Wednesday, 11 March 2015

কিবিথো : যত শেষ হৈছে পূবৰ পথটো



কিবিথোলৈ মই যোৱা নাই, যামহে৷ প্ৰস্তুতি পৰ্বতে চলোৱা অধ্যয়নৰ ভিত্তিতে এটা ধাৰাবাহিক বৰ্ণনা লিখাৰ মৰসাহ কৰিছোঁ, খৰতকীয়াভাৱে৷ বহু বছৰৰে পৰা হাতত সাঁচি থৈ মলঙি যোৱা পৰ্যটন সম্পকীয় পুৰণি কিছুমান কাগজ-পত্ৰ, কিতাপ আৰু ইণ্টাৰনেটত উপলব্ধ তথ্যৰ ভেটিত যুগুতোৱা এই বাস্তৱতুল্য পৰ্যটন প্ৰতিবেদনত ভুল-ভ্ৰান্তি নিশ্চয় থাকিব৷ তল-ওপৰ, অকোৱা-পকোৱা যাত্ৰাটোৰ অভিজ্ঞতা থকাজনে ষ্টিয়েৰিং পোনাই দিলে ঠিকে ঠিকে পামগৈ চাগে কিবিথো৷

পথৰ পৰা পথ-সমাপ্তিলৈ ... ফ্ৰম ৰড টু ন

ভাৰত ৰাষ্ট্ৰৰ উত্তৰ-পূবৰ শেষৰ প্ৰদেশখনৰ নাম অৰুণাচল৷ ভৌগোলিকভাৱে তিব্বত, চীন আৰু ম্যানমাৰ সীমান্ত স্পৰ্শ কৰি থকা অৰুণাচল প্ৰদেশৰ ভূভাগ এতিয়া ১৭খন জিলাত বিভক্ত৷ তাৰে সবাতোকৈ পূবৰ জিলাখনৰ নাম হৈছে আনজাৱ৷ আনজাৱ জিলাৰ অন্তিম পূবৰ থকা অন্তিম জনপদৰ নামেই কিবিথো৷ ভাৰতৰ পূৰ্ব প্ৰান্তলৈ যোৱা ৰাস্তাটোৰ শেষমূৰো তাতেই, ইষ্ট অব দ্যা নৰ্থ-ইষ্ট অৰ্থাৎ উত্তৰ-পূবৰ পূব বুলি যাক অভিহিত কৰা হয়৷ উক্ত পথতে আগলৈ থকা হালধীয়া চাইনবৰ্ড এখনে পথিকক কৈ দিয়ে যে আগলৈ আৰু পথ নাই৷ পূবৰ পথটো তাতেই শেষ হৈছে৷ এণ্ড অব দ্যা ৰড হেড৷ যেনেকৈ ১৯৯৭চনৰ ১৭ফেব্ৰুৱাৰীত অন্তিমখন ৰেল পাৰ হোৱাৰ পিছতে বন্ধ হৈ যোৱা, ঐতিহাসিক দ্বিতীয় মহাযুদ্ধৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা অসমৰ তিনিচুকীয়া জিলাৰ লেখাপানী ষ্টেচনৰ ফলকখনে সগৌৰৱে আজিও জনাই থাকে, ইষ্টাৰ্ণ-মষ্ট ৰেলৱে ষ্টেচন অব ইণ্ডিয়া, ৰেলৱেজ লাষ্ট ফ্ৰণ্টিয়াৰ, ণ্ড অব দ্যা নৰ্থ-ইষ্ট ফ্ৰণ্টিয়াৰ ৰেল হেড৷

পাতনিতে এৰিলোঁ আজি৷ কাইলৈ আনজাৱ জিলালৈ৷ ক্রমে আগলৈ গৈ থাকিম৷


No comments:

Post a Comment