মহাজীৱনৰ অন্বেষণত এদিন...
৷ দুই ৷
দিনাংক ২৫.৬.২০০৪৷ শ্বিলং৷
পুৱা শুই উঠাৰে পৰাই বৰষুণ৷ দিনটোৰ আৰম্ভণিয়ে মগজুত
এনেকুৱা এটা ধাৰণা সুমুৱাই দিলে যে ভাব হ’ল, আজি কিজানি সমস্ত দিনটো জি. এছ. ৰ’ডৰ ‘হোটেল ল’টাচ’ৰ এই ৩০১ নম্বৰ কক্ষতে জব্দ হ’ব লাগিব৷ পিছে বৰুণ দেৱতা আমাৰ
প্ৰতি প্ৰসন্ন হ’ল৷ লাহে লাহে বৰষুণে শাম কাটিলে৷
চকুৰ পচাৰতে বতৰেও বৰণ সলাব ধৰিলে৷ শ্বিলঙৰ জলবায়ুৰ এয়াই বৈচিত্ৰ্য, এয়াই সৌন্দৰ্য৷
গাড়ীৰ বাবে নিৰ্ভৰ নহৈ খোজ কাঢ়িয়ে যাত্ৰা কৰিলোঁ৷
ঠিক দহ বজাতে খংমেনৰ EBENEZAR পালোঁগৈ৷ জ’ন নামৰ ল’ৰাজন আমাক দেখি আগুৱাই আহিল আৰু বিনাবাক্যব্যয়ে গেইটৰ
হেঙাৰ গুচাই দিলে৷ ছিৰি বগাই উঠি গ’লোঁ৷ নিৰ্বিবাদে দুৱাৰ খুলি দিলে জয়েচ খংমেনে৷ হাঁহি মাৰি
ক’লে... ‘Good morning’৷
সুপ্ৰভাত জনাই ভিতৰ সোমাই ড্ৰয়িং ৰুমতে আসন অধিকাৰ
কৰি বহি পৰিলোঁ৷ নিশা ক’ত কটালোঁ তেওঁ পোনেই তাৰ খবৰ
ল’লে৷ সুধিলে... ‘চাহ খাবনে কফি?’ অতি ঘৰুৱা যেন অনুভূতি এটাই
মনত খেলা কৰিলে৷ ক্ষন্তেক পিছতে ৭খন ফটোগ্ৰাফ আমাক চাবলৈ দি গ’ল৷ মাক ফ্ল’ৰিচা ক্র’পী, ককায়েক অৰিৱেল, ডাৰ্লিৱেল
আৰু ভনীয়েক বেছিলীৰ সৈতে কাবন নেলি; স্কুলীয়া দিনত সহপাঠীনীৰ সৈতে, ৰাষ্ট্ৰসংঘৰ অধিৱেশন
ভাগ লওঁতে নিউয়ৰ্কত, নিৰ্বাচনী প্ৰচাৰৰ সময়ত, গীৰ্জাঘৰত, উপাধ্যক্ষা হৈ থকা অৱস্থাত,
গোপীনাথ বৰদলৈৰ সৈতে, বিষ্ণুৰাম মেধিৰ ভ্ৰমণ কালত তোলা ফটোকে ধৰি বিভিন্ন মুহূৰ্তবোৰ৷
ক’পীযে আৰু নাই সেয়া জানি-বুজিও
সুধিলোঁ...’ক’পী পোৱা যাব নেকি বাৰু?’ ভবামতেই নেতিবাচক উত্তৰ৷ ফটো
তুলি বা ফটোক’পী কৰি ল’ব পৰা যাব বুলি মনতে ভাবি থ’লোঁ৷ মানুহগৰাকী আকৌ ভিতৰলৈ গ’ল৷ এইবাৰ চাহ-বিস্কুট আনিলে আৰু
আমাক খাবৰ বাবে অনুৰোধ জনালে৷ ককায়েকক আমি অহাৰ খবৰ দিবলৈ বুলি গ’ল এইবাৰ৷ কিছুবেলিৰ মূৰত কোঠাৰ
বাহিৰৰ বাৰাণ্ডাখনত দ্বিতীয়বাৰৰ কাৰণে লাখুটিৰ সেই টক্ টক্ ধ্বনি ওচৰ চাপি আহিল৷
মাকক লৈ আহিছে৷ আগুৱাই গৈ ধৰি ধৰি আনি বেতৰ চোফা এখনত বহুৱাই দিলোঁ৷ লগত নিয়া কেমেৰাটো
