কৰি মজা লগা কাম...
এক.
আজিকালিৰ আহল-বহল আৰু দামী ম’বাইল হাতত লৈ আলফুলে আঙুলি বুলাই
থকাজনৰ ওচৰতে ৰৈ মোৰ ফপৰা, সাতটা কী ইতিমধ্যে কেতিয়াবাই ক’ৰবাত সুলকি পৰা, আগফাল-পাছফালৰ
ঢাকনি খুলি নপৰিবলৈ ৰবৰ-বেণ্ড মেৰিয়াই ৰখা বিধ্বস্তপ্ৰায় ম’বাইলটো উলিয়াই এনেয়ে টিপাটিপি
কৰি থাকি মজা লাগে৷
দুই.
ফিট-ফাট সাজত থকাজনৰ চিক্চিকীয়া জোতাৰ সন্মুখত
মোৰ দুভৰিত থকা ফপৰা হাৱাই চেণ্ডেলযোৰেৰে ৰৈ ভু-ভাৰস্তৰ আলোচনা কৰি থাকিবলৈ কিবা এটা
মজা লাগে৷
তিনি.
মোতকৈ বয়সত ডাঙৰ, ৰস বুজি পোৱাজনৰ সৈতে, পাক লগা
ইংগিতধৰ্মী কথা বলকি ধেমালি-ধুমুলা কৰি অতি মজা লাগে৷
চাৰি.
ওঁহ, হুঁহ কৰি বাক্যই প্ৰতি অসন্তুষ্টি প্ৰকাশ
আৰু অপ্ৰয়োজনীয় গহীনালি দেখুৱাই বেছি কৰি থকাজনৰ ভেমপুৰীয়া বেলুনটো ফুটুৱাবলৈ বৰ মজা
লাগে৷
No comments:
Post a Comment