Thursday, 19 March 2015

বুকুত কঢ়িয়াই ফুৰিছোঁ তেওঁৰ ছবি


বৈচিত্ৰ্যময় অসমীয়া সাহিত্যৰ নিজকে এজন সাধাৰণ সেৱক বুলি গণ্য কৰা সৰলচিতীয়া, প্ৰচাৰবিমুখ ৰংবং তেৰাং নামৰ ব্যক্তিগৰাকীৰ নিকট-সান্নিধ্য কেতিয়াৰে পৰা পাইছোঁ বুলি সুধিলে মোৰ কৰ্মস্থল প্ৰিণ্টৱেলৰ কথাই উল্লেখ কৰিব লাগিব৷ সেয়ে হলেও, নামে-মানুহে তেখেতক বহুত আগৰে পৰাই জানিছিলোঁ, দেখিছিলোঁ৷ ১৯৭৪চনতে মিকিৰ পাহাৰ জিলা পৰিষদৰ অৰ্থ সাহায্যত ৰংবং তেৰাং প্ৰণীত ৫.০০টকা মূল্যৰ কাৰবি লামতাছামখন প্ৰথম ওলাওঁতেই আমাৰ দেউতাই কিনি থৈছিল৷ মই তেতিয়া প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ৷ মাজে-সময়ে অভিধানখনৰ পাতত কাৰবি শব্দৰ অৰ্থ বিচাৰিছিলোঁ৷ আনহাতে, চন্দ্ৰ তেৰাং নামৰ তেখেতৰ ভায়েক এজন মোৰ হাইস্কুলীয়া সহপাঠী আছিল৷ তদুপৰি, অসমৰ জাতীয় জীৱনৰ সময় সাধনৰ উচ্চ আদৰ্শ প্ৰতিফলন কৰা শ্ৰেষ্ঠ মৌলিক গ্ৰন্থ ৰংমিলিৰ হাঁহিৰ বাবে ৰংবং তেৰাঙে ১৯৮২চনত অসম সাহিত্য সভাৰ কলাগুৰু বিষুপ্ৰসাদ ৰাভা বঁটা, ১৯৮৩চনত অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰা বুলি গম পাইছিলোঁ৷

১৯৮২-৮৪ বৰ্ষত ডিফু চৰকাৰী মহাবিদ্যালয়ত প্ৰাক্‌-বিশ্ববিদ্যালয় (বিজ্ঞান) পৰ্যায়ৰ ছাত্ৰ হৈ থাকোঁতে ৰংবং তেৰাং মোৰ শিক্ষাগুৰু আছিল৷ তেখেতে অসমীয়া (এম.আই.এল.) পঢ়ুৱাইছিল৷ সুন্দৰ-সাৱলীল পাঠদানৰ মাজেৰে এইগৰাকী শিক্ষকে আমাক শ্ৰেণীকক্ষত মন্ত্ৰমুগ্ধ কৰি ৰাখিবলৈ সক্ষম হৈছিল৷ ছাৰৰ ভাষণবোৰেও আমাক আকৰ্ষণ কৰিছিল৷ সাজ-পোছাকত পৰিপাটি আৰু সহজ-সৰল স্বভাৱৰ তেৰাং ছাৰ অসমীয়া বিভাগটোৰেই নহয়, কলেজখনৰে গৌৰৱৰ হেতু আছিল৷

ডিফু কলেজত তিনি বছৰীয়া স্নাতক পাঠ্যক্রম (বিজ্ঞান)ৰ এটা বছৰ পঢ়াৰ পিছত ক্রমে যোৰহাট আৰু অৰুণাচল প্ৰদেশত অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰি ঘৰৰ লৰা ঘৰলৈ উভতি আহোঁ৷ মাজৰ এই সময়ছোৱাত বজাৰে-সমাৰে, সভাই-সমিতিয়ে তেৰাং ছাৰক পোৱা মনত পৰে৷ আনহাতে ১৯৯৯-২০০০চনত ডিফু সাহিত্য সভাৰ পত্ৰিকা মিৰজাংছিকৰংমিলিৰ হাঁহি : কেইটামান প্ৰকাশিত মূল্যায়ন শীৰ্ষক তিনি পৃষ্ঠাজোৰা প্ৰবন্ধ এটা লিখিছিলোঁ৷

