জাছিংফাত এসন্ধ্যা
সাহিত্য সভাৰ পৰা উভতিছোঁ৷ আমনি পাৰ হৈ আহি ধাবা
এখনত সোমাই ভাতকেইটা খাওঁতে চাৰি বাজিল৷ গাড়ী আকৌ নিৰ্দিষ্ট বেগত দৌৰিবলৈ ধৰিলে৷ ফ’ৰ লেন হাইৱেলৈ আৰু অলপমান৷ তেনেকুৱাতে
কি মন গ’ল জানো, সন্মুখৰ চিটত বহা অৰুণদাই
পিছফালে ঘূৰি নোচোৱাকৈয়ে সুধিলে… ‘জাছিংফালৈ গৈছেনে নাই আপুনি?’
‘নাই যোৱা দাদা৷’ সঁচাসঁচি উত্তৰটো খাৰাংখাচভাৱে দি দিলোঁ৷
লগে লগে ড্ৰাইভাৰ হৰক উদ্দেশ্য কৰি নিৰ্দেশ… ‘ইতুম জাছিংফা ৱুৰপন নাং দেই৷’ (আমি জাছিংফাত সোমাই যাম দেই)৷
তাৰ পিছত মোলৈ চালে… ‘অলপ বহি কফি একাপকৈ খাই যাম দিয়ক৷
ভাল লাগিব৷ মই আগতেও গৈছোঁ তালৈ৷’
অৰুণদাই তেনেকৈ কোৱাত স্ফূৰ্তি লাগিল৷ জাছিংফা একুৱা টুৰিজিম ৰিজ’ৰ্টৰ বিষয়ে শুনিহে আহিছিলোঁ৷ শান্তি আৰু প্ৰকৃতিক মনে-প্ৰাণে ভাল পোৱাজনৰ বাবে জাছিংফা এটুকুৰা আকৰ্ষণীয় ঠাই৷ অৰুণদা প্ৰকৃতিপ্ৰেমী, শান্তিপ্ৰিয়, অধ্যয়নশীল, কবি-লেখক, এডভেন্সাৰাচ জাতৰ মানুহ৷ কাজেই জানকাৰি আৰু অভিজ্ঞতা আছে উত্তৰৰ লাডাখৰ পৰা লে'ক অব ন' ৰিটাৰ্ণলৈ৷ থাণ্ডাৰ ড্ৰেগনৰ দেশত ছদিন (ভ্ৰমণ কাহিনীটো 'অসমীয়া প্ৰতিদিন'ৰ 'দেওবৰীয়া সম্ভাৰ'ত সম্প্ৰতি খণ্ড খণ্ডকৈ ওলাই আছে) কটাই অহাৰ পিছত, এতিয়া চিন্তা-চৰ্চা চলি আছে পূৰ্বোত্তৰৰ মায়'দিয়াৰ৷ আনহাতে আগতে কাহানিও নগ’লেও ভুলে-শুদ্ধই ময়ো অলপ-অচৰপ জানিছিলোঁ জাছিংফাৰ বিষয়ে৷ তাকে মিলাই চোৱাৰ সুযোগ এটা এই আহি গ'ল৷ আনন্দৰ হেতু সেইটোৱেই৷
নগাঁও চহৰৰ পৰা তালৈ আনুমানিক পাঁচ কি চাৰে পাঁচ
কিল’মিটাৰ হ’ব৷ ডিমৰুগুৰিয়েদি এক-ডেৰ কিল’মিটাৰমান সোমাই যাব লাগে৷ মাহৰুল
বিলৰ লগতে প্ৰায় ২৫বিঘা মাটিৰে গঢ়ি তোলা হৈছে নব্য ধাৰণাপ্ৰসূত এই মৎস্যকেন্দ্ৰিক পৰ্যটন
কেন্দ্ৰ৷ অসমত এই ধৰণৰ পৰ্যটনৰ বিকাশৰ লগতে জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণত ই বাটকটীয়াৰ ভূমিকা
লোৱা বুলিও ক’ৰবাত পঢ়িবলৈ পাইছিলোঁ৷ মৎস্যকেন্দ্ৰিক
ইক’-টুৰিজিমৰ বাবে জাছিংফাই ৰাষ্ট্ৰীয়
পুৰস্কাৰৰ মাধ্যমেৰে স্বীকৃতি লাভ কৰিছিল উত্তৰাখণ্ডৰ নাইনিতালৰ ভীমতালস্থিত ডাইৰেক্টৰেট
অৱ ক’ল্ডৱাটাৰ ফিচাৰীজ এণ্ড ৰিচাৰ্চৰ
পৰা, ২০১২চনত৷ ৰাষ্ট্ৰীয় মৎস্যপালক দিৱসৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে জুলাই মাহৰ ১০
তাৰিখে নেকি, ইয়াত উত্তৰ-পূৰ্বাঞ্চল ভিত্তিত এটা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ সকলো
বয়সৰ মানুহে স্বতঃস্ফূৰ্ততাৰে এই প্ৰতিযোগিতাত ভাগ লয়৷ সেয়া হৈছে বৰশী বোৱা প্ৰতিযোগিতা৷
বৰশী বোৱাটো মানুহৰ অতি প্ৰাচীন আৰু জনপ্ৰিয় বিনোদন ক্রীড়া আছিল৷
