Sunday, 1 March 2015

ফাগুনলৈ মোৰ খং উঠে...
(গল্প নহয়, সত্য)



নিশাৰ সৰাপাতেৰে লেতেৰা হৈ থকা আগফালখনকে ধৰি চৌহদটো আজিও পুৱাতে সাৰি চাফা কৰি ৰাখিছিলোঁ৷ ভাল লাগিছিল মনটো৷ পিছে কি হ’ব? তিনি ঘণ্টাও নগ’ল৷ ফাগুনৰ উপদ্ৰৱ আৰম্ভ হ’ল৷ মতলীয়া বতাহজাকে গোটেইখন আৱৰ্জনাময় আৰু বিশৃংখল কৰি পেলালে৷ সংসাৰৰ শুকান পাত, গছৰ ডাল, চিপচ-কুৰকুৰি চেণ্টাৰ ফ্ৰেছ-শিখৰৰ পেকেট ইত্যাদি ইত্যাদিৰে ভৰি পৰিল আগফাল-পিছফাল৷ দেখি খং উঠি গ’ল মনে মনে৷ কাৰণ, সৰাকে এতিয়া সাৰিব লাগিল আকৌ এবাৰ! এই আপদীয়া ফাগুনটো, কিয় আহে জানো কাম বঢ়াবলৈ? বৰ খং উঠে৷

পুৱাৰ বাহিৰ-ভিতৰ পৰিষ্কৰণৰ কামখিনি সময় মিলাই কৰি অঁতাই আৰামত গাটো ধুইছিলোঁ৷ কাপোৰকেইটাও একেহাতে ধুই বাহিৰৰ তাঁৰডালত আওডালি দিছিলোঁ৷ অলপ পিছত দেখো, ফাগুনী বতাহজাকৰ অত্যাচাৰ আৰম্ভ৷ ইটো পেলাইছে, সিটো উৰুৱাইছে! এইফালৰ কাপোৰ নি সিফালৰ প্ৰতিবেশীৰ ঘৰ পোৱালেগৈ৷ ধক্‌ধকীয়া গেঞ্জীটোৱে চোতালখনত পাকঘূৰণি খাই তেনেই মটীয়া বৰণ ল’লে৷ ফলত আকৌ ধুব লাগিল তৎমুহূৰ্ততে৷ এনেকুৱাতে খং উঠি যায় বলিয়া ফাগুনটোলৈ৷ সকলোৱে শুনাকৈ এজাউৰি বলকি দিবৰ মন যায় (অবাইচ মাত মাতি)৷

খিলি-চিটকানি নলগোৱাকৈ ৰখা দৰজা-খিৰিকীকেইখনেও ফাগুনৰ প্ৰতাপত নিজেই নিজৰ কোব খাই খাই ত্ৰাসি মধুসুধন সুঁৱৰিব লাগিল৷ বাট খোলা পাই বাহিৰৰ পৰা নিৰ্বিঘ্নে সোমাই আহিল এগালমান জাবৰ-জোঁথৰ৷ লগতে ধূলি-বালি এসোপামান৷ য’তে হাত দিওঁ, কেৱল খিচ্‌খিচীয়া৷ উঃ! কাম বাঢ়িল৷ টেবুল-চকীবোৰ আকৌ এবাৰ মচক৷ চোতালৰ উপৰি কোঠাও চাফা কৰক এমূৰৰ পৰা আৰম্ভ কৰি৷ এনেকুৱাত খং নুঠিবনো কাৰ?

বেৰৰ গজালত দুলি থকা কেলেণ্ডাৰকেইখনো ফাগুনে আলাসতে পাই পকাই-জকাই তেনেই মুচৰি পেলালে৷ মাউণ্টিং-চাউণ্টিং ভাঙি, কাগজ-চাগজ ফালি সাং৷ অস্থিৰ ফাগুনৰ এয়া কি ধৰণৰ দৌৰাত্ম্য? কেনে অনধিকাৰ হস্তক্ষেপ? সমূলি সহ্য নহয়৷ খংটো টিঙিচকৈ উঠে৷

প্ৰকৃতিৰ যমদূত এই ফাগুন৷ নহয়নো কি? শীতৰ শুষ্কতাই শুকুৱাই আধামৰা কৰি থৈ যোৱা গছ-বিৰিখলৈ যমদূতৰূপী ফাগুনে উপস্থিত হৈয়ে জাৰি কৰে মৃত্যুৰ পৰোৱানা৷ দুৰ্বলীৰ ওপৰত বীৰত্ব দেখুৱাই বস্ত্ৰহৰণ চলায়৷ সবাকে লঠঙা কৰি শূন্যৰ পৰা মাটিলৈ নমায় এখিলা এখিলাকৈ, এডাল এডালকৈ৷ কোনোবা দুদিনৰ আগ, কোনোবা যেনিবা দুদিনৰ পাছ৷ মৃত্যু পিছে অৱধাৰিত৷ পাহি মেলিব ধৰা ফুল, আনকি কণ কণ কলিবোৰকো অকালতে দি দিয়ে ডে’থ চাৰ্টিফিকেট৷

ফাগুনৰ সৈতে যুদ্ধখন মোৰো আৰম্ভ হৈ যায়৷ যুদ্ধাস্ত্ৰ বাঢ়নী-শোতা, জাবৰ পেলোৱা টিং-টুকুৰি সহিতে এহাতে কেৰাচিন তেলৰ বটলটো আৰু জুইশলাৰ বাকচটো পকেটত সুমুৱাই লৈ কাষ্ঠ-সংস্কাৰত উঠি-পৰি লাগি যাওঁ৷ চিতাৰ পিছত চিতা জ্বলাওঁ, ইফালে-সিফালে৷ গুজৰি-গুমৰি ধুঁৱলী-কুঁৱলী কৰি পেলাওঁ চৌপাশ৷ ধোঁৱাৰ মাজেৰেই পঞ্চভূতত বিলীন হৈ যায় সিহঁতৰ নিথৰ দেহা, যিবোৰৰ উপস্থিতি ফাগুনে মুঠেই নিবিচাৰে৷ সেয়ে নিমিষতে পুৰি ছাই কৰি দিওঁ সকলোবোৰ৷

ফাগুনৰ অত্যাচাৰ যিমানলৈ থাকিব, খংমনে মোৰো এই সৎকাৰ পৰ্ব চলি থাকিব৷ পৰিষ্কাৰ-পৰিচ্ছন্নতাই ঈশ্বৰপৰায়ণতা বুলি ময়ো জানো৷

No comments:

Post a Comment