‘কাৰবি সাহিত্য-সংস্কৃতিত এভুমুকি’ নামৰ ১৯৮২চনতে অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত ছাৰৰ সংস্কৃতিধৰ্মী প্ৰবন্ধৰ সংকলনখন এবাৰ কেনেবাকৈ হাতত পৰিছিল৷ সমস্ত কিতাপখনেই তৎক্ষণাৎ ফটোক'পী কৰোৱাই বন্ধাই লৈছিলোঁ৷ সেয়া আছিল ৬.৩.১৯৯৯ তাৰিখৰ কথা৷ কিতাপখনৰ এটা দৰকাৰী প্ৰবন্ধ আছিল ‘কাৰবি কৃষ্টিৰ এখিলা পাত : জাম্বিলী আথন’৷ ইতিপূৰ্বে মই ‘মিৰজাংছিক’ (ত্ৰয়োদশ বৰ্ষ ১৯৯৭-৯৮)ত ‘কাৰবি সংস্কৃতিৰ স্বপ্ৰকাশক প্ৰতীক : জাম্বিলী আথন’ নামে এটা দীঘলীয়া প্ৰবন্ধ লিখিছিলোঁ৷ লেখাটিৰ প্ৰস্তুতি কালত বিভিন্নজনৰ ওচৰ চাপিব লগীয়া হৈছিল৷ ব্যস্ততাৰ মাজতো কেঁচা অৱস্থাতে প্ৰবন্ধটি মনোযোগেৰে চাই দি ছাৰে মোক উপকৃত কৰিছিল৷ ছাৰেযে বহু আগতেই উক্ত বিষয়ত লিখি গৈছে কিতাপখন হাতত পৰাতহে জানিব পাৰিছিলোঁ৷ আনহাতে মোৰ লেখাটি কাৰবি ভাষালৈ অনুবাদ কৰোৱাই ১৯৯৭চনত বিদ্যাছিং ৰংপিৰ সম্পাদনাত কাৰবি লাম্‌মেত আমেই (কাৰবি সাহিত্য সভা)এ প্ৰকাশ কৰা ‘খেই আহাৰ্চি’ গ্ৰন্থত অন্তৰ্ভুক্ত কৰা হৈছিল৷ ‘ৱ’ল’কেতেৰ : কাৰবি সমাজ-বুৰঞ্জীৰ এখিলা পাত’ শীৰ্ষক ছাৰৰ পূৰ্বোক্ত গ্ৰন্থখনিৰে অন্য এটা প্ৰবন্ধয়ো ৱ’ল’কেতেৰৰ বিষয়ে অধ্যয়ন কৰাৰ উপৰি লিখিবলৈ মোক সমল যোগাইছিল৷ তদুপৰি ডিফু গড়কাপ্তানি ক’লনি বহাগী উৎসৱ উদ্যাপন সমিতিয়ে ২০০৪চনত স্মৰণিকা সম্পাদনাৰ ভাৰ প্ৰবল অনিচ্ছাসত্ত্বেও মোৰ গাত পেলোৱাত নতুন আংগিকেৰে বিহু আলোচনী হিচাপে ‘বৰ্হমথুৰি’ক সজাবলৈ মন কৰি ‘অসমীয়া আৰু কাৰবি সংস্কৃতিৰ সমন্বয়’ শীৰ্ষক প্ৰবন্ধটিৰ প্ৰাসংগিকতালৈ চাই উক্ত কিতাপৰ পৰা পুনৰ্মুদ্ৰণৰ বাবে অনুমতি বিচাৰি কথাটো উলিওৱা মাত্ৰকে ছাৰে যোগাত্মক সঁহাৰি দিছিল৷ আনহাতে ছাৰে সম্পাদনা কৰা অসম সাহিত্য সভাৰ ঊনপঞ্চাশতম ডিফু অধিৱেশনৰ স্মৃতিগ্ৰন্থ ‘ৱ’জাৰূ আহিৰ’খনে আজিও এক পথ-প্ৰদৰ্শক তথা সময়ৰ দলিল হিচাপে মান্যতা পাই আছে৷

