছে Betula utilis, Rhododendron, Gaultheria, Peiris formosa, Lyonia ovalifolia, Lithocarpus pachyphylla, Quercus lamelosa, Ilex, Taxus wallichiana, Juniperus recurva আৰু Symplocos৷ প্ৰায় ২,৪০০ মিটাৰ উচ্চতাৰ মূল উপত্যকাটোত ডাঙৰ গছ-বিৰিখ নাই৷ তাৰ পৰিৱৰ্তে ঘাঁহ-বনজাতীয় আৰু ঢেঁকীয়াজাতীয় উদ্ভিদৰহে পয়োভৰ৷ সেউজীয়া মখমলী চাদৰখনৰ আঁৰৰ এনেকুৱা উদ্ভিদবোৰ হৈছে Lilium mackliniae, Euphorbia sikkimensis, Rhodiola heterodonta, Polygonatum verticillatum, Satyrium nepalensis, Primula, Caltha palustris, ঘাঁহ, Sinarundinaria rolloana, Anemone, Aconitum nagarum, A. elswii, Thalictrum, Selinium, Oenanthe, Ligularia, Carex, Juncus, Osmunda claytonia vestita আৰু Potentilla৷

প্ৰাকৃতিক সৌন্দৰ্য আৰু পৰ্যটনৰ ফালৰ পৰা এইখন এখন গুৰুত্বপূৰ্ণ থলী৷ শীত কালত ঝুক' ভেলীত তুষাৰপাত হোৱা দেখা যায়৷ শীতৰ অন্তত অহা বসন্ত ঋতুত গুলপীয়াৰঙী Dzükou lily (Lilium mackliniae) ফুল পৰিলক্ষিত হয়৷ ঝুক লিলি এনে এবিধ ফুল যাক একমাত্ৰ এইটো উপত্যকাতহে দেখা যায়৷ তাকো বছৰত মাত্ৰ এবাৰেই ফুলে, মে-জুন মাহত৷ ঘাঁহ আৰু চাপৰ বাঁহজাতীয় গছ (Sinarundinaria rolloana)বোৰৰ মাজে মাজে গজে৷ আনহাতে পূব হিমালয়ত সুলভ চাপৰ আৰু ঘন বাঁহজাতীয় গছবিধ ঝুক উপত্যকাত সৰহ পৰিমাণত পোৱা যায়৷ বাঁহ অৰণ্যৰ মাজত বগা বৰণৰ ঝুক লিলি (Lilium chitrangadae)ও কম পৰিমাণে ফুলে৷

নাগালেণ্ডত ঝুক' লিলি আৰু মণিপুৰৰ অংশত মণিপুৰী লিলি বা Siroi lily বুলি কোৱা গুলপীয়া ৰঙৰ ফুলবিধ প্ৰথমে দৃষ্টিগোচৰ হৈছিল কিংডন ৱাৰ্ডৰ৷ সেয়া আছিল ১৯৪৮ চন৷ উখৰুলৰ পৰা ১০ কিলমিটাৰ আঁতৰত অৱস্থিত ২,৬৬০ মিটাৰ উচ্চতাৰ Siroi hillৰ এঢলীয়াত সেয়া দেখা গৈছিল৷ ইংৰাজ উদ্ভিদবিদজনৰ দ্বিতীয় পত্নী Jean Macklinৰ নামেৰে ফুলবিধৰ নাম ৰখা হৈছিল Lilium mackliniae Sealy৷ নাগালেণ্ড-মণিপুৰৰ মূল আৰু প্ৰশস্ত  ঝুক ভেলীৰ ৪ বৰ্গ কিলমিটাৰ এলেকাত সৰ্বাধিক পৰিমাণে ফুলে ঝুক লিলি ফুল৷ ই হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ বিখ্যাত পুষ্প উপত্যকাৰ বিশেষ আকৰ্ষণ৷ Siroi hillৰ পৰা ১৫ কিলমিটাৰ পূবে উখৰুল জিলাৰ অন্তৰ্গত ২,৮১০ মিটাৰ ওখ Ngainoi hill আৰু ২,৮৪০ মিটাৰ ওখ Ngaire hillৰ এঢলীয়াতো এই ফুল দেখা যায়৷