উলিয়াই ৬ পুত্ৰ-কন্যা, ২৪ নাতি-নাতিনী আৰু ১৮ পৰিনাতি-পৰিনাতিনীৰ মাতৃ-আইতা-আজোআইতাগৰাকীৰ
ফটো তুলিলোঁ৷ নিজেও উঠিলোঁ তেখেতৰ গাত ধৰি৷
বনেলী খংমেনৰ আজি জন্মদিন৷ ১৯১২চনৰ ২৫জুন তাৰিখে মেঘালয়ৰ জোৱাইত জন্ম গ্ৰহণ কৰিছিল৷ ৯২ বৰ্ষ পূৰ্ণ কৰি এয়া ৯৩ত পদাৰ্পণ৷ সুদীৰ্ঘ আৰু বৰ্ণিল এক জীৱন পৰিক্রমা৷ ‘বায়গ্ৰাফী ইণ্ডিয়া’ৰ পৃষ্ঠাত জন্মৰ চনটো ভুল হৈ থকা (১৯১২ৰ ঠাইত ১৯১৩) বুলি গম পালোঁ৷ জীয়েকক সুধিলোঁ... ‘কেনেকৈ পালন কৰিব?’ ‘নাই তেনেকুৱা একো চেলিব্ৰেচন নাই৷ সম্পৰ্কীয় মানুহবোৰ আহিব৷ বচ, সিমানেই৷’ কোনো ধৰণৰ আগতীয়া ভাবনা নোহোৱাকৈয়ে এনেকুৱা এটা দিনত মহীয়সী এগৰাকীৰ সাহচৰ্য লাভ কৰি আপ্লুত হ’লোঁ৷ ঈশ্বৰক ধন্যবাদ জনালোঁ মনে মনে৷
শিক্ষয়িত্ৰী হিচাপে দিল্লীৰ ফ্ৰেংক এন্থনীজ পাব্লিক
স্কুলৰ পৰা ৰিটায়াৰ কৰা জয়েচ খংমেনে মাকক চোৱা-চিতা কৰিবলৈকে শ্বিলঙত আছেহি৷ স্বামী
কৃষ্ণমূৰ্তি, তামিল লোক৷ ইণ্ডিয়ান ৰে’ড ক্রচ চাৰ্ভিচৰ পৰা অৱসৰ লৈছে৷ তেওঁলোক দিল্লীৰ বাসিন্দা৷
ল’ৰা দুজন৷ ক্রমে ইংলেণ্ড আৰু আমেৰিকাত
আছেগৈ, উচ্চ শিক্ষা গ্ৰহণৰ অৰ্থে৷ মাকৰ সম্বন্ধে বহু কথাই পাতিলোঁ জয়েচৰ লগত৷ পৰিয়ালৰ
সদস্যসকলৰ বিষয়েও জানিবলৈ দিলে৷ যোগাযোগৰ ঠিকনা ডায়েৰীৰ পাতত নিজ হাতে লিখি দিলে৷ ককায়েক
আহি নোপোৱাৰ কথাটো মনত পৰাত তেওঁ উচ্পিচাই উঠিল আৰু আকৌ এবাৰ মাতিবলৈ গ’ল৷
এটা বিৰল মুহূৰ্ত৷ এই মুহূৰ্তত বনেলী খংমেন নামৰ
অসম বা মেঘালয়েই নহয়, ভাৰতৰ অগ্ৰগামী নাৰীগৰাকীৰ লগত আমি দুজন মাত্ৰ৷ দেবেন আৰু মই৷
দেবেনক তেখেতৰ কাষ চাপি বহি কাৰবি ভাষাত কথা পাতিবলৈ ক’লোঁ৷ তাৰ ফালে আঙুলি টোঁৱাই আইতাগৰাকীক
ওচৰৰ পৰা অলপ ডাঙৰকৈয়ে ক’লোঁ... ‘কাৰবি, আৰলেং৷’ মানে ক’ব বিচাৰিলোঁ যে ই কাৰবি মানুহ,
আপোনাৰ পিতৃৰ গোত্ৰৰ, তিমুং ফৈদৰ৷ তেনে আচম্বিত কাৰ্যত দেবেনৰ হাঁহি উঠিল৷ আনহাতে মই
মন কৰিলোঁ, শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তি উভয়েই কমি আহিছে মাতৃগৰাকীৰ৷ কেইবাবাৰো তেনেকৈ
