হ’ল বুলিয়েই...
বিশেষকৈ এশ্ৰেণী লেখক, সম্পাদক, সাংবাদিক পাওঁ,
কিবা এটা দৰকাৰ হ’লেই ঘপহকৈ হাতত লৈ থকা ম’বাইলটো টিপি দিয়ে৷ এই ধৰক লিখাত
কিবা এটা তথ্য লগা হ’ল, বা ক’ৰবাত লেক্চাৰ মাৰি আছে, নতুবা
কিবা দৰকাৰত অমুক কথাটো লগা হ’ল৷ মাৰি দিলে ফোন৷ তাৰিখ এটাই জানিব লাগে ধৰক৷ ভাবি চাবলৈ নাই আৰু৷
লগে লগে ডায়েল কৰিলেই নহয় ফোন নম্বৰ৷ বহু সময়ত দেখা যায়, তথ্য পিছে নিজৰ ঘৰতে, নিজৰ
লগতে থাকে৷ অথচ... কাৰবাৰবোৰ তেনেকুৱা!
পে’পাৰ-মেগাজিন, কিতাপ-কাগজ গোটোৱাত সিদ্ধহস্ত৷ কিন্তু তেনেই
বেচিজিল৷ তথ্য এটা ক’ত থাকিব পাৰে তাৰ ধাৰণা কম৷ এনে
একাংশ লোকে ফোনটো হাতত থাকিল বুলিয়ে আনক সেয়া বিচৰাই অনাহক দুৰ্ভোগ ভোগায়৷ বেয়া পাব
বুলিয়েই তেনে ফৰমাইচ পূৰাবলৈ যত্ন কৰা হয়৷ পিছে এই এটা অশান্তি৷ তদুপৰি নিজে কৰি থকা
কামটো আৰু তাৰ পিছত ক্রিয়া থকা চিন্তাখিনিয়ে দিশ সলাই কোনোবা ধুবুৰী ওলায়গৈ৷ একান্তমনে
সোমাই থকা পৰিৱেশটোও মুহূৰ্ততে সংগতি হেৰুৱাই নষ্ট হৈ যায়৷ জাঁজ মাৰি আকৌ ঘূৰি মনোনিৱেশ
কৰেহি মানে কামৰ আও-ভাও নোপোৱা হয়, আঁত হেৰায়৷ সিজনে কিন্তু সেইবোৰ অকণো নুবুজে৷ অৰ্ডাৰ
মাৰে, খোচামতি কৰে, লাগে তৎমুহূৰ্ততে৷
আনে পাইছেনে নাই নাজানো, এনেকুৱা মানুহ মই জীৱনত
অনেক পাই আহিছোঁ৷ বস্তুবোৰ নিজেও ভালকৈ নথয় বা সংৰক্ষণ নকৰে, থাকিলেও ক’ত থ’লে খবৰ নাই৷ নিজক লগাটো নিজে
বিচাৰি উলিওৱাৰ ক্ষেত্ৰতো হাজাৰটা বাহানা৷ কষ্ট কৰাৰ মানসিকতা শূন্য৷ ৰে’ডী মে’ড লাগে৷ তাৰ বাবে আনক যিকোনো
মুহূৰ্ততে ফোনৰ উপৰি ফোন কৰাত একদমেই তৎপৰ৷
তেনেকৈয়ে আনৰ মূৰত কঁঠাল ভাঙি চলি আহিছে জেগাত বহি বহিয়ে সকলো সমাধা হোৱাব বিচৰা এচাম৷
ম’বাইল ফোনটো নথকা হ’লেযে কি হ’লহেঁতেন এইসকলৰ! মাজে মাজে তাকে ভাবোঁ৷ বহু সময়ত নিজৰ
ফোনটোকে গালি পাৰোঁ৷ তেনে বিড়ম্বনাৰ পৰা মুক্তি পাবলৈ চুইচ অফ্ কৰি থৈ দিওঁ৷ বেয়া
পালেও উপায় নাই৷
No comments:
Post a Comment