ঝুক উপত্যকাটোক আগুৰি ৰখা বৃক্ষহীন পৰ্বতৰ শিখৰ আৰু এঢলীয়াতো আছে লিলি ফুলবিধ৷ নৱেম্বৰৰ পৰা মাৰ্চ মাহলৈকে এই অঞ্চলসমূহে প্ৰচণ্ড শীত সহ্য কৰিবলগীয়া হয়৷ বাঁহনি-ঘাঁহনিবোৰ সম্পূৰ্ণৰূপে শুকাই যায়৷ তেনে সময়তে অভাবনীয়ভাৱে বিয়পে বনজুই৷ প্ৰাকৃতিক বন-বিৰিখৰ বাবে প্ৰতিটো অগ্নিকণা হৈ পৰে প্ৰলয়ংকৰী৷ জুই লগাৰ পাছত ছায়ে ঢাকি পেলায় পৰ্বতৰ উপৰিভাগ৷ বতৰ অনুকূল হ'লেই চাপৰ বাঁহজাতীয় গছবিধ গজিবলৈ লয়৷ আগতীয়াকৈ ওলোৱা বাবে আন আন গছবোৰ এইবিধৰ সমানে গজাত আৰু বঢ়াৰ দৌৰত ব্যৰ্থ হয়৷ ঝুক লিলিৰ মাটিৰ ওপৰৰ অংশ আৰু পৰি ৰোৱা গুটিবোৰ বনজুইত পুৰি ছাই হৈ যায়৷ আলুবোৰ উপৰিভাগৰ পৰা হিচাপতকৈ বেছি তললৈ সোমাই যায়৷ এসময়ত গজালি ওলায় যদিও ছাই আৰু মাটিৰ অধিক তলত পৰি ৰোৱাৰ বাবে ঘপকৈ ওলাই আহিব নোৱাৰে৷ লহপহকৈ আগে-ভাগে ডাঙৰ হোৱা বাঁহবোৰৰ প্ৰতাপত বৰ কষ্ট কৰি বাঢ়িব লগা হয়৷ এই কাৰণতে উপত্যকাটোত ঝুক লিলি ফুল বছৰি কমি অহা বুলি গৱেষকৰ দ্বাৰা প্ৰতিপন্ন হৈছে৷ বনজুই যদি সঘনাই লাগি থাকে তেনেহলে চাপৰ বাঁহৰ অাগ্ৰাসনত অন্যান্য বনৰীয়া ফুলগছবোৰ এদিন নোহোৱা হৈ পৰিব পাৰে বুলিও আশংকা ব্যক্ত কৰা হৈছে৷

বছৰি লগা বনজুয়ে এনেকৈয়ে প্ৰভাৱ পেলাই আহিছে ঝুক লিলিৰ ওপৰত৷ ২০০৬ চনত চলোৱা এটা অধ্যয়নত এইটো পোৱা গৈছিল৷ পৰ্বতৰ বক্ষত অতীজতকৈ তুলনামূলকভাৱে বনাগ্নিৰ প্ৰকোপো বঢ়া দেখা গৈছে৷ বনজুই আৰু বনজুইত ইন্ধন যোগোৱা বাঁহগছৰ উপনিৱেশ এতিয়াই সীমাবদ্ধ নকৰিলে অহা ১০ বছৰত ঝুক লিলি নোহোৱা হৈ যাব বুলি অধ্যয়নত সদৰি হৈছে৷ ১৯৯০ চনৰ পৰা ২০০৭ চনলৈ চলোৱা পৰীক্ষা-নিৰীক্ষাই ইয়াকে প্ৰমাণ কৰিছে যে বাঁহৰ ঘনত্বই প্ৰতি বছৰে ফুলৰ ঘনত্ব কমাই আনিছে৷ ঝুক' ভেলীক উত্তৰ-পূৰ্বাঞ্চলৰ পুষ্প উপত্যকা হিচাপে বৰ্তাই ৰাখিবলৈ হ'লে ঝুক লিলি আৰু জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণ অতীব জৰুৰী কথা হৈ পৰিছে৷