দাদাই হৰক তেনেকৈ কোৱাত সিও উৎফুল্লিত হ’ল৷ মাৰ্ক' পল'ৰ সংশ্ৰৱত থাকি থাকি তাৰো মনত এক ধৰণৰ ভ্ৰমণ-বিলাসিতা গঢ় লৈ উঠিছে৷
তথ্যবোৰ পাগুলি আছিলোঁ৷ গাড়ী গৈ জাছিংফাৰ কাৰ পাৰ্কিঙত সোমালেই৷ পোহৰ আৰু আন্ধাৰৰ যুঁজখন তেতিয়া চলিব লাগিছে৷ অনেক পক্ষীৰ সমৱেত সংগীতে আমাক আদৰিলে৷ যেন সন্ধিয়াৰ বৃন্দগান! বৃহৎ বিলখনৰ সৈতে থকা জলজ উদ্ভিদবোৰৰ বৰণ সেউজীয়া ছাৰি ক’লা ক’লা দেখিছিলোঁ, নিশাটোলৈ আশ্ৰয় লোৱা বিবিধ জাতৰ চৰাইবোৰৰ অৱস্থানত৷ প্ৰৱেশদ্বাৰতে মনত ৰৈ যোৱা এটা দৃশ্য৷
অন্ধকাৰক চেৰ পেলাবলৈ আমিও খৰ গতিৰে ভিতৰলৈ খোজ ল’লোঁ৷ কোনফালে কি আছে পিট্পিটাই চালোঁ৷ প্ৰথম দৰ্শনতে সৰু-বৰ কেইবাটাও ফিচাৰী আৰু দলং চকুত পৰিল৷ আলংকাৰিক আৰু থলুৱা প্ৰজাতিৰ মাছ বিজ্ঞানসন্মতভাৱে পোহা হৈছে পুখুৰীবোৰত৷ মেনেজমেণ্টে বান্ধি দিয়া নিয়ম মানি মানুহে ইয়াত মাছ ধৰাৰ বিমল আনন্দ ল’ব পাৰে৷ সোণালী পিঠিয়া মাছ, বিশ্বজুৰি যাক ‘জলক্রীড়াৰ অধিপতি’ বুলি জনা যায়, এই মাছবিধৰ খেলা বিশেষভাৱে উপভোগ কৰিব পাৰি জাছিংফাত৷ মাছে পানীত সৰাৰ ফলত উদ্ভৱ হোৱা জলতৰংগ প্ৰত্যক্ষ কৰিলোঁ৷
সন্ধিয়া নামি আহিলত খুঁটিৰ ওপৰত স্থাপিত ইলেকট্ৰিক বাল্ববোৰ এটা দুটাকৈ যেনি-তেনি বগা হৈ উঠিছিল৷ বিহংগৰ কিচিৰ-মিচিৰ আৱাজ ক্রমাৎ কমি আহিল৷ বিধে বিধে গছ-গছনি আৰু জলাশয়-পিতনিৰ উপৰি মুকলি ঠাই, ফুলনি, ঘাঁহনি, ফুটপাথ, বাটচ’ৰা, বাঁহ আৰু পকী দলং, চাংঘৰ, খেৰ-বাঁহৰ ঘৰ, পকী ঘৰ, ৰেস্তোৰা, পানশালা, প্ৰসাধনথলী, শিশু উদ্যান, জিৰণী চালি, থকা-মেলাৰ ব্যৱস্থা আদিৰে পৰিষ্কাৰ-পৰিচ্ছন্ন ৰূপত সজাই-পৰাই ৰখা হৈছিল জাছিংফাক৷ পিছদিনালৈ আয়োজন কৰা বিয়া এখনৰ বাবে সজা সুদৃশ্য মণ্ডপ এটাও এমূৰে চকুত পৰিল৷
এক শান্ত-সমাহিত পৰিৱেশ৷ পাঁচ কাপ কফি আৰু দুই প্লেট পকৰিৰ অৰ্ডাৰ দিয়া হ’ল৷ মুক্ত আকাশৰ তলত, ফুলনিৰ মাজত টেবুল-চকী পাৰি থোৱা আছিল৷ তাতে বৃত্তাকাৰে বহি মুক্তমনে আড্ডা মৰাত লাগিলোঁ আমি৷ ওচৰতে জুই ধৰাৰ ব্যৱস্থা এটাও আছিল৷ কৰ্মচাৰী এজনে অলপ দেৰিকৈ তাত জুই ধৰা হ’ব বুলি জনালে৷ কাণ আৰু হাতত ইতিমধ্যে ঠাণ্ডা বতাহৰ পৰশ লাগিছিলহি৷ তেনে সময়তে কফিকেইকাপ আহিল৷ গৰম কফিত চুমুক দি শক্তি আৰু উত্তাপ দুয়োটাই যেন ঘূৰাই পালোঁ৷ তাৰ মাজে মাজে কথা-বতৰা অব্যাহত থাকিল৷ কোনো খৰখেদা নাই৷ ৰিলেক্স মুডত অনেক পৰ তেনেকৈয়ে বহি কটালোঁ৷
চহৰৰ প্ৰদূষণ আৰু বাৰেবিংকৰা কোৰ্হালৰ পৰা আঁতৰত, প্ৰকৃতিৰ মাজত, নিৰিবিলি-নিজঞ্জাল সন্ধিয়াটো বেচ উপভোগ্য হৈ উঠিছিল৷ মনত সুখানুভূতি আৰু হাতে-পিঠিয়ে কিছুপৰ জুইৰ উত্তাপ লৈ এসময়ত গাড়ীত উঠিলোঁগৈ, ডিফু অভিমুখে৷
বাটত অৰুণদাক ধন্যবাদ এটা দিলোঁ৷

No comments:
Post a Comment