মহাজীৱনৰ অন্বেষণত এদিন...
(শ্ৰী অভিজিত কলিতাৰ হাতত, মৰমেৰে)
(শ্ৰী অভিজিত কলিতাৰ হাতত, মৰমেৰে)
৷ এক ৷
দিনাংক ২৪.৬.২০০৪৷
‘প্ৰাচ্যৰ স্কটলেণ্ড’ শ্বিলঙৰ পশ্চিমাকাশত তেতিয়া বেলি লহিয়াইছিল৷ গুৱাহাটীৰ পৰা কৰা টাটা চুম’ৰ তিনিঘণ্টীয়া যাত্ৰা সামৰি পুলিচ বজাৰৰ সমীপত গাড়ীৰ পৰা নামি দিলোঁ৷ লানি নিছিগা মাৰুতি-টেক্সীবোৰৰ এখনে আমাৰ নিৰ্দেশ পালন কৰি কঢ়িয়াই নিলে আৰু ডনবস্ক’ৰ সন্মুখত নমাই দিলে৷ আমি মানে মই আৰু মোৰ আৰ্টিষ্ট বন্ধু দেবেন তিমুং৷ খুব উৎসাহিত বোধ নকৰিলেও কিবা এটা ভাবি তেওঁ মোৰ প্ৰস্তাৱত সন্মতি প্ৰদান কৰিলে আৰু ৰাতিপুৱা ডিফু ৰে’ল ষ্টেচনত মূৰামূৰি সময়ত ততাতৈয়াকৈ হ’লেও যেনিবা হাজিৰ হ’ল৷ নাহিলে অকলে হ’লেও যাম বুলি অপেক্ষাৰ ক্ষণ গণি থকাৰ মুহূৰ্ততে স্থিৰ কৰি পেলাইছিলোঁ অৱশ্যে৷ সি যি কি নহওক…
সচৰাচৰ দি থকাৰ দৰে বৰষুণৰ কিন্কিননি সেই সময়ত
নাছিল৷ দাদা অজিত তিমুঙৰ কণমানি, মৰমলগা কিতাপখনৰ অষ্টম পৃষ্ঠাত মুদ্ৰিত এটা ঠিকনা
আৰু ছাৰ বাৰ্নাৰ্ড ৰংফাৰে মোৰ পকেট নোটবুকত আঁক-বাক কৰি দিয়া ৰ'ড-মেপ অনুসৰণ কৰি আমি
অগ্ৰসৰ হৈছোঁ৷ পাহাৰীয়া সৰ্পিল পথৰ আলিদোমোজাত লগ পোৱা বিভিন্নজনক সুধি সুধি এটা সময়ত
লোৰ প্ৰকাণ্ড গেইট এখনৰ আগত আমাৰ খোজ স্থিৰ হৈ ৰ’ল৷ তেতিয়ালৈ আমি শ্বিলঙৰ লাচুমিৰৰ মাকাশ্বিয়াঙত৷
গেইটখনত লিখা আছিল এটা শব্দ৷ EBENEZAR৷ নাজানো তাৰ অৰ্থ৷ আমি বিচাৰি যোৱা ঘৰটো হয়নে নহয়, তাকো নাজানো৷ কোনোবাই কোৱাতহে থমকিলোঁ৷ ইফালে-সিফালে চাই প্ৰৱেশদ্বাৰ সংলগ্ন ক’লিংবে’লটো টিপি দিয়া হ’ল৷ তৎমুহূৰ্ততে ওলালহি খাচিয়া ডেকা এটা৷ কি বুলি সোধো তাক? হাতত লৈ থকা কিতাপখনৰ বেটুপাতটো দেখুৱালোঁ৷ হিন্দীতে সুধিলোঁ... ‘এই মহিলাগৰাকী ইয়াতে থাকে নেকি বাৰু, জনাব পাৰানে?’ ছবিখন তেওঁ একান্তমনে চালে অলপ পৰ৷ আমাক গেইটৰ ভিতৰত সোমোৱালে৷ তাতে ৰ’বলৈ কৈ খটখটি বগাই ল’ৰাটো অদৃশ্য হ’ল৷ ক্ষন্তেক পিছতে তেওঁৰ পুনৰাগমন ঘটিল৷ অলপমান ওখত অৱস্থিত ঘৰ এটালৈ আমাক আগ বঢ়াই লৈ গ’ল৷ এবুকু আশা লৈ আমিও ছিৰিৰে উঠিব ধৰিলোঁ৷
‘Are you Bonily Khongman?’ মনৰ অভ্যন্তৰত ইমানপৰে স্তূপীকৃত
অবৰ্ণনীয় অনুসন্ধিৎসাক মুঠেই দমন কৰিব নোৱাৰি উত্তেজনাত পোনছাটেই সুধি পেলালোঁ সন্মুখত
দেখা দিয়া মহিলাগৰাকীক৷ চুটি বগা চুলিৰে চশমা পৰিহিতা ভদ্ৰমহিলাগৰাকীয়ে তেতিয়া ঠিক
দৰজাখনৰ এপাত খুলি ওলাই আহিছিলহে৷ আকৌ এষাৰ ক’লোঁ… ‘We are coming from Diphu,
Karbi Anglong, Assam.'