১৯৯৮চনৰ ছেপ্টেম্বৰ মাহৰ কোনোবা তাৰিখত তেৰাং ছাৰ ডিফু গড়কাপ্তানি ক’লনিস্থিত আমাৰ ঘৰলৈ প্ৰথমবাৰৰ বাবে আহিছিল৷ ছাৰক দেখি আচৰিত হোৱা আমাৰ দেউতাৰ কি কৰোঁ কি নকৰোঁ অৱস্থা হ’ল৷ মোৰ ওচৰলৈ গৈ লাহেকৈ ক’লে… ‘ঐ, তেৰাং ছাৰ আহিছে!’ মই ভিতৰৰ পৰা ওলাই আহি দেখোঁ, দেউতাৰ সৈতে ছাৰ ইতিমধ্যে ড্ৰয়িংৰুমতে বহিছে৷ আগমনৰ উদ্দেশ্য ব্যাখ্যা কৰি ছাৰে জনালে যে মই কম্পিউটাৰ কিনি ছপা কাম আৰম্ভ কৰা বুলি তেখেতে কাৰোবাৰ মুখেদি জানিব পাৰিছে৷ সেয়েহে নিজেই আহিল৷ কিতাপ এখনৰ কাম কৰি দিব লাগে৷ ছাৰ আৰু ছাৰৰ প্ৰয়াত পত্নী কানাম হাঞ্চেপীৰ লেখাৰ সংযোজনেৰে ‘নে লুন নে লামথে : স্মৃতিৰ পাপৰি’ নাম কিতাপখনৰ৷ প্ৰখ্যাত চিত্ৰশিল্পী তথা ভাস্কৰ বীৰেনদা (বীৰেন সিংহ)ৰ কলা নিৰ্দেশনাৰে মোৰ সীমিত জ্ঞানেৰে কিতাপখন উলিয়াওঁতে যথেষ্ট অভিজ্ঞতা পুঞ্জীভূত হৈছিল৷ ‘ডিফুৰ উদীয়মান উদ্যোগী যুৱক মঃ আব্দুছ ছাজিদলৈ প্ৰীতিৰে’ বুলি তেৰাং ছাৰে স্বহস্তাক্ষৰ সম্বলিত ক'পী এটা মোলৈ আগ বঢ়াইছিল ১৫অক্টোবৰ ১৯৯৮তাৰিখত৷ একেদিনাই ডিফুৰ থানা ৰ’ডত অৱস্থিত ছাৰৰ বাসগৃহ ‘হিল্‌ছ ভিউ কটেজ’ত অনুষ্ঠিত আড়ম্বৰপূৰ্ণ পুথি উন্মোচনী সভাখনত উপস্থিত থকাৰো সুযোগ লভিছিলোঁ৷ ইয়াৰ পিছত ২০০২চনৰ মাৰ্চ মাহত ‘দলা আলুন’ নামে কাছাং হাঞ্চেপীৰ সহযোগত লিখা ছাৰৰ আন এখন কিতাপ ছপোৱাৰ সৌভাগ্য হৈছিল৷ কম্‌প্লিমেণ্টেৰী ক’পীটোত নিজৰ হাতৰ আখৰেৰে ছাৰে লিখিছিল… ‘মঃ ছাজিদলৈ পাহাৰৰ মৰমেৰে আৰু লগতে শুভেচ্ছাৰে, ৰংবং তেৰাং, ১৫.৫.০২’ বুলি৷ উত্তাপময় আন্তৰিক অনুৰাগেৰে ৰংবং তেৰাং ছাৰে এনেকৈয়ে মোক সামৰি থৈছে যাৰ পৰা উৎপন্ন হোৱা সুখানুভূতি প্ৰকাশৰ ভাষা প্ৰকৃতাৰ্থত মোৰ বাবে সীমিত৷

