আমাৰ আদৰৰ ‘বসন্ত দাসদা’
অসমৰ বিদ্বৎ মহল নাইবা বহল পাঠক সমাজৰ আগত বসন্ত
দাসৰ পৰিচয় দিয়াৰ নিশ্চয় প্ৰয়োজন নাই৷ কিয়নো, উত্তৰ-পূৰ্বাঞ্চলৰ পাৰ্বত্য জনগোষ্ঠীসমূহৰ
অন্যতম কাৰবিসকলৰ সাংস্কৃতিক জীৱনধাৰাক লৈ একনিষ্ঠভাৱে, তথ্যসমৃদ্ধ লেখা-মেলাৰে আমৃত্যু
নিৰৱচ্ছিন্নভাৱে কলম চলাই যোৱা প্ৰধান লেখকগৰাকীয়ে হ’ল বসন্ত দাস৷ তেখেতৰ অনুসন্ধিৎসু
মন, ক্ষেত্ৰভিত্তিক অধ্যয়ন, মনোগ্ৰাহী বৰ্ণনাশৈলীয়ে কাৰবিসকলৰ সংস্কৃতিধৰ্মী ৰচনাৰ
দিশটোক বহু ওপৰলৈ লৈ গৈছে৷ সহজ-সৰল জীৱন যাপনৰ পোষকতা কৰা আৰু মানুহৰ সৈতে অনায়াসে
মিলিব পৰা বসন্ত দাস মানুহজন সেয়ে প্ৰচাৰবিমুখ হৈও বহুজনজ্ঞাত, প্ৰধানকৈ সাহিত্য-সংস্কৃতিৰ
ৰসজ্ঞসকলৰ মাজত৷ উল্লেখযোগ্য যে কাৰবি ভাষা, সাহিত্য, সংস্কৃতিৰ চৰ্চাৰ দিশত বিশিষ্ট
অৱদান যোগোৱা ব্যক্তিলৈ অসম সাহিত্য সভাই আগ বঢ়োৱা জয়ছিং হাঞ্চে বঁটাৰ বাবে ২০০৪চনত
বঁটাপ্ৰাপক নিৰ্বাচন কৰা হৈছিল এইগৰাকী সাহিত্যিকক৷ ২০০৯চনত এইগৰাকী সাহিত্যিকক অসম
চৰকাৰে সাহিত্যিক পেন্সন প্ৰদান কৰিছিল৷
তেনেই অপৰিপক্ক বয়সতে লেখা-মেলাত হাত দি বসন্ত
দাসে ৰচনা কৰিছিল ‘বলিদান’, ‘পৰিচয়’, ‘বন্ধু নে মহাশত্ৰু’, ‘নৱৰস’, ‘গাৰোৱান’, ‘মধ্যধাম’, ‘নেপালী চাকৰ’, ‘মদপীৰ ল’ৰা’ নামৰ উপন্যাসকেইখন৷ হাইস্কুলীয়া
দিনত লিখিছিল ‘অপদেৱতা’, ‘মবিলৰ চেকা’, ‘ফাগুনী’, ‘ডাকিনী যোগীনী’, ‘জংছন’, ‘এক্সৰে’ কৰোৱালোঁ’৷ পৰৱৰ্তী সময়ত চিত্ৰনাট্য লেখকৰ
ৰূপত দূৰদৰ্শন কেন্দ্ৰ আৰু পি.পি.চি., গুৱাহাটীৰ টিভিৰ কমিছন্ড প্ৰগ্ৰেমৰ বাবে বসন্ত
দাসে সৃষ্টি কৰিছিল ‘থং নক্বে’, ‘কুৰুলি’, ‘অৰণ্য’, ‘জংছন’, ‘বকুল বনৰ কবি আনন্দচন্দ্ৰ বৰুৱা’, ‘কাৰবি লোকবাদ্য আৰু সংগীত’, ‘ৰংমিলিৰ দিগন্ত ইত্যাদি’, ‘ছুটি’, ‘ত্যাগ’, ‘ৰামকানাইৰ নিৰ্বুদ্ধিতা’, ‘শাস্তি’, ‘এজনী জাপানী ছোৱালী’৷ অসমীয়া চলচ্চিত্ৰ ‘ফাগুনী’ৰ কাহিনী আৰু চিত্ৰনাট্য, ‘বোৱাৰী’ৰ কাহিনী, ‘পাহাৰী কন্যা’ৰ উন্নতকৃত কাহিনী, ‘ৱ’ছবিপ’ৰ সংলাপ; ‘ছেৰ আলাঙ’ৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ;