অত্যধিক পৰিমাণে এইফালে আমি দেখা পোৱা, পৰিস্থিতিতন্ত্ৰ আৰু জৈৱ বৈচিত্ৰ্যত বিৰূপ প্ৰভাৱ পেলোৱা চাপৰ জাতৰ বাঁহবিধ কোনো সৃষ্টিশীল কামত কিবা প্ৰকাৰে প্ৰয়োগ হয়নে নহয় মই নাজানো৷ চাহগছে ইয়াক আঁতৰাব পাৰিবনে নাই সেয়াও বিচাৰ্য৷ Siroi hillত স্থানীয় মানুহে ঘনকৈ গজা এনে বাঁহগছবোৰ অদৰকাৰী বুলি ভাবিয়ে চাগৈ এবাৰ হাল বাই পুলিয়ে-পোখাই নাইকিয়া কৰাৰ প্ৰচেষ্টা চলাইছিল৷ আমাৰ ফালে পুষ্প সজ্জা ভাল পোৱা লোকসকলে ঘৰ সজাবৰ বাবে এজাতি চাপৰ বাঁহ টাবত ৰোৱা দেখোঁ৷ এইবিধেই চাগৈ৷ ডিফুৰ ৰিক্ৰিয়েশ্বন পাৰ্কতো কেইবা প্ৰজাতিৰ বাঁহ সংৰক্ষণ কৰা হৈছে৷ পৰিসংখ্যাৰ ফালৰ পৰা উত্তৰ-পূৰ্বাঞ্চল হৈছে ভাৰতবৰ্ষৰ ৬০ শতাংশ বাঁহৰ এলেকা৷ আধুনিক প্ৰক্ৰিয়াৰে বিজ্ঞানসন্মতভাৱে ব্যৱহাৰ কৰিলে এই উদ্ভিদবিধে অঞ্চলটোৰ অৰ্থনৈতিক বুনিয়াদ তথা বিকাশত সহায় কৰিব পাৰে বুলি বহু আগতেই সদৰি হৈ গৈছে৷ বিপৰীতে, বাঁহৰ অভাৱত কাগজ কল বন্ধ হৈ পৰাৰো ৰেকৰ্ড নথকা নহয়৷ ভাৰতত পোৱা ৫৭ প্ৰজাতিৰ বাঁহৰ ভিতৰত উত্তৰ-পূবত ৪৪ বিধেই পোৱা যায়৷ মণিপুৰত ৩৫ বিধ উপলব্ধ৷ তাৰে ১২ বিধৰ ব্যৱসায়িক প্ৰয়োগ আছে৷ ভাবিছোঁ, এইবিধৰো কিবা সুপ্ৰয়োগ থকা হ'লে!

বাৰ্ষিক বনজুই আৰু ঝুক লিলিৰ সংখ্যা হ্ৰাস, ঝুক' ভেলীত সেউজ আৱৰণ সৃষ্টিৰে আমাৰ মন ভুলোৱা চাপৰ বাঁহবিধ উভয়ৰে গুৰুতৰ কাৰণ হিচাপে পৰিগণিত হৈছে৷ সৃষ্টি আৰু ধ্বংসৰ মাজত চলি অহা যুঁজখনৰ কাৰক হিচাপে ঠাৱৰ হোৱা আপদীয়া বনজুইৰ গ্ৰাসৰ পৰা বন-বননি যদি বচাই ৰখা নহয়, বনজুইৰ পাছত ভৰ্‌ভৰ্‌ কৰে ওলাই অহা বাঁহগছৰ ঔপনিৱেশিক শ্ৰীবৃদ্ধি যদি নিয়ন্ত্ৰণ কৰা নহয়, পৰ্বতৰ বুকুত সোমাই থকা ঝুক' লিলিৰ আলুবিলাক বাঁহ প্ৰজাতিৰ দপদপনিত বতৰ আৰু সময়মতে সাৰ পাই উঠিব নোৱাৰিব৷ তেনেকুৱা হলে অনাগত দিনত ঝুক লিলি অদৃশ্য হৈ যোৱাৰ সম্ভাৱনাই অধিক৷ ধুৰুপ যে তাৰ লগতে এই অঞ্চলত পোৱা অন্যান্য লেণ্ড অৰ্কিডসমূহৰো অস্তিত্ব বিপন্নমুখী হৈ আহিছে৷ বিষয়টো নিঃসন্দেহে অতি গম্ভীৰ আৰু স্পৰ্শকাতৰ৷