‘লাংছ’লিয়েটৰ কাক্ৰুং’ নামে ২০০৭চনৰ ডিচেম্বৰত প্ৰকাশিত তেৰাং ছাৰৰ গল্প সংকলনখনৰ প্ৰথমাৱস্থাত নাম আছিল ‘এবেলাৰ ডায়েৰী’৷ অ'ত-ত'ত সিঁচৰতি হৈ সোমাই থকা কেইবাটাও গল্প উদ্ধাৰ কৰি দিয়াৰো অনুৰোধ আহিল৷ পাণ্ডুলিপিৰ ফাইলটো হাতত লৈ ছাৰ এদিন মোৰ ওচৰ পালেহি৷ ফটোক’পী কৰি দিব লাগে৷ মই সেইখিনি চমজি লৈ পৰিষ্কাৰকৈ কপি কৰাৰ লগতে পৃষ্ঠাৰ খেলিমেলি যাতে নহয় সেয়ে বাইণ্ডিং কৰি ছাৰৰ হাতত তুলি দিলোঁ প্ৰকাশকক চমজাই দিবলৈ৷ প্ৰুফটো নিজে চাবলৈকো অনুৰোধ জনালোঁ৷ কিয়নো, কিতাপখনত তেখেতে কাৰবি ভাষাৰ অনেক শব্দ আৰু বাক্যৰ লগতে কাৰবি আংলঙৰ মানুহ আৰু ঠাইৰ নাম অন্তৰ্ভুক্ত কৰিছে৷ সেয়েহে এইসমূহৰ পৰিচয় নথকা লোকে কৰা টাইপিঙত ভুল-ভ্ৰান্তি ৰোৱাটো অতি স্বাভাৱিক৷ ছাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈছিল৷ পিছত দেখিলোঁ, ‘স্বীকাৰোক্তি’ পৃষ্ঠাত পাণ্ডুলিপি-বাইণ্ডিং আৰু প্ৰয়োজনীয় পৰামৰ্শৰ বাবে শলাগজ্ঞাপক বাক্য এটিৰে গল্পকাৰে মোকো সাঙুৰিছে! অন্য এটা উল্লেখযোগ্য কথা হ’ল, ‘উন্মুক্ত খিৰিকী’ নামৰ উক্ত সংকলনটিৰে গল্পটিত ‘ইতিমধ্যে ডিটিপিৰ কাম আৰম্ভ কৰাইছোঁ, প্ৰিণ্টৱেলত’ বুলি ছাৰে মোৰ ক্ষুদ্ৰকায় মুদ্ৰণ প্ৰতিষ্ঠানটিৰো জীৱন্ত ৰূপ অংকন কৰি থ’লে৷

‘বনলতা’ৰ স্বত্বাধিকাৰী অনন্ত হাজৰিকাদাই পঠিওৱা কিতাপখনৰ ছপা কপিকেইটা পাই তেৰাং ছাৰ উৎফুল্লিত৷ গধূলি মোলৈ ফোন আহিল… ‘লাংছ’লিয়েটৰ কাক্ৰুংজনী ঘৰ সোমালহি নহয়, ছাজিদ... তোমালৈ ক’পী এটা থৈছোঁ৷’ কথামতেই নতুন বছৰৰ শুভেচ্ছাৰে ছাৰে মোৰ হাতত তুলি দিলে গল্প সংকলনখনিৰ এটা ক’পী৷ আশীৰ্বাদ আৰু নিভাঁজ মৰমৰ সাক্ষী ছাৰৰ আখৰকেইটা, কিতাপকেইখন মোৰ ব্যক্তিগত পুথিভঁৰালত সযতনে সাঁচি-সামৰি ৰাখিছোঁ যাতে তেখেতৰ ব্যক্তিত্বৰ সুৰভি স্বপ্ৰতিভাত হৈ ৰয়, চিৰদিন-চিৰকাল৷

