কাবন নেলি তিমুংপী : বনেলী খংমেন
‘নাং জাং দ’ দ’ আতুমতা
তই দুনথা লিখা-পৰা
কাবন তিমুংপী লাংথা
কেংঅপ দংত্ৰুপ-ক্রাপ
লেমা
ছমিন্দাৰ লেদুন লেমা
বিদ্যা আজাকং লাতা৷’
অসমীয়াত এই কাৰবি গীতাংশৰ অৰ্থ হ’ব : যিসকলৰ সন্তান আছে লিখা-পঢ়া
কৰিবলৈ পঠিয়াই দিয়া৷ কাবন তিমুংপীলৈ চোৱা, তেওঁ বিশ্ব-দৰবাৰলৈ গৈছে৷ বিদ্যাৰ বলতে এয়া
সম্ভৱ হৈছে৷
কাবন নেলি তিমুংপী প্ৰথমগৰাকী কাৰবি বিদূষী মহিলা৷
তেওঁৰ পিতৃৰ নাম মন্ছদাৰ তিমুং, মাতৃৰ নাম ফ্ল’ৰিচা ক্র’পী৷ প্ৰথম অৱস্থাত বৰ্তমান কাৰবি আংলং জিলাৰ হামৰেন মহকুমাত
অন্তৰ্ভুক্ত উম্পেনাইৰ বাসিন্দা আছিল যদিও গ্ৰামীণ চিকিৎসা কৰ্মী মন্ছদাৰ তিমুং গীৰ্জাৰ
আহ্বানক্রমে পিছত পৰিয়ালসহ জোৱাইলৈ (এতিয়া মেঘালয় ৰাজ্যত) উঠি যায়৷ জোৱাইতে ১৯১২চনৰ
২৫জুনত কাবন নেলিৰ জন্ম হয়৷ দুই পুত্ৰ (অৰিৱেল, ডাৰ্লিৱেল) আৰু তিনি কন্যা (জুবিলী,
কাবন নেলি, বেছিলী)ৰ ভিতৰত কাবন নেলি আছিল তিমুং-ক্র’পী দম্পতীৰ চতুৰ্থ সন্তান৷
কাবন নেলিৰ প্ৰাক্-প্ৰাথমিক স্তৰৰ বিদ্যাৰম্ভ
হয় জোৱাইত৷ সৰুৰে পৰাই তেওঁ প্ৰবল মেধাশক্তিৰ পৰিচয় দিছিল৷ পৰৱৰ্তী পৰ্যায়ত তেওঁ শ্বিলঙত
শিক্ষা গ্ৰহণ কৰে৷ ১৯২৮চনত ৱেল্ছ মিছন গাৰ্লছ হাইস্কুল, মাউখাৰ, শ্বিলঙৰ পৰা তেওঁ
প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হয়৷ সেই বৰ্ষত কৃতকাৰ্য হোৱা পৰীক্ষাথীসকলৰ ভিতৰত কাবন
নেলিয়ে সৰ্বোচ্চ নম্বৰেৰে প্ৰথম স্থান অধিকাৰ কৰিছিল৷ সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত
উচ্চ শিক্ষাৰ বাবে চৰকাৰৰ পৰা তেওঁ ২০টকীয়া বৃত্তি লাভ কৰে৷প্ৰৱেশিকা পৰীক্ষা দিয়াৰ
কিছুদিনৰ পিছতে কাবন নেলিয়ে পিতৃক হেৰুৱায়৷ তৎসত্ত্বেও, জ্ঞানাৰ্জনৰ প্ৰতি থকা অসীম
ধাউতিৰ বাবেই বিচলিত নহৈ তেওঁ কলিকতালৈ পঢ়িবলৈ যায়৷ তাত ডায়চিছান কলেজত নামভৰ্তি কৰে
আৰু জলপানিৰ ধনৰ সাহায্যৰে অধ্যয়ন আগ বঢ়াই নিয়ে৷ ১৯৩২চনত সেই শিক্ষানুষ্ঠানৰ পৰাই তেওঁ
কলা শাখাত বি.এ. পাছ কৰে৷ উল্লেখযোগ্য যে কাবন নেলি তিমুংপী হৈছে স্নাতক ডিগ্ৰী লাভ
কৰা প্ৰথম কাৰবি মহিলা৷
কলেজীয়া শিক্ষা আহৰণ চলি থকা অৱস্থাতে কাবন নেলি
কলিকতাত অধ্যয়নৰত শিক্ষাৰ্থী এজনৰ সান্নিধ্যলৈ আহে৷ ৱেল্ছন্ খংমেন নামৰ শ্বিলঙৰ খাচিয়া
ছাত্ৰজনে তেতিয়া স্নাতক পাঠ্যক্রম সম্পূৰ্ণ কৰি আইন পঢ়ি আছিল৷ এল.এল.বি. সমাপ্ত হোৱাত
তেওঁ শ্বিলঙলৈ আহে আৰু তাত থকা অসম উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰে৷ আনহাতে, বি.এ.
পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত শ্বিলঙলৈ প্ৰত্যাৱৰ্তন কৰা কাবন নেলিয়ে গোলাঘাটত শিক্ষকতাত
আত্মনিয়োগ কৰে৷ ১৯৩৪চনৰ ১৪এপ্ৰিলত দুয়ো বিবাহ-পাশত আৱদ্ধ হয়৷ জন্মসূত্ৰে কাৰবি, কাবন
নেলি তিমুংপী খাচিয়া অধিবক্তা খংমেনলৈ বিয়া হোৱাৰ পিছৰে পৰা ‘বনেলী খংমেন’ নামে পৰিচিত হয়৷ পাঁচজন পুত্ৰ
(মাইকেল, বাৰ্ণাৰ্ড, মাৰ্টিন, বেঞ্জামিন, পিটাৰ) আৰু একমাত্ৰ কন্যা (জয়েচ)ক লৈ তেওঁলোকৰ
দিন অতিবাহিত হ’ব ধৰে৷
শিক্ষাদানকে ব্ৰত হিচাপে লৈ কৰ্মজীৱনৰ পাতনি মেলা
কাবন নেলি তিমুংপীয়ে ১৯৩২চনত গোলাঘাটৰ ৰিঝৱে’ গাৰ্লছ হাইস্কুলত শিক্ষয়িত্ৰী হিচাপে যোগদান কৰে৷ পিছলৈ
তেওঁ প্ৰধান শিক্ষয়িত্ৰীও হয় আৰু ১৯৩৪চনলৈকে সেই বিদ্যালয়ত সেৱা আগ বঢ়ায়৷ তাৰ পিছত
তেওঁ শ্বিলঙলৈ আহে৷ ১৯৩৫চনৰ পৰা ১৯৪০চনলৈ শ্বিলঙৰ লাবানস্থ আছামিজ্ গাৰ্লছ হাইস্কুলৰ
প্ৰধান শিক্ষয়িত্ৰী হৈ থাকে৷ সেই সময়তে মাৰ্গাৰেট বাৰ নামৰ এগৰাকী ইংৰাজ শিক্ষাবিদ
মহিলাৰ লগ লাগি অসমৰ তদানীন্তন গভৰ্ণৰ ছাৰ ৰবাৰ্ট নীল ৰীডৰ পত্নীৰ নামেৰে শ্বিলঙৰ মাল্কিত
লেডী ৰীড নন্ছেক্টৰিয়ান স্কুল প্ৰতিষ্ঠা কৰে৷ ১৯৪০চনৰ পৰা ১৯৪৬চন পৰ্যন্ত তেওঁ সেই
স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল৷
শিক্ষাদাত্ৰীৰ চাকৰি ইস্তফা দি বনেলী খংমেনে ১৯৪৬চনত
ৰাজনৈতিক জগতত পদাৰ্পণ কৰে৷ দৰাচলতে ৰাজনীতিৰ প্ৰতি আগ্ৰহী নাছিল যদিও লাবানৰ ৰাইজৰ
ইচ্ছাক নেওচিব নোৱাৰি তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ’ব লগাত পৰে৷ প্ৰসংগক্রমে উল্লেখ কৰিব পাৰি যে অসমত
প্ৰাদেশিক স্বায়ত্ত শাসন প্ৰৱৰ্তন কৰাৰ পটভূমিতে ১৯৩৫চনত চৰকাৰে প্ৰণয়ন কৰা এক বিধি
অনুসৰি অসম বিধান সভাৰ শ্বিলং সমষ্টিৰ একমাত্ৰ আসনখন মহিলাৰ বাবে সংৰক্ষিত আসন বুলি
ঘোষণা কৰা হৈছিল৷ অন্যান্য সমষ্টিতকৈ সেই সমষ্টিটোত প্ৰাৰ্থিত্ব আগ বঢ়োৱা নাৰীৰ সংখ্যাধিক্যৰ
প্ৰতি লক্ষ্য ৰাখিয়ে তেনে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল৷ সেই সূত্ৰে ১৯৩৭চনত হোৱা প্ৰথম
সাধাৰণ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে বিধান সভাৰ সদস্যৰূপে মহিলা প্ৰাৰ্থী নিৰ্বাচিত হয়৷