'No no. I am not Bonily Khongman. Bonily
Khongman is my mother. She is too old now.’ মৃদুভাষী মানুহগৰাকীয়ে কথাখিনি লাহে-ধীৰে কৈ ড্ৰয়িংৰুমৰ
দৰজাখন খুলিলে আৰু ভদ্ৰোজনোচিতভাৱে আমাক বহিবলৈ অনুৰোধ জনালে… ‘Please...’
লক্ষ্যস্থানত উপস্থিত হ’ব পৰাৰ সফলতা আৰু তাতোকৈ জীৱন্ত অৱস্থাতে এগৰাকী বৰ্ষীয়সী বিদুষীক স্বচক্ষে প্ৰত্যক্ষ কৰিব পৰাৰ আসন্ন সম্ভাৱনাৰ কথা ভাবি নথৈ পুলকিত হৈ উঠিলোঁ৷ ভগৱানক মনে মনে ধন্যবাদ দিলোঁ এই সুখ-স্বপ্ন পূৰ্ণ কৰা অৰ্থে৷
আসন গ্ৰহণ, পৰিচয় প্ৰদানৰ পিছত বনেলী খংমেনৰ সৈতে
সৌজন্যমূলক সাক্ষাতেইযে আমাৰ আগমনৰ উদ্দেশ্য, তাক ব্যক্ত কৰা হ’ল৷
‘Oh! She is very old, you know? She can't speak due to her old age. She can't walk properly. She is like a child, you know...’ বেদনা প্ৰকাশক স্বৰ এটাৰে কৈ গ’ল বয়োবৃদ্ধাগৰাকীৰ একমাত্ৰ জী জয়েচ খংমেনে৷ প্ৰথম দৰ্শনত তেওঁকেই বনেলী খংমেন বুলি ভাবি ভুল কৰিছিলোঁ৷ জীয়েকৰে বয়সে ভাটি দিছে, তেনেহ’লে তেওঁৰ মাতৃৰ শাৰীৰিক অৱস্থাটো কেনেকুৱা হ’ব? মনে মনে চিন্তা কৰি চালোঁ এবাৰ৷ জয়েচে তেনেকৈ কোৱাত ক্ষন্তেকৰ বাবে মনটো সেমেকিও উঠিল৷ তেন্তে কি, লগ পোৱা নাযাব নেকি? ...এই ভাবত৷
কাষৰ ঘৰটোত জয়েচৰ ককায়েকে বাস কৰে৷ নিজৰ ককায়েকক
মাতি আনিবলৈ বুলি তেওঁ আমাৰ পৰা কিছু সময়ৰ বিৰতি বিচাৰিলে৷ তাৰ পিছত ভিতৰৰফালে গ’লগৈ৷
লাচুমিৰ হিল্চৰ শান্ত-সমাহিত পাৰিপাৰ্শ্বিকতাৰ মাজত জাক্জমকতাশূন্য কিন্তু পৰিপাটি, নাতিবৃহৎ কোঠালি এটাত এক মহাজীৱনৰ দৰ্শন লাভৰ প্ৰতীক্ষাত আমি দুয়ো বন্ধু বহি আছোঁ বুকুত অযুত আশা লৈ৷ খিৰিকীৰে বাহিৰত দৃশ্যমান হৈছে ‘পাহাৰৰ ৰাণী’ শ্বিলং চহৰৰ জীৱন্ত এখন তৈলচিত্ৰ৷ কোঠাটো একোণত সুসজ্জিত ৰূপত শ্বিলঙৰ বৈশিষ্ট্য ফায়াৰ প্লেছ, অৰ্থাৎ জুহাল৷ বিপৰীতে বেৰত থকা কাঠৰ ছেল্ফত কিছুমান পুৰণি কিতাপ-পত্ৰ৷ অন্য এখন বেৰত ওলোমাই ৰখা হৈছে প্ৰায় ৩.