মিনুএ’... ঠেং ভাল হৈছিনা?
(গল্প নহয়, সত্য)
ষ্ট্ৰ’কটো লোৱাৰ পিছতেই দাঁত দুপাৰিয়ে জিভাৰ আগটো আপোনা-আপুনি
কামোৰ মাৰি ধৰিলে৷ বেচ জোৰ আছিল শ্বটটোত৷ বেটখনৰ ভাল ঠাইত কানেক্ট হৈছিল৷ টাইমিং ভাল
আছিল৷ কিন্তু ডিৰেকচনটো ঠিক নহ’ল৷
আনকালে হ’লে অলপ পিছতে ধুক্কৈ শব্দ এটা শুনা পালোঁহেঁতেন৷ কোনোবাই
ৰসিকতা কৰি লগে লগে ক’লেহেঁতেন, ‘মৰলৰ ঘৰৰ নিগনিকেইটা পলাল ঐ৷’ আজি পিছে সেই ‘ধুক্’টো শুনিবলৈ নাপালোঁ৷ পৰিৱৰ্তে
ভাহি আহিল এটা চিৎকাৰ৷ মাই-ঔ ঔ ঔ... লগে লগে কান্দোনৰ ৰোল৷ আচম্বিতে মোৰ বুকুতো ঢিপ্ঢিপনি
এটা আৰম্ভ হৈ গ’ল৷
ৰাস্তাৰ সিপাৰে বিনয়হঁতৰ ঘৰটো৷ এইফালৰ পৰা কেৱল খেৰৰ মূধচটোহে দেখা যায়৷ টিলাৰ এঢলীয়াত থকা হেতুকে বাকী অংশ চকুত নপৰে৷ বেটৰ পৰা কোবত উফৰি যোৱা বলে গৈ ধুক্কৈ তৰ্জাৰ বেৰত আঘাত কৰে৷ শব্দটো শুনিলেই গৃহস্থৰো প্ৰতিক্ৰিয়া৷ ভিতৰ-বাহিৰ য’তে নাথাকক, বকনি এজাউৰি পাৰে৷ কাৰণ সেই খুন্দাটোৱে ভিতৰেদি লিপা বেৰৰ মাটি এবখলা এৰুৱায়৷ মাইকী মানুহৰ কাম বঢ়ায়৷ গালি শুনি সেইফালে ফিল্ডিং কৰি থকাকেইটায়ো প্ৰথমে এখন্তেক নিশ্চুপ হৈ ৰয়৷ অলপ পৰ আলেখ-লেখ চায়৷ তাৰ পিছত চুচুক-চামাককৈ কম্পাউণ্ডত সোমায়৷ এটা সময়ত লাহেকৈ বলটো বুটলি আনেগৈ৷ ভালেপৰ বন্ধ হৈ থকাৰ পিছত পুনৰ উৎসাহেৰে স্কুলফিল্ডত খেলাখন চুৰু৷ সেইফালে নামাৰিবলৈ তেতিক্ষণতে সকীয়নিসূচক ঘোষণা কেইটামান সকলোকে উদ্দেশ্য কৰি ডাঙৰ ডাঙৰকৈ চিঞৰি (গৃহস্থৰো কাণত পৰকগৈ বুলি) চৰ্ট মিড অফৰ পৰা শুনোৱা হয় যদিও একেটা কাণ্ডৰে পুনৰাবৃত্তি মাজে-মধ্যে ঘটিয়ে থাকে৷
আজি কিন্তু কথা আন দিনাতকৈ বিষম৷ কাৰো তিলমাত্ৰও সাহস হোৱা নাই সেইফালে যোৱাৰ৷ কাৰণ কান্দোনৰ সমানে সমানে উচ্চস্বৰত ভাহি আহিব ধৰিছে অশ্ৰাব্য গুৱালগালি৷ দেউতাকৰ পৰিৱৰ্তে আজি ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বিনয়হঁতৰ মাকে... কুনি মাইল্লিএ' মোৰ আপীটোক... কটা মৰণ ন'হা, ৰহ আজি তন্থক...