ডিফুৰ ক-অপাৰেটিভ বিল্ডিঙৰ গ্ৰাউণ্ড ফ্লৰত থকা মোৰ প্ৰিণ্টৱেল নামৰ কক্ষটো দীৰ্ঘদিন ধৰি বন্ধ হৈ থকাত যিসকল লোকৰ সাহচৰ্য বা উষ্ম সংস্পৰ্শৰ পৰা মই বঞ্চিত হৈছোঁ বুলি মনে মনে ভাব হয়, তাৰ ভিতৰত ৰংবং তেৰাং নামটো স্বাভাৱিকতেই এক নম্বৰতে আহিব৷ কিয়নো সেইফালেদি পাৰ হৈ গলেই ছাৰে ভুমুকি মাৰে, বহে; মনৰ কথা আদান-প্ৰদান কৰে, স্থানীয় প্ৰসংগৰ পৰা হোমিও চিকিৎসা চলি থকা আঁঠুৰ বিষটোলৈকে৷ আবেলি পৰত তেৰাং ছাৰে প্ৰায়ে অকলে খোজ কাঢ়ি ডিফু ৰেল ষ্টেচনৰ ফালে পাক মাৰে৷ গল্পৰ প্লট্‌ চিন্তা কৰে৷ ঘূৰি গৈ প্ৰিণ্টৱেলত সোমায়৷ জনশতাব্দী এক্সপ্ৰেছত গল্পৰ নায়কক বিদায় দিয়াৰ প্ৰসংগ উলিয়ায়৷ কেতিয়াবা আকৌ অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক হাইদৰ হুছেইনে বিশেষ সংখ্যাৰ বাবে লেখা বিচৰা; দৈনিক বাতৰি, দৈনিক জনসাধাৰণৰ পৰা অহা টেলিফোনিক প্ৰেছাৰ; এইমাত্ৰ আৰম্ভ কৰি থৈ অহা নতুন উপন্যাসিকাখনৰ প্ৰথম বাক্যটো হাঁহিমুখীয়া মনেৰেই সদৰি কৰে ছাৰে৷ ইফালে ছাৰক সৰহপৰ জব্দ কৰি ৰখাৰ মতলবেৰে মই চাহৰ প্ৰস্তাৱ আগ বঢ়াওঁ৷ এ.টি.এম. কাৰ্ডৰ প্ৰয়োগ কেনেকৈ কৰিব লাগে, মবাইল ফোনত কিদৰে নম্বৰ সুমুৱাব লাগে, কুৰিয়াৰ ছাৰ্ভিচৰ ঠিকনা, স্পীড পষ্টৰ বিষয়েও ছাৰে খোলাখুলিকৈয়ে সোধে৷ গুৱাহাটীৰ পৰা প্ৰকাশিতব্য বাতৰি কাকত এখনৰ সম্পাদক পাতিবলৈ মালিক পক্ষই তেখেতৰ পিছত লাগি থকাৰ কথাও উলিয়ায়৷ মুঠতে প্ৰিণ্টৱেলত বহিলে ছাৰে যেন কথা পাতি হৃদয় জুৰায়৷ আনহাতে বন্ধ থাকিলে আপত্তি দৰ্শায়৷ ছাৰৰ দৰে লোকৰ প্ৰশান্ত ব্যক্তিত্ব আৰু স্নেহৰ উষ্ণতাত অভিভূত আমি গুণমুগ্ধবোৰে আসন এৰি ছাৰ ওলাই যোৱাৰ পিছত বুজাব নোৱাৰা শূন্যতাত ডুবি মৰোঁ৷

বিভিন্ন স্থানলৈ পঠিওৱা লেখাসমূহ ফটোকপী কৰোৱাবলৈ ছাৰে মই যথাস্থানত আছোঁনে নাই সদায় আগতীয়াকৈ ফোনেৰে উমান লয়৷ আনহাতে কামটো কৰি থাকোঁতেই সুযোগ বুজি সেইবোৰ মই পঢ়ি পেলাওঁ৷ গতিকে এক কথাত শীৰ্ষস্থানীয় এই ঔপন্যাসিকগৰাকীৰ একাংশ ৰচনাৰ প্ৰথম পাঠক কবলৈ গলে ময়েই৷ সেয়া মোৰ বাবে আনন্দ আৰু সৌভাগ্যৰ সমাহাৰ বুলি আনৰ আগত অৱশ্যে গৰ্বও নকৰা নহওঁ৷

