‘জ্ঞানী’য়েহে ৰোধিব পাৰে
‘ভুৱা পি এইচ ডি ডিগ্ৰীধাৰী শিক্ষকৰ ভৰত বিপৰ্যস্ত
অসম’ শীৰ্ষক বাতৰি এটা পঢ়িছিলোঁ,
‘আমাৰ অসম’ কাকতৰ প্ৰথম পৃষ্ঠাত, যোৱা ২৯মাৰ্চ
তাৰিখে৷ তাকে কেন্দ্ৰ কৰি ‘অকব’তো দুটা প’ষ্ট দেখা পাইছিলোঁ, শ্ৰী অংশুমান
বৰগোহাঁই আৰু শ্ৰী গোবিন শইকীয়া ডাঙৰীয়াৰ৷ প্ৰসংগক্রমে, ভুৱা ডিগ্ৰীৰ পাকচক্রত আজি
কেইবছৰমানৰ আগতে মেঘালয়ৰ এখন শিক্ষানুষ্ঠানৰ পৰা জব্দ কৰা মস্ত মস্ত থেচিচ ট্ৰাকে ট্ৰাকে
কঢ়িওৱাৰ কথা পে’পাৰত পঢ়া মনত আছে৷
আমি বিশ্ববিদ্যালয় গৈ নোপোৱা মানুহ৷ গতিকে বহু
কথাৰে সঁচা-মিছা উত্তৰ নাজানো বা পাক লগা কথাৰ একো আও-ভাও বুজিও নাপাওঁ৷ সীমাবদ্ধতাৰ
মাজত থাকি, সাধাৰণ মগজুৰে আমি কেৱল এইটোকে জানো যে ‘গৱেষণা’ শব্দৰ পোনপটীয়া অৰ্থ হৈছে বিচৰা বা অনুসন্ধান কৰা৷ এইটো
হৈছে এটা অকলশৰীয়া, দীঘলীয়া, কষ্টসাধ্য যাত্ৰা৷ অধ্যয়ন, অধ্যৱসায়, দৃষ্টিভংগীৰ নৈৰ্ব্যক্তিকতা,
লেখাৰ অভ্যাস ইত্যাদিৰ সমাহাৰত ব্যক্তিগত মন-মগজুৰে কৰা মানসম্পন্ন কাম৷ উচ্চ পৰ্যায়ৰ
সাধনাৰে লব্ধ সাৰ্থক গৱেষণা কৰ্মৰ পৃষ্ঠপটত নিহিত হৈ থাকে মানৱ সমাজৰ কল্যাণ সাধনৰ
মহৎ উদ্দেশ্য একোটা৷ গতিকে গৱেষণাই নিজৰ জ্ঞানৰ বৃদ্ধি তথা বিকাশ ঘটোৱাৰ উপৰি সমাজৰ
ব্যৱহাৰিক প্ৰয়োজনো পূৰ্ণ কৰাত যুগান্তকাৰী ভূমিকা লয়৷
কোনো এক বিষয়ত গৱেষণা কৰা মানে সেই বিষয়ৰ বিতংভাৱে
কৰা অনুসন্ধান বা লুকাই থকা তথ্য উদ্ঘাটন কৰি পৃথিৱীলৈ বৰঙণি যোগোৱা৷ গৱেষণাৰ ঘাই
লক্ষ্যই হ’ল কোনোবা এটা বিষয় সম্পৰ্কে সত্যৰ
অন্বেষণ কৰা আৰু তাৰ দ্বাৰা বিষয়টো সম্পৰ্কে নতুন নতুন জ্ঞান, তথ্য আৰু সিদ্ধান্ত আগ
বঢ়োৱা৷ গৱেষণা কৰাৰ মূল কাৰণটোৱেই হ’ল যিবোৰ বিষয়ক লৈ মানৱ জাতি সদায় অনুসন্ধিৎসু, সেইবোৰ
বাহিৰ কৰা৷ সিবোৰৰ বিষয়ে জনাৰ পিছত সামাজিক উন্নয়নত বিভিন্ন দিশত পূৰ্বতকৈ অধিক সাফল্য
লাভ কৰাৰ আশা পুঞ্জীভূত হৈ থাকে৷ গৱেষণাৰ গুৰুত্বও সেইখিনিতে৷
বিপৰীতে, অপ্ৰিয় যদিও সঘনাই আমি এইটো শুনা পাওঁ
যে বিশ্ববিদ্যালয়বোৰত আজে-বাজে কতবোৰ বিষয়ে তথাকথিত গৱেষণা কৰা হয়, বেছিভাগেই কিছুমান
মানুহক সন্দেহজনক মূল্যৰ ডক্টৰেট ডিগ্ৰী দিয়াৰ বাহিৰে সমাজৰ কোনো উপকাৰত নাহে৷ বৰং
মোটা আৰু সুৰক্ষিত দৰমহা খোৱা আৰামপ্ৰিয় চাকৰিয়ালত পৰিণত হয় গৱেষণাকাৰী৷ তেনে লোকক
গৱেষক বুলি কোৱা নাযায় আচলতে৷