কোৱাৰ পিছত নিম্নস্বৰত লাহেকৈ উচ্চাৰণ কৰিলে... ‘কা-ৰ-বি’৷ অনুভৱ কৰিলোঁ, কথা কওঁতে অসুবিধা হৈছে৷ মাজে মাজে কাহ
একোটাও মাৰি আছে৷
আগতে শুনিবলৈ পোৱা কথা এষাৰ চাঁতকৰে মনত পৰিল৷ অতীতত হেনো এনেকুৱা দিনো আছিল যে নীল আকাশৰ বুকুৱেদি উৰি যোৱা আকাশীযান দেখিলে সেইখনলৈ আঙুলি টোঁৱাই কাৰবি মাকবোৰে নিজৰ সন্তানক এইবুলি কৈছিল... ‘সৌৱা চোৱা, কাবন তিমুংপী বিদেশলৈ গৈ আছে৷ তোমালোকেও ভালদৰে পঢ়া-শুনা কৰা৷ তেতিয়া তোমালোকেও তেওঁৰ দৰে ডাঙৰ মানুহ হ’ব পাৰিবা৷’ কিংবদন্তি নাৰীগৰাকীক সন্মুখত লৈ, তেখেতলৈ চাই চাই বহি আছোঁ আমি দুটাই৷ সঁচাই জীৱনৰ কেইটামান বৰণীয়-স্মৰণীয়-মোহনীয় ক্ষণ৷
তেনেকুৱাতে ট্ৰে’ত চাহ-বিস্কুট সজাই লৈ জয়েচ খংমেন
সোমাই আহিল৷ চাহ খাই থাকোঁতে কৰ্নেল চাহাবেও পদাৰ্পণ কৰিলেহি৷ একেবাৰে ফিট্-ফাট্৷
হাতত এটা ফাইল৷ সুপ্ৰভাত জনালোঁ৷ কাষতে বহি ম’বাইল ফোনত কাৰোবাৰ সৈতে কথা পাতিলে৷ অতিপাত কৰ্মব্যস্ত
মানুহ৷ প্ৰকৃতাৰ্থত যাক ক’ব পাৰি, Retired, but not
tired৷ ধৰ্মীয়, সামাজিক, পাৰিবাৰিক কামৰ অন্ত নাই মানুহজনৰ৷ জীৱন মানেই কৰ্তব্য৷ আমাকযে
সময় দিব পাৰিছে তাৰ বাবে তেখেতক ধন্যবাদ দিলোঁ৷ দেৰি হোৱাৰ বাবে তেখেতে পোনতে ক্ষমা
বিচাৰিলে৷
মূল প্ৰসংগলৈ অহাৰ পূৰ্বে কৰ্নেল খংমেনে আমি শ্বিলঙত কিবা অসুবিধা পাইছোঁ নেকি, নিশা ক’ত থাকিলোঁ, খোৱা-বোৱা কেনে আছিল ইত্যাদি ইত্যাদি জানিব বিচাৰিলে৷ এইবাৰ ফাইলৰ পৰা ইন্দিৰা গান্ধীৰ সৈতে তোলা মাকৰ ফটো, বিয়াৰ সময়ত তোলা নিজৰ পিতৃ-মাতৃ অৰ্থাৎ বনেলী খংমেন আৰু ৱেলছন খংমেনৰ ফটো উলিয়াই দেখুৱালে৷ ১৯৩৪চনৰ ১৪এপ্ৰিল তাৰিখে গীৰ্জাঘৰে মাক-দেউতাকক দিয়া মেৰেজ চাৰ্টিফিকেটখনো তেখেতে বৰ সযত্নে ৰাখিছে৷ মাতৃৰ জীৱনৰ অংকিত পৃষ্ঠাবোৰ চাবৰ বাবে আমালৈ আগ বঢ়ালে৷ পে’পাৰ কাট্ কৰি ৰখা ‘The Meghalaya Guardian’ আৰু ‘Shillong Times’ কাকতত প্ৰকাশিত বনেলী খংমেনৰ সুদীৰ্ঘ সাক্ষাৎকাৰ আৰু বাতৰি পঢ়াৰো সৌভাগ্য হ’ল আমাৰ৷ মাকৰ বিষয়ে জ্ঞাত কথা কিছুমান তেখেতে টোকা কৰিও আনিছে৷ এইবোৰ প্ৰস্তুত কৰোঁতেই বোধ হয় কৰ্নেল চাহাবৰ উপস্থিত হওঁতে কিছু পলম হ’ল৷