ঝুক ভেলী আৰু Siroi hillলৈ বছৰি অহা হাজাৰ হাজাৰ পৰ্যটকৰ অমনযোগী কাৰ্যকলাপৰ বাবে ঝুক লিলিৰ প্ৰাকৃতিক গৃহভূমি ধ্বংসপ্ৰাপ্ত হৈ আছে বুলি ইতিপূৰ্বে ঠাৱৰ হৈ গৈছে৷ সকলো সময়তে এই উপত্যকাটোত অন্তহীন সেউজীয়াৰ পয়োভৰ থাকে৷ মিজোৰামৰ লুংলেই, অৰুণাচল প্ৰদেশৰ মেন-চু-খাত ইয়াৰ অনুৰূপ মখমলী আৱৰণে লুকুৱাই ৰখা ইংৰাজী আখৰ ডব্লিউটো ওলোটাই দিলে যেনেকুৱা হব তেনেকুৱা প্ৰাকৃতিক গঠনৰ টিলা দেখিবলৈ পোৱা যায় বুলি পঢ়িবলৈ পাইছোঁ৷ উত্তৰ ছিক্কিমৰ জেমিথাং আৰু মণিপুৰ-নাগালেণ্ডৰ ঝুক ভেলী সমপৰ্যায়ৰ বুলি ধৰা হয়৷ দেখাগৈ হলে নাই৷ সেইফালে এনেকুৱা বাঁহেই আছে নে ঘাঁহেই আছে এতিয়ালৈ নাজানো৷ ঝুক লিলিযে নাথাকিব সেইটো কিন্তু খাটাং৷

ইণ্টাৰনেটত Dzükou Valley, Nagaland আৰু Aster Field, Coloradoৰ তুলনামূলক অধ্যয়ন এটা কিছুদিনৰ আগতে পঢ়িবলৈ পাইছিলোঁ৷ উত্তৰাখণ্ডৰ Valley of Flowersৰ উল্লেখেৰে তাত এইদৰে লিখিছে The montane grasslands of Colorado are blessed with an abundant blossom of asters, but if you visit the Dzükou Valley, you will see the moorland covered up in a colourful drape of flowers. While Uttarakhands Valley of Flowers may be more famous, but Dzükou Valley is a stunningly less crowded alternative to it.

শ্বাসৰুদ্ধকাৰী ঝুক' ভেলী হৈছে মানৱ জাতিলৈ প্ৰকৃতিৰ অনন্যসুন্দৰ উপহাৰ৷ ইয়াক পৰিষ্কাৰ কৰি ৰখাৰ লগতে ঝুক' লিলিৰ সংৰক্ষণ এই সময়ত অতি দৰকাৰী প্ৰসংগ৷




শেহতীয়াভাৱে, ৫ জুনৰ বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি ইম্ফলৰ মিনুথঙত অৱস্থিত Manipur Mountaineering and Trekking Association (MMTA) আৰু নাগালেণ্ডৰ কিগ্‌ৱেমাত অৱস্থিত Nagaland Association for Adventure Mountaineering and Education (NAAME)ৰ নামৰ সংগঠন দুটাই যৌথ উদ্যোগক্ৰমে Mission Clean Dzükou কাৰ্যসূচী হাতত লৈছিল৷ 'Connecting People with Nature'ক মূলমন্ত্ৰ হিচাপে লৈ উভয় ৰাজ্যৰ ৬৪জন ট্ৰেকাৰ্ছে মাহজোৰাকৈ ভাগ লোৱা কাৰ্যসূচীৰ মূল কাম আছিল ঝুক' ভেলী পৰিষ্কাৰ কৰা আৰু ঝুক' লিলিৰ যত্ন লোৱা৷
২৫. বনজুই ... ঝুক ভেলীৰ বিভীষিকা