অসমৰ ৰাজনৈতিক ইতিহাসত এয়া আছিল এক উল্লেখযোগ্য ঘটনা৷ আনহাতে, দেশৰ স্বাধীনতাৰ প্ৰাক্কালত,
অৰ্থাৎ ১৯৪৬চনৰ আৰম্ভণিতে ভাৰতৰ আন আন ঠাইৰ লগতে অসমতো নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল৷
সেই দ্বিতীয় সাধাৰণ নিৰ্বাচনটোত বনেলী খংমেনে উক্ত আসনতে বিধান সভালৈ বাছনি লাভ কৰে৷
ভাৰতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা আগ বঢ়াইছিল৷ সমাজ, ৰাজ্য,
ৰাষ্ট্ৰৰ সেৱাৰ স্বাৰ্থত জীৱনত প্ৰথমবাৰৰ বাবে ৰাজনীতিত নামিয়ে চাৰিকোণীয়া প্ৰতিদ্বন্দ্বিতাৰ
সন্মুখীন হৈছিল খংমেন৷ নিৰ্দলীয় প্ৰাৰ্থী ক্রমে মেভিছ ডান্, টি. ডব্লিউ. ছাদাপ্ আৰু
বাৰ্লিনা দিংদ’ৰ সৈতে হোৱা নিৰ্বাচনী যুঁজত
খংমেনে ২,৮৭৮টা ভোটৰ ভিতৰত ১,৪৫৪টা ভোট (৫০.৫২শতাংশ) লাভ কৰিছিল৷ ৰাজনীতিৰ কোনো ধৰণৰ
ব্যৱহাৰিক অভিজ্ঞতা নথকা সত্ত্বেও শিক্ষানিপুণতা আৰু ব্যক্তিত্বৰ গুণতে একক সংখ্যাগৰিষ্ঠতাৰে
জয়লাভ সাব্যস্ত কৰি তেওঁ বিধায়িকা হোৱাৰ গৌৰৱ অৰ্জন কৰে৷ স্বাধীন অসমৰ প্ৰধান মন্ত্ৰী
লোকপ্ৰিয় গোপীনাথ বৰদলৈ নেতৃত্বাধীন মন্ত্ৰীসভাৰ কাৰ্যকালকে সামৰি ১৯৪৬চনৰ পৰা ১৯৫১চনলৈকে
পাঁচোটা বছৰ তেওঁ আছিল অসম বিধান সভাৰ উপাধ্যক্ষা৷ বনেলী খংমেন অসম বিধান সভাৰ প্ৰথম
মহিলা উপাধ্যক্ষা৷ ৰাজ্য বিধান সভাত উচ্চ পদবীধাৰী প্ৰথম মহিলাও তেৱেঁই৷
কাৰবি আংলঙৰ বুৰঞ্জীৰ দুটি উজ্জ্বল জ্যোতিষ্ক ছেমছনছিং
ইংতি আৰু খৰছিং তেৰাঙৰ বলিষ্ঠ নেতৃত্বত সুকীয়া জিলা গঠনৰ লক্ষ্য আৰু উদ্দেশ্যৰে ১৯৪৬চনত
গঠিত ৰাজনৈতিক দল ‘কাৰবি আদৰবাৰ’ৰ পৰিচালনাত সূচনা হোৱা গণ-আন্দোলনৰ
সময়ছোৱাত বনেলী খংমেনো সংগঠনটোৰ এগৰাকী সমৰ্থক আছিল৷ নগাঁও, শিৱসাগৰ, খাচিয়া-জয়ন্তীয়া
পাহাৰৰ অংশবিশেষ সংযোজনেৰে ১৯৫২চনত মিকিৰ পাহাৰ জিলাৰ গঠনৰ প্ৰাক্কালত ১৯৫০চনত গঠিত
মিকিৰ পাহাৰ সীমা আয়োগৰ সৈতেও তেওঁ জড়িত আছিল৷ ৰাজ্যিক বিধান সভাৰ উপাধ্যক্ষা হৈ থকা
অৱস্থাত তেতিয়াৰ অসমৰ মুখ্য মন্ত্ৰী বিষ্ণুৰাম মেধিৰ কাৰ্যকালত ভাৰতীয় সংবিধানৰ ষষ্ঠ