আকাশখন আকৌ মেঘাচ্ছন্ন হৈ পৰিল৷ এয়াই মেঘালয়৷ বন্ধু দেবেন আৰু জয়েচ খংমেন ফটোষ্টেট চেণ্টাৰলৈ ওলাইছে৷ ভদ্ৰ মহিলাগৰাকীৰ হাতত এটা দীঘল ছাতি৷ শ্বিলঙৰ মানুহৰ সহচৰ-সম্পদ৷ এয়া, বৰষুণ আহিলেই৷ ইফালে মাতৃগৰাকীকো টোপনিয়ে হেঁচি আনিছে৷ এইটো আচলতে তেওঁৰ শোৱাৰ সময়৷ গতিকে ওলাই যোৱাৰ আগতে মাকক শুৱাই থৈ যাবলৈ ইচ্ছা কৰিলে জীয়েক জয়েচে৷ সহায় কৰি দিলোঁ আমি৷ জীয়েকৰ সাহায্যত খুপি খুপি তেখেত আমাৰ পৰা অদৃশ্য হ’ল৷ দৃশ্যটোৱে মনৰ অভ্যন্তৰত দাগ কাটি থ’লে চিৰদিনলৈ৷ এটা মহাজীৱনৰ দৰ্শন প্ৰাপ্তিৰ আনন্দত আত্মহাৰা হ’লোঁ পুনৰবাৰ৷
কোঠাত মাৰ্টিন আৰু কাষত মই৷ কৰ্নেলে মোৰ প্ৰশ্নবোৰৰ উত্তৰ আন্তৰিকতাৰে যাব ধৰিলে৷
‘But you are yet to ask a simple question.’
তেনেকৈ কোৱাত মই চিন্তাত পৰিলোঁ৷ সঁচা কথা ক’বলৈ গ’লে একপ্ৰকাৰ থত্মতেই খালোঁ৷ মোৰ দুশ্চিন্তা শাম কটোৱাই হাঁহি হাঁহি মানুহজনে নিজেই কৈ উঠিল... ‘এগৰাকী মাতৃ হিচাপে মোৰ মা কেনে আছিল, আপুনি এতিয়াও সোধাই নাই৷’
প্ৰশ্নৰ পুনৰাবৃত্তি নকৰি তেখেতৰ মুখলৈ চাই মই মাথো সুধিলোঁ... ‘কওকচোন বাৰু৷’
গম্ভীৰ স্বৰত কৰ্নেল খংমেনে কৈ যাব ধৰিলে... ‘She is a wonderful mother, religious mother. She treats all her children equally.’ ‘নিজৰ সতি-সন্ততিসকলক মাতৃগৰাকীয়ে সদায় সাহসী আৰু সৎ হ’বলৈ উপদেশ দি আহিছে৷ আমিও সদায় তেওঁৰ কথা পালন কৰি চলিছোঁ৷ নম্বৰত তৃতীয় আছিলোঁ যদিও মোৰ দেউতাৰ মই আছিলোঁ প্ৰিয় সন্তান৷ দেউতাই সেয়া আনৰ আগত প্ৰকাশ কৰি পেলাইছিল৷ আনহাতে, মোৰ মাতৃয়েও মোক ভাল পায়৷ কিন্তু সেয়া তেওঁ প্ৰকাশ্যে নেদেখুৱায়৷ আমাৰ ইমান বৃহৎ পৰিয়াল যদিও সকলো সদস্যৰ প্ৰতি তেওঁৰ সমদৃষ্টি, সমব্যৱহাৰ৷ তাতেই তেওঁৰ মহত্ত্ব৷’
‘But you are yet to ask a simple question.’
