Monday, 9 March 2015

যৌৱনৰ উৎপাত আৰু উৎসাহ


সন্মুখত বহি-শুই, চেনেল সলাই সলাই একেৰাহে টিভি চাই থকাটো কেতিয়াবাই এৰিলোঁ৷ হ’লেও, ঘৰত কোনোবাই চাই থাকিলে, টিভিটোৰ আগেদি যাবলগীয়া হ’লে, স্ক্ৰীণখনলৈ দৃষ্টি নিক্ষেপ কৰোঁ৷ নিউজ ৰীডাৰ, এংকৰকে আদি কৰি ষ্টুডিঅ'ৰ ভিতৰে-বাহিৰে থকা কিছুমানে কিনো বলকে বহু সময়ত, সঁচা কথা ক'বলৈ গ'লে বুজিকে নাপাওঁ৷ মুখৰ ভিতৰতে ইমান খৰকৈ কয়! অনুসৰণ কৰাই টান হৈ পৰে৷ সেয়েহে টিভিটোৱে ৰাতিয়ে-দিনে, নিৰন্তৰভাৱে বিলাই থকা জ্ঞানামৃত পান কৰাত তেনেই নিষ্ফল হৈছোঁ বুলিয়ে ভাবোঁ৷ জীৱনত কিহত কিহত ব্যৰ্থ হৈছোঁ বুলি যদি নিজকে নিজে সোধোঁ, তেনেহ’লে অনেক পইণ্টৰ লগতে এইটো পইণ্টো অৱধাৰিতভাৱেই যোগ হ'ব৷

সিদিনাখনো একেদৰে, টিভিৰ সন্মুখেৰে যাওঁতে দেখা পালোঁ, ল’ৰা এটাক লৈ কিবা চৰ্চা চলি আছে৷ থিয়ৈ থিয়ৈ চালোঁ অলপ পৰ৷ বুজিলোঁ যে নৱম নে দশম শ্ৰেণীত পঢ়া ল’ৰাটোক মাক-বাপেকে পালছাৰ এখন কিনি দিছিল৷ পথৰ ওপৰত সি সেইখনেৰে ষ্টাণ্ট কৰিছিল৷ যৌৱনৰ উৎপাত! পিছে দুৰ্ভাগ্যবশতঃ পথচাৰী মহিলা এগৰাকীক খুন্দিয়ালে৷ মহিলা হস্পিতেলত সোমালগৈ৷ হস্পিতেলৰ বিছনাত উঃ আঃ কৰি কেঁকাই আছে৷ চেঙেলীয়া ল’ৰাটোক পুলিচে ধৰি নিছে৷ বাইকখন জব্দ কৰা হৈছে৷ বাইক কিনি দিয়াটো মাক-বাপেকৰ দোষ বুলি নিউজ ৰীডাৰে ৰায় দি দিছে৷ একেখিনিকে ঘূৰাই-পকাই অনৰ্গল কৈ আছে৷ অসৎ পন্থাৰে হস্তগত কৰা ধনেৰে কম বয়সীয়া সন্তানক অপৰিপক্ক অৱস্থাতে বাইক উপহাৰ দিয়া বুলিও এষাৰ ক’লে৷ কেমেৰায়ো একেখন ছবিকে বাৰে বাৰে দেখুৱাই আছে৷ চাই থকাসকলৰ মানস-পটত স্থায়ীভাৱে খোদিত হৈ ৰওক বুলি৷ সকলোৰে বাবে এটা যেন শিক্ষা৷ কিন্তু তাৰ পিছতো, তেনেকুৱা দৰ্শন-শ্ৰৱণৰ পিছতো পুনঃ পুনঃ ঘটে! মৰেও আওমৰণে৷