অনুসূচীৰ দফা ১৪(২)ৰ আধাৰত যুগুতোৱা আৰু তদানীন্তন ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামৰ দ্বাৰা
অনুমোদিত সীমা আয়োগৰ প্ৰতিবেদনখন তেওঁক সম্বোধন জনাই দাখিল কৰা হৈছিল, য’ত সাম্প্ৰতিক অসম-মেঘালয় সীমান্তৰ
ব্লক-১ আৰু ব্লক-২ এলেকা নৱপ্ৰস্তাৱিত সংযুক্ত মিকিৰ আৰু উত্তৰ কাছাৰ পাহাৰ জিলাত অন্তৰ্ভুক্তকৰণৰ
প্ৰসংগয়ো স্থান পাইছিল৷
স্বতন্ত্ৰ গণতান্ত্ৰিক ভাৰতবৰ্ষত ১৯৫১চনত পোনপ্ৰথমবাৰৰ
বাবে লোক সভাৰ সাধাৰণ নিৰ্বাচন পৰিচালনা কৰা হৈছিল৷ সংসদীয় নিৰ্বাচনটোত ত্ৰিকোণীয়া নিৰ্বাচনী যুঁজত
বিজয়িনী হৈ বনেলী খংমেন লোক সভাৰ সদস্য নিৰ্বাচিত হয়৷ ভাৰতীয় কংগ্ৰেছৰ প্ৰাৰ্থিত্ব
গ্ৰহণেৰে তেওঁ কমিউনিষ্ট আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল৷
ড’নাল্ডছন্ বাছান্ আৰু ৱিল্ছন্
ৰীডেৰ সৈতে হোৱা সেই নিৰ্বাচনী যুদ্ধত মুঠ ভোট সংখ্যা ১,০৯,৬৬৩টাৰ তেওঁ লাভ কৰিছিল
৫৯,৩২৬টা ভোট (৫৪.০৯শতাংশ)৷ উল্লেখযোগ্য যে তাৰ আগলৈকে উত্তৰ-পূব ভাৰতৰ কোনো মহিলাই
লোক সভালৈ নিৰ্বাচন পোৱা নাছিল৷ অবিভক্ত অসমৰ চাৰিখন পাৰ্বত্য জিলা সামৰি গঠিত স্বায়ত্ত
শাসিত জিলা সমষ্টিৰ প্ৰতিনিধি বনেলী খংমেন উত্তৰ-পূব ভাৰতৰেই প্ৰথম মহিলা সাংসদ৷ উত্তৰ-পূৰ্বাঞ্চলৰ
পাৰ্বত্য জনগোষ্ঠীৰ বাবে সংৰক্ষিত আসনৰ পৰা নিৰ্বাচিত হৈ তেওঁ ১৯৫২চনৰ পৰা ১৯৫৭চন পৰ্যন্ত
উক্ত পদবীত লোক সভাৰ সদস্যা হৈ আছিল৷ স্বৰাজপ্ৰাপ্ত ভাৰতৰ সৰ্বপ্ৰথম প্ৰধান মন্ত্ৰী
পণ্ডিত জৱাহৰলাল নেহৰু নেতৃত্বাধীন কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অধ্যক্ষ মণ্ডলীৰ অন্তৰ্ভুক্ত
হৈ তেওঁ সংসদৰ অধিৱেশনত সভানেত্ৰিত্বও কৰিছিল৷ ইয়াৰ উপৰি সেই সময়ত গঠিত মূল্য নিৰূপণ
সমিতিৰ তেৱেঁই আছিল একমাত্ৰ মহিলা সদস্য৷ জনজাতি উন্নয়ন সমিতি, শিক্ষা আৰু স্বাস্থ্য
সমিতিৰো সদস্য আছিল তেওঁ৷ তদুপৰি ১৯৫৫চনৰ ৭আগষ্টত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত অনুষ্ঠিত
ৰাষ্ট্ৰসংঘৰ দশম সাধাৰণ পৰিষদত বনেলী খংমেনে ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰে৷ শিক্ষাব্ৰতী
খংমেনে বিদেশ ভ্ৰমণৰ সময়তো স্কুল পৰিদৰ্শন কৰি শিক্ষা ব্যৱস্থাৰ উমান লৈছিল৷ আন্তৰ্জাতিক