তেৰাং ছাৰে কেতিয়াবা অকস্মাতে ফোন কৰে… 
‘ছাজিদ...’
‘ছাৰ...’
‘এই যে ‘ডিফু হ’ল তোমাৰে নাম...’ ভূপেন হাজৰিকাৰ এই গীতটো ক’ত পাম? লাগিছিল নহয়৷ ‘ৰংঘৰ’ৰ পৰা ডক্টৰ হাজৰিকাৰ বিষয়ে লিখিবলৈ কৈ আছে৷
‘ছাৰ আপোনাৰ হাতত ‘ৰাংছিনাৰ সুৰ’খন আছেনে? অসম সাহিত্য সভাৰ ডিফু অধিৱেশনৰ ভাষণ, প্ৰতিবেদন আদিৰ সংকলনখনযে...’
‘নাই নহয় ছাজিদ; কোনোবাই নিলে, ঘূৰাই নিদিলেহে৷’ 
‘হ’ব ছাৰ; মোৰ আছে৷ মই আপোনাক দি আহিমগৈ৷’
‘হ’ব তেতিয়াহ’লে, কেতিয়াকৈ আহিবা?’
‘ছাৰ মই যোৱাৰ আগতে ফোন কৰিম৷ আপুনি বাহিৰতে ৰৈ থাকিব৷’
‘বাহিৰত কিয়?’
‘কুকুৰকেইজনীলৈ ভয় লাগে ছাৰ৷’
‘হ’ব, হ’ব (ছাৰে ফোনতে হাঁহে); মই ৰৈ থাকিম বাৰু...’
এবাৰ সাপে খুঁটিলে লেজুলৈকো ভয় বুলি কথা এষাৰ নথকা নহয়৷ ছাৰৰ ঘৰত পাঁচজনীমান কুকুৰ আছিল৷ এই প্ৰাণীটোৰ প্ৰতি মোৰ ভয় সবাতোকৈ বেছি৷ কুকুৰ থকা মানুহৰ ঘৰত পৰাপক্ষত নাযাওঁ৷ কিন্তু তেৰাং ছাৰৰ কথাটো সুকীয়া৷ গতিকে আগতীয়াকৈ জনাই দিছিলোঁ ছাৰক৷

২০০৫চনৰ শেষাৰ্ধত ছাৰচিমত অচিনাক্ত দুৰ্বৃত্তৰ দ্বাৰা বাছযাত্ৰীৰ হত্যাকাণ্ড সংঘটিত হোৱাৰ কেইঘণ্টামানৰ পিছতে ছাৰে মোলৈ ফোন কৰিলে৷ কথাটো শুনি ময়ো সমানেই হতভম্ব হ’লোঁ...
‘এইবোৰ মিছা নেকি ছাৰ, মিছা হ’লেই ভাল৷’
‘ছাজিদ... ঘটনাটো মিছা নহয়, সঁচা...’
পুলিচ অফিচাৰ পুত্ৰৰ পৰা সঠিকভাৱে জানি লৈ কিছু সময়ৰ পিছত ছাৰে আকৌ এবাৰ ৰিং কৰি খবৰটোযে সত্য তাক দোহাৰিলে৷ কাৰবি আংলঙৰ মাটি আৰু মানুহক বহিৰ্জগতৰ সৈতে পৰিচয় কৰোৱাৰ স্বপ্ন অন্তৰত সদায়ে সজীৱ কৰি ৰখা ৰংবং তেৰাং উক্ত ঘটনাত কিমান মৰ্মাহত হৈছিল থোকাথুকি হৈ পৰা তেখেতৰ কণ্ঠস্বৰৰ পৰাই মই অনুমান কৰিব পাৰিছিলোঁ৷ তেনে ধৰণৰ অপুদ্ঘাত কাণ্ডত বৰ আঘাত পাইছিল ছাৰে৷