মনত পৰে, আনন্দ মেলা, মীনা বজাৰ আদি আহিলে কাঠেৰে সজা গোলাকাৰ নাদ এটাৰ ভিতৰত কৰা মটৰ চাইকেল চালনা চাবলৈ এটা বয়সত আমি উত্ৰাৱল হৈ পৰিছিলোঁ৷ নাদৰ ভিতৰত কেৱল মটৰ চাইকেলেই নহয়, মটৰ গাড়ীও চলোৱা দেখিছিলোঁ৷ ডেকা চালকৰ দুঃসাহস দেখি তবধ মানিছিলোঁ৷ কেৱল ল’ৰাই নহয়, গাভৰুৱেও চলাইছিল৷ সাংবাদিকে ইণ্টাৰভিউ লৈছিলগৈ সেই দুঃসাহসী ছোৱালীজনীৰ৷ দৰ্শকৰ চকুৰ আগত নিজৰ জীৱটোৰ বাজি লগাই সফলতাৰে প্ৰদৰ্শন কৰা তেনে বিপদজনক কাম এটাৰে তেওঁলোকে জীৱন নিৰ্বাহৰ অৰ্থে দুপইচা আহৰণ কৰিছিল৷ আনক আঘাত বা আহত কৰি নহয়, চুৰ-ঠগৰামি কৰি বা কামত ফাকি মাৰিও নহয়৷

মোৰ মটৰ চাইকেল নাই৷ চলাবও নাজানো৷ গতিকে তেনে কাম জীৱনত কৰা নহ’ল আৰু নহ'বও চাগৈ৷ সৰুতে চাৰ্কাচত চাইকেলৰ ষ্টাণ্ট দেখি অহাৰ পিছত ঘৰত তাৰে কিছু কিছু অনুকৰণৰ চেষ্টা চলোৱা হৈছিল অৱশ্যে৷ আঁঠু, কিলাকুটি, হাতৰ তলুৱা থেতেলা খোৱাৰ লগতে চাইকেলৰো হানি হোৱাৰ পিছত বাদ দিয়া হ'ল৷ সেয়া আছিল চাইকেলৰ যুগ৷ এতিয়া বাইকৰ৷ সমান্তৰালভাৱে, সময়ৰ লগে লগে মানুহৰ সাহসেও বহুত অগ্ৰগতি লভিলে৷ এতিয়া বাইক ষ্টাণ্ট কৰা ল’ৰাহঁতৰ দুঃসাহসটো মনৰ ভিতৰতে কল্পনা কৰি চাওঁ আৰু আচৰিত নহৈ নোৱাৰোঁ৷ যৌৱনৰযে কি এক প্ৰচণ্ড শক্তি আছে, তাৰে দেখদেখ প্ৰমাণ কম বয়সীয়া এই ল'ৰাবোৰ৷ কথা হ’ল, সিহঁতৰ সেই দুৰ্জেয় ইচ্ছাশক্তিক কি ক্ষেত্ৰত, কি উদ্দেশ্যত প্ৰয়োগ কৰা হৈছে, সেইটো গুৰুত্বপূৰ্ণ৷ যৌৱনৰ এনে উৎসাহক সুবাটে পৰিচালিত কৰিব পাৰিছোঁনে বাৰু আমি? সেইটো এটা গম্ভীৰ প্ৰশ্ন৷ বয়স আৰু মানসিকতাৰ ফালৰ পৰা অত্যন্ত দুঃসাহসী এনে ডেকাবোৰক উপযুক্ত দিকদৰ্শন দিব পাৰিলে, যৌৱনৰ উৎপাতক জীৱনমুখী উৎসাহলৈ ৰূপান্তৰিত কৰিব পাৰিলে ব্যক্তিগতভাৱে সিহঁতৰ নিজৰ আৰু সামগ্ৰিকভাৱে সমাজৰ মহতী সাধন নিশ্চয় নোহোৱাকৈ নাথাকে৷ অভিভাৱকেও যোগাত্মক ৰূপত এবাৰ চিন্তা কৰা উচিত, পালচাৰখনৰ শক্তি আৰু তাৰ যৌৱনৰ সাহসেৰে ল'ৰাটোৱে এনেকুৱা কি কি উদ্দেশ্যধৰ্মী কাম কৰিব পাৰে, যিটো কৰিব পাৰিলে তাৰ এটা জীৱন হ'ব, একক আৰু অনন্য এটা পৰিচয় হ'ব৷

No comments:

Post a Comment