ক্ষেত্ৰলৈ ওলাই যোৱা উত্তৰ-পূবৰ তেৱেঁই প্ৰথম মহিলা৷
১৯৫৭চনত কেন্দ্ৰীয় মন্ত্ৰীসভা ভংগ হোৱাৰ পিছত কংগ্ৰেছৰ
প্ৰাৰ্থী হিচাপে বনেলী খংমেনে পুনৰবাৰ ৰাজ্য বিধান সভাৰ নিৰ্বাচনত থিয় দিছিল৷ কিন্তু সেইবাৰ তেওঁ অসমৰ পাৰ্বত্য
জিলাক সামৰি পৃথক পাৰ্বত্য ৰাজ্য গঠনৰ দাবীৰে আন্দোলনৰত সংগঠন ইষ্ট ইণ্ডিয়া ট্ৰাইবেল
ইউনিয়নৰ দ্বাৰা সমৰ্থিত প্ৰাৰ্থী ব্ৰজমোহন ৰয়ৰ হাতত পৰাজয় বৰণ কৰে৷ সেই নিৰ্বাচনত খংমেনে
১৮,৫৭৮টা ভোটৰ ভিতৰত ৬,০৬৩টা ভোট পাইছিল (৩২.৬৩শতাংশ)৷ অসম বিধান সভাৰ উপাধ্যক্ষা হৈ
থকাৰ সময়তে খংমেনে গ্ৰহণ কৰা মিকিৰ পাহাৰ সীমা আয়োগৰ প্ৰতিবেদনখনত সন্নিৱিষ্ট থকা ব্লক-১
আৰু ব্লক-২ৰ বিষয়টোৱে পৰৱৰ্তী সময়ত খাচিয়া জনগণৰ মাজত বিতৰ্কিত ৰূপ লয় আৰু ইয়েই তেওঁৰ
পৰাজয় মুখ্য কাৰণ বুলি পৰিগণিত হয়৷ এচাম স্থানীয় লোকে উক্ত ভূ-খণ্ড নৱগঠিত সংযুক্ত
মিকিৰ আৰু উত্তৰ কাছাৰ পাহাৰ জিলাত সোমোৱাত তেওঁ পক্ষপাতিত্ব কৰা বুলি অভিযোগ অনাৰ
লগতে খংমেনৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰৰ ইছ্যু হিচাপে সেই প্ৰসংগটোকে ব্যৱহাৰ কৰিছিল৷
১৯৫৭চনত বনেলী খংমেন লোক সেৱা আয়োগৰ সদস্যা নিৰ্বাচিত
হয়৷ পিছত ১৯৬০চনৰ পৰা ১৯৬২চনলৈ তেওঁ আয়োগৰ অধ্যক্ষা আছিল৷ ১৯৬৩চনত কেন্দ্ৰীয় লোক সেৱা
আয়োগৰ সদস্যা নিৰ্বাচিত হয়৷ ১৯৭০চন পৰ্যন্ত উক্ত পদবীত থকাৰ ভিতৰত তিনি মাহৰ বাবে আয়োগৰ
অধ্যক্ষা হিচাপেও কাৰ্যভাৰ চম্ভালিব লগা হৈছিল৷ কেন্দ্ৰীয় লোক সেৱা আয়োগৰ তেৱেঁই আছিল
প্ৰথম মহিলা সদস্যা৷ ১৯৭০চনৰ পৰা ১৯৭৩চনলৈকে তেওঁ ক’হিমাত নাগালেণ্ড লোক সেৱা আয়োগৰ অধ্যক্ষা হয়৷ ১৯৭৩-৭৫চনলৈকে
নাগালেণ্ড চৰকাৰৰ দৰমহা আয়োগৰ অধ্যক্ষা পদবীত থাকি কৰ্তব্য পালন কৰে৷
১৯৭৩চনৰ ২৪মাৰ্চত তেওঁৰ স্বামীৰ মৃত্যু ঘটে৷ কৰ্মময়
জীৱনত চৰকাৰী উচ্চ ক্ষমতাসম্পন্ন আৰু দায়িত্বশীল পদবীত আসীন হৈ সুচিন্তিত পৰামৰ্শ আৰু
বিচাৰধাৰাৰে কৰ্মনৈপুণ্য আৰু প্ৰতিভাৰ পৰিচয় দিয়া বনেলী খংমেনে ১৯৭৫চনত অৱসৰ গ্ৰহণ
কৰে আৰু তেতিয়াৰে পৰা শ্বিলঙৰ ঘৰতে কটাবলৈ লয়৷ শিক্ষাৰ প্ৰসাৰণ ঘটোৱাৰ অৰ্থে গ্ৰাম্য
