Sunday, 15 March 2015

কিবিথো : যত শেষ হৈছে পূবৰ পথটো

চাৰি. ডং : ৰাঙলী সূৰুযে যত পোনতে ভুমুকিয়াই



টিলাম : ৱালঙৰ পৰা ৪কিলমিটাৰ আঁতৰত এই ঠাইখন৷ এই ঠাই গৰম পানীৰ উহৰ বাবে জনাজাত৷ লোহিত আৰু দিচু নৈৰ মিলনস্থলত আছে তেনে এটি উষ্ম প্ৰৱাহ৷ ঔষধি গুণসম্পন্ন এনে উষ্ণ প্ৰৱাহৰ ধাৰ এটাৰ দাঁতিতে চাৰ্কিট হাউচ এটা সজা হৈছে৷

নামটি ভেলী : সাধাৰণতে নামটি ময়দান নামে জনাজাত এই ঠাই ৱালঙৰ পৰা ৭কিলমিটাৰ দূৰত্বত, ৱাৰ মেমৰিয়েলৰ পৰা আগলৈ, কিবিথোলৈ যোৱাৰ পথত অৱস্থিত৷ প্ৰাচীনকায় পাইন গছেৰে ভৰা ই এটা উপত্যকা৷ ১৯৬২ত চীনা যুদ্ধৰ ফলত ৰক্তাক্ত হৈছিল নামটিৰ পাৰ্বত্য অঞ্চল৷ যুদ্ধত অৱতীৰ্ণ হোৱা ভাৰতীয় সৈনিকৰ সাহসৰ আজিও নীৰৱ সাক্ষী হৈ ৰৈছে এই উপত্যকা৷ এখন বিশেষ স্থান হিচাপে খোদিত হৈ ৰৈছে ভাৰতীয় সেনাৰ যুদ্ধ-বিগ্ৰহৰ ইতিহাসত৷ সেয়ে এই উপত্যকা বিশেষ পৰ্যটন থলী হিচাপে পৰিগণিত৷ ইয়াৰ জলবায়ু শীতল আৰু স্বাস্থ্যকৰ৷

কাহ : নামটি ভেলীৰ পৰা আগলৈ৷ কাহ হৈছে সুউচ্চ পৰ্বত শৃংগৰ মাজৰ উপত্যকাত চীন সীমান্তত অৱস্থিত এখন সৰু গাঁও৷ এয়াই ভাৰতৰ পূব সীমান্তৰ শেষ বসতি৷ Line of Actual Control ইয়াৰ পৰা তেনেই ওচৰত৷ এখন গ্ৰাম্য বিদ্যালয় লোহিত গুডউইল স্কুল, বৌদ্ধধৰ্মীসকলৰ এটা মনেচটাৰী, সৰু চাহ দোকান, পি.চি.অ. আদিৰে ই এখন নীৰৱ ঠাই যত কুমাৰী প্ৰকৃতিয়ে অনুপম দৃশ্যৰাজিৰে মোক চা মোক চা কৰি ৰয়৷ অনৱৰতে সেনাৰ তহলদাৰী চলি থাকে সীমান্তৱৰ্তী এই অঞ্চলত৷ সেনাবাহিনীৰ জোৱানৰ অনুগ্ৰহত দূৰবীণ যন্ত্ৰৰে ইয়াৰ পৰা চীনৰ দিশে চাব পাৰি৷

