কিবিথো : য’ত শেষ হৈছে পূবৰ পথটো
তিনি. হায়ুলিয়াঙৰ পৰা ৱালঙলৈ...
খুপা : হায়ুলিয়াঙৰ পৰা ৪২কিল’মিটাৰ আগলৈ অৱস্থিত এই ঠাই৷ ইয়াত
এটা সৰু তেল ডিপ’, আমপানী নামে লজ আছে৷ খুপাৰ
পৰা ১০০কিল’মিটাৰ আগলৈ ৱালং৷
হাৱাই : আনজাৱ জিলাৰ সদৰ ঠাই৷ কামান মিচিমি দোৱানত
হাৱাইৰ অৰ্থ হৈছে পুখুৰী৷ লোহিত নদীৰ বাঁওহাতে, হায়ুলিয়াঙৰ পৰা ৫৮কিল’মিটাৰ দূৰত্বত দক্ষিণ-পূবে এই
ঠাই অৱস্থিত৷ সমুদ্ৰপৃষ্ঠৰ পৰা এই ঠাইৰ উচ্চতা ১,২৯৬মিটাৰ৷ ইয়াত লোহিত নৈৰ ওপৰত আনজাৱ নামৰ কেবোল চাচপেনচন
ব্ৰিজ এখন আছে৷ নৈ পাৰ হৈ পাহাৰৰ বক্ষত থকা এই স্থানৰ জলবায়ু সুখকৰ৷ প্ৰাকৃতিক দৃশ্যাৱলীও
মনোমোহা৷ জনজাতীয় সংস্কৃতিৰে একক আৰু অনন্য স্থান৷ হাৱাইৰ পৰা ৱালঙলৈ দূৰত্ব ৫০কিল’মিটাৰ৷ হাৱাইত চাৰ্কিট হাউচ আছে৷
ৱালং : আনজাৱ জিলাৰ এখন প্ৰশাসনীয় ঠাই৷ ৱালং চাৰ্কোলৰ
হেড-কোৱাৰ্টাৰ৷ মিচিমি দোৱানত ৱালং শব্দৰ অৰ্থ a place full of bamboos৷ সমুদ্ৰপৃষ্ঠৰ
পৰা ইয়াৰ উচ্চতা ১,০৯৪মিটাৰ৷ এই ঠাই লোহিতৰ পশ্চিম পাৰে অৱস্থিত৷ তেজুৰ পৰা ইয়ালৈ দূৰত্ব
২০০কিল’মিটাৰ৷ ইয়াৰ পৰা চীন সীমান্ত
২০কিল’মিটাৰ আঁতৰত৷ ১৯৬২চনৰ চীন-ভাৰত
সমৰৰ থলী হিচাপে এই ঠাইৰ ঐতিহাসিক আৰু সামৰিক গুৰুত্ব আছে৷ তেজুলৈ ইয়াৰ পৰা বাছ চলে৷
ৱালঙৰ পৰিৱেশ শান্ত-সমাহিত৷ বিশাল পৰ্বতৰ থিয় ঢাল
এটাত এই সৰু ঠাইখন৷ মাজেদি ৰাস্তাটো, তলত লোহিত নদী৷ জনবসতি সেৰেঙা৷ ৰাস্তাৰ একাষে
পিচিঅ’, চাহ দোকান, চেলুনকে ধৰি এশাৰী
দোকান৷ ৱালং জেনেৰেল ষ্ট’ৰ ৱালঙৰ একমাত্ৰ অসামৰিক দোকান৷
আনকাষে সৰু সৰু ঘৰ৷ দৰাচলতে ৱালং এখন আৰ্মী কেণ্টনমেণ্ট৷ সৈন্য বাহিনীৰ কেম্পটোৱেই
ডাঙৰ ইয়াত৷ লোহিতৰ পাৰত সিঁচৰতি হৈ আছে সেনাৰ কোৱাৰ্টাৰ বা বেৰেকবোৰ৷ ইয়াত এটা হেলিপেড
আৰু ইন্সপেকচন বাংল’ আছে৷ পাহাৰৰ ওপৰলৈ আছে এটা চৰকাৰী
চাৰ্কিট হাউচ৷ শিলৰ খটখটীৰে বজাৰৰ পৰা চাৰ্কিট হাউচলৈ চৰ্টকাট মাৰি যাব পাৰি৷ চাৰ্কিট
হাউচৰ পৰা পৰ্বতৰ চূড়া আৰু উপত্যকাৰ দৃশ্য উপভোগ কৰিব পাৰি৷ উপত্যকাটোত সঘনাই ফেৰফেৰীয়া
বতাহ বলি থাকে আৰু বেলি সোনকালেই নেদেখা হোৱাৰ ফলত আন্ধাৰো সোনকালেই হয়৷
ৱালঙত চীন-ভাৰত যুদ্ধত মৃত্যুবৰণ কৰা ভাৰতীয় সৈন্যৰ