অঞ্চলসমূহ পৰিভ্ৰমণ কৰি বিদ্যালয় স্থাপন কৰা, শাৰীৰিকভাৱে অক্ষম লোকক সহায় কৰা, স্ব-উৎপাদিত
দ্ৰব্যাদি বিক্রয়ৰ জৰিয়তে পুঁজি সংগ্ৰহ কৰি সমাজৰ উপকাৰ সাধন কৰাকে ধৰি দৈনন্দিন কৰ্মব্যস্ততাৰ
মাজত নিজকে আৱদ্ধ ৰাখি ঊল গোঁঠা, ফুলনি বাৰী পতা, কাপোৰ চিলোৱা ইত্যাদি নিজৰ প্ৰিয়
অভিলাষসমূহ পূৰ কৰিবলৈ ধৰে৷ বিভিন্ন সামাজিক সংগঠনৰ সৈতে জড়িত হৈ সেইবোৰৰ সদস্যা, সভানেত্ৰী,
উপ-সভানেত্ৰী, উপদেষ্টা আদি ভিন্ন ভিন্ন পদবীত উপৱিষ্ট হৈ সমাজ সেৱামূলক কামত আগভাগ
লয়৷ ‘চিন্জক্ খিন্থে’ৰ সদস্যা, সভানেত্ৰী; ইণ্ডিয়ান
কাউন্সিল অৱ ছ’চিয়েল ৱেল্ফেয়াৰৰ উপদেষ্টা,
ইণ্ডিয়ান কাউন্সিল অৱ চাইন্স ৱেল্ফেয়াৰ (মেঘালয় অধ্যায়)ৰ সভানেত্ৰী, জীৱন ৰয় মেম’ৰিয়েল ইনষ্টিটিউটৰ উপ-সভানেত্ৰী,
লাচুমিৰ দৰবাৰৰ উপদেষ্টা, খ্ৰীষ্টিয়ান ৱ’মেন ফেল’ ফৰ ৱ’মেন ছাৰ্ভিচৰ সদস্যা, অল্ ছেইণ্টছ্ কেথেড্ৰেলৰ সদস্যা,
অধ্যক্ষ; শ্বিলঙৰ টেলেন্ট ক্লাবৰ সদস্যা, ইষ্টাৰ্ণ ইণ্ডিয়া ৱ’মেন্ছ এছ’চিয়েশ্যনৰ সভানেত্ৰী, ৱাই.ডব্লিউ.চি.এ.ৰ
সদস্যা আদি সেইসমূহৰ ভিতৰত লেখত ল’বলগীয়া৷ উল্লেখযোগ্য যে ১৯৯৭চন পৰ্যন্ত তেওঁ এই সংগঠনসমূহৰ
সৈতে ঘনিষ্ঠভাৱে জড়িত আছিল৷ ভাৰতৰ প্ৰথম মহিলা প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে
তেওঁৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল৷ জৱাহৰলাল নেহৰু পাৰ্বত্য অঞ্চল ভ্ৰমণলৈ আহোঁতে খংমেনে
দোভাষী হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ ১৯৮১চনৰ ৩১জানুৱাৰীৰ পৰা ২ফেব্ৰুৱাৰীলৈ
কাৰবি আংলং জিলাৰ খেৰণিত অনুষ্ঠিত কাৰবি ছাত্ৰ সন্থাৰ একাদশ সাধাৰণ অধিৱেশনলৈ বনেলী
খংমেনক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰি অনা হৈছিল৷ ২ফেব্ৰুৱাৰী তাৰিখে ছাত্ৰ সংগঠনটোৰ
অধিৱেশনৰ মুকলি সভাত প্ৰদান কৰা অনুপ্ৰেৰণামূলক বক্তৃতাৰ মাজেদি তেওঁ ছাত্ৰ সমাজক শিক্ষা
আহৰণৰ দিশত উদ্বুদ্ধ কৰিছিল৷ কাৰবি আংলঙৰ প্ৰথম বিদূষী মহিলা হিচাপে আদৰ্শ স্থাপন কৰা
কাবন নেলি তিমুংপী (পিছলৈ বনেলী খংমেন)ৰ জীৱনৰ গতিপথ বিচিত্ৰতাৰে পৰিপূৰ্ণ৷ এগৰাকী