ডং : ভাৰতৰে পূৰ্বদিশৰ সূৰ্য উঠা দেশ অৰুণাচল৷ এই অৰুণাচলৰে সবাতোকৈ পূবত ভাৰতৰ ভিতৰত সবাতোকৈ আগেয়ে সূৰ্য উঠা ঠাই ডং৷ সেয়াই ইয়াৰ প্ৰাকৃতিক, ভৌগোলিক গুৰুত্ব আৰু বিশেষত্ব৷ তিনিখন ৰাষ্ট্ৰ ক্রমে ভাৰত, চীন আৰু ম্যানমাৰৰ সীমাই পৰস্পৰে পৰস্পৰক চুই থকা ভূখণ্ডৰ তেনেই ওচৰত, লোহিত আৰু চাই-টি নৈৰ মিলনস্থলৰ সমীপত, সমুদ্ৰপৃষ্ঠৰ পৰা ১,২৪০মিটাৰ উচ্চতাত অৱস্থিত এই ঠাই৷ ভৌগোলিক অৱস্থান ২৮ডিগ্ৰী ১৬'৬৪'' উত্তৰ অক্ষাংশ আৰু ৯৭ডিগ্ৰী ৩'৮১'' পূব দ্ৰাঘিমাংশ৷ চৌপাশৰ অমলিন সৌন্দৰ্যৰে ডং আজিও সমুজ্জ্বল য’ত ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বপ্ৰথমে পুৱাৰ সূৰুযে কোমল কিৰণেৰে দেশবাসীক সুপ্ৰভাত জনায়৷দুফালে বৃহৎ পৰ্বত, কাষেৰে লোহিত নৈ৷ প্ৰায় ৪,০০০ফুট ওখ শৃংগ৷ ইয়াৰ পৰা চীনলৈ পোনে পোনে ১০কিল’মিটাৰো কম৷

১৩০ফুট বহল এখন ওলোমা সেতুৰে ৩০ফুট তলত হৰহৰাই বৈ থকা লোহিত নৈ পাৰ হৈ ডঙলৈ ৱালঙৰ পৰা দূৰত্ব ৭কিল’মিটাৰ৷ লোহিতৰ বাঁওপাৰে অৱস্থিত এইখন এখন সৰু অথচ ধুনীয়া গাঁও৷ চহকী সাংস্কৃতিক সম্পদেৰে সমৃদ্ধ মেয়ৰ জনগোষ্ঠীৰ লোকৰ আবাসস্থল৷ পাইন বনাঞ্চল আৰু বৰফাবৃত্ত পাহাৰে ইয়াক আগুৰি আছে৷ খোজ কাঢ়ি পাহাৰ বগাই ইয়ালৈ ১ঘণ্টা ৩০মিনিটৰ বাট৷ প্ৰথম ভাৰতীয় সূৰ্যোদয়ৰ অপূৰ্ব দৃশ্য প্ৰত্যক্ষ কৰিবৰ বাবে আগদিনাই আহি ৱালঙত থাকি লৈ মাজনিশা ২বজাতে দৰ্শনকাৰী সাজু হ’ব লগা হয় কষ্টসাধ্য ট্ৰেকিঙৰ বাবে৷ মিলেনিয়াম পইণ্টলৈ যাবৰ বাবে ভাৰতীয় সেনাৰ অনুমতিৰ প্ৰয়োজন৷ ডং উপত্যকাটো পাৰ হৈ এখন মালভূমিৰ পৰা এই মহাজাগতিক দৃশ্য দেখা যায়, যাৰ দূৰত্ব ৱালঙৰ পৰা ১২কিল’মিটাৰ৷

বাতৰি কাকতত প্ৰথমবাৰৰ বাবে ডঙৰ নাম প্ৰকাশ হৈছিল ২০০০চনত৷ কেইগৰাকীমান অনুসন্ধিৎসু পৰ্যটকৰ সহস্ৰাব্দৰ সূৰ্যোদয় দৰ্শনে ব্যাপক প্ৰচাৰ লাভ কৰাৰ পিছৰ পৰাহে দৰাচলতে অৰুণাচল চৰকাৰে ডঙৰ প্ৰতি গুৰুত্ব দিবলৈ আৰম্ভ কৰিলে৷ সৃষ্টিৰ সৌন্দৰ্যৰ এই নিভাঁজ থলীত সামৰিক বাহিনীৰ জোৱানৰ বাহিৰে বহিৰ্বিশ্বৰ মানুহে তেতিয়াৰ পৰাহে ভৰি দিবলৈ আৰম্ভ কৰিলে৷ সেইসকল অগ্ৰজৰ পদাংক অনুসৰণ কৰি, অভিজ্ঞতাক সাৰথি কৰি, নিজস্ব সত্যানুসন্ধানৰ দিশে অন্তহীন উত্তেজনাত এতিয়া নিদ্ৰাহীন ৰজনী কটাইছে আমাৰ দৰে কৌতূহলী কতজনে!