৫ফুট, ১.৫ফুট দীঘ-প্ৰস্থৰ ফ্ৰেমত বন্ধা দীঘলীয়া আকাৰৰ ফটো এখন৷ নতুন দিল্লীৰ সাংসদ ভৱনৰ সন্মুখত প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ সৈতে প্ৰথম শাৰীত বহি ১৯৫৪চনৰ ৪ছেপ্টেম্বৰ তাৰিখে তোলা বনেলী খংমেনৰ ফটোখনে যেন এককভাৱেই কোঠাটোলৈ কঢ়িয়াই আনিছে এক ধৰণৰ গম্ভীৰতা৷ তাৰ লগে লগে ঘোষিত হৈছে অতীত-বৈভৱ৷
লেফটেনেণ্ট কৰ্নেল (ৰিটায়াৰ্ড) মাৰ্টিন খংমেন৷
জয়েচ খংমেনৰ তৃতীয়জন ককায়েক৷ অৱসৰ গ্ৰহণৰ পিছত শ্বিলঙতে আছে৷ স্বভাৱসুলভ মিলিটেৰী আদৱ-কায়দা৷
চিনাকি পৰ্বত আমি তেওঁৰ মাকক দেখা কৰিবলৈ অসমৰ কাৰবি আংলঙৰ পৰা যোৱা সত্যানুসন্ধানী
বুলি গম পাই অতিশয় আনন্দিত হ’ল৷ আনহাতে অন্তৰ্বেদনা-প্ৰকাশক ভাব-ভাষাৰে জনালে… ‘I don't think mummy will be
able to take part in conversation. Moreover she has lost her memory. She can't
recall her past. Mummy is going to be 92.’
মাতৃগৰাকীক এবাৰ দেখা পালেই আমাৰ অনন্ত ইচ্ছাৰ
নিবৃত্তি ঘটিব বুলি জানিবলৈ দিলোঁ৷ বিভিন্ন বিষয়ৰ আলোচনা চলিল আমাৰ মাজত৷ বাৰ্তালাপৰ
মাজতে জয়েচ খংমেনে আমাৰ অনুমতি লৈ অলপ সময়ৰ বাবে ভিতৰলৈ যাব বিচাৰিলে৷ ক্ষন্তেক পিছতে
কেক্-বিস্কুট-চাহ লৈ সোমালহি৷ চাহ পৰিৱেশন কৰি তেওঁ পুনৰ ভিতৰলৈ গ’লগৈ৷
আমি চাহ খাই থকা অৱস্থাতে চাংঘৰটোৰ বাৰাণ্ডাৰ মজিয়াখনৰ
কাঠত টোকৰ মৰাৰ দৰে খট্ খট্ শব্দ এটা অলপ পৰৰ মূৰে মূৰে ভাহি আহিব ধৰিলে৷ কিবা গম
পাই কৰ্নেল চাহাব উঠি দিলে৷ ঠিক সামৰিক ভংগীমাত৷ দীৰ্ঘ সময় বাট চাবলগীয়া নহ’ল৷ দেখিলোঁ, জীয়েক আৰু বোৱাৰীয়েকে
ধৰি ধৰি লৈ আহিছে আমাৰ বহু অপেক্ষাৰ কেন্দ্ৰবিন্দু, গৰীয়সী মাতৃগৰাকীক, আমি আজি যাৰ
দৰ্শনপ্ৰাৰ্থী৷ কৰ্নেল চাহাব আগুৱাই গ’ল৷
হাতৰ বেতৰ লাখুটিডালত ভৰ দি পুত্ৰ-কন্যাৰ সাহায্যত