বিশিষ্টা শিক্ষাব্ৰতী হোৱাৰ উপৰি ৰাজনৈতিক জীৱন-দৰ্শনেৰে জনজাতীয় সমাজক গতিশীলতা প্ৰদান
কৰাৰ বাবে অসমৰ ভাষা-সাহিত্য-সংস্কৃতিৰ সৰ্ববৃহৎ অনুষ্ঠান অসম সাহিত্য সভাই ডিফুৰ ৰাংছিনা
নগৰত ১৯৮২চনৰ ২৪এপ্ৰিলত অনুষ্ঠিত কৰা সভাৰ ঊনপঞ্চাশৎ সন্মিলনৰ দ্বিতীয় দিনা তেওঁক ৰাজহুৱাভাৱে
সম্বৰ্ধনা জনাইছিল৷ অভিনন্দন-পত্ৰ গ্ৰহণ কৰি ইংৰাজীতে দিয়া ভাষণত তেওঁ মাতৃভাষাৰ জৰিয়তে
শিক্ষাৰ প্ৰচলন হোৱাৰ পোষকতা কৰিছিল৷ পুৰণি আৰু নতুন শিক্ষা প্ৰণালীৰ তুলনামূলক বক্তব্যৰ
মাজেদি নব্য শিক্ষা পদ্ধতিৰ সা-সুবিধাবোৰ উনুকিয়াই দিছিল৷ তদুপৰি ছাত্ৰ-ছাত্ৰীসকলক
অধ্যয়নৰ লক্ষ্যত সকলোবোৰ সুবিধা গ্ৰহণ কৰিবলৈ উদাত্ত কন্ঠে আহ্বান জনাইছিল৷অতীতৰ কাৰবি
তিৰোতাক শিক্ষা-দীক্ষা লৈ উন্নতিৰ পথলৈ আগুৱান হ’বৰ বাবে প্ৰেৰণা যোগাইছিল এইগৰাকী কাৰবি জীয়ৰীয়ে৷
সেয়েহে কাবন নেলি তিমুংপীৰ কৃতিত্ব সুঁৱৰি এসময়ত কাৰবি সমাজত বহুলভাৱে প্ৰচলন আছিল
লেখাটিৰ আৰম্ভণিতে উল্লেখ কৰা গীতটি৷ জন্মসূত্ৰে কাৰবি হৈও বিবাহসূত্ৰে খাচিয়া হৈ পৰা
হেতুকে কাৰবি আংলঙৰ নতুন প্ৰজন্ম আজি এইগৰাকী মহীয়সী নাৰীৰ বিষয়ে স্বাভাৱিকতে অজ্ঞ৷
যিকোনোজনৰ বাবেই মনোযোগ আকৰ্ষণকাৰী জীৱনপঞ্জীৰ
অধিকাৰিণী বনেলী খংমেনক চাবৰ বাবে অন্তৰত জন্ম হোৱা বৰ্ণনাতীত তাগিদাতে ২৪জুন ২০০৪
তাৰিখে শ্বিলঙলৈ গৈছিলোঁ৷ পিছদিনা আছিল তেওঁৰ ৯২তম জন্মতিথি৷ শ্বিলঙৰ আপাৰ লিচুমিৰত
থকা বাসভৱনতে নীৰৱে আৰু অনাড়ম্বৰভাৱে দিন অতিবাহিত কৰি আছিল তেওঁ৷ ২৪টা নাতি-নাতিনীয়েক
আৰু ১৮টা পৰিনাতি-নাতিনীয়েকৰ আইতা-আজোআইতাগৰাকী এটা বৃহৎ পৰিয়ালৰ মুৰব্বী৷ সন্তানসকলক
সৎ, সাহসী, নিষ্ঠাৱান আৰু অধ্যয়নমুখী হ’বলৈ উপদেশ দিয়া ধাৰ্মিক তথা মৰমিয়াল মাতৃগৰাকীৰ সতি-সন্ততিসকলৰ
প্ৰতিও সদায় সমদৃষ্টি, সমব্যৱহাৰ৷ বয়স হোৱাৰ পৰিণতিত তেওঁৰ বাকযন্ত্ৰ অকামিলা, স্মৃতিশক্তি
অৱক্ষয়প্ৰাপ্ত, বাৰ্তালাপত ভাগ লবলৈকো অপাৰগ৷ আন্তৰ্জাতিক ক্ষেত্ৰ গৰকি অহা মহিলাগৰাকীৰ
জীৱন ঘৰৰ চাৰিবেৰৰ মাজতে অৱৰুদ্ধ৷ আনৰ সাহায্যত লাখুটিত ভৰ দি খোজ কাঢ়িব লগা অৱস্থা৷
