আলাপ…
কাৰবি অভিধানৰ স্ৰষ্টা বিদৰছিং ক্র’ৰ সৈতে
এখন পূৰ্ণাংগ অভিধানৰ প্ৰণয়ন যিকোনো জাতিৰে ভাষা-সাহিত্যৰ
ৰক্ষণাবেক্ষণ আৰু উত্তৰণৰ বাবে প্ৰথম প্ৰয়োজন৷ তেনে এক মহৎ-সুন্দৰ কাৰ্যৰ ভাবনা, আত্মনিয়োগ
আৰু কৃচ্ছ্ৰসাধনেৰে বিদৰছিং ক্র’ই ইতিমধ্যে বিদ্বৎ সমাজৰ প্ৰশংসা বুটলিবলৈ সমৰ্থ হৈছে৷ ‘Akemi Karbi Lamthe Amarjong’ নামৰ কাৰবি, ইংৰাজী আৰু অসমীয়া
ভাষাৰ ত্ৰিভাষিক শব্দকোষ এখন সংকলন আৰু সম্পাদনা কৰি উলিয়াই তেখেতে কাৰবি ভাষাৰ যুগমীয়া
কীৰ্তিস্তম্ভ এটা নিৰ্মাণ কৰিলে৷ ইতিমধ্যে সমাদৰ লাভ কৰা এই অভিধানখন ৰচনাৰ অৰ্থে সংকলকজনে
কৰা একক আৰু নিৰৱচ্ছিন্ন খাটনিলৈ চাই সঁচাই বিস্ময় মানিব লাগে৷ ১৯৮৬চনৰ পৰা ২০০০চনলৈ
একমাত্ৰ এই শব্দকল্পবৃক্ষ সৃষ্টিৰ তাড়নাতে তেখেতে যতবোৰ কিতাপৰ পাত লুটিয়ালে, নানা
গ্ৰন্থ মন্থন কৰি, শব্দ-চয়ন কৰিলে, জাপে জাপে কাগজ লিখিলে, টাইপ ৰাইটাৰত নিজেই পৃষ্ঠাৰ
পিছত পৃষ্ঠা টাইপ কৰি উলিয়ালে, মুদ্ৰণালয়ৰ সন্ধান আৰু যোগাযোগ কৰি নিজেই আৰ্হিকাকত
পৰ্যন্ত শুধৰালে, নিজৰ তত্ত্বাৱধানত ছপাও কৰিলে, মুঠতে সুদীৰ্ঘ ১৪বছৰ ধৰি তেখেতে যি
অকল্পনীয় শ্ৰম কৰিলে, অৰ্থৰ কথা নক’লোঁৱেইবা, দীৰ্ঘম্যাদী সেই অনলস পৰিশ্ৰমৰ ঋণ পৰিশোধ কৰাটো
সহজনে? তেখেতৰ নীৰৱ-নিৰন্তৰ সাধনাৰ বলতেই আজি ‘Akemi Karbi Lamthe Amarjong’ প্ৰকাশ হৈ ওলাইছে৷ এয়া কেৱল
কাৰবি জাতিৰ বাবেই নহয়, এয়া সমগ্ৰ মানৱ জাতিৰে গৌৰৱ আৰু আনন্দৰ বিষয়৷ কাৰবি ভাষা-সাহিত্যৰ
বিকাশৰ স্বৰ্ণমণ্ডিত যাত্ৰাপথৰ শেহতীয়া মাইলৰ খুঁটা হিচাপে চিহ্নিত হৈছে এই অভিধান
যি নিজৰ গৌৰৱ আৰু মূল্যৰ ওপৰত ভৱিষ্যতলৈকো তিষ্ঠি থাকিব বুলি আশা কৰিব পাৰি৷ সাহিত্যৰ
প্ৰতি অপাৰ অনুৰাগ আৰু দায়বদ্ধতাৰ লগতে মাতৃভাষা আৰু মাতৃভূমিলৈ অভিধান লেখকজনৰ অন্তৰত
থকা ঐকান্তিক ভক্তিৰো অনবদ্য নিদৰ্শন এয়া৷ কাৰবি ভাষা আৰু শব্দৰ ব্যুৎপত্তিৰ বৈজ্ঞানিক
অধ্যয়নৰ স্বতন্ত্ৰভাৱে কৰা এই অনন্যসাধাৰণ প্ৰচেষ্টা কাৰবি সমাজৰ বাবে চিৰদিন আদৰণীয়