তেতিয়াই জানিছিলোঁ, এই ঠাইখনত মানুহ নগণ্য৷ সংখ্যাত কেৱল তিনিঘৰ৷ গাঁওবাসীয়ে ৱালং পাবলৈ ডেৰ ঘণ্টা খোজ কাঢ়িবলগীয়া হয়৷ যান-বাহন চলাচলৰ ৰাস্তা নাই৷ তাকে নকৰি সাহসক সাৰথি কৰি ৰ’পৱেত নিজকে জুঁটি পুলিৰ সহায়ত স্লাইড কৰি এক মিনিটতে পাৰ হৈ যাব পাৰি খৰস্ৰোতা লোহিতৰ ওপৰেদি৷ তেনেকৈয়ে আনকি কোলাত কেঁচুৱা লৈ মহিলাও পাৰ হয়৷ তেনেকৈয়ে ল’ৰা-ছোৱালীয়ে ৱালঙত স্কুলত পঢ়িবলৈ যায়৷ বিপদক সন্মুখত লৈ প্ৰতিবাৰতে চলে যেন এক ধৰণৰ এডভেন্সাৰ! আৰ্মীৰ লোকসকলৰ সৈতে কথা-বতৰা পতা আৰু স্কুলত শিকাৰ ফলতে ইয়াৰ লোকসকলে হিন্দী ভালকৈ ক’ব পাৰে৷

ডঙত থকা সকলো লোকেই খেতিয়ক৷ পাহাৰৰ বক্ষত যি সামান্য সমতল ঠাই পোৱা যায়, তাতে জুম পদ্ধতিৰে ধান, মাকৈ আদিৰ খেতি কৰে লামা সম্প্ৰদায়ৰ এই মানুহকেইঘৰে৷ কুকুৰা, গাহৰি আদিও পোহে৷

ডঙত বাস কৰা লাদু, পুতচাং, জাজি, দৰমা, দৰজি, তিংকাহঁতৰ মাজৰ কোনো কোনোৱে তেজুলৈ গৈছে, ৰাজধানী ইটানগৰ হ’লে দেখাগৈ নাই৷ তাত চৰকাৰে থাকে বুলি শুনিছে৷ আৰু দিল্লী? সেয়াটো বহু দূৰ৷ কল্পনা কৰাও টান৷

তেজুৰ পৰা ডঙলৈ দূৰত্ব ২১৫কিল’মিটাৰ৷ হায়ুলিয়াঙৰ পৰা ১১২কিল’মিটাৰ৷ তিনিচুকীয়াৰ পৰা পূবে ৩৫০কিল’মিটাৰ৷ ৱালঙৰ পৰা ডঙলৈ যাওঁতে সেনাৰ অনুমতি লৈ কিছুদূৰ গাড়ীৰে আগুৱাই যাব লাগে৷ সৈন্য বাহিনীৰ মৰ্জিৰ ওপৰত সকলোখিনি নিৰ্ভৰ কৰে৷

(সূৰ্যোদয় দৰ্শন নহ’লে ভাৰত দৰ্শন মিছা৷ গতিকে ডঙতে আজিলৈ হল্ট৷ কাইলৈ যাত্ৰা উত্তৰ-পূবৰ একেবাৰে পূবলৈ, পথটো য’ত শেষ হৈছে৷)





No comments:

Post a Comment