একমাত্ৰ জী জয়চ, তৃতীয় পুত্ৰ মাৰ্টিনেই তেওঁৰ খোৱা-শোৱাৰ ৰুটিনখন চম্ভালে৷ অন্য বেমাৰ-আজাৰৰ
আক্রমণৰ পৰা মুক্ত যদিও চালচলনত সন্মুখীন হোৱা অসুবিধা হেতুকে সেই বছৰৰ নিৰ্বাচনত খংমেনে
ভোটদানো কৰিব পৰা নাছিল৷এটা দীঘলীয়া জীৱন পৰিক্রমা সামৰি, বাৰ্ধক্যজনিত কাৰণত ১৭মাৰ্চ
২০০৭ তাৰিখে পুৱা প্ৰায় ৬.৪৫বজাত এই বৰ্ষীয়সী শিক্ষাবিদ, ৰাজনীতিক, সমাজকৰ্মীগৰাকীয়ে
শ্বিলঙৰ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে৷ ১৯মাৰ্চ তাৰিখে বিয়লি ৩.৩০বজাত শ্বিলঙৰ অল্
চেইণ্ট কেথেড্ৰেল চিমিত্ৰিত তেওঁক সমাধিস্থ কৰা হয়৷ব্ৰিটিছ-ভাৰতত যিটো সময়ত মহিলাই
কিতাপ-পত্ৰ স্পৰ্শ কৰিব নোৱাৰিছিল, নাৰীক আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ পৰা সম্পূৰ্ণ নিলগাই
ৰখা হৈছিল, তেনে সন্ধিক্ষণতে কাবন নেলিয়ে শিক্ষা জগতত নিজৰ আগ্ৰহ, সাহস, আত্মবিশ্বাস
আৰু কৃতিত্বৰ পৰিচয় দি থৈছে৷ প্ৰগতিশীল চিন্তাধাৰা, দূৰদৰ্শিতা আৰু যুগোপযোগী শিক্ষাসচেতনতাৰ
কল্পেই তেওঁ স্থাপন কৰা কীৰ্তিস্তম্ভ আজিও অক্ষত৷ সময়ৰ সৈতে তাল মিলাই উন্নতিৰ দিশে
অগ্ৰসৰ হোৱা আৰু জীৱনমুখী ভাবনাৰে জনকল্যাণৰ স্বাৰ্থত কাম কৰি যোৱা কাৰবি আংলঙৰ প্ৰথম
শিক্ষিতা মহিলা, অসম বিধান সভাৰ প্ৰথম মহিলা উপাধ্যক্ষ, লোক সভাৰ প্ৰথম মহিলা সদস্য
কাবন নেলি তিমুংপী, বিবাহসূত্ৰে বনেলী খংমেন, কি কাৰবি, কি খাচিয়া, কি অসমীয়া, বৰ-অসমৰ
অধিবাসীমাত্ৰৰে শ্ৰদ্ধা, গৌৰৱ আৰু প্ৰেৰণাৰ পাত্ৰী হৈ থাকিব৷
(‘আমাৰ অসম’ কাকতৰ সম্পাদকীয়
পৃষ্ঠাত ১৬জুলাই ২০০৪ তাৰিখে প্ৰকাশিত)
১. মাক, ককায়েক, ভনীয়েকৰ সৈতে
২. সহপাঠিনীৰ সৈতে
৩. ইন্দিৰা গান্ধীৰ সৈতে
৪. গোপীনাথ বৰদলৈৰ সৈতে
৫. বিষ্ণুৰাম মেধিৰ ভ্ৰমণ কালত
৬. নিৰ্বাচনী প্ৰচাৰৰ সময়ত
৭. গীৰ্জাঘৰত
৮. উপাধ্যক্ষা হৈ থকা অৱস্থাত
৯. ৰাষ্ট্ৰসংঘৰ অধিৱেশনত ভাগ লওঁতে
১০. ৯২বছৰ বয়সত শ্বিলঙৰ নিজা বাসভৱনত ২৫.৬.২০০৪ তাৰিখে (ফটো - আব্দুছ ছাজিদ)
কিতাপৰ বেটুপাত
(লংচৰ পাব্লিকেছন, লৰুলাংছ', ডিফু, ২০০৩চন)
বায়গ্ৰাফি ইণ্ডিয়াত প্ৰকাশিত প্ৰফাইল
(জন্মৰ চনটো ভুল হৈ থকা বুলি পুত্ৰ-জীয়ে জনাইছিল)
No comments:
Post a Comment