ফাকুৱাৰ স্নেপশ্বট, বিগত দিনৰ...
নৰ্দমাৰ লেতেৰা পানীৰেওযে স্ফূৰ্তিৰ খেল হেঁপাহ পলুৱাই খেলিব পাৰি, তাৰ উমান পাইছিলোঁ আমাৰ তিনি নম্বৰ হোষ্টেলত৷ বাঘৰ আগতেল খোৱা কেইটামান সহপাঠী সখিৰ সংগী হোৱাৰ সেই সৌভাগ্য আৰু একে আষাৰে বিৰল বুলিব পৰা মুহূৰ্ত কিছুমানক বছৰেকীয়া ফাকুৱা উৎসৱৰ আপাহতে বৰ গৌৰৱেৰে মনত পেলাইছোঁ আজি৷ সেই দিন, সেই অদ্ভুত স্ফূৰ্তি মানসপটত চিৰউজ্জ্বল হৈ থাকিব জীৱন থকা পৰ্যন্ত৷ তেনেকুৱা নিৰ্ভেজাল কাণ্ড কিম্বা আনন্দ বোধ কৰোঁ এতিয়া আৰু নাই৷ বহুতকে এতিয়া চুলেই বিপদ! সন্মান-আত্মসন্মানৰ মেৰপেছত আৱদ্ধ ব্যক্তি-জীৱন৷
পুৱা ডাইনিং হলত তেলীয়া ৰুটিকেইখন পেটত পেলাই লোৱাৰ পিছতে ল'ৰাহঁতৰ খেদা-কুৰা আৰম্ভ হৈ গৈছিল৷ বেছি ‘চৰিফ’ দেখুওৱা, কিতাপৰ বাদে বাকী একো চিনি নোপোৱা ছাতৰকেইটা আক্রমণৰ বলি হৈছিল প্ৰথমেই৷ ৰুমত খিলি লগাই, বাথৰুমৰ ভিতৰত লুকায়ো কোনো লাভ নাই৷ এতেকে সমৰ্পণেই শ্ৰেয়৷ শুভস্য শীঘ্ৰম৷ যিমান সোনকালে ‘ফাইল’ত আহি যোৱা যায়, সিমানেই বেছি ‘মস্তি’ৰ পৰিমাণ৷ তেনেকৈয়ে পোনতে দুটা খটাসুৰেৰে আৰম্ভ হোৱা দলটো হৈছিলগৈ বিশজনীয়া, বা তাতোকৈ সৰহীয়াও৷ হোলী গীত গাই, নাচি-বাগি এসময়ত ওলাই গৈছিল ৰাজপথলৈ, ‘হোলী হেই’ হৰ্ষোল্লাসেৰে৷ ক’ত যাব তাৰ পিছে কোনো ঠিকনা নাছিল৷ ‘চক্কৰ মাৰিব লাগে’ মুঠতে৷
ফাকুৱা খেলিবলৈ নিজৰ হাতত ৰং থাকিব লাগিব ঠিকেই, কিন্তু খালী হাতে চাফা সাজত ওলালেও অকণোৱেই অসুবিধা নাই৷ কিম্ভুত-কিমাকাৰ ৰূপ ধাৰণ আপোনা-আপুনি হৈ যায়৷ কেৱল সমদলত গৈ থাকিলেই হ’ল৷ পকেটে পকেটে ৰং সোমাই গৈছিল আপোনা-আপুনি৷ দোকানৰ আগত থিয় দি নীলৰ পেকেট, উজালা, পাউডাৰ যি লাগে লৈ ল’লেই হ’ল৷ সেইদৰে পছন্দমতে ভিন্নৰঙী ফাকুগুড়িৰ ঠোঙাও৷ পইচা? নালাগে, ফ্ৰী৷ চাই-চিতি ‘উঠা’লেই হয়৷ হোটেলৰ আগেদি পাৰ হৈ যাওঁতেও অৱশ্য-কৰ্তব্য এফেৰা থাকে৷ সজাই থোৱা মিঠাইৰ আলমাৰীৰ পৰা ৰসগোল্লা-লালমোহন, কালাকান-চমচম যিটোকে মন যায়, নিজ হাতে লৈ মুখত ভৰাব পাৰি৷ ইমানেই সুবিধা, ইমানেই ‘আজাদী’, ফাকুৱা বুলি! যেন বাপেকৰহে বেহা, কোনেও একো নকয়৷ (কৈ মৰিলেহে হ’ব দৈত্যসোপাক!)
যিকোনোৰে ঘৰত বাধাহীন, দুঃসাহসী প্ৰৱেশ ইহঁতৰ৷ চৌহদৰ ভিতৰত ৰৈ থকা মানুহৰ গাত ফাকুৰ বোল দেখিলেই হ’ল৷ সোমাই গ’ল আৰু সন্মুখত যাকে-য’তে পালে তাকে ‘বনাই’ পেলালেগৈ৷ সেইজন যদি আকৌ ভয়তে ভিতৰমুৱা হ’ল, তেন্তে ‘পিছা কৰি’ গ’ল! ভিতৰতেই ৰং দিয়া ৰং লোৱা চলিল৷ কোনোবা গৃহস্থ বা গৃহস্থনীয়ে উৎসৱ পালনাৰ্থে সাজু কৰি ৰখা জেলেপী, বৰফি, বুন্দিয়াৰ লাড়ু আদিৰে ভৰা মিঠাইৰ ডাঙৰ থালখন আগ বঢ়াই দিবলৈ পালেহে মাত্ৰ, তৎমুহূৰ্ততে সমুদায় আদায়৷ লাজ কৰিবলগীয়া কিটোনো? খাবলৈহে দিছে, ফাকুৱা বুলি৷ আন দিনানো ক’ত?
চিনাকি-অচিনাকি, মুনিহ-তিৰোতাৰ প্ৰশ্ন নাই৷ সকলোৱেই যেন খেলিবৰ বাবে উদ্যত হৈ আছে ইহঁতবোৰৰ সৈতেহে! হোলী বুলিলে মন চবৰে মুকলি৷ একেটাই ভাব, ‘আজ খেলেংগে হোলী’৷ কোনো ভেদ-পৰ নাই৷ ভিন্নৰঙী হ'লেও সকলো আপোন৷ যেনিতেনি কেৱল এটাই সুৰ… ‘চা-ৰা-ৰা-ৰা … চা-ৰা-ৰা-ৰা’৷

No comments:
Post a Comment