Saturday, 7 March 2015

পৰবে মনত পেলায় ইহঁতবোৰৰ কথা


ফাকুৱাৰ পৰবটো আহিলেই দেবেনহঁতে আন্ধাৰ নোহোৱালৈকে ঢুলুকি, তাল, বাঁহী আদি লৈ ঘৰে ঘৰে গীত গাই ফুৰে৷ দেবেন দলটোৰ সক্রিয় তথা গুৰুত্বপূৰ্ণ সদস্য৷ সিহঁত আমাৰ ঘৰলৈকো আহে৷ কোনোবাই কয়, সেয়া হুঁচৰি৷ কোনোবাই বোলে, নহয়, হোলী-গীতহে৷ যিয়েই নহওক, আমি দৌৰ মাৰি ওলাই গৈ সিহঁতৰ নাচ-গান চাওঁ, শুনো৷ দলটোত পাঁচ-ছটামান থাকে৷ দেউতাই টকা দহটা আগ বঢ়ায়৷ আশীৰ্বাদ দি খুচিমনে সিহঁত বেলেগ এঘৰলৈ যায়গৈ৷ তাত জুৰেগৈ একেই গীত, একেই নাচ৷

দেবেন পানতাঁতী, চাহ-বাগানীয়া ল’ৰা৷ মোৰ সমবয়সৰ বা হয়তো দুই-এবছৰৰ আগহে হ’ব৷ বৰ সৰুতেই জেঠায়ে তাক শান্তিপুৰ (বৰপথাৰ)ৰ পৰা আমাৰ ঘৰলৈ লৈ আহিছিল, কামত সহায় কৰাৰ লগতে আমাৰো লগ এটা হোৱাৰ উদ্দেশ্যে৷ আৰু তেনেকৈয়ে ভায়েক-ককায়েকহঁতৰ তুলনাত তাৰ জীৱনটোৰ কিবা অলপ উত্তৰণ হ’লেও হওক বুলি৷ আমাৰ সৈতে থাকি থাকি সি ঘৰৰ ল’ৰা হ’ল, ডেকাও হ’ল৷ পিছলৈ তাক পি.ডব্লিউ.ডি.ৰ মাষ্টাৰ ৰোলত সুমুৱাই দিয়া হ’ল৷ এদিন পূৰ্ণ স্বাধীনতা দি দিয়া হ’ল৷ চৰকাৰী বেৰেকত ঠাই ঠিক হ’লত তাত থাকিবলৈ গুচি গ’ল সি৷ লাহেকৈ বিয়া-বাৰুও কৰালে৷ ল’ৰা-ছোৱালীও জন্ম দিলে৷ আহ-যাহ চলি থাকিল৷ পিছলৈ অহাটো কমি আহিল৷ লাহেকৈ তাৰ মুখত চুলাইৰ গোন্ধ পোৱা হ’লোঁ৷ থৰক-বৰক খোজ-কাটলেৰে লেতেৰা-পেতেৰা সাজ-পোছাকত দেখা হ’লোঁ৷ পোনতে বুজায়-বঢ়ায় আৰু পিছলৈ গালি-শপনি পাৰিও একো কামত নাহিল৷ অৱধাৰিতভাৱেই অকালতে সি এদিন ঢুকাল৷

অঁকৰা-অজলা, ঠাণ্ডা-মুণ্ডা ল’ৰাটোৰ এই দশাৰ কথা ফাকুৱাৰ পৰবে মনত পেলায়৷ সেয়া ভাবিলে এতিয়াও মনত অনেক প্ৰশ্নই দোলা দিয়ে৷ চকুৰ আগত দেখা এনেবোৰ সঁচা চিত্ৰপটক মানৱ জীৱনৰ বিচিত্ৰ ৰূপ বুলিয়ে গণ্য কৰিছোঁ৷ সেয়া কেৱল চাব পাৰি, শুধৰাব নোৱাৰি৷ শুধৰোৱা বৰ টান৷

দেবেন এতিয়া ইহ-সংসাৰত নাই৷ সিহঁতৰ দলটোও নাই৷ কাৰণ ক’তো-কেনিও আগৰ সেই গীত-মাত শুনা নাই৷ ঘৰে ঘৰে নাচি-গাই ঘূৰি ফুৰা কাকো দেখা নাই এইবাৰো৷ খবৰৰ মতে, দেবেনেই নহয়, তাৰে আৰু কেইবাটাও নোহোৱা হ’ল! কাৰণ একেটাই৷

এইবোৰ দেখি-শুনি কেতিয়াবা এনেকৈ ভাবিবৰ মন যায়… এইযে অবাধ স্বাধীনতা, এইযে পৰবৰ আনন্দ(!), মদ্যপান, আৰু শেষত অপমৃত্যু …এইবোৰৰ কিবা অংগাংগী সম্পৰ্ক নাইনে বাৰু? দেবেনহঁতচোন তাৰে একো একোটা সঁচা প্ৰমাণ৷

No comments:

Post a Comment