প্ৰতি উচৰ্গা কৰা হৈছিল টাইম মেগাজিনৰ ৩০নবেম্বৰ ১৯৬২ তাৰিখৰ সংখ্যাটি৷ তাত এইবুলি
উল্লেখ কৰা হৈছিল ‘At Walong, Indian troops
lacked everything. The only thing they did not lack was guts.’ ১৯৬২ৰ ছেপ্টেম্বৰত যেতিয়া চীনে
ভাৰতৰ উত্তৰ-পূব খণ্ড Tiger's mouthএদি আক্রমণ চলোৱাৰ পৰিকল্পনা ৰচনা কৰিলে তেওঁলোকে
ভাৰতীয় সৈন্য সষ্টম নোহোৱাটোকে প্ৰতিপন্ন কৰিছিল৷ তেনেকুৱা এক অভাৱনীয় পৰিস্থিতিত যিটোৱে
চীনা সৈন্যক ভেটিবলৈ সমৰ্থ হ’ল সেয়া আছিল ভাৰতীয় সৈন্যৰ সাহসিক প্ৰতিৰোধ৷ এই সংক্ৰান্তত দেশৰ তদানীন্তন
প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে ১২নবেম্বৰত অল ইণ্ডিয়া ৰেডিঅ’যোগে দিয়া ভাষণে (…My heart goes out for the
people of Assam) চিন্তিত কৰি তুলিছিল সেই সময়ৰ অসমবাসী জনগণক৷ বহুতে বহুত ধৰণেৰে আজিও
ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে৷ পিছত ২০নবেম্বৰৰ মাজনিশা ৰেডিঅ’ অষ্ট্ৰেলিয়াত শুনিবলৈ পোৱা
গৈছিল এক ঘোষণা… China has declared
unilateral ceasefire৷ একপক্ষীয় যুদ্ধ বিৰতি৷ কোৱা হয়, ফৰৱাৰ্ড পলিচীৰ জৰিয়তে বাৰে
বাৰে সীমা ঠেলাৰ বাবেই এনেকৈ ভয়ানক ধৰণে শাস্তি দি ভাৰতীয় সেনাৰ কামিহাড় ভাঙি দিছিল
চুবুৰীয়া চীনে৷ চীনা কিয় আহিছিল তাৰ ব্যাখ্যাও অৱশ্যে বেলেগ বেলেগৰ মুখত বেলেগ ধৰণে
শুনা যায়৷ আনহাতে, ইমান ওচৰলৈ আহিও, সেই ভাৰতীয় অঞ্চলসমূহ অধিগ্ৰহণ নকৰি চীনা কিয় ঘূৰি
গ’ল সেয়া আজিও ডাঙৰ প্ৰশ্ন৷
১৯৬২ৰ ২২অক্টোবৰৰ পৰা ১৬নবেম্বৰ পৰ্যন্ত শিখ, কুমাওঁন,
গোৰ্খা আৰু ডোগ্ৰা ৰেজিমেণ্টৰ জোৱানসকলে উমৈহতীয়া শত্ৰুৰ বিৰুদ্ধে অজানা এলেকাটোত
তয়াময়া যুদ্ধত লিপ্ত হ’ল৷ যুদ্ধৰ বাবে কোনো ধৰণৰ প্ৰস্তুতি
নথকা ভাৰতীয় সৈন্যই পৰ্যাপ্ত পৰিমাণৰ যুদ্ধাস্ত্ৰৰ অভাৱত আগ্ৰাসী চীনা সৈন্যৰ অতৰ্কিত
আক্রমণত তিষ্ঠিব নোৱাৰিলে৷ সন্মুখ সমৰত বহুতৰে মৃত্যু হ’ল৷ কোনো কোনোৱে ছত্ৰভংগ দিলে৷
প্ৰাণ লৈ বগুৱা বাই পলাওঁতে তিনিওফালে ওখ পৰ্বতে ঘেৰা দুৰ্গম ৱালং ভেলীত নিখোজ হ’ল বহুজন৷ যিখিনি ৰ’ল সেইখিনিৰ বাবে নিৰ্দেশ বুলিবলৈ