আৰু অনুকৰণীয় হৈ ৰ’ল৷ ‘Akimi Karbi Lamthe Amarjong’ অভিধানখনে কাৰবি ভাষাৰ লিখিত
ৰূপৰ ক্ষেত্ৰত থকা ভিন্নতা দূৰীকৰণত নিৰ্ণায়ক ভূমিকাত অৱতীৰ্ণ হোৱাৰ লগতে সমাজৰ যাৱতীয়
চাহিদা পূৰণেৰে ভাষাটোৰ গতি নিৰ্ধাৰকো হ’ব নিশ্চয়৷ বিদৰছিং ক্র’ৱে গঢ়া এই সবল বুনিয়াদৰ ওপৰতে অধিক কাৰ্যক্রমৰ
সূচনা কৰি কাৰবি ভাষা-সাহিত্যই অনাগত দিনত সম্ভাব্য যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন
হ’বৰ বাবে সংকল্পবদ্ধ হ’ব পাৰিব বুলি আমাৰ ধাৰণা৷
কাৰবি ভাষাৰ সাম্প্ৰতিক ৰূপটোক ধৰি ৰখাৰ মানসেৰে
দূৰদৰ্শী চিন্তা আৰু কৰ্মৰে সাহিত্য-ৰত্ন ভঁৰাল চহকী কৰা অভিধান-চিন্তামণিজনক তেখেতৰ ডিফুৰ ৰংথেআংস্থিত বাসভৱন 'ক্ৰ' হেমতুন'ত কেইটামান প্ৰশ্ন হাতত লৈ লগ ধৰিছিলোঁ৷ তাৰেই সম্পাদিত
ৰূপ পাঠকলৈ আগ বঢ়োৱা হ’ল৷
প্ৰশ্ন ১ : সাহিত্য জগতত আপুনি মূলতঃ এগৰাকী কবি,
গল্পকাৰ, নিবন্ধকাৰ বুলিয়ে পৰিচিত যদি ২০০২চনত ত্ৰিভাষিক শব্দকোষ এখনেৰে আপুনি ভাষা-সাহিত্যৰ
ভঁৰাললৈ অৰিহণা আগ বঢ়াইছে৷ ‘Akemi Karbi Lamthe Amarjong’ নামৰ এই অভিধান প্ৰণয়নৰ প্ৰয়াস আপোনাৰ মনলৈ কিদৰে আহিল?
গ্ৰন্থখনৰ জন্মৰ আঁৰত থকা কথাখিনি ব্যক্ত কৰিবনে?
বিদৰছিং ক্র’ : এদিন আজৰি পৰত মোৰ শ্ৰদ্ধেয় শিক্ষাগুৰু, পদ্মশ্ৰী,
ৰংবং তেৰাংদেৱে প্ৰণয়ন কৰা ‘কাৰবি লামতাছাম’খন হাতত লৈ এনেয়ে পাত লুটিয়াই আছিলোঁ৷ তেনেকুৱাতে মনলৈ অহা শব্দ কেইটামান
অভিধানখনত বিচাৰিলোঁ৷ কিন্তু শব্দকেইটা নাপালোঁ৷ কিছুমান কাব্যিক শব্দও বিচাৰিছিলোঁ৷
সেয়াও নাপালোঁ৷ সেই মুহূৰ্ততে মোৰ মনলৈ এটা ভাব আহিল৷ পৰৱৰ্তী সংস্কৰণত সন্নিৱিষ্ট
কৰিব পৰাকৈ সেই শব্দবোৰ সংগ্ৰহ কৰি তেৰাং ছাৰৰ হাতত দিম৷ ইয়াৰ পিছত একালত ডিফুত থকা
গ্ৰন্থ বিক্রেতা তথা প্ৰকাশন প্ৰতিষ্ঠান ‘কিৰণ প্ৰকাশ’ৰ স্বত্বাধিকাৰী আৰু বৰ্তমান গুৱাহাটী নিবাসী দিলীপ শৰ্মদেৱৰ
সৈতে কিবা আলোচনাত এদিন শব্দ সংগ্ৰহৰ প্ৰসংগটো ওলাল৷ তেখেতে ক’লে… ‘তই সেই কাম নিজে নকৰ কিয়? তেৰাং