‘লাজ’ৰ সংলাপো তেখেতেই লিখিছিল৷
ঘাইকৈ কাৰবিসকলৰ নানাৰঙী সাংস্কৃতিক দিশটোক লিখিত
ৰূপ দি প্ৰকাশ আৰু প্ৰচাৰ কৰাৰ দিশত বসন্ত দাসে নিজকে একান্তভাৱে নিযুক্ত কৰি গৈছে৷
সেয়াই যেন তেখেতৰ জীৱনৰ ব্ৰত৷ এনে নিষ্ঠাপূৰ্ণ কৰ্মতাড়নাৰ ফলশ্ৰুতিতে সংস্কৃতি অধ্যয়নৰ
দিশত এইজন লেখকৰ দ্বাৰা ভৱিষ্যৎ প্ৰজন্মৰ কাৰণে লাগতিয়াল গ্ৰন্থৰ জন্ম সম্ভৱ হৈছে,
যিয়ে নেকি তেখেতক কেৱল কাৰবিসকলৰ মাজতে নহয়, সাহিত্য জগতত অমৰ কৰি ৰাখিব৷ কাৰবি লোক-জীৱনৰ
পুৰা কাহিনী, লোক-গীত, ধৰ্ম-বিশ্বাস, পৰম্পৰা, শিল্প, কিংবদন্তি, অতীত বুৰঞ্জীকে সামৰি
নৃতাত্ত্বিক তথা গৱেষণামূলক কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপেই ২০০৩চনত কাৰবি আংলং জিলাৰ
উপায়ুক্তৰ ‘সাম্প্ৰদায়িক সম্প্ৰীতি বঁটা’ৰে তেখেতক সন্মানিত কৰা হৈছিল৷
বসন্ত দাসৰ এই ৰচনাৰাজিৰ সঠিক মূল্যায়নৰ লগতে অন্যান্য ভাষালৈ অনুবাদ কৰাৰ প্ৰয়োজন
আছে৷ অসম সাহিত্য সভাই ২০১১চনত ‘লুম্মেৰ দাই বঁটা’ৰ বাবে নিৰ্বাচিত কৰিছিল এইগৰাকী বিশিষ্ট লেখকক৷
ভালেসংখ্যক চলচ্চিত্ৰৰ কাহিনী, চিত্ৰনাট্য, সংলাপ,
দূৰদৰ্শনৰ ধাৰাবাহিক, তথ্যচিত্ৰৰ সাৰাংশ, টেলিফিল্ম, সুখপাঠ্য চুটিগল্প, উপন্যাস, প্ৰবন্ধ,
ৰস-ৰচনা, কথা-কবিতা, ‘ঋতুৰাজ’ ছদ্মনামেৰে লিখা ধাৰাবাহিক কাহিনী,
কাৰবি কৃষ্টি-সংস্কৃতিৰ গৱেষণাধৰ্মী গ্ৰন্থ প্ৰণয়ন, সাহিত্যৰ আলোচনা আদি বিচিত্ৰ লেখনিৰে
লেখক জীৱন সমৃদ্ধ হ’লেও নিজৰ ভাষাৰে বসন্ত দাস মূলতঃ
সাহিত্যৰ এজন নীৰৱ গৱেষক৷ উপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ, চিত্ৰনাট্য লেখক, লোক-কৃষ্টিৰ
বিশিষ্ট লেখক আদি বিশেষণবোৰৰ প্ৰতি তেখেত যেন কিবা উদাসীন৷ নিজৰ প্ৰিয়, ক’লা বৰণৰ চিয়াঁহীৰে অবিৰামভাৱে
কাগজৰ পিছত কাগজ লিখি যাব পৰা, ঘনিষ্ঠজনৰ আগত ৰস লগাই সলসলীয়াকৈ কথা ক’ব পৰা অথচ মঞ্চ বা মাইকৰ সন্মুখত
কিম্বা টেলিভিছনৰ পৰ্দাত একেবাৰেই নিষ্ক্ৰিয় মানুহজনেই বসন্ত দাস৷ তেনে পৰিৱেশত তেখেতৰ