একো কথাই নাথাকিল৷ শেষৰটো বুলেট হাতত থকালৈকে, শেষৰজন সৈন্য জীৱিত থকালৈকে তেওঁলোকে
যুদ্ধ কৰি গ’ল৷অৱশেষত গুলীয়াগুলী শেষ হ’ল, যুদ্ধ বিৰতি হ’ল৷ ভাৰতীয় বাংকাৰসমূহত দেখা গ’ল সেনাৰ মৃতদেহবোৰ৷ চীনা সৈন্যই
মৰাশবোৰ ঢাকিলে৷ দুৰ্গম পাহাৰৰ শিলৰ ফাঁকত, পাইন গছৰ তলত, ঘাঁহৰ মাজত যুদ্ধবিধ্বস্ত
জোৱানৰ ইউনিফৰ্মৰ টুকুৰা, বন্দুক-বাৰুদকে ধৰি হাথিয়াৰ, ব্যক্তিগত বস্তু-বাহানি এতিয়াও
সিঁচৰতি হৈ থকাৰ সম্ভাৱনা নুই কৰা নাযায়৷ ৱালঙৰ ভূমিস্খলনৰ থলী পৰিষ্কাৰ কৰোঁতে তেনে
সামগ্ৰী এতিয়াও উদ্ধাৰ হৈছে৷
ৱালং যুদ্ধত নিহত যোদ্ধাসকলৰ সাহস আৰু ত্যাগৰ প্ৰতি
শ্ৰদ্ধা নিবেদনৰ অৰ্থে স্মাৰক হিচাপে ৱালঙত সজা হৈছে Hut of Remembrance৷ বগা ৰঙৰ সুদৃশ্য
ৱাৰ মেম’ৰিয়েল বিল্ডিঙৰ ক’লা মাৰ্বলৰ ফলকত লোহিত ভেলীৰ
উক্ত যুদ্ধত নিহত ছহিদ জোৱানসকলৰ নাম খোদিত কৰি ৰখা হৈছে৷ বহুসংখ্যক ভাৰতীয়ই চীন-ভাৰত
যুদ্ধত ভাৰতীয় সেনাৰ এই আত্মত্যাগ আৰু বেদনাদায়ক ঘটনা-প্ৰৱাহৰ বিষয়ে আজিও হয়তো নাজানে৷
অৰুণাচল হিমালয়ৰ দুৰ্গম পৰ্বত শিখৰত প্ৰচণ্ড শীতৰ লগতে ভোক-পিয়াহত জৰ্জৰিত দেহাৰে মাতৃভূমিক
বিদেশী শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰাৰ লক্ষ্যত প্ৰাণ আহুতি দিয়া বীৰ জোৱান ছহিদৰ নাম সময়ৰ
এপিটাফত সোণালী আখৰেৰে কাললৈ খোদিত হৈ ৰ’ল৷ সেই কষ্ট আৰু ত্যাগৰ আজিও নীৰৱ সাক্ষী হৈ ৰ’ল সুউচ্চ পৰ্বতমালা আৰু পৰ্বতৰ
ফাঁকেৰে বৈ থকা লোহিত নৈখন৷
ৱালঙৰ পৰা কিবিথোলৈকে সৰ্পিল পথছোৱা লোহিতৰ পাৰে
পাৰেই নিৰ্মাণ কৰা হৈছে৷ ভাৰতীয় সেনা আৰু সীমান্ত পথ সংগঠনে এই অঞ্চলৰ বাট-পথবোৰ নিৰ্মাণ
কৰিছে৷ পথছোৱাত পকী দলঙৰ উপৰি বাঁহ আৰু কাঠৰ তক্তাৰে নিৰ্মিত, তাঁৰেৰে খোপনি ধৰি ৰখা
অনেক ওলোমা দলং দেখিবলৈ পোৱা যায়৷ অপৰ্যাপ্ত পৰিমাণে পোৱা পাইন কাঠেৰে নিৰ্মিত ইয়াৰ
ঘৰবোৰ৷ সমগ্ৰ অঞ্চলটোৰেই দৃশ্যাৱলী চালে চকুৰোৱা৷ ৰাজ্যখনৰ ভিতৰতে ই অতিশয় সম্ভাৱনাপূৰ্ণ
পৰ্যটনস্থলী৷ পাহাৰৰ বক্ষত ৰোমাঞ্চকৰ আৰু শিহৰণকাৰী ট্ৰেকিঙৰ বাবেও এখন জনপ্ৰিয় ঠাই৷
(আজিলৈ ৱালঙতে হল্ট৷ কাইলৈ পামগৈ ডং, য’ত সূৰুযে ভুমুকি মাৰে, দেশখনৰ
ভিতৰতে সকলোতকৈ আগেয়ে৷)
No comments:
Post a Comment