২৯ তাৰিখৰ বাতৰিটোৱে আমি শুনা কথাবোৰযে মিছা তেনেই নহয়, তাকেই দেখোন কয়৷ এজন উচ্চ শিক্ষিত লোকক গৱেষক হ’বলৈ কিহে বাধ্য কৰে বুলিলে এতিয়া মূল উদ্দেশ্যৰ পৰা ফালৰি কাটি, শুনিবলৈ বেয়া লাগিলেও, ওলাই আহে এনে ধৰণৰ সমৰ্থনঅযোগ্য সত্য প্ৰসংগ কিছুমান৷ আন কথা বাদ, ইউ জি চিৰ সুবিধা আৰু বিত্তীয় লাভৰ লোভটোৱেই বোলে এতিয়া গৱেষণাৰ উদ্দেশ্য! নাজানো বহুকথা৷ চূড়ান্ত বৌদ্ধিক অসাধুতা আৰু চৌৰ্যবৃত্তিৰ অভিযোগ কিন্তু এতিয়া মাথো অভিযোগ পৰ্যায়তে ৰৈ থকা নাই৷ লজ্জাজনকভাৱে সেয়া হৈ পৰিছে জল্জল্-পট্পট্৷
বাতৰি কাকতৰ পৃষ্ঠাত সঘনে দেখা, ফটোসহ ছপোৱা পি
এইচ ডি লাভৰ প্ৰতিটো বাৰ্তাই আমি আশাৰে লক্ষ্য কৰোঁ৷ ভাবোঁ যে এইসকলে আমাক আগুৱাই নিব৷
পিছে? সোনকালেই নিৰাশ হওঁ৷ ওপৰৰ কথাংশৰ প্ৰতিফলনেই দৰাচলতে আমাক আশাহত কৰে৷ এনে পৰিস্থিতি
আঁতৰ কৰাৰ সম্পূৰ্ণ দায়িত্ব পিছে নামৰ আগত ‘ডক্টৰ’ লিখাসকলৰে৷ চাই থকাৰ বাদে আমাৰ দৰে মানুহৰ তাত কৰিবলৈ
একো নাই৷ এইখিনিতে প্ৰশ্ন উঠে, আমাৰ মনৰ ধুঁৱলি-কুঁৱলীবোৰ আঁতৰাব কোনে? কোনে দূৰ কৰিব
সমাজৰ এনে ভয়ংকৰ ব্যাধি?
ষ্টাফ ৰিপ’ৰ্টাৰে লিখা উপৰিউক্ত খবৰৰ মতে ‘অসমৰ বাহিৰৰ কোনো অখ্যাত বিশ্ববিদ্যালয়ৰ
পৰা ভুৱা পি এইচ ডি গ্ৰহণ কৰা অধ্যাপকৰে বৰ্তমান ৰাজ্যৰ শিক্ষাখণ্ড ভৰি আছে৷ বিশ্ববিদ্যালয়
অনুদান আয়োগৰ সুবিধা লাভ কৰাৰ বাবে বৰ্তমান অধ্যাপক এজনৰ সন্মানীয় পি এইচ ডি থকাটো
বাধ্যতামূলক৷ ফলত অধ্যাপকসকলৰ বাবে পি এইচ ডি অতি আৱশ্যক হৈ পৰিছে৷ অতি কম সময়তে এই
লোকসকলে ডিগ্ৰীটো ক’ৰ পৰা আহৰণ কৰিব? পি এইচ ডিক
লৈ অসমত গঢ়ি উঠিছে এখন বজাৰ৷ সন্মানীয় পি এইচ ডি ডিগ্ৰী গ্ৰহণৰ ক’লা বজাৰ৷ কাৰণ, অতি কম সময়তে
বিভিন্ন নীতি-নিয়ম আৰু বাছনি সম্পৰ্কীয় বাধ্যবাধকতাৰ বাবে আইনসন্মত প্ৰক্রিয়াৰে পি
এইচ ডি গ্ৰহণ কৰা যথেষ্ট জটিল প্ৰক্রিয়া৷ বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা বিত্তীয় লাভ
উঠোৱাৰ লোভত একাংশ কলেজ শিক্ষকে মধ্যভোগীৰ জৰিয়তে অসমৰ বাহিৰৰ বিশ্ববিদ্যালয়ৰ পৰা পি
এইচ ডি কিনিছে৷ বজাৰত এটা ডিগ্ৰীৰ দাম উঠিছে ২.৫লাখ টকাৰ পৰা ৩.৫লাখ টকালৈ৷ এই বিষয়টোত
বিব্ৰত হৈ পৰিছে ৰাজ্যৰ বিদ্বান লোকসকল, শংকিত হৈ পৰিছে উচ্চ শিক্ষা খণ্ডৰ ভৱিষ্যতক
লৈ৷ ভুৱা ডিগ্ৰীধাৰী কলেজ শিক্ষকসকলে শিক্ষা খণ্ডৰ কি উন্নতি সাধ্বি?’