কথা নোলায়, ভাবিলেই বোলে কঁপনি উঠে৷ সেইটোৱে যেন বসন্ত দাস নামৰ মানুহজনৰ একক আৰু অনন্য
বৈশিষ্ট্য৷ জনসমাগমৰ মাজত থাকিও তেখেতে অনবৰতে এক নিমাখিত আৰু শান্ত-সমাহিত ভাবত নিজৰ
উপস্থিতি বৰ্তাই ৰাখিহে সন্তুষ্টি লভে৷
অথচ, কাৰবি সংস্কৃতিৰ এ’ টু জেদ্, পুৰণি ডিফুৰ ইতিহাস,
জিলা পৰিষদৰ জন্মলগ্নৰ কথা, ডিফুৰ সাংস্কৃতিক জীৱন, স্বৰ্ণজয়ন্তী গৰকা ডিফুৰ অনুষ্ঠানসমূহৰ
ইতিবৃত্ত, ডিফুৰ কবিতাৰ সবিশেষ কোনোবাই জানিবলৈ ইচ্ছা কৰিলেও আঙুলি টোঁৱাব পৰা মানুহ
মাত্ৰ এজনেই, বসন্ত দাস৷ এইবোৰ তথ্য যেন তেখেতৰ নখ-দৰ্পণত৷ বিশ্ববিদ্যালয়ৰ ডিগ্ৰী তেখেতৰ
নাই৷ অথচ, বহুতেই তেখেতক কাৰবি সংস্কৃতিৰ সাধক, গৱেষক, উপাসক; কাৰবি আংলঙৰ অন্যতম বটবৃক্ষ
বুলি অভিহিত কৰে৷ তেখেতৰ মুখনিসৃত সমলকে বিজ্ঞানসন্মতভাৱে উপস্থাপন কৰি বহুতে আকৌ তথাকথিত
গৱেষণা কৰ্ম কৰি যায়৷ তেখেতৰ কাপনিৰ্গত লেখনিৰে ‘লেখক’ৰ শাৰীত উঠা কবি-সাহিত্যিকো নোহোৱা নহয়৷ অপ্ৰিয় হ’লেও প্ৰসংগক্রমে এই সত্যটো উল্লেখ
কৰা উচিত হ’ব যে তেনে অনেক সৃষ্টিৰ আঁৰৰ
মানুহজন কিন্তু বসন্ত দাস৷ নাটকত হাত ফুৰাই, কবিতাত চকু ফুৰাই, পাণ্ডুলিপিত দৃষ্টি
নিক্ষেপ কৰি ‘লেখক’ক তেখেতে উৎসাহিত কৰে, সহায়-সহযোগিতা,
দিহা-পৰামৰ্শ আগ বঢ়ায় অকুণ্ঠচিত্তে, সৰল অন্তৰেৰে৷
মূলতঃ অসমীয়া ভাষাত গদ্য চৰ্চা কৰিলেও তেখেতে অনেক
সৰু-বৰ কাকত-আলোচনী, সম্পাদিত গ্ৰন্থাদিৰ উপৰি স্মৃতিগ্ৰন্থ-স্মৰণিকাত অসমীয়া, বাংলা,
ইংৰাজী (অনূদিত) ভাষাত অসংখ্য লিখিছে৷ কাৰবি সংস্কৃতিৰ উপাদানকলৈ যুগুতোৱা লেখাসমূহৰ
বিপৰীতে আন আন বিষয়ত অ’ত-ত’ত সিঁচৰতি হৈ থকা চুটি-দীঘল ভিন্নৰসৰ
ৰচনাসমূহে তেখেতৰ কলমৰ ধাৰাবাহিকতাৰ স্পষ্ট উমান দিয়ে৷ ডিফুৰ শিৱবাড়ী ৰোডত অৱস্থিত
বাসস্থানৰ ড্ৰয়িং ৰুমৰ চোফাত ভৰিত ভৰি তুলি, কোঁচমোচ খাই বহি এই ক্ষীণকায় মানুহজনে
ইটোৰ পিছত সিটো ফাইল খোলে, লেখে, জপায়৷ ওলাই গৈ তেখেতৰ প্ৰিয় মিঠাই ৰসগোল্লা এটা খায়৷
মানুহ আহিলে আগ্ৰহেৰে কথা পাতে, আকৌ লেখে৷ এনেদৰেই দৈনিক চলে বসন্ত দাস নামৰ ‘নিমাখিত’ লেখকজনৰ দৈনন্দিন লেখা-মেলাৰ
