শনিবৰীয়া ‘মোৰ আলহী’ত আজি আগ বঢ়াইছোঁ
আনাৰৰ ‘দহোটা প্ৰতিধ্বনি’
এক……
ইয়াৰ পৰা যাবৰ পৰত অন্তৰাত্মা
ঠিক সময়ত সেমেকি উঠিব৷
ক’ব ক্ষন্তেক থাকি গ’লেনো কি জগৰ লাগিব?
এয়া মাটিৰ মানুহৰ মায়া৷
অথচ তোমাৰ কোনো মায়াই নাছিল৷
দুই……
বসন্তৰ বৰষুণজাক নামি আহিল৷
লগত বতাহ আৰু ধুমুহা
তোমালৈ থোৱা কপৌপাহ
ওলমি থকা ডালটো যদি ভাগি পৰে
মোক নোদোষিবা৷
তিনি……
আহোঁতে এটি মধুৰ সপোন লৈ
আহিছিলোঁ৷ গোটেই জীৱনটো তাকে
ভঙাই খালোঁ৷
যাবৰ পৰত বৰ কঙাল হৈ
যাবলৈ ওলাইছোঁ৷
চাৰি……
প্ৰেমৰ বীজাণুবোৰে কলিজাটো খুলি খুলি খালে৷
এতিয়া বাৰু মই চিকিৎসকৰ ওচৰলৈ যাওঁনে
প্ৰিয়জনৰ ওচৰলৈকে যাওঁ?
পাঁচ……
যাৰ হৃদয় বসন্ত অহাৰ আগেয়ে চূৰ্ণ হৈ গ’ল
তেওঁনো কি চঞ্চলতা অনুভৱ কৰিব? নতুন দুখৰ
বাবে সাজু হোৱা ভাল৷ দীঘল নিশাবোৰ কেতেকীয়ে
আৰু দুৰূহ কৰি তুলিব পাৰে৷
ছয়……
জাগি থকা মানে নতুন দুখৰ বোজা কঢ়িওৱা৷
আমাৰ চিনাকিৰ পিছতে যদি মোৰ গভীৰ টোপনি
আহিলহেঁতেন, মোৰ দৰে ভাগ্যৱান কোনো নাথাকিলহেঁতেন৷
সাত……
গোটেই জীৱনকাল অধীৰ অপেক্ষাত থাকিলোঁ৷
আচলতে মোক কি লাগে ক’বকে নোৱাৰিলোঁ৷
বৰ পলমকৈ ভাবিছোঁ, বসন্ত দেখোন যাবৰে হ’ল!
আঠ……
যোৱাজন ঘূৰি নাহোঁ বুলিয়েই গুচি গৈছে
কিন্তু মইনো কি কৰিম, একেই অপেক্ষাত থাকিব লাগিব
সেই শৰতৰ কথা শৰততে শেষ হোৱা হ’লে
কথাই নাছিল৷
এতিয়া প্ৰত্যেক শৰতৰ আমনি সহ্য কৰিব লাগিব৷
ন……
প্ৰাচীন পৰিত্যক্ত ধূলিখিনিৰ ওপৰত প্ৰাচুৰ্যৰ সৌধ
সাজি
স্বৰ্গ ৰচনা কৰিব খুজিছা?
যদি জানিলাহেঁতেন
ধূলিখিনি আচলতে বিগতজনৰ পুঞ্জীভূত
বেদনাহে আছিল!
দহ……
পুৰণি পৃথিৱীত জোন-বেলি-তৰা ওলায়ে আছিল
কেৱল আমি বহুত সলনি হ’লোঁ
যান্ত্ৰিক সভ্যতাৰ নিত্যনতুন অভাৱৰ তাড়নাত
কেতিয়ানো ব্যস্ত হৈ পৰিলোঁ, ক’বকে নোৱাৰিলোঁ৷
বৰ খৰখেদাকৈ ফুলনিলৈ গৈ দেখিলোঁ
বসন্ত কাল যাবৰে হ’ল
এতিয়া মই ভীষণ অকলশৰীয়া৷
(উৎস পুথি – ‘প্ৰতিধ্বনি’, ডিফু সাহিত্য সভাৰ সৌজন্যত প্ৰকাশিত কবিতা সংকলন, সম্পাদনা
– দেবেন গগৈ, ১৯৭১চন)
No comments:
Post a Comment