ছাৰ বহুত ব্যস্ত মানুহ৷ হাতত ঢেৰ কাম আছে৷’ অভিধান ৰচনাৰ দৰে কাম মোৰ জ্ঞান আৰু সাধ্যৰ বাহিৰত বুলি
নিজৰ অপাৰগতা স্বীকাৰ কৰাত তেখেতে মোক নেৰানেপেৰাকৈহে ধৰিলে… ‘জ্ঞানৰ কথা মই নাজানো, মুঠতে
তই লিখ৷ যদি নোৱাৰ তেতিয়া হ’লে কবৰ খান্দি পুতি থৈ দিম, বুজিলিটো?’ মোৰ লেখক বন্ধু বিদ্যাছিং ৰংপিৰ
আগতো এই কথাবোৰ ব্যক্ত কৰাত তেখেতে ক’লে… ‘কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ
আৰু কাৰবি সাহিত্য সভা (কাৰবি লাম্মেত আমেই)ই যিহেতু ৰোমান লিপিকে স্বীকৃতি দিলে গতিকে
ৰোমান লিপিতে এখন অভিধান কৰক, ভাল হ’ব৷ আৰু তেৰাং ছাৰৰ অভিধানখনো থাকক৷’ শৰ্মাদেৱৰ অবিৰাম তাগিদা আৰু
ৰংপিৰ সৎ পৰামৰ্শক আশীৰ্বাদ আৰু মূলধন হিচাপে লৈয়ে অভিধান প্ৰণয়নৰ কামত হাত দিলোঁ৷
প্ৰশ্ন ২ : সাহিত্য কাননত পাৰিজাত ফুলবোৰ একেদিনাই
বা কম আয়াসতে নুফুলে৷ অভিধান প্ৰণয়নৰ কামো অনুৰূপ৷ ক্ষন্তেকীয়া আৰু সহজসাধ্য নহয়৷ কাৰবি-ইংৰাজী-অসমীয়া
তিনিটা ভাষাৰ শব্দসমৃদ্ধ ‘Akemi Karbi Lamthe Amarjong’ৰ কাম সম্পূৰ্ণ কৰোঁতে আপোনাক
সময় কিমান লাগিল বাৰু?
বিদৰছিং ক্র’ : শব্দ সংগ্ৰহৰ কাম ১৯৮৬চনৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ
হৈ ১৯৯৯চনৰ নবেম্বৰ মাহত সমাপ্ত কৰিছোঁ৷ আনহাতে সম্পাদনাৰ কাম ২০০২চনৰ ২০জুলাইত সামৰিছোঁ৷
প্ৰশ্ন ৩ : আপুনি সংগ্ৰহ আৰু সম্পাদনা কৰা অভিধানখন
প্ৰকাশৰ পূৰ্বে কাৰবি ভাষাত অভিধান আছিল ৪খন৷ G. D. Walkerৰ ‘A Dictionary of the Mikir
Language’ (1925), ৰংবং তেৰাঙৰ ‘কাৰবি লামতাছাম’ (১৯৭৪), Fr. M. Balawanৰ ‘A Mikir-English Dictionary’ (1978), লংকাম টেৰণৰ দ্বাৰা
সংগৃহীত-সম্পাদিত আৰু DPEP, KAACৰ দ্বাৰা প্ৰকাশিত ‘Karbi Lammarjong Kimi’ (2011)৷ ইয়াৰে কোনোবাখনক আপুনি
‘Akemi Karbi Lamthe Amarjong’ৰ ঘাই ধৰণী বুলি ক’ব খোজে নেকি, অৰ্থাৎ কোনোবাখনক
আৰ্হি হিচাপে লোৱা হৈছিল নেকি?