বাতৰিৰ মতে, অসমৰ বাহিৰৰ মগধ, সিংহানীয়া, গ্ল’বেল, কানপুৰ, বিনায়ক আদি বিশ্ববিদ্যালয়ৰ
পৰা অসমৰ একাংশ কলেজ শিক্ষকে ভুৱা ডিগ্ৰী আহৰণ কৰিছে৷ ধনৰ বিনিময়ত, প্ৰৱেশ পৰীক্ষাত
অৱতীৰ্ণ নোহোৱাকৈ, ক’ৰ্চ ৱৰ্ক নকৰাকৈ, মধ্যভোগীৰ জৰিয়তে
৬-৭মাহতে ‘পাইছে’ অতি কষ্টসাধ্য পি এইচ ডি৷ এনে
ভুৱা পি এইচ ডিৰ তদন্ত দাবীৰে ভাস্কৰ তালুকদাৰ নামৰ এজন যুৱকে ইতিমধ্যে ভাৰতৰ প্ৰধান
মন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী স্মৃতি জুবিন ইৰাণী, অসমৰ
মুখ্য মন্ত্ৰী তৰুণ গগৈ, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিবৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য
সচিব এম জি ভি কে ভানুলৈ তথ্যসহ পৃথক পৃথকভাৱে পত্ৰ প্ৰেৰণ কৰিছে৷
এতিয়া কথা হ’ল, পদ্ধতিগত গভীৰ অধ্যয়নেৰে নিজৰ গৱেষণা সামৰি সংখ্যাত যিয়েই নহওক, যিখিনি বিদ্বানে সঁচা অৰ্থত সমাজৰ প্ৰতি দায়বদ্ধতাৰে আত্মনিয়োগ কৰিছে আৰু সজাগতাৰে কাম কৰি গৈছে সেই অংশটোৱে এইটো নিশ্চয় মন নকৰাকৈ থকা নাই৷ তেখেতসকলৰ দৰে এচাম গাইডৰ তত্ত্বাৱধানতে এনেবোৰ ডক্টৰেটে পোৱালি দি থকা নাই জানো? হেন জানি শিক্ষাৰ এনে দুৰৱস্থাৰ সময়ত তেখেতসকলে উচিত পদক্ষেপ এটা ল’ব নোৱাৰেনে? নহ’লে অৱক্ষয়ৰ গৰাহত পৰি এদিন সঁচা-ভুৱা, কৰ্মী-কামচোৰ সকলো একাকাৰ হৈ পৰাৰে সম্ভাৱনা অধিক দেখোন৷
ক’ৰবাত পঢ়িছিলোঁ, সবজান্তা মানুহৰ মৰ্যাদা নাই৷ মৰ্যাদা আছে কেৱল বিশেষজ্ঞৰহে৷ জ্ঞানৰ ব্যাপকতাতকৈ জ্ঞানৰ গভীৰতাহে কাম্য৷ গৱেষণা কৰি যি উপাধি পোৱা যায় সেই ‘ডক্টৰ’ উপাধিৰ অৰ্থ হৈছে জ্ঞানী৷ যি দীৰ্ঘকাল ধৰি অধ্যয়ন কৰি কোনো এক বিষয়ৰ গভীৰত প্ৰৱেশ কৰি বিশেষ জ্ঞান অৰ্জন কৰিছে তেৱেঁই ‘ডক্টৰেট’, তেৱেঁই জ্ঞানী৷ আমি দেখি অহা সহজ কথাটো হ'ল, এচাম জ্ঞানী-মহাজ্ঞানীৰ পৰাই বিশ্ববিদ্যালয় নামৰ উচ্চ শিক্ষানুষ্ঠানসমূহত চামে চামে নতুন জ্ঞানীৰ সৃষ্টি হৈ আহিছে৷ গতিকে এই প্ৰক্ৰিয়াটোৰ অৱক্ষয় হোৱা মানে সমাজৰ, পৃথিৱীৰ, মানুহৰ কি গতি হ’বগৈ সেয়া সহজেই অনুমেয়৷ আশা কৰোঁ ‘জ্ঞানী’ পিতৃসকলে অন্ততঃ ‘ভুৱা জ্ঞানী’ সন্তানৰ সৃষ্টি নকৰিব আৰু তেনে সন্তানৰ দৌৰাত্ম্য পূৰামাত্ৰাই ৰোধ কৰিব৷ সন্মানীয় বিশ্ববিদ্যালয়ক পি এইচ ডিৰ সহজলভ্য দোকানত পৰিণত নকৰিব৷
No comments:
Post a Comment