টুকুৰ টুকুৰ কৰি আগুৱাই আহি কোঠালিৰ দুৱাৰমুখ পালেহি৷ দেবেনলৈ চাই হাঁহি মাৰি ক’লোঁ… ‘আহিছে, লৈ আহিছে৷’ মুখ ঘূৰাই সিফালে চাওঁতেই চকুৱে
চকুৱে পৰিল৷ শুভ্ৰকেশী, চুটি-চাপৰ৷ লগে লগে থিয় হৈ নমস্কাৰ দিলোঁ৷ মৃদুভাৱে হাঁহিলে৷
মূৰ দুপিয়াই আমাৰ অভিবাদন গ্ৰহণ কৰিলে৷ জীয়েকে খাচি ভাষাতে কিবাকিবি ক’লে৷ কি বুজিলে নাজানিলোঁ৷ আকৌ
হাঁহিলে৷ বেতৰ চকী এখনতে তেখেতক বহুৱাই দিয়া হ’ল৷
আমাৰ সন্মুখত এয়া শ্ৰীযুতা বনেলী খংমেন৷ প্ৰাক-বৈবাহিক
কাবন নেলি তিমুংপী৷ সৰল মুখমণ্ডল আৰু উজ্জ্বল এহাল চকু যিযোৰৰ পৰা নিৰ্গত হৈছে শুভ্ৰতাৰ
তিৰ্বিৰণি৷ কাৰবিৰ প্ৰথম স্নাতক মহিলা, কাৰবি আংলঙৰ প্ৰথম বিদূষী নাৰী; কেইবাখনো হাইস্কুলৰ
শিক্ষয়িত্ৰী, প্ৰধান শিক্ষয়িত্ৰী; বিধায়িকা, অসম বিধান সভাৰ প্ৰথম মহিলা উপাধ্যক্ষা,
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম মহিলা সাংসদ, নিউয়ৰ্কত বহা ৰাষ্ট্ৰসংঘৰ দশম সাধাৰণ সভাত ভাৰতক
প্ৰতিনিধিত্ব কৰা প্ৰথম মহিলা, অসম লোকসেৱা আয়োগৰ সদস্যা আৰু পিছলৈ অধ্যক্ষা, কেন্দ্ৰীয়
লোকসেৱা আয়োগৰ সদস্যা আৰু পিছলৈ অধ্যক্ষা, নাগালেণ্ড দৰমহা আয়োগৰ অধ্যক্ষা, অনেকবোৰ
শৈক্ষিক-সামাজিক সংগঠনৰ জন্মদাত্ৰী, সদস্যা, উপ-সভানেত্ৰী, সভানেত্ৰী, উপদেষ্টা, লেখিকা
আৰু কত কি! এনে এক ঈৰ্ষণীয় জীৱন-পঞ্জীৰ গৰাকীনী বনেলী খংমেনলৈ অপলক নেত্ৰে বহু সময়
চাই থাকি নয়ন সাৰ্থক কৰিলোঁ, হৃদয় জুৰাই পেলালোঁ৷
কাৰবিৰ জীয়ৰী, খাচিয়াৰ বোৱাৰী, অসম নহয়, ভাৰতৰে
গৌৰৱ মাতৃগৰাকীৰ সম্বৰ্ধনাৰ উদ্দেশ্যে ডিফুৰ পৰা কঢ়িয়াই নিয়া কাৰবি ‘পেছাৰ্পি আৰেণকেচক আৰিপ্চাক’খনেৰে তেখেতক মেৰিয়াই দিলোঁ৷
হাঁহিৰে সম্ভাষণ গ্ৰহণ কৰিলে৷ অজিতদাৰ চিন্তা আৰু কষ্টৰ ফচল ‘Kabon Neli Timungpi’, ২০০৩ত প্ৰকাশিত কিতাপখন দুহাতত
তুলি দিলোঁ৷ বেটুপাতৰ ফটোখনলৈ খুব মনোযোগেৰে দৃষ্টি নিক্ষেপ কৰিলে৷ মেলিবলৈকো যত্ন
কৰা দেখা গ’ল৷ দেবেনে ছবি আৰু কবিতাৰ মিশ্ৰণেৰে