বিদৰছিং ক্র’ : তেৰাং ছাৰৰ ‘কাৰবি লামতাছাম’খনৰ পৰাই শব্দ সংগ্ৰহৰ প্ৰয়াস প্ৰথমে মনলৈ আহিছিল৷
গতিকে সেইখনকে মোৰ অভিধানৰ নিদৰ্শন বুলিব পাৰি৷
প্ৰশ্ন ৪ : আধুনিক বিজ্ঞানসন্মত অভিধানৰ প্ৰস্তুতিত
সুপৰিকল্পনা আৰু ব্যয় বহন দুয়োটাই গুৰুত্বপূৰ্ণ৷ ‘Akemi Karbi Lamthe Amarjong’ৰ প্ৰস্তুতকৰণৰ ক্ষেত্ৰত কেনে
ধৰণে পৰিকল্পনা লোৱা হৈছিল? ইয়াৰ ব্যয় বহন কোনে কৰিছে?
বিদৰছিং ক্র’ : অভিধানখন প্ৰস্তুত কৰোঁতে পোনতে শব্দ সংগ্ৰহ
কৰি ইংৰাজী বৰ্ণমালাৰ বানান অনুপাতে একাদিক্রমে শব্দৰ লানি প্ৰস্তুত কৰিম বুলি ভাবিছিলোঁ৷
পিছে সেয়া সম্ভৱ নহ’ল৷ বৰ্ণ অনুক্রমে শব্দ বিচাৰি
উলিওৱাটোহে সহজসাধ্য হ’ব বুলি তাকে কৰা হ’ল৷ আনহাতে, প্ৰস্তুতি চলি থকাৰ
সময়ছোৱাত হোৱা সম্পূৰ্ণ খৰছ নিজেই বহন কৰিছিলোঁ৷ এই ক্ষেত্ৰত কাৰো পৰা সহায় বিচৰা নাছিলোঁ৷
প্ৰশ্ন ৫ : শব্দ সংগ্ৰহৰ বাবে কেনে ধৰণৰ উৎসৰ সহায়
লোৱা হৈছিল?
বিদৰছিং ক্র’ : লোক-সাধু, লোক-গীত, আধুনিক চুটি গল্প, কবিতা,
প্ৰকাশিত বিভিন্ন পুথি-পাঁজি আৰু নানাজন ব্যক্তিকেই শব্দ সংগ্ৰহৰ উৎস হিচাপে ব্যৱহাৰ
কৰা হৈছিল৷
প্ৰশ্ন ৬ : অভিধানখন প্ৰণয়ন কৰোঁতে কাৰ কাৰ পৰা
কেনে ধৰণে সহায়-সহযোগিতা লাভ কৰিছিল?
বিদৰছিং ক্র’ : অভিধানখনৰ কামত পৰিয়ালৰ সদস্যবৰ্গৰ উপৰি মোৰ
বন্ধু-বান্ধৱ, শুভাকাংক্ষীসকলৰ পৰা নানা প্ৰকাৰে সহায় আৰু উৎসাহজনক সঁহাৰি পাইছিলোঁ৷
তাৰ ভিতৰত লংকাম টেৰণ, ছাৰছিং বংৰুং, বিদ্যাছিং ৰংপি, সিদ্ধিনাথ ৰংপি, চিত্ৰ কুমাৰ
বে’, ছিং ক্র’, লুঞ্চে তিমুং, হাৰ্ভে কাথাৰ,
জৰ্নেল ৰংহাং, দেবেন তিমুং, বাপুৰাম ৰংহাং, কিৰণ কুমাৰ হাঞ্চে, ললিতা টেৰণপী, ফুদাং
তিছ’পী, বানৰে তেৰাংপী আদিয়ে আলোচনা-বিলোচনাৰ
জৰিয়তে শব্দ সংগ্ৰহত যথেষ্ট সহায় কৰিছিল৷ মোৰ পত্নী বাছাপী তিছ’পীয়ে অভিধানৰ কামত মনোনিৱেশ কৰাৰ
বাবে মোক অপৰ্যাপ্ত আজৰি সময় উলিয়াই দি সহযোগ কৰিছিল৷
প্ৰশ্ন ৭ : বিভিন্ন সময়ত কেনে ধৰণৰ সমস্যাৰ সন্মুখীন
হৈছিল আৰু কেনে ধৰণে সমাধা কৰিছিল?