ৱাটাৰ পইণ্টেৰে উঠি ঝুক উপত্যকালৈ খোজ দি থাকোঁতে মুকলি ট্ৰেকটোৰ কাষত দেখা কলা ৰঙৰ গছ-গছনি কিছুমানক লৈ উৎসুকতাৰ অন্ত নাছিল৷ অলপ সময়ৰ আগলৈকে সোমাই আছিলোঁ বৰ্ষাৰণ্যত৷ ঘপকৈ বেলেগ এটা পৰিৱেশ৷ বনজুইৰ ফলত তেনেকুৱা অৱস্থা হোৱা বুলি জনাৰ পাছত স্বাভাৱিকতে মনলৈ অহা প্ৰশ্নটো আছিল, ঠাণ্ডা জেগাত বনজুই কিহৰ! বিশ্বাস কৰিবলৈকে টান৷ সি যি কি নহওক, সন্মুখত যি দেখিছিলোঁ সেয়া আছিল সত্য৷ এতিয়া এইখিনিত উপস্থিত হৈ সেই সত্যৰ স্বৰূপ ভালদৰে উপলব্ধি কৰিব পাৰিছোঁ৷ এই সংক্ৰান্তত অতীতৰ বুৰঞ্জী নিমাত যদিও বিগত কেইটামান বছৰৰ দিনপঞ্জীয়ে আমাক কিছু কথা জানিবলৈ দিয়ে৷ ঘটনাৰ কাৰক বনজুই৷ সৌন্দৰ্যময় ঝুক' ভেলীৰ বাবে বছৰি এক বিভীষিকাস্বৰূপ হৈ পৰিছে এই বনজুয়েই হয়৷ বিশেষভাৱে, ২০০৬ চনৰ পৰা অঞ্চলটোলৈ আগমন ঘটা পৰ্যটকৰ সংখ্যা বাঢ়ি অহাৰ লগে লগে বনাগ্নিও বাৰ্ষিক ৰূপত সংঘটিত হ'ব ধৰিছে হেনো!

২০০৬ চনত মণিপুৰৰ সেনাপতি জিলাৰ Mount Tempüত বনজুইৰ সূত্ৰপাত হৈছিল৷ Mount Tempüৰ পৰা ঝুক' উপত্যকালৈ দূৰত্ব ৫ কিল'মিটাৰৰ কম নহ'ব৷ সপ্তাহজুৰি লাগি থকা জুইকুৰাই পৰ্বতটোৰ সমস্ত গছ-গছনি পুৰি ছাই কৰি পেলাইছিল৷ ভাগ্যক্ৰমে যেনিবা সেইবাৰ জুইৰ শিখা ঝুক' ভেলী নাপালেহি৷ ২০০৬, ২০০৭ আৰু ২০০৮ত ৭০ বৰ্গ কিল'মিটাৰ এলেকাৰ উদ্ভিদ বনাগ্নিয়ে দাহ কৰে৷

২০০৯ চনৰ ১৬ ফেব্ৰুৱাৰীত Mount Tempüত পুনৰ বনজুই দেখা যায়৷ প্ৰায় ৬০ হেক্টৰ ভূমিত থকা গছ-গছনি সেইবাৰ ছাৰখাৰ হৈ গৈছিল৷ Kezol forestত আৰম্ভ হোৱা জুই বতাহৰ কোবত বিয়পি পৰিছিল আমি উপস্থিত হোৱা এই ঠাইটুকুৰা পৰ্যন্ত৷ আমাৰ কাষৰে-পাজৰে এতিয়া দেখি থকা সৌ ক'লা মৰা সৰু-বৰ গছবোৰ তাৰেই ধ্বংসাৱশেষ৷ অঞ্চলটোৰ জৈৱ-বৈচিত্ৰ্যৰ বিস্তৰ ক্ষতি সাধন কৰিছিল সেইবাৰৰ অগ্নিয়ে৷

তাৰ পাছত ২০১০ চন৷ সেইটো বৰ্ষৰ জানুৱাৰী মাহত ৬ দিন ধৰি বনজুই বিয়পিছিল৷ ১৫ বৰ্গ কিলমিটাৰ জুৰি গছ-বিৰিখ ভষ্ম হৈ গৈছিল৷ কোনোবা দৰ্শনাৰ্থীয়ে পেলনীয়া বস্তু জ্বলাইছিল আৰু তাৰ পৰাই জুই বিয়পি পৰে বুলি খবৰ ওলাইছিল৷ ট্ৰেগোপান, বনৌষধি আৰু সুগন্ধিকে ধৰি বিৰল প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী অগ্নিত ধ্বংসপ্ৰাপ্ত হৈছিল সেইবাৰ৷ গাঁওবাসীয়ে অশেষ কষ্টেৰে নিৰ্বাপিত কৰিবলৈ সক্ষম হৈছিল৷ কেইবাখনো গাঁৱৰ পৰা উঠি অহা প্ৰায় ৮০জন স্বেচ্ছাসেৱকে কোনো বিশেষ অত্যাধুনিক আহিলা-পাতি নোহোৱাকৈয়ে বন বিভাগ, আৰক্ষী, গৃহৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী আদিৰ সহায়ত বুদ্ধি খটুৱাই জুই কমাবলৈ সমৰ্থ হৈছিল৷ ঘটনাস্থলীৰ পৰা বতাহত উৰি অহা কুকুহা ৪ দিন ধৰি পৰি আছিল কহিমা চহৰৰ ওপৰত৷