সৃষ্টি কৰা নিজৰ গ্ৰন্থ ‘জেংজিৰি’ এখনৰ লগতে কাৰবি আংলং স্বায়ত্তশাসিত
পৰিষদৰ কেলেণ্ডাৰ উপহাৰ দিলে৷ লিৰিকি-বিদাৰি চালে সেইবোৰ৷ পুত্ৰ-কন্যা দুয়ো মাকৰ হৈ
আমাক ধন্যবাদ জ্ঞাপন কৰিলে৷
শিক্ষাব্ৰতী, ৰাজনীতিক, সমাজকৰ্মী বনেলী খংমেনৰ
ইতিহাস সম্বন্ধে পঢ়িবলৈ পোৱা ডুখৰীয়া কথাবোৰৰ উপৰি তেখেতৰ বিষয়ে অধিক জানিবৰ বাবে মনৰ
ইচ্ছা ফলৱতী হোৱাত পূৰ্ণ সহযোগিতা আগ বঢ়ালে মাতৃগৰাকীৰ তদাৰককাৰীৰ ভূমিকা লোৱা জয়েচ
আৰু মাৰ্টিন দুয়োজনেই৷
অনেক কথা-বতৰাৰ মাজতে তেখেতৰ শুৱাৰ সময় হোৱাত জীয়েকে
আমাক বেয়া নাপাবলৈ অনুৰোধ কৰিলে আৰু মাকক ভিতৰলৈ নিবলৈ ওলাল৷ কণ কণ আজো-নাতিনী দুজনীয়ে
আজো-আইতাকক চুমা যাচি শুভৰাত্ৰি জনালে৷ অনিচ্ছাসত্ত্বেও সেইদিনালৈ আমি তেখেতক এৰিবলগীয়া
হ’ল৷
কৰ্নেল চাহাবৰ সৈতে আলোচনা অব্যাহত থাকিল৷ অনুসন্ধানৰ
প্ৰতি সহযোগিতা জনাই প্ৰয়োজনীয় তথ্য-পাতি কি কি লাগিব তাৰ তালিকা এখন কৰি দিব ক’লে৷ পাৰ্যমানে সহায় কৰিব বুলিও
আশ্বাস দিলে৷ পিছদিনা দিনৰ ১০.০০বজাত পুনৰ আহিবলৈ তেওঁ আমাক অনুৰোধ জনালে৷ নিশা আমি
ক'ত থাকিলে ভাল হ’ব তাৰো পৰামৰ্শ দিলে৷
এক গভীৰ
প্ৰশান্তি বুকুত সাঁচি আমিও নৈশ যাপনৰ বাবে হোটেলৰ সন্ধানত লাচুমিৰৰ পথত নামি পৰিলোঁ৷
(দ্বিতীয় অংশ কাইলৈ)
(দ্ৰষ্টব্য : ‘বনেলী খংমেনক লগ পাইছিলোঁ’ শীৰ্ষকেৰে ১এপ্ৰিল ২০০৭ তাৰিখে ‘আমাৰ অসম’ৰ দেওবৰীয়া আলোচনী ‘পূৰ্বাচল’ত মোৰ এই লেখাটো প্ৰকাশ পাইছিল৷ সামান্য যোগ-বিয়োগ কৰি ‘অকব’ত উপস্থাপন কৰা হ’ল৷ abdussazid.blogspot.inত উপলব্ধ৷)
(দ্বিতীয় অংশ কাইলৈ)
(দ্ৰষ্টব্য : ‘বনেলী খংমেনক লগ পাইছিলোঁ’ শীৰ্ষকেৰে ১এপ্ৰিল ২০০৭ তাৰিখে ‘আমাৰ অসম’ৰ দেওবৰীয়া আলোচনী ‘পূৰ্বাচল’ত মোৰ এই লেখাটো প্ৰকাশ পাইছিল৷ সামান্য যোগ-বিয়োগ কৰি ‘অকব’ত উপস্থাপন কৰা হ’ল৷ abdussazid.blogspot.inত উপলব্ধ৷)
No comments:
Post a Comment