তেনেকৈ কোৱাত মই চিন্তাত পৰিলোঁ৷ সঁচা কথা ক’বলৈ গ’লে একপ্ৰকাৰ থত্মতেই খালোঁ৷ মোৰ দুশ্চিন্তা শাম কটোৱাই হাঁহি হাঁহি মানুহজনে নিজেই কৈ উঠিল... ‘এগৰাকী মাতৃ হিচাপে মোৰ মা কেনে আছিল, আপুনি এতিয়াও সোধাই নাই৷’
প্ৰশ্নৰ পুনৰাবৃত্তি নকৰি তেখেতৰ মুখলৈ চাই মই মাথো সুধিলোঁ... ‘কওকচোন বাৰু৷’
গম্ভীৰ স্বৰত কৰ্নেল খংমেনে কৈ যাব ধৰিলে... ‘She is a wonderful mother, religious mother. She treats all her children equally.’ ‘নিজৰ সতি-সন্ততিসকলক মাতৃগৰাকীয়ে সদায় সাহসী আৰু সৎ হ’বলৈ উপদেশ দি আহিছে৷ আমিও সদায় তেওঁৰ কথা পালন কৰি চলিছোঁ৷ নম্বৰত তৃতীয় আছিলোঁ যদিও মোৰ দেউতাৰ মই আছিলোঁ প্ৰিয় সন্তান৷ দেউতাই সেয়া আনৰ আগত প্ৰকাশ কৰি পেলাইছিল৷ আনহাতে, মোৰ মাতৃয়েও মোক ভাল পায়৷ কিন্তু সেয়া তেওঁ প্ৰকাশ্যে নেদেখুৱায়৷ আমাৰ ইমান বৃহৎ পৰিয়াল যদিও সকলো সদস্যৰ প্ৰতি তেওঁৰ সমদৃষ্টি, সমব্যৱহাৰ৷ তাতেই তেওঁৰ মহত্ত্ব৷’
বৰষুণ নাইকিয়া হ’ল৷ কথা পাতি থাকোঁতেই ফটোক’পীবোৰ পালেহি৷ আমাক কথোপকথনো
প্ৰায় শেষ হৈ আহিছে৷ বস্তুবোৰ সামৰি-সুতৰি বেগত ভৰালোঁ৷ উভতনি যাত্ৰাৰ কথা কৈ হাতৰ
ঘড়ীটোলৈ চালোঁ৷ চুম’ টেক্সীৰে গুৱাহাটীলৈ গৈ উজনিমুৱা
ট্ৰেইন ধৰিব পাৰিব লাগিব৷ কৰ্নেলৰ সৈতে ভিজিটিং কাৰ্ড বিনিময় কৰিলোঁ৷ বিদায় পৰত আকৌ
একোকাপকৈ চাহ খোৱাৰ প্ৰস্তাৱ আগ বঢ়ালে জয়েচ খংমেনে৷ চাহ-চিঙাৰা খাই থাকোঁতেই পুনৰ বৰষুণ
আহিল৷ কৰ্নেলে অভয়-বাণী শুনালে... ‘Don't worry, rain will stop.’
সিম্সিমীয়া বৰষুণ নেওচি আমি বিদায় মাগিলোঁ৷ দৈনিক ব্যস্ততাপূৰ্ণ সূচীৰ মাজতো, কোনো আগতীয়া খবৰ নিদিয়াকৈ উপস্থিত হোৱা সত্ত্বেও, আমাক পৰ্যাপ্ত সময় আৰু সংগ দিয়াৰ বাবে খংমেন ভ্ৰাতৃ-ভগ্নীহালক হিয়া উপচাই ধন্যবাদ দিলোঁ৷ তেওঁলোকেও আমাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশিলে৷ ঘৰমুখী যাত্ৰাটোৰ উদ্দেশ্যে শুভেচ্ছা জনালে৷ লতা-গুল্মই আগুৰি থকা খটখটিটোৰে নামি আহি গেইটৰ বাহিৰত খোজ পেলালোঁ পুনৰ কেতিয়াবা ক’ৰবাত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে৷ এক মুহূৰ্তৰ বাবে প্ৰত্যেকেই হাত ওপৰলৈ তুলি দিলোঁ Good bye বুলি৷
‘নাং জাং দ’ দ’ আতুমতা/তই দুনথা লিখা-পৰা/কাবন তিমুংপী লাংথা/কেংঅপ দংত্ৰুপ-ক্রাপ
লেমা/ছমিন্দাৰ লেদুন লেমা/বিদ্যা আজাকং লাতা৷’ গীতফাকিৰ লগতে মানস-পটত ভাহি উঠিল কাবন নেলি তিমুংপী/বনেলী
খংমেনৰ মুখমণ্ডল৷ এটা সাৰ্থক ভ্ৰমণৰ পৰিসমাপ্তিত অনিৰ্বচনীয় সুখানুভূতিৰ লগতে উপলব্ধি
হ’ল কোনোবা দাৰ্শনিকৰ সেই সাৰবাক্য
: অন্তিম বিচাৰত মানুহৰ চিন্তা-ভাবনা, নতুন উদ্ভাৱনা আদিয়েহে গুৰুত্ব লাভ কৰে৷ বৈষয়িক
দিশত কোনে কিমান সাফল্য লাভ কৰিলে, সেইটোৰে ভৱিষ্যতে আমাক বিচাৰ নকৰিব৷ বিচাৰ কৰিব
কি নতুন উদ্ভাৱনাৰে, কি নতুন চিন্তা-চৰ্চাৰে মানৱ সভ্যতালৈ আমি অৱদান আগ বঢ়ালোঁ, তাৰ
দ্বাৰাহে৷’
No comments:
Post a Comment