বিদৰছিং ক্র’ : এটা সৰু ঘটনা মনত পৰিছে৷ কাৰবি ৰামায়ণ (ছাবিন
আলুন) একেৰাহে চাৰি-পাঁচ দিন ধৰি গাই শুনাব পৰা খয়া বে’ক ১৯৯০চনত সম্পূৰ্ণ খা-খৰছ দি
মাতি পঠাইছিলোঁ৷ কিন্তু স্বায়ত্তশাসিত ৰাজ্য দাবী আন্দোলনৰ সেই ভৰপক সময়ছোৱাত মানুহৰ
মাজত বিৰাজ কৰা অবিশ্বাস আৰু শংকাৰ পৰিপ্ৰেক্ষিতত তেখেত মোৰ ওচৰলৈ আহিব পৰা নাছিল৷
তিনি বছৰৰ পিছত খবৰ পালোঁ যে তেখেত টান নৰিয়াত৷ সেই নৰিয়াই এই নিৰক্ষৰ অথচ অগাধ জ্ঞানৰ
আকৰ ব্যক্তিজনক চিৰদিনৰ বাবে নোহোৱা কৰিলে৷ ফলত শব্দ সংগ্ৰহত সমস্যাৰ সৃষ্টি হ’ল৷ পিছত প্ৰকাশিত পুথিকেইখনমান
আৰু সীমিতসংখ্যক বন্ধু-বান্ধৱৰ সহায়তে মোক কাম আগুৱাবলগীয়া হ’ল৷
প্ৰশ্ন ৮ : আপোনাৰ মতে ‘Akemi Karbi Lamthe Amarjong’ৰ বৈশিষ্ট্য বা বিশেষত্ব কি?
বিদৰছিং ক্র’ : মূল শব্দৰ লগত জড়িত বিশেষণীয় শব্দ কিছুমানৰ
লগতে ফকৰা-যোজনা, খণ্ডবাক্য আদি মোৰ অভিধানখনত পাৰ্যমানে সামৰি লোৱা হৈছে, যিবোৰ অন্য
অভিধানত নাই৷
প্ৰশ্ন ৯ : যিমানেই যত্ন কৰা হওক, অভিধানৰ কামৰ
আঁত মৰাটো একপ্ৰকাৰ অসম্ভৱ৷ অভিধান বুলিলেই অনেক শব্দ বাদ পৰি যোৱাটোও সম্ভৱ৷ অভিধান
হৈছে ভাষাৰ শব্দ-সম্পদৰ ধাৰক আৰু বাহক৷ এই সম্পদ ক্রমবৰ্ধমান৷ ‘Akemi Karbi Lamthe Amarjong’ৰ ক্ষেত্ৰত কোনো ধৰণৰ আসোঁৱাহ
ৰৈ যোৱা বুলি আপুনি ভাবেনে? যদি ৰৈ গৈছে তাৰ সংশোধনৰ বাবে পৰৱৰ্তী সংস্কৰণৰ কিবা পৰিকল্পনা
সদ্যহতে হাতত আছে নেকি?
বিদৰছিং ক্র’ : অভিধানখনত আসোঁৱাহ ৰৈ যোৱা নাই বুলি মই নাভাবোঁ৷
প্ৰথম সংস্কৰণত ৭,৭০০টা শব্দ আৰু ২৩৬টা ফকৰা-যোজনা অন্তৰ্ভুক্ত হৈছে যদিও ক’বলৈ গ’লে বহু হাজাৰ শব্দই বাদ পৰিছে৷
পৰৱৰ্তী সংস্কৰণৰ পৰিকল্পনা হাতত নথকা নহয়৷ তাৰ কাম বৰ্তমান কৰি আছোঁ আৰু এতিয়ালৈকে
১,৫০০তকৈও অধিক শব্দ সংগ্ৰহ কৰা হৈছে৷
প্ৰশ্ন ১০ : পাহাৰৰ কাৰবিসকলৰ ভাষাৰ সৈতে ভৈয়ামৰ
কাৰবিসকলৰ ভাষাগত সাদৃশ্য-বৈসাদৃশ্য আছে৷ ‘Akemi Karbi Lamthe Amarjong’ত ভৈয়ামৰ কাৰবি শব্দক স্থান দিয়া
হৈছেনে?