২০১৪ৰ জানুৱাৰীৰ শেষভাগত নাগালেণ্ডৰ দ্বিতীয়টো উচ্চ শৃংগ Mt. Japfüত বনজুই জ্বলে৷ সেইবাৰো এচাম কাণ্ডজ্ঞানহীন ট্ৰেকাৰ্ছৰ পৰাই নগা পাহাৰৰ বনাঞ্চল ছাৰখাৰ হৈছিল বুলি তদন্তত প্ৰকাশ পাইছিল৷ জুইৰ কবলত পৰি জৈৱ-বিচিত্ৰতাৰে পূৰ্ণ পৰ্বতটোৰ বৃহৎ এলেকা উকা হৈ পৰিছিল৷ প্ৰায় ৮ দিন ধৰি জ্বলি থকা বনজুই নুমুৱাবলৈ প্ৰয়োজন হৈছিল ৫০০ স্বেচ্ছাসেৱক, অগ্নিকৰ্মীৰ লগতে দুখনকৈ হেলিকপ্টাৰ৷ ভাৰতীয় বায়ুসেনাই firefighting equipmentৰে সজ্জিত MI 17 V5 helicopter নিয়োগ কৰিছিল৷ ডিমাপুৰৰ পদুমপুখুৰীৰ পৰা একোবাৰত কঢ়িয়াই অনা ২.৫০ টন পানী ৩ কিলমিটাৰ ওপৰৰ পৰা ঘণ্টাত ৪৫ কিলমিটাৰ বেগত ঢালিহে কথমপি জুই নুমুওৱা হৈছিল৷

২০১৫ চনৰ মাৰ্চ মাহৰ মাজভাগত ঝুকৰ দক্ষিণাঞ্চলত লগা বনজুই ভিশ্বেমা গাঁৱৰ সীমা পৰ্যন্ত আহি পাইছিল৷ প্ৰায় ৮ বৰ্গ কিলমিটাৰ এলেকা জাহ গৈছিল সেইবাৰৰ জুইত৷ দায়িত্বজ্ঞান নথকা কোনোবা ট্ৰেকাৰ্ছে অমনোযোগিতাৰে এৰি থৈ যোৱা জুইৰ অঙঠাৰ পৰা সেইবাৰৰ খাণ্ডৱ দাহ সংঘটিত হোৱা বুলি অনুসন্ধানত ওলাইছিল৷ ৰডোডেন্দ্ৰনৰ কেইবাটাও প্ৰজাতিকে ধৰি বাঁহ আৰু অন্যান্য গছ-গছনি ভষ্ম হৈ গৈছিল৷ পৰ্বতত জুই দেখি ভিশ্বেমা, ঝাখামা, কিগ্‌ৱেমা, খুঝামা, ফিছামা আদি চুবুৰীয়া গাঁওসমূহৰ পৰা প্ৰায় ৮০জন স্বেচ্ছাসেৱক উপত্যকাটোলৈ উঠি আহে৷ পৰিস্থিতি অধ্যয়নৰ অৰ্থে ইউ.বি. পুলিচ আৰু বন বিভাগৰ লোকৰ সৈতে ১৪১ আৰ.বি.ৰ এটা প্লাটুনো যায়৷ State Disaster Management Authority (NSDMA)এ পাছত জনোৱা মতে, মানৱ শক্তি বঢ়াবলৈ ইষ্টাৰ্ণ এয়াৰ কামাণ্ডে IAF chopper নিয়োগ কৰিছিল যদিও কাৰিকৰী কাৰণত সাময়িকভাৱে বন্ধ কৰি দিয়া হয়৷ পিছদিনা ঝাখামা আৰু খুঝামাৰ ফালৰ পৰা ২০০জন লোক উঠিছিল, জুই নুমুৱাবৰ উদ্দেশ্যে৷

