শনিবৰীয়া ‘মোৰ আলহী’ত আজি আগ বঢ়াইছোঁ কথা-সাহিত্যিক নিৰোদ চৌধুৰীৰ কবিতা ‘কাচিবাতে’৷ আজিৰ পৰা প্ৰায় ৩৩বছৰৰ আগতে,
৩মাৰ্চ ১৯৮২ তাৰিখে ‘অগ্ৰদূত’ তিনিদিনীয়া কাকতত এই কবিতাটি
প্ৰকাশ হৈছিল৷ এখন কিতাপৰ বাবে দৰকাৰ হোৱা পুৰণি লেখা এটাৰ সন্ধানত ১৯৮১-৮২চনৰ ভলিওম
দুটাৰ এফালৰ পৰা পাত লুটিয়াই যাওঁতে এইটো পাইছিলোঁ গুৱাহাটী স্থিত ‘অগ্ৰদূত ভৱন’ত, যোৱা ১৪মাৰ্চ ২০১৫ তাৰিখে৷
…………………..
কাচিবাতে
পাহাৰ আৰু কুঁৱলী৷ জীৱন আৰু সংগ্ৰাম৷
অলপ পোহৰ আৰু অলপ এন্ধাৰ
শেষ নোহোৱা এটি বাট৷
আকৌ কুঁৱলী
আৰু সংগ্ৰাম
নাম তাৰ ছামছিং হাঞ্চে৷
………………….
কাচিবাতে : কাৰবি শব্দ, অৰ্থ প্ৰতিযোগিতা
ছামছিং হাঞ্চে : অসমৰ প্ৰাক্তন মন্ত্ৰী
No comments:
Post a Comment