বিদৰছিং ক্র’ : অভিধানখনত পাহাৰ-ভৈয়াম উভয়ৰে শব্দক সমানে গুৰুত্ব
দিছিলোঁ যদিও সহযোগিতা আৰু যোগাযোগৰ অভাৱত বহুতো শব্দ বাদ পৰি গৈছে৷ আশা কৰা ভালেকেইজন
ব্যক্তিৰ পৰা ‘চিঠি পোৱা নাই’জাতীয় অজুহাত আৰু ‘সময় নাই’জাতীয় প্ৰত্যুত্তৰ পোৱাৰ পিছত
মই মোৰ জ্ঞানে ঢুকি পোৱা শব্দসমূহক সামৰিবলৈ বাধ্য হৈছিলোঁ আৰু যৎপৰোনাস্তি প্ৰচেষ্টা
চলাইছিলোঁ৷
প্ৰশ্ন নং ১১ : অসমৰ নগাঁও, কামৰূপ, দৰং, শোণিতপুৰ,
উত্তৰ কাছাৰ পাহাৰ, কাছাৰ, গোলাঘাট, শিৱসাগৰ, লখিমপুৰ জিলাৰ উপৰি মেঘালয়, অৰুণাচল প্ৰদেশ,
নাগালেণ্ড, মণিপুৰ আদি ৰাজ্য আৰু বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, চীন আদি দেশতো কাৰবি
বসতি আছে৷ তেওঁলোকে ব্যৱহাৰ কৰা শব্দ ‘Akemi Karbi Lamthe Amarjong’ত অন্তৰ্ভুক্ত কৰা হৈছে নেকি?
বিদৰছিং ক্র’ : ম্যানমাৰ আৰু থাইলেণ্ডত বাস কৰা কাৰবিসকলৰ ভাষা
বৰ্তমান লুপ্ত হৈছে৷ অসমৰ কামৰূপ আৰু নগাঁৱৰ (যমুনামুখ) বাদে আন ঠাইবোৰৰ লগতে বিভিন্ন
ৰাজ্য আৰু দেশত বসতি কৰা কাৰবিসকলৰ ভাষাৰ মিল আছে৷ অৱশ্যে ঠাইভেদে উচ্চাৰণৰ তাৰতম্য
নথকা নহয়৷
প্ৰশ্ন নং ১২ : ভাৰতীয় শাসনতন্ত্ৰৰ সাংবিধানিক
শব্দাৱলীৰ পৰিভাষা বা প্ৰশাসনীয় পৰিভাষা, নকৈ পৰিচালিত বা নতুন শব্দ, আন ভাষাৰ শব্দ আপোনাৰ অভিধানখনত অন্তৰ্ভুক্ত হৈছে
নেকি?
বিদৰছিং ক্র’ : পাৰিভাষিক শব্দ বাদ দি নকৈ প্ৰচলিত বা নতুন
শব্দ কিছুমান অভিধানখনত অন্তৰ্ভুক্ত কৰা হৈছে৷ অসমীয়া আৰু খাচি ভাষাৰ শব্দ কেতবোৰ সামৰি
লোৱা হৈছে৷ পৰৱৰ্তী সংস্কৰণত আৰু কিছু সামৰিব পাৰিম বুলি আশা ৰাখিছোঁ৷
(‘আমাৰ অসম’ৰ দেওবৰীয়া আলোচনী ‘পূৰ্বাচল’ত ১১জানুৱাৰী ২০০৪ তাৰিখে প্ৰকাশিত৷ সামান্য হাত ফুৰাই ব্লগত উপস্থাপন কৰা হ'ল৷)
No comments:
Post a Comment