পৰ্বতত লগা বনজুই চুবুৰীয়া গাঁওবাসীৰ কাৰণে এক মূৰৰ কামোৰণি হৈ দেখা দি আহিছে৷ তেওঁলোকৰ সহযোগিতা অবিহনে বনাগ্নি নিয়ন্ত্ৰণ কৰাটোও অসম্ভৱ৷ নাগালেণ্ডৰ সমান্তৰাল চৰকাৰৰ তৰফৰ পৰা এই ক্ষতিক জাতীয় ক্ষতি বুলি অভিহিত কৰা হৈছে৷ এয়া দুৰ্ঘটনাজনিত নহয়, ইচ্ছাকৃত বুলি কোৱাৰ লগতে দোষীক কৰায়ত্ত কৰাৰ পক্ষে চুবুৰীয়া গাঁওবাসীক পদক্ষেপ ল'বলৈ আহ্বান জনোৱা হৈছে৷ আনহাতে গৱেষকৰ ভাষাত, The main cause of the fires is the thick growth of native dwarf bamboo in the valley and open spaces in the hills that gets burnt easily during the dry season. বনজুইৰ ফলত দেখা দিয়া আটাইতকৈ চিন্তনীয় দিশটো হৈছে অগ্নিয়ে গছ-গছনিবোৰ দহন কৰাৰ ফলত পুনৰ উদ্ভিদ গজি নুঠা পৰ্যন্ত উপত্যকাটোত প্ৰাকৃতিকভাৱে বৈ থকা পানীৰ পৰিমাণ হ্ৰাস পায়৷ ইয়ে অঞ্চলটোৰ জৈৱ-বৈচিত্ৰ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱা বুলি গৱেষণাই নিশ্চিত কৰিছে৷ দ্বিতীয়তে ঝুক' ভেলীত ফুলা বনৰীয়া ফুল, লেণ্ড অৰ্কিডসমূহৰ গুটি, আলু আদিৰ সহজে দহন ঘটাত সেইবোৰৰ সংখ্যা তাকৰ হৈ আহিছে৷

জিলা প্ৰশাসন, আৰক্ষী, বেতাঁৰ, গৃহৰক্ষী, চিকিৎসা, বন, দুৰ্যোগ প্ৰশমন, Southern Angami Public Organization (SAPO), Southern Angami Youth Organization (SAYO), স্থানীয় লোক সকলোৱে সন্মিলিতভাৱে বনজুইৰ বিৰুদ্ধে সংগ্ৰাম চলাব লগা হৈছে৷ সঘনাই দেখা দিয়া বনাগ্নি ভৱিষ্যতৰ দিনবোৰত নহ'বৰ অৰ্থে মানুহৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰয়োজন আছে৷ বনজুইৰ নিয়ন্ত্ৰণৰ নামত চৰকাৰৰ ৰাজভঁৰালৰ লক্ষ লক্ষ টকা বছৰি এনেকৈয়ে ব্যয় হৈ আহিছে৷

ৰে'ষ্ট হাউচৰ পৰা আমি অথনি প্ৰথমেই দেখা হেলিপেডটো নাগালেণ্ড-মণিপুৰৰ সীমা সমস্যাজনিত পৰ্যবেক্ষণ কাৰ্যৰ বাদে বনজুই নিয়ন্ত্ৰণৰ কাৰণতে ব্যৱহৃত হয় চাগৈ৷ সুপৰিকল্পিত ইক'-টুৰিজিম এই সমস্যাবোৰৰ এটা সমাধান-সূত্ৰ হ'ব পাৰে৷ তালৈকে চাই ইয়ালৈ অহা প্ৰতিগৰাকী দৰ্শনাৰ্থী, ট্ৰেকাৰ্ছৰ ক্ষেত্ৰতে ট্ৰেকিং পইণ্টতে কিছুমান কঠোৰ নীতি-নিয়ম বান্ধি দি্য়াটো সময়ৰ আহ্বান হৈ পৰিছে৷ সেইটো বাটেৰে আমি উঠি অহাৰ পাছত এই পৰ্যন্ত ইয়াত তেনেকুৱা একো ব্যৱস্থা বলৱৎ হোৱা পৰিলক্ষিত হোৱা নাই৷