মুঢ়া এটাতে বহি মিনুৱে বাৰাণ্ডাত কিবা কৰি আছিল৷
তীব্ৰবেগী বলটোৱে মাটিত কেইটামান ড্ৰপ খোৱাৰ পিছতে তাইৰ আঁঠুত ডাইৰেক্ট হিট্ কৰিলেগৈ৷
ভিতৰত এতিয়াও কন্দা-কটা চলি আছে৷ পৰিস্থিতি কোনোপধ্যে অনুকূল নহয়৷ মুখৰ আগত পালে আজি
কাকো শুদাই নেৰিব৷ ঘৰতযে লগাব সেইটোও খাটাং৷ বলটো আনিবলৈ সেয়ে কোনো নোযোৱা হৈ থাকিল৷
কি হ’ব এতিয়া? উপায় নাই৷ খেলিবলৈ দ্বিতীয় এটা বলো নাই৷ কাৰ্যতঃ খেলা স্থগিত৷ বুজিলোঁ, প্ৰচণ্ড জোৰত কোবাই বাউণ্ডেৰী পাৰ কৰিও মই আজি বেয়াকৈ আউট হৈ গ’লোঁ! বুজিলোঁ, ফিল্ডৰ অভাৱতে আমাৰ ক্ৰিকেটিং কেৰিয়াৰো সমাপ্ত হৈ আহিছে৷ খুলি খেলিলেই কিবা নহয় কিবা এটা ঘটে! সিদিনাও বল লাগি পথচাৰীৰ সৰু গাঁঠি ফুলিছে৷ আন এদিন ছিক্সাৰ কোবাওঁতে সুশান্তহঁতৰ ঘৰৰ খিৰিকীয়েদি সোমাই বল ৰৈছেগৈ বিছনাৰ তলত! অলপ পৰ তভক মাৰি এইবোৰকে চিন্তা কৰিলোঁ৷ একোবত উইকেটৰ ওচৰতে বেটখন পেলালোঁ৷ গ্লোভচ খুলিলোঁ৷ পেডযোৰৰো এপাত এপাতকৈ হুককেইটা সোলকালোঁ৷ মৰণত শৰণ দি এখোজ দুখোজকৈ মৰল খুৰাৰ কোৱাৰ্টাৰটোৰ দিশে নামিবলৈ ধৰিলোঁ৷
বিছনাত বহি মিনুৱে কান্দি আছে৷ খুৰীয়ে কিবা মলম এবিধ সানি মালিচ কৰি আছে৷ বকিও আছে তাৰ লগে লগে৷ ওচৰ চাপি গৈয়ে খালোঁ ভালকৈ এজাউৰি৷ কাণ-মূৰ গৰম হৈ গ'ল৷ সৈ কাঢ়ি দিলোঁ যে বলটো ময়ে কোবাইছিলোঁ৷ এনেকুৱা হ’ব বুলি ভবা নাছিলোঁ৷ খংটো জামৰক ছাৰি মিটাৰ উঠিলহে বেছিকৈ৷ তলমূৰকৈ ৰ'লো অলপপৰ৷ আঁৰচকুৰে আঁঠুটোলৈ চালোঁ৷ উখহি উঠিছে৷ বিষাইছেও নিশ্চয়৷ বেয়া লাগি গ’ল বেচেৰীলৈ৷ কিহে পাইছিল বাৰু মোক! অনুশোচনা কৰিও জানো লাভ আছে এতিয়া?
মিনু তেতিয়া ক্লাছ এইটত৷ নিজৰ ভনীৰ লগৰ ভনী৷ আমাৰ ঘৰলৈ সঘন আহ-যাহ৷ পৰিস্থিতি শান্ত হোৱাৰ পিছৰ পৰাই মুখৰ আগত পালেই হ’ল, যেতিয়াই-য’তেই পাওঁ তাইক, চিধাই এটাই প্ৰসংগ, এটাই প্ৰশ্ন... ‘হাউ মিনু দেখুনএ’... মিনুএ’... ঠেং ভাল হৈছিনা তুৰ?’ লাজকুৰীয়া হাঁহি এটা মাৰি মিনু আঁতৰি যায়৷ কেতিয়াবা কিবা এষাৰ কয়, কেতিয়াবা একো নকৈ গহীনাই দেখুৱায়৷
মিনু ডাঙৰ হ’ল৷ এদিন কলেজ পালেগৈ৷ এদিন সুপাত্ৰত বিয়াও হ’ল৷ খোজটোত পিছে সেই তেতিয়াৰে
পৰাই কিবা কেনা অকণমান থাকি গ’ল৷ আনে ধৰিব নোৱাৰিলেও মই জানো কথাটো৷ কিয়নো সেই বিসংগতিৰ কাৰণটো
ময়েই৷
বহুত বছৰেই হ’ল মিনুক নেদেখাৰ৷ ফলত জোকোৱাও হোৱা নাই৷ ঘটনাটো
মোৰ সম্পূৰ্ণ মনত আছে৷ তাইৰ মনত আছেনে নাই নাজানো৷ থাকিব চাগৈ৷ ষ্ট্ৰ’কটোত বেচ জোৰ আছিল মোৰ৷
No comments:
Post a Comment