ৰুটিনখন৷
বিখ্যাত-অল্পখ্যাত-অখ্যাত, নবীন-প্ৰবীণ, পুৰুষ-মহিলা
সকলো স্তৰৰে লোকৰ তেখেতৰ ওচৰলৈ দ্বিধাহীন আহ-যাহ৷ কোনোবা যায় কাৰবি সংস্কৃতিৰ সমল বিচাৰি,
কোনোৱেবা চিত্ৰনাট্যৰ উদ্দেশ্যে, কোনোবাই তথ্যচিত্ৰৰ সাৰাংশ লিখোৱাবলৈ, কোনোবাই গল্প-প্ৰবন্ধৰ
তাগিদা লৈ, কোনোৱে কবিতা-উপন্যাস দেখুৱাবলৈ, বেটুপাত বা প্ৰাসংগিক ফটোগ্ৰাফ এখন পাবলৈ৷
মুঠতে বসন্ত দাসে চাই দিব লাগিব, ঠিক-ঠাক কৰি দিব লাগিব৷ আৰু কাকো না বুলিব নোৱাৰা
বসন্ত দাসে কি কৰে? অধিকাংশই শুধৰাই নিজৰ হাতৰ আখৰেৰে পুনৰায় লিখি দিয়ে! ইমানেই নহয়, ছবি এখনো আঁকি দি
পঠিয়ায় লগতে৷ আগন্তুকৰ প্ৰকাশিতব্য কিতাপখনৰ পৃষ্ঠাত সংযোগ কৰিবলৈ মূল্যাংকনধৰ্মী মন্তব্য,
অভিমততো আছেই৷ বিনিময়ত যৎসামান্য মাননি, ধন্যবাদ; নিদিলেও কথা নাই৷
সৰলতাৰ সুযোগ লৈ বিখ্যাত বিখ্যাত মানুহেও এনেবোৰ
কামত তেখেতক ব্যৱহাৰ কৰে৷ ইফালে, স্বাৰ্থ পূৰণৰ অন্তত প্ৰাপ্যখিনি যচাটো বাদেই, ন্যূনতম
সৌজন্যমূলক আচৰণকণ দেখুৱাৰো প্ৰয়োজন বোধ নকৰে৷
কম খোৱা, ভোক লাগিলেও ভোকৰ কথা নোকোৱা, নিজৰ গাৰ
কাপোৰ খুলি আনক দি দিব পৰা মানুহজনেই হৈছে বসন্ত দাস৷ অভিযোগহীন এই মানুহজনে আগেয়ে
কাহানিও ঘুণাক্ষৰেও উল্লেখ নকৰা নিজৰ জীৱনৰ অকথিত সত্যবোৰ মাজে-সময়ে মনে মিলাজনৰ আগত
কোনোবা অন্তৰংগ মুহূৰ্তত উন্মোচন কৰিব বিচাৰে, য’ত লুকাই থাকে আক্ষেপৰ এটা তেনেই ক্ষীণ সুৰ৷ আনহাতে,
স্পষ্টকৈ কোৱাটো কঠিন যদিও ইয়াৰ কাৰণ হয়তোবা হ’ব পাৰে আশংকাজনিত কিবা অভাৱগ্ৰস্ততাৰ বিপৰীতে মানুহজনৰ
অন্তৰত প্ৰৱলভাৱে উৎপন্ন হোৱা এক ধৰণৰ মানৱীয় অনুভূতি৷ হ’লেও সকলো কথা তেখেতে যেন খুলি
ক’ব নিবিচাৰে৷ এনেকুৱা কিছুমান
অৰ্ধপ্ৰকাশিত-অপ্ৰকাশিত কাহিনী-খণ্ডৰ সমষ্টিৰেই যেন নিজৰ জীৱনৰো এখন সুদীৰ্ঘ চিত্ৰনাট্যহে
অলিখিত ৰূপত থৈ যাব খোজে আমাৰ আদৰৰ ‘বসন্ত দাসদা’ নামৰ সফল চিত্ৰনাট্য লেখকজনে৷
(মূল : ‘বসন্ত বৈভৱ’, বসন্ত দাস অভিনন্দন গ্ৰন্থ, সম্পাদক পৱিত্ৰ বৰা, প্ৰকাশক
ডিহুন, গুৱাহাটী, ২১মাৰ্চ ২০১২)
No comments:
Post a Comment