বিহপুৰীয়াৰ সমাজসেৱী সংগঠন ‘সদিচ্ছা’ই প্ৰদান কৰা ২০০৮চনৰ মাধৱদেৱ বঁটাপ্ৰাপক হিচাপে ৰংবং তেৰাং নিৰ্বাচিত হৈছে৷ বিহপুৰীয়াতে বঁটা প্ৰদান কৰা হ’ব যদিও দিনটো নিৰ্দিষ্ট হোৱা নাই৷ এদিন পুৱাই ছাৰ আমাৰ ঘৰত উপস্থিত৷ ক’লে… ‘বঁটা ল’বলৈ যাওঁতে ভাষণ অকণমান নিশ্চয় দিব লাগিব৷ কিবা এটা লিখি লৈ আহিছোঁ৷ ঠিক-ঠাক কৰি কম্পিউটাৰত টাইপ কৰি দিব লাগে৷ ক’পীকেইটামানো লাগিব৷’ 
মনে মনে ভাবিলোঁ, ছাৰৰ লেখা ঠিক-ঠাক কৰিবলৈ মই কোন? সোনকালেই কামটো সমাধা কৰি তেখেতৰ ঘৰত দিলোঁগৈ৷ অৱশ্যে পিছত খাটাংকৈ দিন আৰু স্থান ঘোষণা কৰাত কথাংশৰ কিছু সালসলনি কৰিব লগা হ’ল৷ ছাৰে পিছত ফোন কৰিলে… 
‘ছাজিদ...’
‘ছাৰ…’
‘বানান এটা ভুল হ’ল নহয়৷’
বুকুখন চিৰিংকৈ উঠিল৷ 
‘ কি ছাৰ?’
‘কদৈশিৰীয়া...’
দাঁতে লগে লগে জিভা কামুৰি ধৰিলে৷
‘ছাৰ, শুদ্ধ কৰি উলিয়াই দিওঁ৷’
‘নালাগে হ’ব, মই কলমেৰেই ঠিক কৰি পেলালোঁ...’
তেৰাং ছাৰৰ এনেকুৱা অনেক কাম কৰাৰ সৌভাগ্য মই লভিছোঁ৷ 'প্ৰকাশ'ৰ সম্পাদক হৈ থকা কালত 'দৃষ্টিকোণ' টাইপ কৰা আৰু মেইল কৰাটো মোৰ এটা নিয়মীয়া কামেই হৈ পৰিছিল৷ অসম সাহিত্য সভাৰ সভাপতি হৈ থকাৰ কালছোৱাতো ধেমাজিত পঢ়া সভাপতিৰ অভিভাষণৰ পৰা আৰম্ভ কৰি এইবাৰ কলিয়াবৰৰ উদ্বোধনী ভাষণলৈকে হাত আগ বঢ়াবলৈ পাইছোঁ৷ কোনে কি ভাবে নাজানো, এইবোৰ লৈ মাজে মাজে আনৰ আগত খোলা মনেৰে ফুটনিও(!) মাৰোঁ৷

৬মে’ ২০০৮ তাৰিখে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শংকৰদেৱ কলাক্ষেত্ৰত অসমৰ মুখ্য মন্ত্ৰী তৰুণ গগৈৰ হাতৰ পৰা তেৰাং ছাৰে বঁটা গ্ৰহণ কৰিলে৷ যাম বুলি আশা এটা পুহিছিলোঁ যদিও সেয়া বাস্তৱ হৈ নুঠিল৷ ঘটনাক্রমে পিছদিনা জৰুৰীভাৱে গুৱাহাটীলৈ যাবলগীয়া হ’ল৷ ডাউনটাউন হস্পিতালৰ ওচৰত নিৰ্মাণ কৰা বৃহৎ তোৰণ এখনত বৰ বৰ হৰফেৰে লিখা ছাৰৰ নামটো হঠাৎ দেখা পাই গ’লোঁ৷ সেই মুহূৰ্তত মোৰ অন্তৰ্ভাগত এনেকুৱা এক গৌৰৱৰ হেন্দোলনি উঠিছিল যিটো শব্দৰে বুজাবলৈ মই তেনেই অপাৰগ৷ শ্ৰদ্ধা আৰু মৰম স্বাৰ্থৰহিত আৰু নিৰ্ভেজাল হ’লেহে তেনে ভাবৰ উদ্‌গীৰণ সম্ভৱ৷ 

বিষ্ণুপ্ৰসাদ ৰাভাদেউক অসমে যেনেকৈ বুকুত থাপিছিল ৰংবং তেৰাং ছাৰেও মোৰ মানসপটত অনুৰূপ আসন এখনেই অধিকাৰ কৰি আছে যেন অনুভৱ হয়৷

(মূল গ্ৰন্থ… 'সমন্বয়ৰ ৰূপকাৰ' ৰংবং তেৰাং অভিনন্দন গ্ৰন্থ, সম্পাদনা পৱিত্ৰ বৰা আৰু খনীন্দ্ৰ কুমাৰ ডেকা, ডিহুন, গুৱাহাটী, ৮ফেব্ৰুৱাৰী ২০০৯, পৃষ্ঠা ১৭৮-১৮২৷ কিছু সংশোধন আৰু সংযোজন কৰা হৈছে৷)

No comments:

Post a Comment